Written by sdblogs2011 9:43 am Poems

বহাগ

 অৰুণ গগৈ

চ’তৰ শেষত      বহাগ মাহত

      ফুলিল ঢাপৰ নাহৰ,

বিহুৱা ঢুলীয়া    ৰঙতে বলিয়া

    মাৰিলে ঢোলত চাপৰ ৷

তাঁতৰ শালত        হাতৰ পাকত

     ঘূৰিল কাঠৰ যঁতৰ,

পিৰালি-কাষত    বসন্ত কালত

    ফুলিল ধুনীয়া তগৰ ৷

শুনিছোঁ ৰিণিকি     অতিকৈ চিনাকি

     ঢোল-পেঁপাৰ মাত,

নাচনী-ঢুলীয়া       মন উৰণীয়া

     বিহু বিহু লাগে গাত ৷

বিহুৰে শুৱনি       ধুনীয়া নাচনী

    হাতত জেতুকাৰ বোল

কুলিৰ মাতত      মুগাৰ সাজত

     নাচনীৰ মন বিয়াকুল ৷    

বিহুৱা ডেকাই       ঘৰে ঘৰে গায়     

        জাত জাত বিহুনাম

  মাৰিছে হুঁচৰি    গাইছে চিঞৰি

      দেহি ঐ গোবিন্দাই ৰাম ৷

***

ঠিকনা :  

মৰিয়নী, যোৰহাট

ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০

Visited 4 times, 1 visit(s) today
Website |  + posts
Close