অনুভৱ তুলসী
বাষষ্ঠিৰ মন গ’লেই পেবলো পিকাচ’ৰ ছবিৰ একাধিক মুখ আৰু
চকুৰ গতিৰ স’তে চাব্বিছৰ বলুকা ওলায়গৈ৷
তাৰপৰা চাকি জ্বলোৱা সন্ধিয়াৰ সিপাৰলে চাই পঠিয়ায়৷
তাতচোন সেয়া আকাশ আৰু সাগৰৰ মাজত
লাহতী লাইটহাউছ নিৰ্মাণৰ যো-জা চলিছে৷
আমখৰিৰ কেঁচা ধোঁৱাই উদিত ৰাতিৰ বৰণ সলাই পেলাব যেন৷
বিষণ্ণ বলুকাৰ বেঞ্চত বহি অবান্তৰে বাদাম চোবাই আছে৷
জানো জানো, ধোঁৱাই ৰামধেনুৰ গান নাগায়৷
দিন এটি পুৱা ফুলা ফুল বুলি কোন পগলাই কয়?
কাৰাবন্দীৰ উদ্দেশ্যে খুব বেছি ধোঁৱাই এক বিমূৰ্ত নৃত্য কৰে৷
তেনে এক সময়তে নগৰীয়া হাবিত খঁৰা শিয়ালৰ ফুলশয্যা৷
ঐ, তোৰ ভুক্ভুকনি বন্ধ কৰ, চিনি পোৱা নাই অমুকাক,
অমুকা অভিমন্যুৰ গুৰু আচাৰ্য আদিবাসী দোৰোণ৷
দেখা নাই নেকি তই অমুকাৰ মননত নতুন অস্ত্ৰৰ তন্ময়তা?
ই দেখাতহে ধেকুৰা, ই বেটা কাঁহ-পিতলৰ ঘণ্টাৰ দূৰ সম্পৰ্কীয়৷
বাষষ্ঠিৰ এই এডলীয়া সূতাৰ সাঁকো বানপানী প্ৰণেতাৰ সহ্য নহয়৷
চাব্বিছলৈ এতিয়াও ড্ৰেগনৰ ডেউকাই নবন্ধোৱা বাট৷
বাষষ্ঠিৰপৰা চাব্বিছৰ খট্খটীৰ অঁকোৱা-পকোৱাত কত পেখম৷
নাম সলাই সলাই বৈ যোৱা লুইতৰ আগৰখন লুইত৷
বাষষ্ঠিৰ ভাস্কৰ্য চাব জনা চকুত অদৃশ্য চাৰ্বাক৷
কণীৰ কুহুমত ৰৈ-ৰমলি চাব্বিছৰ উত্তৰায়ণ৷
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
