Written by sdblogs2011 11:21 am Story

বাইদেউ

 মূল : মদথ থেক্কেপাত্তু বাসুদেৱণ নায়াৰ

ভাবানুবাদ:  যশোৱন্ত নিপুণ

 বাইদেৱেকে কান্দিছিল৷ আপ্পুৱে বাইদেৱেকে কন্দা দেখিবলৈ ভাল পোৱা নাছিল৷  তাই খিৰিকিত মূৰটো থৈ কান্দি আছিল, উত্তৰৰ ফালৰ কোঠাটোত৷ তাই কান্দিছিল আৰু কান্দিছিল সকলো সময়তে! বোধহয় জেঠায়েকে তাইক গালি পাৰিছিল৷ জেঠায়েকে আপ্পুকো গালি পাৰিছিল৷ কিন্তু সি কেতিয়াও নাকান্দিছিল, মাত্ৰ তাৰ খং উঠিছিল৷  যদি সি বাইদেৱেকৰ সমানেই ডাঙৰ হ’লহেঁতেন, সি জেঠায়েকক দেখুৱাই দিলেহেঁতেন৷ তাই ডাঙৰেই আছিল, তাই মনে মনে শুনিছিল যেতিয়া তাইৰ ওপৰত গালি পৰিছিল৷ তাইৰ মুখখন দুখত ক’লা হৈ গৈছিল৷ তাইৰ চকুযুৰি পানীৰে ভৰি পৰিছিল৷ যেতিয়া সি এইটো হোৱা দেখিছিল, সি সাধাৰণতে মনে মনে তাৰ পৰা আঁতৰি গৈছিল৷

আপ্পুৱে কান্দি থকা অৱস্থাত বাইদেৱেকৰ ওচৰত থাকিবলৈ টান পাইছিল৷ কান্দি কান্দি তাই তাক সাবটি ধৰে৷ তাই যেতিয়া হাত দুখনৰ মাজত তাক সুমুৱাই লৈছিল আৰু তাক জোৰেৰে সাবটি ধৰিছিল সি খুব ভাল পাইছিল৷ কিন্তু যেতিয়া তাই ’মুনু’ বুলি সৰু সৰুকৈ কৈ তাৰ মূৰ আৰু কপাল চুমাৰ বৰষুণেৰে ভৰাই দিছিল, তপত চকুলোবোৰ আপ্পুৰ গাতো টোপ-টোপকৈ পৰিছিল৷ তেতিয়া তাৰো কান্দো কান্দো লাগিছিল৷

জেঠায়েকে যেতিয়া তাক গালি পাৰিছিল সি বৰ বেছি মন নিদিছিল৷ তেওঁ তাক প্ৰায়েই গালি পাৰিছিল৷ ৰাতিপুৱাৰ পৰাই তেওঁ আৰম্ভ কৰিব : “এইটোৱে দুপৰীয়াহে সাৰ পাব৷ তই জাননে বাপু, যেতিয়াই তোৰ মূৰটো মাৰৰ পেটৰ পৰা বাহিৰ ওলাইছিল, তেতিয়াৰ পৰাই এই ঘৰৰ ভেঁটী লৰিল!”
        যদি সি বাৰান্দাৰ পটাখনৰ কাষত বহি দাঁত মাজোঁতে অকণমান পানী কিবাকৈ মাটিত পৰিল, জেঠায়েকে আৰম্ভ কৰিব : “ভোজৰ খাহীটো ! মইহে মজিয়াখন সাৰি আৰু মচি হাড় ভাঙি মৰোঁ৷” 

যদি চোতালত অকণমানো বোকা থাকে, যদি সি এটা শিলৰ কুঁৱাটোলৈ কিবা দলিয়ায় বা তামৰ বাটিটো অলপো বজায়, জেঠায়েকে তাক উশাহ নসলোৱাকৈ গালি পৰিব৷  এতিয়া যিহেতু সি স্কুললৈ যাবলৈ আৰম্ভ কৰিছে, তাৰ অলপ শান্তি হৈছে৷  অন্ততঃ দিনত তেওঁ আৰু তাক গালি পাৰিব নোৱাৰে৷

বাইদেৱেকে জেঠায়েক দুছাটমান লগাব নোৱাৰে কিয় ? কিন্তু বাইদেৱেকে জেঠায়েকক আপ্পুতকৈও বেছিকৈহে ভয় কৰিছিল৷ যেতিয়া জেঠায়েকে আপ্পুক গালি পৰা শুনে, বাইদেৱেকে কেতিয়াবা কয়, “তুমি তাক শাও দি দি মাৰি পেলাবা!”

“এস্… !”,  জেঠায়েকে টিক্‌চি বিক্‌চি উঠিব৷ আৰু তেওঁ তাতেই শান্ত নহ’ব৷ “খাই নেপেলাৱ কিয় তাক, যদি সি ইমানেই মিঠা৷”

 “যেতিয়া এইটি তোমাৰ নিজৰেই…”

 বাইদেৱেকে ল’ৰাটোৰ ফালে গ’লে, জেঠায়েকে তাইৰ ফালে খঙতে চোঁচা ল’ব, ক’লী গাইজনীৰ দৰেই শিং জোঁকাৰি জোঁকাৰি৷ “শুন, ছোৱালী, যদি কোনোবা নিচিনা মানুহ… মোক মুখ মেলিবলৈ নিদিবি এতিয়া৷” আৰু তেতিয়া, আপ্পুৱে মনে মনে চোতালৰ ফালে যাব৷ সি চাক্কনৰ লগত ঘৰটোৰ চৌহদত ইফালে-সিফালে ঘূৰিব৷  কেতিয়াবা সি কোমোৰাৰ পাতৰ মাজত লুকাই থকা ৰঙা নেজৰ জিঞা এটা ধৰিবলৈ চেষ্টা কৰিব৷ সি কেতিয়াও এটা জিঞা ধৰিব পৰা নাই৷ কিযে বদমাচ সি, সেই জিঞাটো, উৰি থাকিব, তাৰ ৰঙা নেজডাল দেখুৱাই দেখুৱাই৷ আপ্পুৱে বহু দেৰিলৈকে ঘৰৰ ভিতৰলৈ নাযায়৷ সি সময়ে সময়ে বাইদেৱেকৰ কথা ভাবিব, তাই নিশ্চয় বৰকৈ উচুপি উচুপি কান্দি আছে, তাইৰ মুখখন খিৰিকিৰ কাঠডালত থৈ৷

 সন্ধিয়া প্ৰাৰ্থনা কৰাটো এটা টান কাম আছিল৷ আপ্পুৱে সাধাৰণতে কৰিড’ৰত বহিছিল প্ৰাৰ্থনা কৰিবলৈ৷ সি বহুবাৰ “নমঃ শিৱায়” আওৰাব লাগিব৷ তাৰ পাছত মালায়ালমত জন্ম নক্ষত্ৰবোৰ ‘আস্বথী, ভৰণি’ ইত্যাদি ইত্যাদি৷ সেইবোৰ তাৰ কেতিয়াও ভুল হোৱা নাছিল৷ মালায়ালমৰ বাৰটা মাহৰ পাছত তাক বায়েকৰ সহায়ৰ দৰকাৰ হয়৷ তাই তাক ইংৰাজী মাহবোৰৰ নাম আৰু সংখ্যাবোৰ, ৱান, টু, থ্ৰী মাতি শুনাব লাগিছিল৷ বাইদেৱেকে ইংৰাজী জানিছিল৷ তাই সন্মুখৰ বাৰাণ্ডাত আঁৰি থোৱা, শিশু ভগৱান উন্নীকৃষ্ণণৰ ছবি থকা কেলেণ্ডাৰখনৰ ইংৰাজীত ছপোৱা সকলোবোৰ পঢ়িব পাৰিছিল৷ বাইদেৱেকে অষ্টম শ্ৰেণীলৈকে পঢ়িছিল৷

 যেতিয়া সকলোবোৰ গোৱা হ’ব সি বাইদেৱেকৰ ওচৰত বহিব, নীৰৱে৷ বাইদেৱেকৰ হাতৰ আঙুলিবোৰে তাৰ চুলিবোৰৰ মাজেৰে ঘূৰি থাকিব৷ ঠিক তেনেকুৱা সময়তে সিহঁতৰ ওচৰৰ এঘৰৰ পৰা গীত শুনিবলৈ পাব সিহঁতে৷ কাষৰ ঘৰটো বৰ ডাঙৰ আছিল৷ আপ্পুৱে কেতিয়াও সেই ঘৰলৈ যোৱা নাছিল৷ সি মাত্ৰ সিহঁতৰ ফালৰ পৰা জেওৰাৰ মাজেৰে সেই ঘৰটো দেখিছিল৷  তাত বহুতো মানুহ আছিল৷

এই অলপ কেইদিনমানৰ পৰাহে সিহঁতে তাৰ পৰা গান শুনিবলৈ পাইছে৷ সিহঁতে এটা বাকচ কিনিছিল যিটোৱে গান গাইছিল আৰু কথাও কৈছিল৷ কেনেকৈ এটা বাকচে গাব আৰু কথা ক’ব পাৰে? চাক্কনে কৈছিল নিশ্চয় কোনোবা বাকচটোৰ ভিতৰত সোমাই আছে৷ চাক্কনে একোৱেই নাজানে! সি যে কেতিয়াও স্কুললৈ যোৱাই নাই৷ কিন্তু মাত্ৰ তাকহে ক’লী গাইজনীয়ে কেতিয়াও খুচিব খোজা নাছিল ৷ এই কাৰণে নহয় যে সি বিশেষ কিবা এজন আছিল, কিন্তু গাইজনী খেদিবলৈ তাৰ হাতত এডাল লাঠী আছিল৷

সিহঁতে কৈছিল যে সকলোবোৰ গানেই চিনেমাৰ আছিল৷ আপ্পুৱে কেতিয়াও চিনেমা চাই পোৱা নাই৷ তাৰ শ্ৰেণীতেই পঢ়া যশোদা আৰু মণিয়ে কেইখনমান চাইছিল ৷ সি চিনেমাবোৰৰ পৰা লোৱা ছবি থকা বেগ এটাহে দেখিছিল৷ 

গানবোৰ শুনিলে, এটা বলিয়ালিৰ মাজলৈ গুচি যাব বাইদেৱেক৷ তাই আৰু কোনো প্ৰশ্নৰে উত্তৰ নিদিব৷  হঠাতে তাই কিয় এনে ৰোহ পাতে? কেতিয়াবা বাইদেৱেক একদম চুপচাপ হৈ থাকিব আৰু এটা শব্দও নক’ব৷ তাই সাংঘাতিক আছিল, এই বাইদেৱেক!

তথাপি সি বাইদেৱেকক ভাল পাইছিল৷ তায়েইতো তাক পুৱা স্কুললৈ যোৱাৰ আগতে গা ধুৱাই দিছিল৷ সি তাৰ গাটো খহটা ভোলৰ জালিৰে ঘঁহি থকাটো অৱশ্যে মুঠেই ভাল নাপাইছিল৷ তাৰ কাণত যেতিয়া সৰুকৈ জোঙা কৰি লোৱা টাৱেলৰ আগটো সুমুৱাই দিয়া হৈছিল, তাৰ বৰকৈ ভাকুটকুটনি উঠিছিল৷ বাইদেৱেকেই সদায় তাক কাঞ্জি খাবলৈ দিছিল৷  সেইখিনি খাই হাত-মুখ ধোৱাৰ পাছত, তাই তাৰ বুকুত পৰা পানীবোৰ তিতা টাৱেল এখনেৰে মচি দিছিল আৰু তাক আগদিনাই ধুই জাপি থোৱা চোলা আৰু পেণ্টটো পিন্ধিবলৈ সহায় কৰিছিল৷ যেতিয়া তাই তাৰ মূৰ ফণিয়াই দিছিল আৰু তাৰ মুখৰ পৰা তেলৰ চিটিকণিবোৰ শেষবাৰলৈ মচি দিছিল, সি স্কুললৈ খোজ ল’ব পাৰিছিল৷ 

সি যেতিয়া ৰাতি ভাত খাইছিল, বাইদেৱেক তাৰ কাষতে বহিছিল৷ তাৰ আটাইতকৈ ভাল লাগিছিল যেতিয়া তাই তাক খুৱাই দিছিল৷  কিন্তু জেঠায়েক ওচৰত থাকিলে তাক খুৱাই দিয়া নাছিল৷ কাৰণ জেঠায়েকে এবাৰ কৈছিল,

“ভাবাচোন, তাৰ মুখত ভাত সুমুৱাই দিছা! সি যেন কেঁচুৱাহে এটা!”

বাইদেৱেকে কেতিয়াবাহে ঘূৰাই উত্তৰ দিছিল৷ কেতিয়াবা উত্তৰ দিলে, জেঠায়েকৰ বেছিকৈ খং উঠিছিল৷ তেতিয়া এখন কাজিয়া লাগে৷ দুয়োজনীয়ে ইজনীয়ে সিজনীক বহুত কিবাকিবি কোৱাৰ পাছত, বাইদেৱেকে কান্দিছিল৷ কেতিয়াবা জেঠায়েকেও কান্দিছিল৷

জেঠায়েকে কান্দিলে সি একো নাভাবিছিল৷ মাত্ৰ এবাৰেই  তেওঁ কান্দোতে তাৰ তেওঁৰ কাৰণে দুখ লাগিছিল৷ তেওঁ বাইদেৱেকৰ লগত সেইবাৰ কাজিয়া কৰা নাছিল৷  সেই ঘটনাটো বা সেই মানুহজনক, যিয়ে জেঠায়েকক কন্দুৱাইছিল,  সি কেতিয়াও পাহৰা নাছিল৷ 

***

আপ্পুৱে চোতালত চাক্কনে তাল গছৰ পাতেৰে বনাই দিয়া বল এটা লৈ খেলি আছিল৷  কোনোবাই নঙলাৰ পৰা মাতিছিল; “মা !”

সি বেৰত হাত দি থিয় হৈ থকা মানুহ এজন দেখিছিল৷ তেওঁ এটা হাতদীঘল চোলা পিন্ধিছিল আৰু কাষলতিত এটা বেগ লৈ আছিল৷ জেঠায়েকে চোতাললৈ ওলাই আহি নঙলামুখলৈকে আগবাঢ়ি গৈছিল৷ তেওঁ মানুহজনৰ লগত কথা পাতিছিল৷ 

“এইটো তোৰ মাৰাই কৈছে, হয়নে নহয়?  তই কিয় ভিতৰলৈ আহিব নোৱাৰ কুমাৰ, ইমান দূৰলৈ অহাৰ পাছত?”

 আপ্পুৱে ভাবিছিল জেঠায়েকে শুদ্ধ কথাই কৈছিল৷ সেই দাম্ভিক মানুহটো কোন আছিল? সি জেঠায়েকক নঙলালৈকে মাতিব লাগেনে কথা পাতিবলৈ? সি ঘৰলৈ আহিব নোৱাৰে নেকি? সি কৈছিল :

“মই এই ঘৰত আৰু ভৰি নথওঁ বুলি গুচি যোৱাৰ এতিয়া ছয় বছৰমানেই হ’ল, মনত আছে? এইটো নহ’ব, মা৷”

জেঠায়েকে কিয় তাক গালি পৰা নাছিল, কিয় তাক কথা শুনোৱা নাছিল? কিন্তু জেঠায়েকে, যিয়ে সকলোৰে ওপৰত সহজেই খঙত জঁপিয়াই পৰিব পাৰে, আকৌ সেই দাম্ভিক মানুহটোক কাকূতি কৰি আছিল৷

“তায়ো মোৰ পেটৰেই ছোৱালী, নহয় নেকি? মই কেনেকৈ তাইক মাৰি পেলাব পাৰোঁ?”

আপ্পুৱে মানুহটোৱে উত্তৰত কি কৈছিল বুজিব পৰা নাছিল৷

“কমেও যেতিয়ালৈকে মই নমৰোঁ আৰু মোক দক্ষিণৰ ঠাইখিনিত খৰি দিয়া নহয়…”, তেওঁ কৈছিল৷

“তাৰ পাছত এইখিনিও নহ’ব৷”

জেঠায়েকে তেওঁৰ মাতটো সৰু কৰি আৰু কিবাকিবি কৈছিল৷

সি আকৌ চিঞৰিছিল : “তুমি এইবোৰ জ্ঞান জীয়েৰাক আগতেই দিব লাগিছিল৷”

এই সকলোৰে মাজতে, মানুহটোৱে আপ্পুলৈ চাইছিল৷ সেইটো মৰমৰ চাৱনি মুঠেই নাছিল৷ আপ্পুক যেতিয়া ঘূৰি ফুৰা ভিখাৰী, গোঁসায়েও চাইছিল, যিয়ে সৰু ল’ৰা-ছোৱালীৰ ডিঙি মুচৰিছিল আৰু তাৰ টোপোলাটোত ভৰাই লৈ গৈছিল, তেতিয়াও তাৰ সিমান ভয় লগা নাছিল৷  মানুহটোৱে তাৰ ডিঙি মুচৰিব নেকি বাৰু?

সি লাহে লাহে সন্মুখৰ বাৰাণ্ডালৈ উঠি গৈছিল৷ বাইদেৱেক ভিতৰলৈ গৈছিল৷ তাই পাকঘৰৰ দুৱাৰমুখত থিয় হৈ কলৰ বাৰীখনলৈ চাই আছিল৷ আপ্পুৱে তাইৰ শাড়ীৰ আচলত ধৰিছিল আৰু সুধিছিল,

“কোন সেইটো পদূলিত, বাইদেউ?”

বাইদেৱেকে শুনা যেন লগা নাছিল৷

“বাইদেউ, পদূলিত কোন সেইটো?”

বাইদেৱেকে কিবা ক’বলৈ আৰম্ভ কৰিছিল, তাৰ পাছত আকৌ ৰৈছিল৷
        “কোন সেইটো, বাইদেউ?”

“সেইজন…”
        “সি মোৰ ডিঙি মুচৰিব নেকি?”

“কোনে?”

“সি- সি সৰু ল’ৰাৰ ডিঙি মুচৰে নেকি?”


        তাৰ এনে লাগিছিল বাইদেৱেকৰ উশাহ ল’বলৈ কষ্ট হৈছিল৷

“সেইটো… তোমাৰ মোমাই, তোমাৰ মামা৷”

এইটো এটা নতুন কথা আছিল! যদি মানুহটো তাৰ মামা, সি এনে ব্যৱহাৰ কৰিব লাগে নে? ভাবাচোন পদূলিৰ পৰা চিঞৰি জেঠায়েকক মতা কথাটো! আৰু আপ্পুলৈ এনেকৈ চালে, যেন ভয় খুৱাবলৈহে … “কেনে ভয়লগা মামা এজন!” বাইদেৱেকে ধেমালি কৰিছিল নেকি?

“সঁচাই বাইদেউ?”

“অঁ!”

“মামা কিয় ভিতৰলৈ নাহে?”

বাইদেৱেকে উত্তৰ দিয়া নাছিল৷

সি আকৌ সুধিবই খুজিছিল, “তেওঁ কিয় ভিতৰলৈ নাহে ?”, যেতিয়া সি বাইদেৱেকে চকু মোহৰা দেখিছিল ৷ তাই পাগলী, এই বাইদেউজনী…

তেনেতে জেঠায়েক ভিতৰলৈ আহিছিল৷  আপ্পুৱে তেওঁক দেখি ভয় খাইছিল৷ তেওঁ উচুপি আছিল৷ উচুপনিৰ মাজে মাজে তেওঁ কিবাকিবি কৈও আছিল ৷ আপ্পুৰ বৰ দুখ লাগিছিল ৷ তাক যিমান গালি পাৰিলেও, তেওঁ যে তাৰেই জেঠায়েক, নহয় নেকি ? 
        সি বেছ সাহসেৰেই বাহিৰলৈ ওলাই আহিছিল আৰু পদূলিলৈ চাইছিল ৷ মোমায়েক গুচি গৈছিল ৷
      মোমায়েক এজন থকাটো ভাল কথা ৷ কিন্তু কোনো মোমায়েকৰে তাক তেনেকৈ ভয় খুওৱাৰ অধিকাৰ নাই ৷ নাইবা নঙলাত থিয় হৈ, জেঠায়েকক চিঞৰি মাতি আৰু সকলো ধৰণৰ কথা কৈ কন্দুওৱাৰ ৷
        জানুৰ, পছিমৰ ফালৰ ঘৰটোত থকা ছোৱালীজনীৰো, এজন মোমায়েক আছিল ৷ তেওঁ ক’ৰবাত দূৰত থাকিছিল ৷ তুমি সাতখন সাগৰ পাৰ হ’ব লাগিব তেওঁ থকা ঠাইত ওলাবলৈ৷ তাত ঢেৰ ৰেছমৰ কাপোৰ আৰু ৰং-বিৰঙৰ ছাতি আছে৷ তেওঁ আহোঁতে জানুৰ কাৰণে দুয়োবিধেই আনিছিল৷ ছাতিটো বৰ ধুনীয়া আছিল৷ একেবাৰেই গধুৰ নাছিল৷ তাই মাকৰ লগত মন্দিৰলৈ গ’লেহে ছাতিটো লৈ গৈছিল ৷ কাপোৰবোৰ জোখৰ নোহোৱাৰ কাৰণে তাইৰ বাকচত জাপি থৈ দিছিল ৷ 
        তাইৰ ঘৰতো এজন খুৰাক আছিল ৷ কিন্তু তেওঁ তাইক কেতিয়াও একো দিয়া নাছিল ৷ তাই সাতখন সাগৰ পাৰ হৈ যোৱা মোমায়েকজনকহে বেছি ভাল পাইছিল ৷  তাই কৈছিল পাছৰটো বছৰত তেওঁ আকৌ আহিব ৷
        আপ্পুৰ বেয়া লাগিছিল কাৰণ তাৰ নিজৰ মোমায়েকজনহে এনে সমস্যাৰ মানুহ আছিল৷ বাইদেৱেকে কৈছিল তেওঁ কেতিয়াও ঘৰলৈ নাহে৷ তেওঁ থকা ঠাইতো ৰং-বিৰঙৰ ছাতি পায়নে ? যদি পোৱা যায়ো, তেওঁতো এটাও নানিব৷ যিটোহে চাৱনি আপ্পুক দিছিল ! তেওঁ আনকি জেঠায়েককো কন্দুৱাইছিল৷ তেওঁ কিজানি খং উঠি থকা কাৰণেহে ঘৰলৈ অহা নাছিল৷  কাৰ ওপৰত তেওঁৰ খং উঠিছিলনো ? আপ্পুৱে সিদ্ধান্ত কৰিছিল সি পিছৰবাৰ মোমায়েকে আহিলে সুধিব৷ কিন্তু তেওঁ নাহিল৷
       মোমায়েক ক’ত আছে ? বাইদেৱেকে নকয় ৷ জানুৱে তেনে কোনো মানুহৰ কথাই নাজানে৷ তাইতো বিশ্বাস কৰিবলৈকে টান পাইছিল যে আপ্পুৰ এজন মোমায়েকো আছে৷ চাক্কনে কিবা অলপ জানিছিল৷ “ নদী এখনৰ কাষত তেওঁৰ এটা ঘৰ আৰু মাটি আছে ৷”
           চাক্কনে কৈছিল যে সি তেওঁক দেখিছিল৷  চাক্কনে সেইফালে যাওঁতে মোমায়েকে নতুন ঘৰটোৰ চালত খাপৰি ইটা লগাই আছিল ৷
        “মামা কিয় ইয়ালৈ নাহে ?”
        “তেওঁ কাজিয়া কৰি গুচি গৈছিল, নহয় নে?“
      চাক্কনে নাজানে কিয় কাজিয়াখন লাগিছিল৷ আপ্পুৱে ভাবি উলিয়াব নোৱাৰিলে এইবিলাক কিহৰ কাৰণে ৷ তাৰ কিমান সন্দেহ দূৰ কৰিব লগা আছে ৷  কিন্তু সি কাক সুধিব ?
        সাধাৰণতে বাইদেৱেকেই আছিল যিয়ে তাৰ সন্দেহ দূৰ কৰিছিল, যেতিয়া সিহঁতে ৰাতি শুবলৈ গৈছিল ৷  ৰাতি তাৰ ভাত খোৱা হোৱাৰ আগতেই বাইদেৱেকে উত্তৰৰ কোঠাটোত এখন তুলী পাৰি দিয়ে ৷ তুলীখনৰ ওপৰত তাই ডাঙৰ ডাঙৰ বগা ফুল থকা ৰঙা শাড়ী এখন পাৰি দিয়ে ৷  সেই কাৰণেই তাৰ ওপৰত বাগৰ দিবলৈ সি খুব ভাল পাইছিল, কাৰণ সেইখন বাইদেৱেকৰ শাড়ী আছিল ৷

বাইদেৱেকৰ আৰু বেলেগ এখন শাড়ীও আছিল, তাইৰ বাকচত জাপি থোৱা৷  সি তাইক সেইখন পিন্ধা কেতিয়াও দেখা নাছিল ৷  যেতিয়া বাকচটো খুলিছিল, তাৰ পৰা এটা ধুনীয়া গোন্ধ আহিছিল ৷ কিবা এবিধ ফুলৰ সুগন্ধি ৷ বাইদেৱেকে সেই ফুলৰ সুগন্ধি বিলোৱা শাড়ীখন পিন্ধি ইফালে-সিফালে খোজকাঢ়ি ফুৰিলে কিমান যে ভাল হ’লহেঁতেন ?

আপ্পুৱে ৰাতি ভাত খোৱাৰ পাছতেই বাগৰ দিলেও বাইদেৱেক নহালৈকে তাৰ টোপনি কেতিয়াও নাহে৷ বাইদেৱেকে তাৰ লগত আহি শোৱেহি পাগঘৰটো সাৰি বাচনবোৰ ধোৱাৰ পাছতহে ৷ সি বাগৰ দিব, তাৰ হাত দুখনেৰে বাইদেৱেকক সাৱটি ধৰিব আৰু তাৰ সন্দেহৰ কথাবোৰ তাইক সুধিব, এটা এটাকৈ ৷  বেছিভাগ সময়তে জানুৱে তাক সেইদিনা কোৱা কথাবোৰ মিছা আছিল নেকি সেইটো সি জানিবলৈ বিচাৰিছিল৷

 কি যে মিছা কথা তাই কৈছিল কেতিয়াবা ! এবাৰ কৈছিল তাইৰ ঘৰৰ দক্ষিণ ফালৰ সাপৰ মন্দিৰটোত হেনো এডাল সাপ আছে আৰু সেইডালে নটা সৰু ল’ৰা খাইছিল ৷ সেইটো এটা লাজ লগাকৈ মিছা কথা নহয় নে?  কেনেকৈ নটা ল’ৰা এডাল সাপৰ পেটত ধৰিব পাৰে? 

এবাৰ জানুৱে কৈছিল তাই হেনো ভগৱানক দেখিছিল৷ আপ্পুৱে তাইক বিশ্বাস কৰা নাছিল ৷ আপ্পুৱে তেওঁক দেখা নাছিল ৷ চাক্কনেও দেখা নাছিল৷  আনকি বাইদেৱেকেও ভগৱানক দেখা নাছিল ৷
        জানুৱে তেওঁক ৰাতি দেখিছিল ৷ প্ৰভু সুব্ৰমন্ন্যৰ পূজা কৰিবলৈ অহা পুৰোহিতজনতকৈ ভগৱানৰ ডাঙৰ আৰু দীঘল গোঁফ আৰু দাঢ়ি আছে ৷  তাই মিছা কৈছিল নেকি জানিবলৈকে আপ্পুৱে সুধিছিল, “আৰু তেওঁৰ মূৰত কি আছিল ?”
        “কি মূৰ ?“
        “ভগৱানৰ মূৰত ?”
        জানুৱে বৰকৈ চিন্তা কৰিছিল, আৰু কৈছিল: “চুলি ৷”
        “ইস্ !“ আপ্পুৱে চিঞৰিছিল, “এইটো মুকুটহে যিটো ভগৱানৰ মূৰত থাকে ৷”
        জানুৱে সেইটো দেখা নাছিল ৷ তাইৰ লাজ লাগিছিল ৷
        যদিও তাই মিছা কৈছিল, আপ্পুৱে তাইক ভাল পাইছিল ৷  তাই থাকিলে আপ্পুৱে খেলিবলৈ এটা লগ পাইছিল ৷  কিন্তু এতিয়া তায়ো গ’ল৷ জানুৰ দেউতাকে তাইক লৈ গ’ল৷  সিহঁত হাবি আৰু পৰ্বতেৰে ভৰা ঠাই এখনলৈ গৈছিল ৷  কিন্তু তুমি যদি সাতখন সাগৰ পাৰ হোৱাঁ, সেইখন ঠাই তুমি গৈ পাবা য’ত তাইৰ খুৰাকৰ ঘৰ আছিল৷ যেতিয়া তাইৰ দেউতাকে তাইক লৈ গৈছিল, সিহঁতে ৰেলগাড়ীৰে গৈছিল৷ কোনোবাই কৈছিল যে ৰেলগাড়ীখনে পৰ্বতৰ পেটত এটা ফুটা কৰিছিল আৰু তাৰ মাজেৰে বেগেৰে গৈছিল ৷
        যোৱাৰ আগদিনা জানু আপ্পুৰ ঘৰলৈ আহিছিল৷  তাইৰ মাকো তাইৰ লগত আহিছিল৷  যেতিয়া তাই কৈছিল, “আমি কাইলৈ ৰেলগাড়ীত উঠিম আৰু গুচি যামগৈ৷”, তাৰ বৰ ঈৰ্ষা লাগিছিল ৷  কিমান যে বস্তু তাই দেখিবলৈ পাব !  তাই যিখন ঠাইলৈ যাব তাত কিজানি বহুত ধুনীয়া ধুনীয়া ৰবৰৰ বল আৰু চাইকেল আছে ৷
       আপ্পুৱেও কেনিবা যাবলৈ ভাল পালেহেঁতেন৷ কিন্তু সেইটো সি কেনেকৈ হ’ব যদিহে তাক লৈ যাবলৈ কোনোবা নাহে৷ 

থলপ্পলি উৎসৱৰ পাছত, যেতিয়া ছোৱালীবোৰে থালত চাকি আৰু পবিত্ৰ বস্তু লৈ শোভাযাত্ৰা কৰে, সেই থালবোৰ ওচৰৰ পাহাৰ এখনত এজোপা পল গছৰ তলত খালি কৰা হয় ৷ আপ্পুৱে সেই পাহাৰখন পাৰ হৈ কেতিয়াও ক’লৈকো যোৱাই নাই ৷ সাতখন সাগৰ পাৰ হৈ পোৱা সেই ঠাইখন… ডাঙৰ পৰ্বতৰ পেটত ফুটা কৰা ৰেলগাড়ীখন… ৰং-বিৰঙৰ ছাতি আৰু ৰেছমৰ ধুনীয়া কাপোৰেৰে ভৰি থকা ঠাইৰ ল’ৰা-ছোৱালীবোৰৰ কি যে আনন্দ !

জানুৰ মাকে তাৰ বাইদেৱেকৰ পৰা বিদায় লৈছিল ৷  সিহঁতে স্কুললৈ একেলগে গৈছিল ৷ জানুৰ মাকৰ ঢেৰ শাড়ী আছে ৷  জানুৰ দেউতাকৰ লগত তেওঁ বহু ঠাইলৈ গৈছে ৷  তোমাৰ কিবা এটা হাঁহি উঠা কথা শুনিবলৈ মন আছে নেকি ? জানুৰ মাকে তেওঁৰ গিৰিয়েকক “আম্মুৰ দেউতাক”  বুলি কয় ৷
        জানুৰ মাক যাওঁতে বাইদেৱেকৰ চকু পানীৰে ভৰি পৰিছিল ৷ কিজানি বাইদেৱেকৰো পৰ্বতৰ মাজেৰে ফুটা কৰি কৰি বেগেৰে যোৱা ৰেলগাড়ীৰে যাবৰ ইচ্ছা আছিল ৷ 
       বাইদেৱেকে কেতিয়াও ক’লৈকো নগৈছিল৷ আনকি মন্দিৰৰ পুখুৰীটোলৈ গা ধুবলৈও নগৈছিল ৷  তাই ঘৰৰ কুঁৱাটোৰ পাৰতে গা ধুইছিল৷ যেতিয়া ভগৱতী মন্দিৰত কিবা উৎসৱ হৈছিল, আৰু সকলো ছোৱালীয়ে থালত চাকি জ্বলাই লৈ শোভাযাত্ৰা কৰি গৈছিল, জেঠায়েকো সিহঁতৰ লগত গৈছিল ৷ আপ্পুও গৈছিল ৷ কিন্তু বাইদেৱেক যোৱা নাছিল ৷ 
        “বাইদেউ নাহিব নেকি, জেঠাই ?”
        জেঠায়েকে তাৰ ওপৰত জঁপিয়াই পৰিছিল ৷ “মনে মনে থাক, চালা গাধ !”
        সি যোৱা ইডবম মাহৰ পৰা স্কুললৈ যোৱা আৰম্ভ কৰিছিল ৷ আৰু দুমাহৰ পাছতে তাৰ পৰীক্ষা ৷ পাছ কৰিলে সি দ্বিতীয় শ্ৰেণীলৈ যাব ৷
        জানুৱে কৈছিল তায়ো স্কুললৈ যাব দেউতাকৰ ঠাইখন গৈ পালে৷ তাতে কিজানি স্কুল আছে৷ আপ্পুৱে চিন্তা কৰিছিল, তাত এজন কেলু মাষ্টৰ আছেনে ? নাই কিজানি ৷ তেতিয়া তাইক কোনেও নামাৰিব ৷ 

***

তাৰ এজন বন্ধু আছিল একে শ্ৰেণীতেই পঢ়া ৷ কুট্টিশংকৰণ ৷ তাৰ ঘৰ পথাৰৰ আনটো ফালে আছিল ৷ সিহঁতে স্কুললৈ গৈছিল আৰু একেলগে উভতি আহিছিল ৷ কেলু মাষ্টৰে কেতিয়াবা কুট্টিশংকৰণক “কুুট্টিচয়তান“, সৰু চয়তান বুলি কৈছিল৷ আপ্পুৱে কেলু মাষ্টৰে সেইটো কোৱা শুনিবলৈ ভালেই পাইছিল৷ কিন্তু কেলু মাষ্টৰৰ চৰ আৰু থাপৰবোৰ সহ্য কৰিব নোৱৰা ধৰণৰ আছিল ৷ 
            কুট্টিশংকৰণে এবাৰ আপ্পুক এটা নেমুটেঙা উপহাৰ দিছিল ৷  সি সেইটো তাৰ ঘৰৰ পৰা আনিছিল ৷  সি কৈছিল তাৰ ঘৰত আগদিনা বহুতো নেমু আছিল ৷ তাৰ সৰু বাইদেৱেকজনীৰ বিয়া আছিল ৷
        “বিয়াৰ কাৰণে কিয় নেমু?”

“মূৰ্খ, তুমি নাজানা নেকি?”

কুট্টিশংকৰণে বহুতো বিয়া দেখা মানুহ এজনৰ ভাব এটা দেখুৱাই কৈছিল৷  কুট্টিশংকৰণে এখন বিয়াৰ বৰ্ণনা দিছিল৷ বহু মানুহ ঘৰলৈ আহিব৷ পেণ্ডেলত বহি থকা সকলো মানুহৰ গাত এটা বটলৰ পৰা গোলাপৰ পানী ছটিয়াই দিয়া হ’ব৷ গোলাপৰ পানীৰ গোন্ধটো বৰ ধুনীয়া৷ পাছত, চন্দন কাঠৰ লেপ আৰু নেমু টেঙা সকলোকে দিয়া হৈছিল৷

আপ্পুৱে সেইবোৰৰ একোৱেই বিশ্বাস কৰা নাছিল৷  কিন্তু সি যদি খোলাখুলিকৈ কয় যে সেইবোৰ মিছা কথা, কুট্টিশংকৰণে সুধিব : “তুমি বিয়া এখন দেখিছা?” আৰু সি স্বীকাৰ কৰিব লাগিব যে সি দেখা নাই৷ আপ্পুৱে কৈছিল, কুট্টিশংকৰণক ভাল লগাবলৈকে,

“যেতিয়া মোৰ ঘৰত এখন বিয়া হ’ব মোৰ বাইদেউৰ কাৰণে, ময়ো তোমাক এটা নেমু দিম৷”

কিন্তু কুট্টিশংকৰণে কৈছিল: “আৰু তোমাৰ এজনী বাইদেউ আছে, এজনী ডাঙৰ ভনী?”

এই কথাটোত আপ্পুৰ বৰ খং উঠিল৷ সি কুট্টিশংকৰণক একেৰাহে চাৰিবাৰ “কুট্টিচয়তান” বুলিব আৰু তাৰ গালতে এটা থাপৰ দিব খুজিছিল ৷ কিন্তু কুট্টিশংকৰণ তাতকৈ ডাঙৰ-দীঘল আছিল, গতিকে সি সেইটো নকৰিলে৷

“তেনেহ’লে মোৰ বাইদেউ কাৰ ডাঙৰ ভনী?”

“অ’ মূৰ্খ, তোমাৰ বাইদেউজনী তোমাৰ মা, নাজানা নেকি?”

কুট্টিশংকৰণ যে কি বুৰ্বক সেইটো ভাবি সি হাঁহিছিল৷ কেলু মাষ্টৰে তাৰ মগজু নথকা বুলি কোৱাটো একো আচৰিত কথা নহয়৷ 

“কৈ যোৱাঁ, তুমি একোৱেই নাজানা৷”, আপ্পুৱে কৈছিল৷  

“আৰু তুমি জানা কি? মোৰ মাই মোক কৈছিল৷”

“আৰু তোমাৰ মাই কি জানে?”

শেষত দুয়োৰে কাজিয়া লাগিছিল৷ কুট্টিশংকৰণে তাক নেমুটো ঘূৰাই দিবলৈ কৈছিল৷ আপ্পুৱে সেইটো তালৈ দলিয়াই দিছিল আৰু মুখখন ফুলাইছিল৷

সি স্কুলৰ পৰা অহাৰ পাছত এই কথাটো ভাবিছিল৷  কেনেকৈ বাইদেৱেক তাৰ মাক হ’ব পাৰে? তাৰ এজনী মাক বা এটা দেউতাক নাছিল৷ তাৰ মাত্ৰ বাইদেৱেক আৰু জেঠায়েকজনী আছে৷ আৰু জেঠায়েকক হিচাপত ধৰিবই নোৱাৰি৷  বাপু, এইটো নকৰিবি; সেইটো নকৰিবি… যেতিয়াই তোৰ মূৰটো মাৰৰ পেটৰ পৰা …

সি একমাত্ৰ বাইদেৱেকক বিচাৰিছিল৷ সি কি কৰা উচিত সেই  কুট্টিশংকৰণ, সেই সৰু চয়তানটোৰ লগত, যিয়ে তাৰ মৰমৰ বাইদেৱেকক তাৰ মা আছিল বুলি কয়৷

তাক মাক এজনী নালাগে৷ সি জানিছিল এজনী মাক থকাটো কিমান বিৰক্তিৰ কথা৷  জেঠায়েক বাইদেৱেকৰ মাক, নহয় নে? আৰু তেওঁ জানো বাইদেৱেকক অকণমান শান্তি দিছিল?

যোৱা কেইদিনমান ধৰি বাইদেৱেকে দিনে-ৰাতি কান্দি আছিল৷ জেঠায়েকে তাইক গালি পৰা নাছিল, কিন্তু তাই সকলো সময়তে কান্দি আছিল ৷

তাই পাগলী, এই বাইদেউজনী!

বাইদেৱেকৰ আপ্পুৰ ওপৰত খং উঠি থকা নাছিল৷ ৰাতি ইটোৱে সিটোক সাবটি শুই থাকোঁতে তাই তাক বহু কথাই কৈছিল৷ সাধু নহয়৷ আপ্পুৱে সাধুহে শুনিবলৈ ভাল পাইছিল৷ বাইদেৱেকে বহুতো সাধু জানিছিল৷ পদ্মৰাগমণি এটা পোৱা ৰাজকোঁৱৰৰ সাধু৷ আপ্পুৱে এই সাধুটো শুনাৰ পাছতহে পদ্মৰাগমণি পালে কেনেকৈ লুকুই থ’ব লাগে, সেই গোপন কথাটো শিকিছিল৷  মণিটো গোবৰৰ মাজত থ’ব লাগে৷  তেতিয়া কোনেও তাৰ চিকমিকণি দেখা নাপায়৷ তাৰ পাছত শিল হৈ যোৱা ৰাজকুঁৱৰী এজনীৰ সাধু৷ যেতিয়া সি শুনিলে যে ৰাজকুঁৱৰীক আকৌ জীয়াবলৈ এটা সৰু ল’ৰা কাটি তাৰ তেজবোৰ শিলটোত বাকি দিয়া হৈছিল, তাৰ কান্দো কান্দো লাগিছিল৷

আজিকালি বাইদেৱেকে তাক সাধু নকয়৷ তাই বিছনাত একো নোকোৱাকৈ বাগৰি থাকে৷ অলপ সময়ৰ পাছত তাই সুধিব, “তোমাৰ টোপনি আহিল নেকি, মুনু?” 

“নাই৷”

“তুমি ভালকৈ পঢ়িব লাগিব, মুনু৷”

“ওঁ…”

“আৰু ভাল ল’ৰা হ’ব লাগিব৷”

“ওঁ…”
        “যেতিয়া তুমি ডাঙৰ হ’বা, তুমি বাইদেউৰ ভাল যত্ন নল’বা জানো?”

কি যে হাঁহি উঠা প্ৰশ্ন৷ কিন্তু সি হয়ভৰ দিবলৈ ওঁ ওঁ বুলি কৈছিল এনেয়ে৷

“বাইদেউৰ তোমাক এৰি আৰু কোনো নাই, মুনু৷”

যোৱা দুই-তিনিদিন ধৰি বাইদেৱেকৰ অসুখ হৈ আছে৷  তাই তাক মুঠেই একো কোৱা নাছিল যেতিয়া তাই তাক গা ধুৱাই দিছিল বা তাৰ ভাত-তৰকাৰীখিনি সানি দিছিল বা তাৰ চুলিখিনি ফণিয়াই দিছিল৷ তাই তাৰ মুখলৈ থৰ লাগি চাই ৰৈছিল৷  আৰু তেতিয়া তাই বহি পৰিব যেন তাইৰ জলক-তবক লাগিছিল৷

তাই পাগলী, এই বাইদেউজনী…

এদিন, যেতিয়া বাইদেৱেক আৰু জেঠায়েক মাজৰ কোঠাটোৰ মজিয়াত শুই আছিল, সি জেঠায়েকে কোৱা শুনিছিল: “তাৰ কথা ইমান চিন্তা কৰিব নালাগে৷”

বাইদেৱেকে একো কোৱা নাছিল৷

“যি হৈ গ’ল, হৈ গ’ল৷ যদি এতিয়া সেই সকলোবোৰ ভাবি থাক, তোৰ মূৰৰ দোষ হ’ব৷ যদি এইবাৰ এইটো হয়, আমাৰ ভাল হ’ব৷”

বাইদেৱেকে সেইবাৰো একো নক’লে৷

“শংকৰণ নায়াৰে সকলো চম্ভালিব৷ তেওঁ বৰ বিশ্বাসী৷”

“তুমি কি ক’ব খুজিছা, মা?”

“এতিয়া তই,” জেঠায়েকৰ কথাৰ সুৰ অলপ সলনি হ’ল৷

“সকলো ধৰণৰ কথাবোৰৰ কাৰণে আঁচনি নকৰিবি৷ এতিয়া যদি কিবা বেয়া ঘটে, তই তোৰ গোটেই জীৱনটো এনেকৈয়ে কটাব লাগিব৷”

“এইটো ঠগোৱা যেন নহ’ব নে?” বাইদেৱেকে কৈছিল৷

“কি?”

“এইটো যে তুমি কৰি আছা৷”

“তই সেইবোৰত মূৰ ঘমাব নালাগে৷”

“কিন্তু ময়ে ইয়াৰ কাৰণে ভুগিব লাগিব৷”

“শংকৰণ নায়াৰে সেইবোৰ সকলো জানে৷ ৱায়নাদত থকা মানুহ এটাই একো ধৰিবই নোৱাৰিব যে…”

“মা, আপ্পুৰ…” 

“আপ্পু-চিপ্পু সঁচাকৈয়ে! মালু, মই তোক কৈ আছোঁ৷ যেতিয়া মই ভাবোঁ আমি এই ডাঙৰ সমস্যাটোৰ কিবাকৈ সমাধান কৰিব পাৰোঁ…”

বাইদেৱেকে কথা ক’বলৈ বন্ধ কৰিছিল৷  সি তাইৰ উচুপনিবোৰহে শুনিব পাৰিছিল৷ জেঠায়েকে আকৌ কৈছিল:

 “শংকৰণ নায়াৰে কৈছে তেওঁ সকলো বন্দবস্ত কৰিব৷”

এই শংকৰণ নায়াৰজন কোন আছিল  যদিহে তেওঁ ইমানেই ডাঙৰ মানুহ, আপ্পুৱে তেওঁক চাবলৈ বিচাৰিব৷ আৰু তেতিয়া এদিন সি শুনিছিল, শংকৰণ নায়াৰ আহি আছে৷ 

***

শংকৰণ নায়াৰ এজন ভাল মানুহ যেন লাগিছিল৷ তেওঁ যেতিয়া সম্মুখৰ ওখ ঠাইখিনিত বহি জেঠায়েকৰ লগত কথা পাতি আছিল, তেতিয়া আপ্পুৱে তেওঁৰ মূৰৰ চাৰিওফালে পাপৰৰ দৰে ঘূৰণীয়া হৈ থকা পকা চুলিৰ বৃত্তটোৰ সৌন্দৰ্যক মনে মনে প্ৰশংসা কৰিছিল৷  জেঠায়েকক ক’বলৈ তেওঁৰ বহুত কথা আছিল৷

আপ্পুৱে শুনিব খোজা নাছিল৷ ৱায়নাদত এখন বিয়া হ’ব৷ তাতে কি হ’ল, তেওঁক বিয়াখন চলাবলৈ দিয়াঁ, আপ্পুৱে ভাবিছিল৷ তোমালোক কিন্তু সাৱধান হ’ব লাগিব, শংকৰণ নায়াৰে কৈছিল, যাতে সি ল’ৰাটোৰ বিষয়ে একো গম নাপায়৷  তাতে কি হ’ল, সিহঁতক সাৱধান হ’বলৈ দিয়া৷ আপ্পুৱে মাত্ৰ বিচাৰিছিল মূৰৰ চাৰিওফালে ঘূৰণীয়া পাপৰৰ দৰে হৈ থকা পকা চুলিৰ বৃত্তটো চাবলৈ৷ সি ভাবিছিল যদি চাৰিডাল দীঘল চুলি ঠিক তাৰ মাজতে সি ৰুই দিব পাৰিলেহেঁতেন, তেতিয়া সেইখিনি সঁচাকৈয়ে বৰ ধুনীয়া দেখালেহেঁতেন৷ এইটো তেতিয়া তাৰ স্কুলৰ বাগিচাৰ মাজৰ টাব এটাত থকা ঘোঁৰানেজীয়া ফুলডালৰ সমানেই সুন্দৰ হ’লহেঁতেন৷

সি ডিঙিটো মেলি আকৌ এবাৰ ভালকৈ চাই ললে৷ শংকৰণ নায়াৰে তেওঁৰ মাতটো অলপ সৰু কৰিলে৷ জেঠায়েকে মুখ ঘূৰালে আৰু আপ্পুক দেখিলে৷ 

“আপ্পু, যা আৰু চোতালত খেলগৈ৷”

সি ঘৰৰ ভিতৰলৈ গ’ল৷ সিহঁত আৰু সিহঁতৰ মেল!

তাৰ ৱায়নাদৰ বিয়া এখনৰ লগত কি সম্পৰ্ক আছে? সি আনকি এটা নেমুও নাপাব৷ সিহঁতক এখন বিয়া পাতিবলৈ দিয়াঁ৷ সি কি খাতিৰ কৰে?

ভিতৰৰ কোঠাটোৰ চাউল থোৱা কাঠৰ বাকচটো সি খুলিলে, আৰু বন্ধ কৰিলে আকৌ৷ বাকচটোৰ পৰা তেতিয়াও পাখি নগজা পঁইতাচোৰা এটাই তালৈ ত-তকৈ চাইছিল৷ সি খিৰিকিত বগাই উঠিল আৰু বেৰৰ গজাল এটাত ওলোমাই থোৱা খৰাহী এটালৈ জুমি চালে-সেইটোত সৰিয়হ আছিল৷

সি পাক-ঘৰত কাঁহৰ গিলাচ এটা পৰাৰ শব্দ শুনিলে৷  বাইদেৱেক আছিল তাত৷
জেঠায়েকে চিঞৰিছিল,

“মালু!”
        এইটো গিলাচটো পেলোৱাৰ কাৰণে তাইক গালি পাৰিবলৈ নেকি?

“মালু, ছোৱালী!”

কি বা শুনিবলৈ পায় তাকে ভাবি আপ্পুৱে তাৰ কাণ থিয় কৰিলে৷

“তুমি তাইক সকলো কথা কোৱা নাই নেকি, মা?”, সেইটো শংকৰণ নায়াৰ।

“মুঠেই চিন্তা নকৰিবা৷ মই সকলো চাম৷ সি এটা ভাল মানুহ৷ আৰু তাৰ কোনো নাই, তাৰ আত্মীয়-স্বজনো নাই৷ সি কেতিয়াও গম নাপাব৷”

বাইদেৱেকে এটা শব্দও কোৱা নাছিল৷ 

“আমি সকলোবোৰ তাতেই কৰিম৷ আমি বৰ কম মানুহহে মাতিব লাগিব৷”

“তাৰ সেইটো অলপ আচৰিত যেন নালাগিবনে?”

“তোমালোক মোৰ আত্মীয়৷ তোমালোকৰ নিজৰ কোনো মানুহ নাই৷ আৰু মই তাতে থকা মোটামুটি বিছ বছৰেই হ’ল৷  তুমি বুজিছাতো, দেৱকীমা?”

“কি, শংকৰণ নায়াৰ?”

“হাঃ হাঃ…৷ সেইটোৱে মই তাক কৈছিলোঁ৷ কি ভুল হ’ব যদি মই বিয়াখন মোৰ ঘৰতেই অনুষ্টুপীয়াকৈ পাতোঁ?”

“সেইটোৱে ঠিক হ’ব, শংকৰণ নায়াৰ, তুমিয়েই মোৰ একমাত্ৰ সহায়৷”

“সেই কাৰণেই এইটো ঠিক কৰিবলৈ মই ইমান কষ্ট কৰা নাই জানো? সি কৈছিল সি ছোৱালীজনী চাবলৈ বিচাৰিব৷ সেইটোৰ কি হ’ব?”

জেঠায়েকে কিবাকিবি কৈছিল৷

“মই চাম যাতে সেইবিলাক কথা সি গম নাপায়৷”

“যদি সকলো ভালে ভালে হৈ যায়, মই তজথেক্কভূৰ মন্দিৰত পায়স আগবঢ়াম বুলি শপত খাই থৈছোঁ৷”

“সকলো ভালে ভালেই যাব, মই কৈছোঁ তোমাক৷ তোমাৰ জীয়েৰাৰ চিন্তা কৰিবলৈ একো নাথাকিব৷  সি চৰকাৰৰ পৰা চাৰি একৰ মাটি পাইছে৷ যদি সি কষ্ট কৰে, সিহঁতে খুব ভালকৈ চলিব পাৰিব…”

হঠাৎ আপ্পুৱে সৰু শিং থকা কিবা এটা দেখিবলৈ পালে, সেইটো সিহঁতৰ গা-ধোৱা চালিৰ পৰা বাহিৰলৈ যোৱা নলাটোৰ তলৰ খালি পাট এখনৰ তলত লুকাই আছিল৷ এইটো পঁইতাচোৰা নাছিল৷ এইটো কিবা নতুন যুঁজাৰুৰ জাত৷  সি তাক যাবলৈ দিব নোৱাৰে৷ সি কেতিয়াও বাঢ়নী এটাৰ নাপায় যেতিয়া তাৰ দৰকাৰ হয়৷ তাক ডাঙৰ বাঢ়নী এটাৰ লাগে৷

সি পাকঘৰলৈ গ’ল বাঢ়নীটাৰ বিচাৰি, আৰু তাতেই বাইদেৱেকক পালে৷ এই অলপ আগতে তাই শংকৰণ নায়াৰৰ মেল শুনিবলৈ যোৱা নাছিল জানো? যেতিয়া সি তাইক বাঢ়নীটাৰ ক’ত আছে সুধিলে, তাই তাক দুবাহুত সুমুৱাই ল’লে আৰু তাৰ কপাল আৰু মূৰত বাৰে বাৰে চুমা খাবলৈ ধৰিলে৷ তাইৰ চকুপানীবোৰ তাৰ মূৰ আৰু মুখৰ চাৰিওফালে পৰিল৷

শংকৰণ নায়াৰে তাইক গালি পৰা সি শুনা নাছিল৷ কোনোৱে খং কৰা নাছিল৷ তেনেহ’লে কিয় তাই কান্দিছিল? তাই পাগলী, এই বাইদেউজনী…

ৰাতি, বাইদেৱেকে সুধিছিল, “তুমি জেঠাইৰ লগত শুবানে যদি বাইদেউ নাথাকে?”

“মই তোমাৰ ল’ৰা, বাইদেউ৷”

“আৰু যদি বাইদেউ গুচি যায়?”

“তুমি ক’লৈ যাবা, বাইদেউ?”

বাইদেৱেকে উত্তৰ দিয়া নাছিল৷  সি তাইক বাৰে বাৰে সুধিছিল আৰু তাই কৈছিল, “ক’লৈকো নহয়৷ বাইদেৱে ধেমালি কৰিছিল…৷”

আহ্…  আপ্পু শান্ত হৈছিল৷  

এদিন আবেলি যেতিয়া সি স্কুলৰ পৰা আহিছিল, সি মিঠা ওত্তাদা খাবলৈ পাইছিল৷ সেইটো অলপ আচৰিত আছিল৷ আপ্পুৱে এইটো নিশ্চয় কৰিছিল যে যেতিয়াই সি এইবিধৰ দৰে কিবা অলপ ভাল খাবলৈ পাইছিল, সি চাক্কনক দেখুৱাই সেইটো খাইছিল৷ সি চাক্কনৰ লুভীয়া মুখখন লক্ষ্য কৰিবলৈ ভাল পাইছিল৷ চাক্কন সাংঘাতিক লুভীয়া আছিল৷  বাইদেৱেকে আপ্পুক চাক্কনে চাই থাকিলে কেতিয়াও খাবলৈ হাক্ দিছিল৷ তথাপি… চাক্কনে গৰু খেদাবলৈ কেনেকৈ লাঠী বনাব লাগে জানিছিল আৰু সিয়ে একমাত্ৰ ল’ৰা যাক ক’লী গাইজনীয়ে খুচিবলৈ খেদা নাছিল৷  সি আনকি ইচ্ছা কৰিলে তাৰ হাতদুখন ক’লীৰ ডিঙিত থ’ব পাৰিছিল আৰু তাইক সাবটিও ধৰিব পাৰিছিল৷

সি তাৰ হাতত ওত্তাদাৰ সৰু টুকুৰা এটা লুকুৱাই মনে মনে চোতালেৰে ওলাই গ’ল৷  চাক্কনে পুঁজিটোৰ পৰা খেৰ টানি আছিল৷ সি সাধাৰণতে কাকূতি কৰাৰ দৰে সেইদিনা কৰা নাছিল: “মোৰ কাৰণে অলপ আছে৷ সৰু বাপু৷”

“মোক মালিকনীয়ে অলপ দিছিল৷”, সি তেনেকৈহে কৈছিল৷

“মিছা!” 

“ময়েতো চেনি আৰু চাহপাত কিনিবলৈ গৈছিলোঁ তেওঁ আহোঁতে৷”

“কেতিয়া কোন আহিছিল?”

“এজন আলহী ৷ চা, সৰু বাপু… ৷”

 চাক্কনে তাক তাৰ কঁকালত কি খুচি থোৱা আছিল দেখুৱালে : তিনিটা বিড়িৰ টুকুৰা ! “ভদ্ৰলোকজন যে আহিছিল, তেওঁ সেইবোৰ হুপিছিল ৷”

 তেওঁ নিশ্চয় খুব ডাঙৰ মানুহ হ’ব যদিহে তেওঁ বিড়ি খাইছিল৷ শংকৰণ নায়াৰৰ যদিও মূৰৰ চাৰিওফালে পাপৰৰ দৰে ঘূৰণীয়া হৈ থকা পকা চুলিৰ বৃত্ত এটা আছিল, তেওঁ বিড়ি খোৱা নাছিল। তেওঁ যোৱা সপ্তাহত যেতিয়া আহিছিল, তেতিয়া মাত্ৰ পাণ চোবাইছিল, জেঠায়েকৰ দৰে, আৰু পিক্‌ পেলাইছিল। লাজ লগা কথা !

 আলহীজন ক’ত আছিল ? সি বাইদেৱেকক সুধিবলৈ ঘৰৰ ভিতৰলৈ দৌৰিলে৷ বাইদেৱেক চোতালতে আছিল৷ জেঠায়েকে কিবা পাচলিৰ বাকলি গুচাই আছিল।

“আলহীজন ক’ত, জেঠাই?”

“কোন আলহী? ইয়ালৈ কোন আহে আলহী খাবলৈ, বাপু? যম?”

চাক্কনে আপ্পুক তেওঁৰ নামটো কোৱা নাছিল৷ যমেই তেতিয়া, যদি সেইটোৱে নাম আছিল৷ তেওঁ ক’ত আছিল? সেইখিনিয়ে মাত্ৰ সি জানিব খুজিছিল।

“এইফাল চা, গাধ, মই তোক পিটি তোৰ জীউ বাহিৰ কৰি দিম যদি তই ইয়ালৈ আহি যা-তা কৱ৷”

 সি শুনিব খোজা নাছিল৷ সি কেনেকৈ জানিব যে যম মৰণৰ দেৱতাৰ নাম আছিল৷ জেঠায়েক কিমান অহংকাৰী হৈছিল, মাত্ৰ আলহী এজন তালৈ আহিছিল কাৰণেই! আপ্পুৱে আৰু তেওঁৰ বিষয়ে সোধা নাছিল।

 যেতিয়া সি ৰাতি হঠাতে সাৰ পাইছিল, বাইদেৱেক তাৰ কাষত পাটীত নাছিল৷ কোঠাটোত এটা লেম্প জ্বলি আছিল। বাইদেৱেকে তাইৰ বাকচটো খুলিছিল আৰু তাতে কিবা ভালকৈ থৈ আছিল। কোঠাটোত কিবা এবিধ ফুলৰ ধুনীয়া গোন্ধ ভাহি আছিল৷ বাইদেৱেক তাৰ কাষতেই আছিল যেতিয়া সি শুইছিল। তাই কিয় উঠিছে এতিয়া? তাই কিয় তাতে লেম্পটো লৈ বহি বহি শাড়ী আৰু ব্লাউজ জাপি তাইৰ বাকচটোত ভৰাই আছে? সি মনে মনে উঠি বহিব খুজিছিল, মনে মনে বাইদেৱেকৰ কাষলৈ গৈ, তাইৰ ডিঙিত সাৱটি ধৰি ভয় খুৱাব খুজিছিল৷ কিন্তু সি উঠিব নোৱাৰিলে৷ তাৰ চকু দুটা মেল খাই থাকিব খোজা নাছিল৷ সি ৰাজকোঁৱৰে পদ্মৰাগমণি মণিটো পোৱা হাবিখনৰ কথা ভাবিছিল। ফুলৰ এটি মৃদু সুগন্ধি… সি আকৌ চকু জপাইছিল৷

 আপ্পুৱে ৰাতিপুৱা নিজে নিজেই উঠা নাছিল। বাইদেৱেকে তাক জগাই দিব লগা হৈছিল। কুঁৱাৰ পাৰত গা ধোৱাৰ পাছত আৰু কাঞ্জি খোৱাৰ পাছত, বাইদেৱেকে তাক কাপোৰ পিন্ধাই দিছিল৷ তাৰ চুলিখিনি ফণিয়াই দিওঁতে তাই কৈছিল, “যেতিয়া স্কুললৈ যাবা সাৱধান হ’বা৷ তাত বহুতো গৰু আছে, সেইবোৰে খেদি আহিব পাৰে… ”

তাই সেইটো প্ৰায়ে কয়, গতিকে সি হ’ব বুলি কৈছিল৷

“বেলেগ ল’ৰাৰ লগত কাজিয়া নকৰিবা৷”

“উহ… ওঁ৷”

“জেঠায়ে তোমাৰ খুব যতন ল’ব, মুনু৷”

“ওঁ।”

“তুমি নিশ্চয় জেঠায়ে কোৱা মতেই সকলো কৰিবা আৰু দুষ্ট নহ’বা৷”

“মোৰ মুনু…৷”

উশাহ টানিবলৈ চেষ্টা কৰি, তাক যিমান পাৰে জোৰেৰে বুকুত সাবটি ধৰি, বাইদেৱেকে কিবাকৈ ক’লে, “মোৰ মুনু…৷”

বাইদেৱেকে কান্দিব বুলি আপ্পুৰ ভয় লাগিছিল। কিন্তু নাই, তাই এইবাৰ কন্দা নাছিল৷ গতিকে সি বিৰ্মষ হোৱা নাছিল। হঠাৎ সি তাইক কিবা ক’ব খুজিছিল ৷ “চোৱাঁ, বাইদেউ…”

“মা বুলি কোৱাঁচোন, মুনু, মাত্ৰ এবাৰ ৷”

সি সেইটো ভাল পোৱা নাছিল৷

“কিয় বাইদেউ?”

“এনেয়ে৷”

“মোৰ মা ক’ত, তুমি যে তেওঁক মাতিব কৈছা মোক, বাইদেউ?”

 বাইদেৱেকে সেই কথাৰ উত্তৰ দিয়া নাছিল৷ তাইৰ হাতৰ বান্ধটো লাহে লাহে ঢিলা হৈ আহিছিল। তাই মূৰটো ঘূৰাই লৈ তাতে নীৰৱ হৈ থিয় হৈ থাকিল৷ বহু সময়ৰ পাছত, তাই গজালৰ পৰা বেগটো নমাই আনিলে, সেইটো তাক দিলে আৰু ক’লে,

“এতিয়া যোৱাঁ, মুনু…-”

 আপ্পুৱে তাৰ তালপাতৰ ছাতিটো কান্ধত থৈ, ৰঙীন দোলৰ বেগখন ওলমাই ল’লে আৰু চোতাললৈ আগুৱাই গ’ল৷ সি যেতিয়া বাহিৰলৈ গৈ আছিল, সি পিছল খাইছিল আৰু পৰিবই ধৰিছিল। সি কোনোবাই তাক দেখিছিল নেকি চাবলৈ পিছলৈ ঘূৰিলে৷ বাইদেৱেকে হাত এখনেৰে সম্মুখৰ দুৱাৰখনত ধৰি তালৈ একেথৰে চাই তাতে থিয় হৈ আছিল।

 কিয় বাইদেৱেকৰ চাৱনিটোও গোসাঁই, সেই ঘূৰি ফুৰা ভিখাৰীজনৰ দৰেই একে আছিল? বাইদেৱেকে তাক দেখিছিল আৰু হঠাতে কাছৰ দৰে মূৰটো পিছুৱাই লৈ গৈছিল৷

 তাই পাগলী, এই বাইদেউজনী…

 সি যেতিয়া পথাৰখনৰ আনটো ফাল পালে, কুট্টিশংকৰণ ৰৈ আছিল তাৰ কাৰণে, এৰাপাতবোৰ বতাহত উৰুৱাই উৰুৱাই৷ দুটা আমলখি আছিল তাৰ বেগখনত৷ সি আপ্পুক সৰুটো দিলে। সৰু যদিও সেইটো বৰ মিঠা আছিল। সিহঁতে এটা শুকান খাল, এটা সৰু ৰাস্তা আৰু এটা সৰু টিলা পাৰ হ’ব লাগিছিল স্কুল পোৱাৰ আগতে৷ তাৰ টিলাটোৰ ওপৰেৰে যাবলৈ ভয় লাগিছিল৷ তাত বহুতো গৰু আৰু ম’হ আছিল৷ সেইটো বেয়া নাছিল৷ কিন্তু এটা বাতৰি ওলাইছিল যে মানামাক্কভূৰ ডাঙৰ ষাঁড়টো তাত কেতিয়াবা কেতিয়াবা দেখা পোৱা গৈছিল। আপ্পুৱে নিজে কেতিয়াও দেখা নাছিল৷ সি আশা কৰিছিল সি সেইটো কেতিয়াও নেদেখিবও৷

 দুপৰীয়া নাৰায়ণনৰ পেঞ্চিলডাল আপ্পুৰ হাতৰ পৰা পৰিল আৰু ভাগিল৷ নাৰায়ণনে কান্দিছিল আৰু কেলু মাষ্টৰক ক’বলৈ ওলাইছিলেই৷ কিন্তু কুট্টিশংকৰণে তাৰ লগত এটা বুজাবুজি কৰিলে৷ যদি ঘটনাটো কেলু মাষ্টৰৰ ওচৰ পালেহেঁতেন, আপ্পুৰ দিন বেয়া হ’লহেঁতেন৷ যদি সি সমস্যাটো এৰাব খোজে, আপ্পুৱে মাত্ৰ এক অনা পইচা নাৰায়ণনক পিছদিনা দিব লাগিব৷ আপ্পুৱে ৰক্ষা পৰা যেন পাইছিল। সি বাইদেৱেকক খুজিলে এক অনা পইচা নিশ্চয় পাব৷ 

সি যেতিয়া ঘৰ গৈ পাইছিল, সি তাৰ বেগখন বাহিৰৰ ওখ ঠাইখনত দলিয়াই থৈ বাইদেৱেকক চিঞৰি মাতিছিল৷

“আপ্পু নেকি?”

উত্তৰ দিয়াজনী বাইদেৱেক নাছিল, জেঠায়েকহে আছিল ৷ তেওঁ পাকঘৰৰ পৰা ওলাই আহিছিল আৰু সুধিছিল,

“তই আজি সোনকালে আহিলি?”

আপ্পুৰ তেওঁক সুধিবৰ মন গৈছিল, “আজি তুমি ইমান ভাল কিয় হৈছা?” কিন্তু সি নুসুধিলে৷ যদি তেওঁ তাক মাৰে?

“বাইদেউ ক’ত?”

“মই তোৰ কাঞ্জি দিছোঁ৷ চোলাটো খোল আৰু আহ৷”

সি কাঞ্জি নহয়, বাইদেৱেকক বিচাৰিছিল৷ সি যদি এক অনা পইচা পিছদিনাৰ আগতে নেপায়, স্কুলত তাৰ লাজ লগা কথা হ’ব৷

“বাইদেউ ক’ত?”

সি উত্তৰৰ কোঠাটোলৈ গ’ল৷ বাইদেৱেক তাত নাছিল৷ কিবা ফুলৰ পাতল সুগন্ধি এটা কোঠাটোত ভাহি আছিল।

“বাইদেউ ক’ত, জেঠাই৷”

“বাইদেউ… ইয়াত নাই৷”

“ক’ত আছে?”

“তাই এঠাইলৈ গৈছে৷”

“ক’লৈ?”

“বাইদেউ… ঘূৰি আহিব৷ যেতিয়া আহে তাই তোলৈ এটা বল আনিব৷”

তাই যদি ইচ্ছা কৰে তাই এটা বল আনিব পাৰে৷ কিন্তু কিয় তাই গ’ল তাক লগত নিনিয়াকৈ, তাক একো নোকোৱাকৈ?

তাৰ বৰ খং উঠিছিল। কি যে সাংঘাতিক বাইদেউ? কিয় তাই এইটো কৰিলে? আপ্পুৱে আৰু তাইৰ লগত কেতিয়াও কথা নাপাতে…। সি তাইৰ লগত কি কৰিব?

বাইদেৱেকৰ বাকচটোত বোধহয় এটা এক অনা পইচা আছে। সি এটা নহয় দুটা পইচা ল’ব। সি তাইক দেখুৱাই দিব, সেই কাৰণে তাই যদি তাক গালি পাৰিবলৈ আহে।

 কিন্তু বাকচটো ক’ত ?

 সি কান্দিব খুজিছিল।

 জেঠায়েকে তাক আকৌ মাতিছিল।

 আপ্পুক কাঞ্জি বা আন একো নালাগে৷

 সি চোতাললৈ ওলাই গ’ল, ওখ ঠাইখিনিৰ কুভলম গছডালৰ কাষৰ পৰা এৰাই যোৱা শিল এটা লৈ সম্মুখৰ খটখটীত সি দলিয়াই দিলে। তেতিয়া সি ঘৰটোৰ পশ্চিম ফাললৈ গৈছিল৷

“আপ্পু, মুনু, জেঠায়ে তোমাক তোমাৰ কাঞ্জি দিব…”

 সি জেঠায়েক তাৰ প্ৰতি মৰমিয়াল হোৱাটো বিচৰা নাছিল।

বাইদেউক আহিবলৈ দিয়া৷ যদি তাই তাক এটা ৰবৰৰ বল দিয়ে, সি সেইটো দলিয়াই দিব, সি ঠিক সেইটোৱে কৰিব৷

জেঠায়েকে তাক আকৌ মাতিছিল৷

আপ্পুৱে একো বিচৰা নাছিল৷ সি মাত্ৰ কান্দিব খুজিছিল৷ ডাঙৰকৈ কান্দিবলৈ, দেখুৱাবলৈ তাৰ কিমান খং উঠিছিল বাইদেৱেকৰ ওপৰত৷

কিন্তু যদি সেইটো এটা চাৰিওফালে কভাৰ থকা এটা বল হয়, আৰু মিঠাই, সেইবোৰ যদি বাইদেৱেকে তাৰ কাৰণে আনে? সি তেতিয়া কি কৰিব?

 তথাপি, বাইদেৱেকে জানো তাক নোকোৱাকৈ গুচি যোৱা নাই ?

 তাই এজনী সাংঘাতিক বাইদেউ ৷

 তাই পাগলী, এই বাইদেউজনী…

(শব্দাৰ্থ আৰু টোকা :

 কাঞ্জি – চাউল, গাজৰ, সৰিয়হ, হিং আদিৰে বনোৱা এবিধ পনীয়া ধৰণৰ খাদ্য৷ 

ইডবম – এটা মালায়ালম মাহৰ নাম, ১৫ মে’ মানত আৰম্ভ হয়৷ 

থলপ্পলি উৎসৱ – কেৰালাৰ এটা শস্য চপোৱা উৎসৱ৷ চাৰিদিনীয়া উৎসৱটো মকৰ-সংক্ৰান্তিৰ সন্ধিয়া আৰম্ভ হয়৷ 

ওত্তাদা – এবিধ মিঠা পিঠা৷ )

Visited 2 times, 1 visit(s) today
Website |  + posts
Close