(কিশোৰৰ কবিতা)
সংকল্পজিৎ শইকীয়া
(১)অকণ ভায়েক মদনৰ
পঢ়াত বৰ চোকা,
সি প্ৰায়েই খায় ব্ৰাহ্মী,
লাই, লফা, পালেং, চুকা।
(২)অকণে এটা সপোন দেখিলে
বিছনাত পৰি পৰি,
সপোনত দেখিলে সি
এজনী ধুনীয়া পৰী।
(৩)ককায়েকে ৰাখীক পঢ়াইছিল
মহানগৰত ৰাখি,
ৰাখী বন্ধনত পিন্ধালে তাই
ধুনীয়া ৰঙীন ৰাখী।
(৪)বৰাচাউল খাই অফিচলৈ
গ’ল আমাৰ বৰা,
বৰাৰ দুটা ল’ৰা-ছোৱালী
জোন আৰু তৰা।
ঠিকনা :দশম শ্ৰেণী. চকী উচ্চ মাধ্যমিক বিদ্যালয়গাঁও: চাংচকীডাক: দক্ষিণ চাংচকী, নগাঁও-৭৮২৪২৬,অসমভ্ৰাম্যভাষ: ৯৯৫৭৩৬০১১৭/ ৮৪৮৬৬৪১৮৭৮ ই মেইল: mazumderbornali96@gmail.com
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
