Written by sdblogs2011 6:49 pm Poems

বহাগৰ কবিতা এফাকি

শিখা গোস্বামী মহন্ত



তোমাৰ পৰা আঁতৰি থকাৰ হাজাৰটা সহজ অজুহাত
সামৰি-সুতৰি শেষ নোহোৱা তুমি নামৰ উদ্ৰেক
প্ৰাসংগিক-অপ্ৰাসংগিকতাৰ এযোজন দূৰত এই অৱস্থান
উমলি নিজক নিচুকাই কি এক ভ্ৰম…

ৰ’দে জকেমকাই ফুলি উঠা সোণাৰুফুলীয়া ভাবনা
আকাশী লতাত জিলিকি উঠে সোণপৰুৱা হেন এটি সাধুকথা

এটা বাট
এখন হাত
এখন নদী আৰু নদীৰ ঘাট
ঘাটৰো সিপাৰত তিৰবিৰ
এযোৰ জোনাকী চকু

সাঁকো নাই, নাও নাই
নাই ব’ঠা
গোটেই পথছোৱা চিনাকি বুলিবলৈ
স্মৃতিৰ বৰদৈচিলা…
আৰু ইটোৰ পৰা সিটো স্বপ্নবিলাস…

এতিয়া চ’তৰ শুকান সময়
নিজান ৰাতি কেতেকীয়ে ইনাব-বিনাব
শুকান নৰাৰ গাত বতাহ লাগি ৰিঁ ৰিঁকৈ কঁপনি এটা উঠিব
লাহেকৈ কুলিৰ মাতত কুঁহিপাতে এঙামুৰি দিব

বহাগৰ কোনোবা উদাস দুপৰীয়াত
কপৌফুলীয়া সুবাসে এৰাল ছিঙিব
পুৰণি জালিকটা আলস্য এখিনি উজাই আহিব
তুমি নামৰ পাহৰণিৰ গীত এফাকিয়ে হয়তো ভৰুণ কৰি তুলিবহি মোৰ চকু


হয়তো মই নামৰ বনগীত এটাই তোমাকো নিচুকাই থাকিব…

ভ্ৰাম্যভাষ : ৮৬৩৮৩১৪২০৮

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close