Written by sdblogs2011 12:14 pm Articles

“বাঘৰাণী খইৰী” পঢ়ি আন্দোলিত হৈছোঁ

  ৰুদ্ৰসিংহ মটক

ছাত্রাৱস্থাতে জিম কৰবেটৰ Man-Eaters of Kumaon পঢ়িছিলোঁ। প্ৰাণ টানি ধৰা কি সজীৱ জীৱন্ত বৰ্ণনা! কাহিনীটো পঢ়ি বাৰে বাৰে শিহৰিত আৰু অভিভূত হৈছিলোঁ। শব্দৰ চিঁচা ভাঙি উঠি অহা সেই সহজ অথচ উচ্চল আবেগ-উৎকণ্ঠা, ভয়-স্মৃতিৰ প্ৰতিটো পুলক- শিহৰণ মোৰ ৰঙা তেজৰ কোনোবাখিনিত আজিও যেন লিপিট খাই আছে। পশুজগতৰ প্ৰতি থকা অফুৰন্ত দয়া আৰু মমতাৰ বাবেই নিপুণ চিকাৰী জিম কৰবেট সফল লেখকৰূপে বিশ্বসাহিত্যত অমৰ হৈ থাকিব। বাঘৰ দৰে পোহনীয়া জীৱক বিষয়বস্তু হিচাপে লৈও  ‘বাঘৰাণী খইৰী’-ৰ দৰে এক গভীৰ, কৌতুহলোদ্দীপক, ৰসঘন ভাষাৰ প্ৰাঞ্জল আৰু প্ৰাণৱন্ত গল্পকথা যে ৰচিত হ’ব পাৰে, মই ভৱাই নাছিলোঁ। আমাৰ প্ৰান্তীয় সাহিত্যৰ অধ্যয়নৰ পৰিসৰ দুখলগাকৈ সীমিত। বিশ্বসাহিত্যৰ কথা নকৱেঁই। ‘অন্যযুগ’-ক ধন্যবাদ। বহু পলমকৈ আৱিষ্কাৰ কৰিলোঁ অখিল-মোহন পট্টনায়কৰ দৰে এজন কৃতি কথাশিল্পীক। ওড়িয়া ভাষা-সাহিত্য জগতৰ তেওঁ এজন মহান লেখক। ‘অন্ধগলি’-ৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটাৰে সন্মানিত। ‘বাঘৰাণী খইৰী’-ৰ মূল কাহিনীৰ পটভূমি আৰু পৰিস্থিতিসাপেক্ষে চৰিত্ৰ চিত্রণত স্ৰষ্টা পট্টনায়কে অতি সূক্ষ্ম মনন, সমৃদ্ধ অভিজ্ঞতা আৰু অসাধাৰণ অন্তৰ্দৃষ্টিৰ পৰিচয় দিছে। মোহনীয় প্ৰকৃতিৰ লগতে বন্যপ্রাণীৰ প্ৰতি তথাকথিত সভ্য, আধুনিক মানুহৰ হিংসা, জিঘাংসা অকল্পনীয়ভাৱে বাঢ়িবলৈ ধৰাৰ সময়ত হিংস্র, ভয়াল বাঘৰ দৰে পোহনীয়া জন্তুৰ প্ৰতিও নিজ সন্তানৰ দৰেই গৰাকীৰ গভীৰ স্নেহসিক্ত আচৰণ, অকপট মৰম-ভালপোৱা, স্বভাৱজাত সামাজিক আৰু মানৱিক সংবেদনশীলতা, সহজাত আবেগ-উৎকণ্ঠা, অপৰিমেয় মহানুভৱতাৰ বাস্তৱ, সাৱলীল বৰ্ণনাই ‘বাঘৰাণী খইৰী’-ক উচ্চমানৰ সাৰস্বত সাহিত্যৰ শাৰীলৈ উন্নীত কৰিছে।

অনুবাদকসকল একো একোজন প্ৰতিভাশালী স্ৰষ্টাও – Creator৷ সফল অনুবাদকৰ বহু বৰ্ণিল অন্তৰ্দৃষ্টিৰ পোহৰত অনুবাদ অনুবাদ হৈ নাথাকি নতুন সৃষ্টিলৈ ৰূপান্তৰিত হয়। আমি বহু সময়ত দহ-বাৰ শাৰীৰ কবিতা এটা অনুবাদ কৰিবলৈকো সাহস নকৰোঁ। কথাশিল্পী, সুলেখিকা ড ৰত্নোত্তমা দাস বিক্রমে ‘বাঘৰাণী খইৰী’-ৰ ইমান সজীৱ, সাৱলীল ৰূপত অনুবাদ কৰিবলৈ ব্যক্তিগত অৰ্থাৎ ঘৰুৱা বা চাকৰি জীৱনৰ হাজাৰ ব্যস্ততাৰ মাজতো যি অনলস শ্ৰম আৰু সাধনা কৰিব লগা হৈছে সিয়ে সাধাৰণ পাঠক হিচাপে আমাক ভৱাই তুলিছে। তেওঁৰ সততে সৰল, নিৰ্মেদ, অননুকৰণীয় গদ্যভাষাৰ কালিকায়ো আমাক অভিভূত কৰিছে। এই আপাহতে লেখিকাগৰাকীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

ঠিকনা :

লাৰিকা গ্ৰীনভেলী,

আজাৰা, গুৱাহাটী,

পিন-৭৮১০১৭

ফোন, ৭০০২৩০৩৮৮২

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close