Written by sdblogs2011 5:08 am Poems

বজাৰ

শ্ৰী সুশান্ত বড়া  
*
দোকানীক সুধিলোঁ, আপেল কেনে? 
বুকুৰ কাষলৈ নি ক’লে চাই লওক,  
বয়স ত্ৰিছ হ’ব, 
অভিজ্ঞ…!
ক’লোঁ এক কিল’, 
মই জানো ইয়াৰ অধিকাংশই গেলা৷ 
*
পোহাৰীক সুধিলোঁ জীয়া মাছ নাইনে, 
ক’লে লৈ যাওক ছাৰ, 
হাত পাতি চকুযোৰ ল’লোঁ 
শুকান পুখুৰীত পালোঁ জী থকা মাছ৷

পাচলিৰ দোকানত চিনাকি মানুহটো চালোঁ 
বাচ্ছাক বিহ দি কচাইটো জেইললৈ‍ গ’ল, 
বমিত ওলাই আহিল সতেজ পাচলি, 
মই চুঁচৰি আছোঁ বজাৰৰ গলিত৷ 

কবিৰ ঠিকনা:
যোৰহাট 
৯১০১৫৩৬১০৯ শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 2 times, 1 visit(s) today
Website |  + posts
Close