নীলোৎপল বৰুৱা

বিনু দাস ‘বিন্দাচ’ হোৱা দুই-তিনি দশকমান পাৰ হৈ গ’ল।
তেতিয়ালৈ— ‘আমি সত্য জানিম আৰু সেই সত্যই তোমাক মুক্তি দিব’ লক্ষ্যৰে প্ৰতিষ্ঠাপিত হোৱা চি আই এ নামৰ সংগঠনটো পত্ৰে-পুষ্পে সুশোভিত হৈ পৰিল।
বিনু দাসৰ পৰা বিন্দাচ হোৱা ঘটনাটো একবাৰে পানীৰ দৰে ফিনফিনিয়া নহয়।
আলৱৎ জটিল আছিল!
এইটো এক ধৰণৰ ফুৰুৎকৈ হোৱা মেটাম’ৰফ’ছিছ্।
ভোটাৰ তালিকাত নামটো ‘বিন দাচ’ অহাৰ পৰা বিনু দাসেও নিজৰ নামটো বিনদাচ বুলিয়েই ক’ব লগাত পৰিল। কাৰণ বিনু দাস এজন নিয়মীয়া, চৰকাৰ-ভীৰু, ৰাজনৈতিক প্ৰাণী আছিল।
এইটো এটা ভয়ানক ৰাজনৈতিক চক্ৰান্ত।
(বিনু দাসৰ মতে।)
চৰকাৰে নাম গুম কৰাই দিছে।
নামৰ ওপৰত কণ্ট্ৰ’ল!
দুগ্গা দুগ্গা!
বিনু দাসে আৰু কাহানিও চৰকাৰক ভাল পাব নোৱাৰিলে! ‘চৰকাৰ’-ৰ প্ৰতি ভালপোৱা থাকিবলৈ যিবোৰ প্ৰপঞ্চ থাকে, বিনু দাসৰ নামটো তাৰ ভিতৰত একমাত্ৰ আছিল। চৰকাৰ আৰু তাৰ মাজত যোগসূত্ৰ হিচাপে ভোটাৰ কাৰ্ড আৰু তাৰ নামটোৰ বাদে দূৰ-দূৰণিলৈকে আন একো নাছিল। তাৰ পাছৰ বিন্দাচ, চৰকাৰ বিৰোধী, চৰকাৰ বিদ্বেষী আৰু চৰকাৰহীনত্বৰে ভৰা…
ঠিক বিন্দাচৰ নাম গুম হোৱাৰ সময়তে!!
বা তাৰ আগে-পাছেই…
তাৰ ঘৰৰ পৰা ৬৯ ডিগ্ৰী পূব দ্ৰাঘিমাৰ ফালে পাকিস্তান নামৰ ঠাইখনত বেনজিৰ ভুট্ট’ৱে গণতন্ত্ৰ লাগে বুলি চুবুৰিয়ে চুবুৰিয়ে জংগী মানুহবোৰৰ দল একোটা তৈয়াৰ কৰিছিল!
(বহুতে কোৱাকুই কৰে… বেনজিৰৰ অনুগামী ওখ হাট্টা-কাট্টা কাবুলী অথৱা পেশোৱাৰীবোৰৰ প্ৰায়খিনিয়েই গোঁৱাৰ আছিল! ভোটা মগজুৰ! বেনজিৰে কোৱা প্ৰতিটো শব্দতে সিহঁতে জাকৰুৱা গাহৰিৰ দৰে গোঁ-গোঁৱনি তুলিছিল! সেই মদগজ মানুহবোৰ বেনজিৰৰ ৰাজনৈতিক আদৰ্শতকৈ তেওঁৰ সুস্বাদু তৰমুজ হেন স্তন আৰু বহল ভাৰী নিতম্বৰ প্ৰতিহে বেছিকৈ আকৰ্ষিত আছিল।)
ক’লা আলাখাল্লা পিন্ধা চি আই এ-ৰ দল তন্বী মহিলাগৰাকীৰ পিছে পিছে ঘূৰি ফুৰিছিল।
জেনেৰেল জিয়াই ডাঁৰৰ বাতৰি ডাঁৰে পাই আছিল!
চি আই এ পত্ৰে-পুষ্পে সুশোভিত হৈ পৰিছিল লাহোৰৰ গলিবিলাকত৷
পাথাৰকান্দিৰ ফালে কোনোবা এখন অখ্যাত গাঁৱৰ পাঠশালা স্কুললৈ বিনু দাস যাবলৈ আৰম্ভ কৰাৰ দিনাই তাৰ পৰা হাজাৰ মাইল দূৰৈত পশ্চিম জাৰ্মানিৰ ক’ল’ন চহৰত এখন গোপন মিটিং হৈছিল।
দাঢ়ি-মুখ চিকুণাই আমোলা যেন দেখা চি আই এ-ৰ এজেণ্টবোৰে পহৰা দিয়া হোটেল এখনৰ কোঠাত মিজো উগ্ৰপন্থীৰ চৰ্দাৰ লালডেংগাৰ সৈতে ভাৰত চৰকাৰ শান্তি আলোচনাত বহিছিল!
টেবুলত দিয়া সুদৃশ্য গ্লাছৰ আঙুৰৰ চোকা মদবোৰ কোনো এটা এজেণ্টেই মুখত দিয়া নাছিল।
ঢোলৰ লগত টেমেকাৰ দৰে যোৱা পালি নেতা দুটামানে ঢোকাঢোকে গিলিছিল কাঠৰ পিঁপাত বহু বছৰ গোৰাই থোৱা ক’লা আঙুৰৰ ৰস।
স্কুল নামৰ প্ৰতিষ্ঠানটোলৈ বিন্দাচ গৈ থাকিল। লালডেংগাৰ কাষৰে-পাঁজৰে চি আই এ-ৰ কুচকাৱাজ বাঢ়ি আহিল।
একদম হাল্লা-চিল্লা নোহোৱাকৈ বিনু দাস ডাঙৰ হ’ল। বিনু দাস ডাঙৰ হোৱা কাৰবাৰটো চি আই এ-ৰ নতুন প্ৰকল্পবোৰৰ দৰেই নিঃশব্দ আছিল। আনকি দ্বিতীয় পৰ্যায়ৰ কৰ্মচাৰীসকলেও গম নাপায়, কাইলৈ কি হ’ব। সৰু সৰু ক’ড, বিভিন্ন অবুজ বেতাঁৰ বাৰ্তা, ক’লা ব্ৰীফকেচ্ আৰু ম’ষ্ট কনফিডেঞ্চিয়েল ফাইলবোৰৰ মাজত চি আই এ বাঢ়ি থাকিল নিঃশব্দে। ফাৰৰ কোট পিন্ধা, তড়িৎ গতিৰ তন্বী আৰু ষোড়শী গুপ্তচৰসকলে সৰু সৰু তথ্যৰ বিনিময়ত ভৰি মেলি দিবলৈ ধৰিলে।
বিনু দাস নীৰৱেই ডাঙৰ হ’ল।
আড়ম্বৰহীন কোনোবা এটা দুপৰীয়া!
মাটি পেঞ্চিল ভৰোৱা বাঁহৰ নলিচাডালৰ দৰে নুনুটোৰ কাষত কমলা ৰঙী মিহি নোম আৱিষ্কাৰ কৰি বিনু দাস চক খাই উঠিল!!
সেই দুপৰীয়াটোতে শিৱসাগৰত পতা মে ডাম মে ফি অনুষ্ঠানলৈ থাইলেণ্ডৰ অৱসৰপ্ৰাপ্ত জেনেৰেল থৱাইন ইয়’ভেন আহিছিল।
জেনেৰেলৰ দেহৰক্ষীবিলাকৰ লগত কেইবাজনো চি আই এ-ৰ এজেণ্ট।
জেনেৰেলে বোলে খাৰুৱা তেলৰ সম্ভাৱনা থকা কেবাটাও অঞ্চলত পিনপিনাই ফুৰিছিল।
য়াচিকা কোম্পানীৰ কেমেৰাত চি আই এ-ৰ এজেণ্টবোৰে এখনৰ পাছত আনখন ফটো তুলিছিল।
(বহুতে কোৱাকুই কৰে বোলে ‘স্বাধীন অসম’-ৰ বাবে আন্দোলন কৰিবলৈ আহোম মানুহবোৰক জেনেৰেলেই উচটাইছিল। সৰু সৰু পুস্তিকা ছপাই বিলাইছিল বোলে!)
আধাৰাতি পাকস্থলীটো গলি ওলাই গ’ল বুলি চক খাই সাৰ পাই গৈছিল বিনু দাস।
গলি যোৱা পাকস্থলীয়ে তাৰ বিৱৰ্ণ হাফ পেণ্টটো ভিজাই পেলাইছিল!!
সেই দিনা সি কাণিমুনি সন্ধ্যা তাতকৈ অলপহে বয়সত ডাঙৰ খুৰীয়েকক পুখুৰীটোতে গা ধুই থকা দেখিছিল।
সেইটো আছিল বিনু দাসৰ প্ৰথমটো বীৰ্যপাত।
একদম আড়ম্বৰহীন!
খুৰীয়েকে তাইলৈ ৰ লাগি চাই থকা ভতিজাকক দেখা পাইছিল।
এটাৰ পাছত এটাকৈ কাপোৰবোৰ খুলি যোৱা খুৰীয়েকক সি জলপৰী বুলি ভাবিছিল!
পেটতো জোখতকৈ অলপ বেছি ফুলি আছিল খুৰীয়েকৰ।
স্ফীতোদৰা জলপৰী!
খুৰাকৰ মাত শুনি খপ্জপ্কৈ গুচি গৈছিল জলপৰী।
যাওঁতে দৌৰাদৌৰিকৈ কাপোৰ পিন্ধি যোৱা খুৰীয়েকে ইচ্ছা কৰিয়েই বহু সময় নিতম্বটো ঢকা নাছিল।
সন্ধ্যা ধূনা ফুৰাই থকা খুৰীয়েকে গুণগুণাইছিল…
‘আমি যে নিজেই মত্ত…
জানিনা তোমাৰ শৰ্ত…
যদি বা ঘটে অনৰ্থ…
তবুও তোমায় চাই…
সেইটো সি আজন্ম শুনি অহা চিনাকি প্ৰাৰ্থনাবোৰৰ ভিতৰত নাছিল।
তালৈ চাই আধামৰা হাঁহি এটা দলিয়াই দিছিল তাই।
আস্… কি ভয়ংকৰ হাঁহি!
শাঁখা ফুকি থকা মানুহনজনীলৈ মৰম এটা গোঁ-গোঁৱাই উঠি আহিছিল তাৰ তলপেটৰ পৰা।
বিনু দাসৰ প্ৰথমটো বীৰ্যপাতৰ পাছদিনাই গুৱাহাটীত আৰ্মকাৰ সভা এখন হৈছিল।
ছাত্ৰসন্থাৰ কাৰ্তিক হাজৰিকা আৰু দুজনমান বিষয়ববীয়াই অভিযোগ আনিছিল…
তালৈ হেনো চি আই এ-ৰ এজেণ্ট আহিছিল।
কথাটো বৰকৈ বিয়পি নপৰিল। পাক্কা আহিছিল বুলি দুই একে কৈছিল…
তাৰ পাছৰ দুই এটা ঘটনাক মই খাটাং জানো বুলি কোৱা মানুহো ওলাইছিল। কিন্তু কথাবিলাক বীৰ্যপাতৰ আগৰ উন্মাদনাৰ দৰেই ক্ষণস্থায়ী আছিল। উত্তেজনা এসময়ত নোহোৱা হৈছিল।
বিনু দাসে বাপেকক নেদেখিলে।
তাৰ জন্মৰ আগতেই গায়ব হৈছিল বাপেক।
কোনোবাই কৈছিল কাঠমাণ্ডু পালেগৈ।
মগৰ ছোৱালী ৰাখিলে।
তাতে কমাৰ ভাটি খুলিছে।
বাপেক গায়ব হোৱাৰ সময়তে চীনৰ গুৱাংচি চহৰত ছাত্ৰ কেইটামানে প্ৰথমবাৰৰ বাবে ক’কা-ক’লা খাইছিল।
নিষিদ্ধ পানীয়বিধ সিহঁতক হেনো চি আই এ-ৰ এজেণ্টেই যোগান ধৰিছিল।
লাহে লাহে গণতন্ত্ৰৰ তৃতীয়টো ঢৌৰ গৰ্জন শুনা গৈছিল মহাচীনত।
টিয়েনানমেন চহৰত টেংকেৰে চেপি-খুন্দি ছাত্ৰবোৰ মৰোৱাৰ দিনাই তাৰ দ্বিতীয়জনী মাকৰ ছোৱালীজনীৰ উৰুৱেদি বৈ আহিছিল তেজৰ সোঁতা এটা।
স্কোৱেৰৰ পৰা নাতিদূৰৈত দালান এটাৰ পৰা দূৰবীক্ষণেৰে সকলো পৰ্যবেক্ষণ কৰি আছিল চি আই এ-ৰ দল এটাই।
টেলিগ্ৰাফ মেচিনত সঘনাই খবৰ অহাৰ শব্দ হৈছিল!
****
বিনু দাস চুবুৰিটোলৈ আহোঁতেই বিন্দাচ হৈ আহিছিল।
ধনপোনাই বিন্দাচকহে দেখিছিল।
চুবুৰীয়া হোৱাৰ আগতেই চৰকাৰে তাৰ নাম খাই পেলাইছিল। নাম খাই পেলোৱা বিন্দাচ অনাই-বনাই ঘূৰি ফুৰি এদিন চুবুৰিটোৰ বাসিন্দা হ’ল।
চুবুৰিলৈ অহালৈ মানুহবোৰে কাগজত বিনু দাসে কষ্ট কৰি ‘বিনু দাস’ বুলি লিখি দিলেও বিন দাচ বুলি অনায়াসে পঢ়া হ’ল।
চুবুৰিটোৰ সিটো মূৰে বিন্দাচৰ কমাৰভাটিখন।
পুৱাৰ পৰাই বিন্দাচে লোহা পিটে।
ঘৈণীয়েক কেতিয়াবাই ঢুকাইছে।
মানুহজনী চন-পাগলী আছিল হেনো।
ধুমুহা বৰষুণ আহিলে বাটে বাটে দৌৰি ফুৰিছিল আত্মহত্যা কৰিবলৈ।
হাতত লৈ ফুৰিছিৰ দীঘল লোৰ ৰড এডাল।
বজ্ৰপাত পৰিব!
লোহাই টানি আনিব আকাশৰ কাৰেণ্ট!
জ্বলি ছাৰখাৰ হৈ যাব দেহা।
মানুহজনী লিউকোমিয়াত মৰিছিল পাছত।
ঘৈণীয়েক মৰাৰ পাছত নিঃসন্তান বিন্দাচ বেছিকৈ বিন্দাচ হৈ পৰিল।
বেপৰোৱা বিন্দাচৰ চৰকাৰৰ সৈতে এটা অদ্ভুত সম্বন্ধ আৰম্ভ হৈছে। অতীতৰ প্ৰেমিকাৰ দৰে। ভালো নাপায়, অথচ বেয়াও নাপায়। কোনো পাৰ্টিৰ লগতে বিন্দাচ বেয়া নহয়।
যি পাৰ্টিৰে চৰকাৰ নাহক কিয়, বিন্দাচে কিবা এটা পাবই।
দুটাকৈ চৰকাৰী ঘৰ, চাইকেল , আঁঠুৱা, গেছ চিলিণ্ডাৰ..
মুঠতে যিয়েই নাহক বিন্দাচ প্ৰথমটো হিতাধিকাৰী।
সকলো পাৰ্টিৰ মেম্বাৰৰ লগতে বিন্দাচৰ ভাল।
ইলেক্ট্ৰনিক সা-সঁজুলি বুলিলে বিন্দাচ বলিয়া।
কেলকুলেটৰৰ পৰা আৰম্ভ কৰি প্ৰেছাৰ জোখা মেচিনলৈকে সকলো কিনে।
দুদিন নোখোৱাকৈ থাকি হ’লেও কিনিব৷
এতিয়াও আলমাৰীত দুটামান ৱাকমেন টেপ পৰি আছে।
মাজতে চাইনীজ টেব এটাও লৈছে।
মাইক এটাৰ সমান আৱাজত গান বাজে।
আজি কালি বিন্দাচে আগৰ দৰে লোহা পিটিব নোৱাৰে।
বয়স বাঢ়ি আহিছে।
তাতে আজিকালি কমাৰে গঢ়া দা-কটাৰীৰ বজাৰো নাই। সকলোকে ষ্টেইনলেছ ষ্টিলৰ চক্চকীয়া কটাৰী লগা হ’ল।
বহু দিনৰ পৰা বিন্দাচ এনেয়ে কমাৰ ভাটিটোতে বহি থাকে।
কাষতে টেবটোত প্ৰচণ্ড জোৰত বাজি থাকে ৰুণা লায়লাৰ গান।
ধনপোনাই বহু দিন বিন্দাচৰ খবৰ পোৱা নাছিল৷
মাজতে নেপালী বুঢ়ী মানুহ এজনী বিন্দাচৰ ঘৰত থকাৰ খবৰ ওলাইছিল।
মানুহে মানুহজনীৰ বয়স আৰু চেহেৰা চাই সন্দেহ কৰিম নে নকৰিম ভাবি থাকোঁতেই ঋতুৱে আচল খবৰটো আনিলে।
সেইজনী তাৰ মাক হেনো।
দুই নম্বৰী!
কাহিলীপুৱাই বিন্দাচক বাৰীৰ পিছফালে দেখি আচৰিত হ’ল ধনপোনা।
মানুহটো খীণাই-শুকাই নায়েই। নব্বৈ বছৰীয়া বুঢ়া যেন হ’ল।
: দিন দুনীয়া বহুত খাৰাপ চলিছে ধনপোনা।
ভাঙৰ গোন্ধ এটা ভাহি আহিছিল বিন্দাচৰ দেহাৰ পৰা।
: চৰকাৰে চব মানুহবিলাকক কেপচাৰ কৰি দিছে। ওলালেই পিটে।
…লাহে লাহে পাৰ্মিচন নহ’লে ওলাব নোৱৰা কৰি দিব।
লেট্ৰিন গ’লেও পাৰ্মিচন৷
বাৎচা কৰিবলৈও পাৰ্মিচন।
… চব চি আই এ-ৰ ছাল হয়!
… বহুত খাটাৰনাক জিনিচ্ আছে!
তোৰ ব’ডীত ছিম কাৰ্ড ফিটিং কৰি দিব!
… ক’ব বেমাৰৰ লগত মোকাবিলা কৰিবলৈ ফিট কৰিছে!
ক’ব টেম্পাৰেছাৰ, প্ৰেছাৰ, ভাইৰাছ্ চেক কৰিব…
না না…
বহুত খাটাৰনাক জিনিচ হয় চি আই এ!
চব কণ্ট্ৰ’ল কৰি ল’ব।
চব কেপচাৰ কৰি ল’ব।
তই হাঁহিলেও গম পাব, কান্দিলেও গম পাব চৰকাৰে।
চব চি আই এ-ৰ ছাল আছে!
চব কাৰবাৰ চলি আছে চ’ল’ চ’ল’!
… ভাইৰাছটো বাহানা হয় ধনপোনা!!
আস্তে আস্তে চি আই এ সোমাই আহিছে।
… আজি বেমাৰৰ বাহানা, কাইলৈ যুদ্ধৰ বাহানা।
… চব পাব্লিক কেপচাৰ হৈ যাব…
চাই থাক!!
ধনপোনাৰ হাঁহি উঠি আহিছিল। কিন্তু হাঁহিবলৈ মন নগ’ল।
: একদম টানাটানি হৈ গৈছে জীন্দেগী ঐ!
বিন্দাচে পকেটৰ পৰা উলিয়াই চাইনীজ আইপ’ড এটা তালৈ আগবঢ়াই দিলে।
: এইটো ৰাখ! অলপ চাউল দে।
