Written by sdblogs2011 8:34 am Poems

বন্দীশালৰ এনিশা

নমিতা তালুকদাৰ 

নিয়ৰে পৃথিৱীখন

মেৰাই ধৰিছে 

এইযেন গিলি পেলাব 

আকাশ, বতাহ আৰু 

ৰু-ৰুৱাই থকা নিশাৰ গানটো…

কিয় তাত জুপুকা এটা 

মাৰি চাব নোৱাৰি

আকণ্ঠ ডুবি কিয়

পি পি খাব নোৱাৰি

আকাশৰ চকুপানীবোৰ 

পঁজাটোৱে কিয় বন্দী কৰে মোক….!

ঠিকনা:

বৰপেটাৰোড

Visited 2 times, 1 visit(s) today
Website |  + posts
Close