Written by sdblogs2011 2:39 am Poems

বাণ থিয়েটাৰৰ এসন্ধ্যা

কিশোৰ বড়ো

ইকুল-সিকুল ৰঙ্গমঞ্চত ব্যাকুল

ইখন নাৱত এখন

আৰু সিখন নাৱত আনখন ভৰি

মনৰ মাজত বুদ্ধ থাকিলেও যুদ্ধ এখন চলি থাকে

সেইকথা নাৱে নাজানে

মই ‘মই’ হৈ থকাৰ যুদ্ধখনৰ বাবে

মই ‘মই’ হৈ থাকিব নোৱাৰোঁ

আৰু তয়াময়া যুদ্ধৰ শেষত ভীমৰ হাতত জৰাসন্ধ হৈ

মই জীৱন জলৰাশিৰ ওপঙা সামুদ্ৰিক শংখ

ঘৰৰো নহ’লোঁ ঘাটৰো নহ’লোঁ

সামুদ্ৰিক শংখ ফুৱাই বিচৰা নাই বংশ

নাৱৰীয়াই নাভাগৰালৈকে নাৱে দৌৰিবলৈ নেৰে

তথাপি ভাগৰুৱা নাৱৰীয়া হৈয়ে উঠিলোঁ নাৱত 

ঋষিৰ হাতৰ আম আয়ে কাহানিও খোৱা নাছিল

তথাপি জৰা ৰাক্ষসীক বিচাৰি ব’ঠামাৰি মই নৰীয়া নাৱৰীয়া

আৰু অখ্যাত ওজাৰ জোলোঙাত বিচাৰি

ফলা বাঁহ জোৰা লগাবলৈ মিলন কাটুৰী

এফাল টানে মাটিয়ে, এফাল পানীয়ে

বৃহদ্রথ, মই এতিয়া ক’ত পাম জৰা ৰাক্ষসীক

পেক্ষাগৃহ পৃথিৱীত মোৰ উভচৰ উল্লাস

অলিখিত নাট্যলিপিৰ মোৰ ওভতগোৰ নৃত্য-নাটিকা

ছয়াময়া মায়াময় পোহৰৰ কায়া

আৰু মই দিকনিৰ্দেশনা এৰি দিকভ্রান্ত

ৰঙ্গমঞ্চত ৰং তুলি মোৰ হুদুমদেও নাচ

লাহে লাহে ফাটি যোৱা দেহত মাটিয়ে পিন্ধে সোণৰ গহণা

হাল সামৰি মই কাচি চালনা কৰোঁ

বাওকা বাহিনী হওঁ

ভঁৰালত ধান থোৱাৰ সপোন দেখোঁতে

লাইত জ্বলি উঠে

আৰু ভাৱৰীয়াবোৰ ঢাৰিত ধান শুকোৱাদি শুকাই মৰা দেখো

ৰঙ্গমঞ্চত উঠি আহে ঢৌ-শীতল সমুদ্ৰ

সমুদ্ৰত ইমান পানী 

অথচ পিয়াহৰ বচন মাতি ঘনে ঘনে ভাৱৰীয়াৰ প্রৱেশ

আৰু মই বৈ যাব নোৱৰা একুঁৱা পানী

সমুদ্ৰৰ তলিয়ে মোক কুঁৱা হৈ থাকিবলৈ নিদিয়ে

দিগন্ত চুমিবলৈ মোৰ ডাৱৰৰ ডেউকা

কেতিয়াবা উৰণৰ উচ্চতালৈ মোৰ জিঞাৰ পাখি

আৰু মই পঢ়ি থাকোঁ “ওলট-পালট” পদ্য

মোৰ তেজবোৰ ঘাম হৈ সৰা মাটিত

সৰিয়হ এডৰা ফুলিছে

চকুত নুফুলালৈকে যি নান্দনিক

মই গুচি যাব খোজো মঞ্চৰ মৌনতা এৰি

নিজক এৰি জানো কোনোবাই ক’ৰবালৈ গুচি যাব পাৰে

মই ৰৈ থাকিব খোজোঁ মঞ্চ জিলিকি

পাহাৰীয়া জুৰিৰ সোঁতত জানো স্থিৰ হৈ থাকিব পাৰি

ৰঙ্গমঞ্চৰ আঁৰকাপোৰ নপৰালৈকে

ৰৈ থাকোঁ বুলি ৰ’ব নোৱাৰি

যাওঁ বুলিও যাব নোৱাৰি গুচি।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close