Written by sdblogs2011 7:03 pm Articles

বিকৰ্ণ bikarna-poem-May-2022

জয়ন্ত দত্ত

A man is not a hero to his wife and valet

চুপ থাক বিকৰ্ণ*

তই কিহৰ কিটো…

কেমেৰাৰ চেটেপ চেটেপ টিটকাৰিৰ তলেদি

ঘটনাক ৰহণ সানি সানি পৰিবেশন কৰোৱা হাতবোৰৰ তলেদি

লোলুপ চকুবোৰৰ মাজেৰে

জিভাৰ পৰা সৰি পৰা পানীবোৰৰ মাজেৰে…

মই ওলাই আহোঁ

বাহিৰত চৌফলীয়া ৰ’দ

চিঞৰি চিঞৰি কওঁ ভিতৰৰ সমস্ত ক্ৰিয়া-কলাপ

কিহৰ কিটো মই

কোটৰত চকু নেফিয়া চুলি…

য’ত থিয় হোৱা ঠাই পাও তাৰ পৰা ক’লে

কাৰো কাণত নপৰশে

কোঁৱৰৰ চাউল খাই কেনেকৈ বজাব পাঞ্চজন্য …

মই আৰু আপোনাৰ পত্নীহে দেখো

বৰচুৰিয়াৰ ফেৰে ঢাকি থোৱা আপোনাৰ

গোধাই খোৱা ভৰি..

আপোনাৰো যে আছে এখন মেইন-কাম্ফ*  সদৃশ জীৱনী ..

মানুহক চেৰাই  জাতি

মানুহক চেৰাই ভেটি

মানুহক চেৰাই ৰাম নাম ভকতি…..

আহি আহি পালোহি যিটো পদূলি …

ইয়াত চাৰিটা বহাগৰ আগতে আকাশলৈকে পোহৰাই ফুলিছিল এজোপা কঠনা

থুনুক-থানাক ফুল এপাহে গাত মাকৰ চাদৰ এখন মেৰিয়াই নাচনী সাঁজিছিল..

সন্মুখৰ নামঘৰটোত নাম-অপৰাধ ডাকিছিল..

 ফুলপাহৰ  থুনুক-থানাক মাতটোৰ ৰং চৰিছিল

তাইক দেখি নামঘৰীয়াই দবাৰ চেও পাহৰিছিল

থাপনাৰ তেল সানি ঘোঁৰা এটা হৈছিল..

ফুলৰ সতীত্ব চিৰাচিৰ তেজত তিতিছিল কৰাপাট ..

ৰাতিটোৱে পুৱাবলৈ পাহৰিলে…

সন্মুখত দপ্‌দপকৈ জ্বলি থকা ঘৰখন চাই চাই

আপুনি বাৰু কিদৰে ফুলনিত পানী দিছে

* বিকৰ্ণ : এশ কৌৰৱৰ এজন যি দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ বিৰোধ কৰিছিল

* মেইন কাম্ফ : হিটলাৰৰ জীৱনী

ঠিকনা :

দ গাঁও নলনি খাত

পো.অ. গৰখীয়া দ’ল

যোৰহাট – ১৫

ভ্ৰাম্যভাষ: ৯৩৬৫৪৫৭৭৫১

Visited 3 times, 1 visit(s) today
Website |  + posts
Close