Written by sdblogs2011 4:29 am Articles

বচা বকুল

 ৰমানন্দন বৰা

দুই

খেতি কৰিছিল৷  বেণুৱে খেতি কৰিছিল৷ নতুন চাপৰিত নতুন মাটি ভাঙি নতুন ধৰণেৰে বেণুৱে খেতি কৰিছিল৷

নতুন চাপৰিত জন্মি মহাজন আৰু ক’লীয়া মহাজনৰ যুটীয়া দখলদাৰী আশাৰ মূৰত চেঁচা পানী পৰাৰ পিছৰ কথা৷

বহুত দিন য’ৰ মাটি ত’তে পৰি থাকিল৷ মহাজনে মুকলি কৰা মাটিত নকৈ নল-খাগৰি গজিল৷ হাবি ডাঠ হ’ল৷ বকুল চাপৰিত মাটিৰ অভাৱ নাছিল৷ বেণুৱে আন সকলোৰে লগত তাতে খেতি কৰি সুখে-শান্তিৰে খাই আছিল৷ হ’লেও তলে তলে আবাদী মাটিবোৰ তেনেকৈ পৰি থকাত তাৰ মনটো ভাল নালাগিল৷ কেনেবাকৈ খেতি কৰিব পাৰিলে বৰ ভাল হ’লহেঁতেন বুলি তাৰ মনত চিন্তা এটা এটা অনবৰতে লাগি আছিল৷ পাহিতাই বাধা দিয়ে৷ ভগৱানে যি দিছে সেয়াই হ’ব৷ আকৌ মাটি ভাঙি পিট মাৰিব নালাগে৷

কিন্তু এদিন সুযোগ আহিল৷ বেণুৰ লিক্‌লিকাই থকা মনটোৱে বিচৰা সুযোগটো হাততে ধৰা দিলে৷

প্ৰথম কথাটো উলিয়াইছিলহি বছা গাঁৱৰ হীৰেশ্বৰৰ পুতেক জীৱনে৷ সি তাক দদাই বুলিয়েই মাতে৷ হীৰেশ্বৰ বেণুতকৈ ভালেমান ডাঙৰ হ’লেও জীৱন বেণুতকৈ অলপহে সৰু৷

“দদাই, খেতি কৰাত তোমাৰ নাম আছে৷ এই অঞ্চলত এক নম্বৰৰ খেতিয়ক৷ আমাৰ সংগঠনৰ ছাৰ সকলেও তোমাৰ কথা জানিছে৷ তুমি আমাৰ লগত খেতি কৰিবলৈ যাব লাগে৷ ”

“ক’ত বুলিলি? ”

“নতুন চাপৰিত৷ আমি মাটি ভাঙিছোঁ৷ তুমি ঘাই খেতিয়ক হৈ আমাৰ মাষ্টৰ হ’ব লাগে৷ ”

জীৱনৰ কথাত বেণুৰ মনটো উগুল-থুগুল লাগিল৷ নতুন ল’ৰাবোৰে খেতি কৰিবলৈ লৈছে, তাতকৈ ভাল কথা কি হ’ব পাৰে৷ তাতে আকৌ তাক মাষ্টৰ পাতিছে, খেতিৰ মাষ্টৰ৷ কিন্তু সি মানুহ হ’ল এটা, বকুল চাপৰিৰ খেতিতে সি মানুহ লগাব লাগে৷ এতিয়া নতুন চাপৰিৰ খেতিখন গাত লগাই ল’লে তাৰ নাজল-নাথল, কলৰ-জপৰখনহে হ’ব নেকি?

“ইয়াৰ খেতিৰ বাবে চিন্তা নকৰিব৷ আমাৰ ট্ৰেক্টৰ, আমাৰ মানুহে আটাইবোৰ কাম কৰি দিব৷ চিন্তা কৰিব নালাগে৷ আমাৰ সংগঠনৰ আৰু কেবাখনো পাম আছে ৷ ”

নতুন চাপৰিত ল’ৰাহঁতৰ আয়োজন বেণুৱে ভবাতকৈ ডাঙৰ৷ সি ভাবিছিল কামটো মৃতকৰ জলপান খুওৱা সকাম এটাৰ সমান হ’ব চাগৈ, কিন্তু এতিয়া হ’লগৈ বৰ সবাহটো৷ দুখন ট্ৰেক্টৰ৷ মাটি কেইপুৰা ভাঙিছিল তাৰ হিচাপ বেণুৱে লোৱা নাছিল৷ কিন্তু ভাল লাগিছিল তেজাল ল’ৰাহঁতৰ উদ্যম দেখি৷ কাম কৰা ল’ৰাবোৰ থকা খেৰ-বাঁহৰ মজবুত ঘৰটোতে বেণুৰ বাবেও এখন চাং ঠিক হ’ল৷ আটাইবোৰ ল’ৰাই ছাৰ বুলি মতা অলপ আদহীয়া মানুহজনে ক’লে, “ককাইদেউ, আপোনাৰ কথা সকলো শুনিছো৷ এয়া মাটি, এয়া মানুহ৷ সাৰ, বীজ যিমান লাগে সিমান পাব৷ মাথোঁন এই পামখন আদৰ্শ পাম কৰি তুলিব লাগে৷ ”

আয়োজনটো দেখি বেণুৰ একপ্ৰকাৰ পিলাই চমকিছিল৷ ট্ৰাকত বীজ আনিছে, সাৰ আনিছে৷ এখন ছালিৰ তলত পৰ্বত সমান কৰি দ’মাই থৈছে৷ সি পাৰিবনে এই আটাইবোৰ ব্যৱহাৰ কৰিব? ৰহমান ছাৰৰ শিক্ষাহে তাৰ মূলধন৷ ইমান ডাঙৰকৈ চিন্তা কৰিব পাৰিবনে সি? এইবোৰ এথানি হ’লে কম ডাঙৰ কথা নহ’ব৷

“ছাৰ” সি মানুহজনক এই বুলিয়েই মাতিলে৷ “কৃষি বিভাগৰ মানুহৰ পৰামৰ্শ হ’লে ভাল হ’ব৷ ”

“মোক কেপ্টেইন বুলিলেই হ’ব৷ কৃষি বিশেষজ্ঞ ৰহমান আমাৰ লগত ওতপ্ৰোতভাৱে আছে৷ তেখেতেই আপোনাৰ কথা ক’লে৷ পামৰ কোন ঠাইত কি হ’ব আপুনি নিৰ্ধাৰণ কৰিব৷ এজন ল’ৰাই সেইমতে এখন মেপ আঁকিব৷ আমি সকলোৱে আলোচনা কৰি সিদ্ধান্ত ল’ম৷”

বেণুৱে না বুলিবলৈ একো নাছিল৷ মনত পুহি ৰখা হেঁপাহ এটা মাটিত গজাই তুলিবলৈ পাই তাৰ মনত ৰং লাগিছিল৷ তাৰ বেছি ভাল লাগিছিল যেতিয়া জানিছিল যে এইখন এখন সমবায় পাম, কাৰো ব্যক্তিগত সম্পত্তি নহয়৷ ইয়াত লাভালাভ সংগঠনলৈ যাব৷ দেশৰ বাহিৰত থকা ডেকাহঁতৰ ভৰণ-পোষণৰ উপৰি গাঁৱত ৰাষ্টা-ঘাট বন্ধা, জিৰণি চ’ৰা সজা আদি কামবোৰ কৰিব পাৰিব৷

নতুন চাপৰিৰ নতুন ল’ৰাবোৰে পতা নতুন পামখনত বেণুৱে নিজৰ এটা সপোন বাস্তৱ ৰূপ দিবলৈ বিচাৰিলে৷

বেণুৰ নেতৃত্বত পামৰ ল’ৰাহঁতে নিজে নিজে কামবোৰ ভগাই লয় আৰু কঠোৰ পৰিশ্ৰম কৰে৷ এখন মাটি খন্দা ডাঙৰ গাড়ী আনি এঠাইত এটা পুখুৰী খন্দোৱা হ’ল দুপুৰামান মাটিকালিৰ৷ বিঘা বিঘা বিলাহী, বেঙেনা, কবি, লাই, মূলা, ধনীয়া, গুটিৰ পৰা গজা পিয়াজ, মটৰ মাহ, বেলেগ বেলেগ জাতৰ কলপুলি গাড়ীয়ে গাড়ীয়ে আনি ৰোৱা হ’ল৷ নেমুৰ বাগিছাখন পতা হ’ল, এহেজাৰ মান পুলিৰ৷ পোন্ধৰশ তামোল পুলি চাৰিও ঢাপত ৰোৱা হ’ল৷ মুঠতে সাধাৰণ মানুহে ভাবিব নোৱাৰা ডাঙৰ পাম এখন আৰম্ভ হ’ল৷ বেণুৰ আহৰি নোহোৱা হ’ল৷

একেবোৰ ল’ৰা বেছি দিন পামত নাথাকে৷ সলনি হৈ থাকে৷ সিহঁত ৰাতি ৰাতি আহে, ৰাতি ৰাতি যায়৷ সিহঁতৰ লগত হাথিয়াৰ থাকে বুলি জীৱনেই তাক কৈছিল৷ সিহঁতে নিজৰ জন্মভূমিৰ কাৰণে যুদ্ধ কৰে৷ বেণুৱে কোনোদিন নিজৰ চকুৰে এটাও হাথিয়াৰ নেদেখিলে৷ তথাপি কথাটো জনাৰে পৰা ল’ৰাহঁতৰ লগত মিলামিছা কৰাত অলপ দূৰত্ব ৰাখিবলৈ ধৰিলে৷ পামখন হ’ব লাগে৷ সেইটোৱেই বেণুৰ চিন্তা৷

পামখন হলফলকৈ বাঢ়ি আহিবলৈ ধৰিলে৷ মানুহে ইমান ডাঙৰ খেতি আগতে কেতিয়াও দেখা নাছিল৷

কিন্তু মানুহে পাতে, বিধাতাই ভাঙে৷

সেই দিনটো কেনেকৈ আহিল বেণুৱে কোনো উমান পোৱা নাছিল৷ টালি-টোপোলা লৈ হুৰমূৰকৈ ল’ৰাবোৰ ব্ৰহ্মপুত্ৰৰ ফালে দৌৰিবলৈ ধৰিলে৷ বেণুকো ততাতৈয়াকৈ আঁতৰি যাবলৈ ক’লে, “অপাৰেচন হ’ব, অপাৰেচন৷ এনিমি আহিছে৷ ”

ব্ৰহ্মপুত্ৰৰ বুকুত সাজু কৰি ৰখা হাত নাৱত উঠি ল’ৰাবোৰ নিমিষতে ক’লৈ গ’ল বেণুৱে নাজানিলে৷

 চাৰিও দিশৰ পৰা গুপগাপ শব্দবোৰে বেণুক আগুৰি ধৰিলে৷ অকস্মাৎ দহটামান ৰাইফল লোৱা সেনাই বেণুক বেঢ়ি ল’লে৷ এটাই তাৰ কপালত ৰাইফলটো টোঁৱাই সুধিলে, “দুছৰে লোক কাহা হ্যেয়?” কি কৈছে একো নুবুজাৰ কাৰণে আৰু ভয়তে বেণুৰ মাত নোলাল৷ ডিঙিটো ভয়তে শুকাই কৰ্কৰীয়া মাৰিলে৷

নিৰ্বাক বেণুৰ কঁকালত কোনোবা এটাই এটা গোৰ মাৰিলে, সি মাটিত লুটি খাই পৰিল৷ তাৰ পিছত ছেদভেদ নোহোৱাকৈ গোৰ, ৰাইফলৰ কুন্দাৰ কোব৷ তাৰ শৰীৰৰ হাড়-মূৰ ভাগি যেন গুৰি হৈ গৈছে৷ মুখেৰে হোলোকা হোলোকে তেজ ওলাবলৈ ধৰিলে৷ এজাক সেনাৰ মাজত সি যেন এটা ফুটবল৷ অৱশেষত বেণুৰ চেতনা হেৰাল…

*      *      *

“দাইটি, পৰশুৰামে মাকক কাটিলে কেলেই? এনেকুৱা কুযশ আৰ্জিলে? ” মহেনৰ মাতত পৰশুৰ সম্বিত ঘূৰি আহিল৷ ভাঙৰ খোলাত কথাৰ পকনীয়া৷ প্ৰশ্নটোৰ উত্তৰ নাৰায়ণ দাইটিৰ ওচৰত নাছিল৷ তেওঁৰ মোচৰ তলেদি ফেলেককৈ হাঁহি এটা ওলাই আহিল –

“লীলা, পৰভুৰ লীলা নৰ মনিছে কেনেকৈ বুজিম? ”

প্ৰশ্নটো পৰশুৰ মনটো ঘূৰিবলৈ ধৰিলে৷ পৰশুৰামে মাকক কিয় কাটিলে? একৈশ বাৰ পৃথিৱী পৰ্যটন কৰি ক্ষত্ৰিয়ক কিয় কাটিলে? সমন্ত ক্ষত্ৰিয়ৰ দোষ কি আছিল? সন্ত্ৰাসবাদী আছিল নেকি পৰশুৰাম? এনেজনক ভগৱান বুলিবৰ কাৰণ কি?

ভঙুৱাহঁতৰ চিলিমৰ ধোঁৱা যেনেকৈ ঘূৰি ঘূৰি ওপৰলৈ উঠি গৈছে৷ পৰশুৰ চিন্তাও তেনেকৈ পকাই পকাই যেন মগজুৰ ওপৰলৈ উঠি উঠি যাওঁ যাওঁ কৰিছে…

*  *  *

তিনি

একেখিনি মাটি৷ মানুহ বেলেগ৷

নল মৰে, গজালি ওলায়৷ পুৰণি মূঢ়াটো নতুন পোখাৰে ডাঙৰ আৰু দৃঢ় হয়৷ পোতন দ’ হয়৷

নতুন চাপৰিত কি কালিকা আছে কোনে জানে? বছা গাঁৱৰ দুই মহাজনৰ খেতি-খোলা পতাৰ আশাত চেঁচা পানী পৰিল৷ সংগঠনৰ সমবায় খেতি পুলিতে উভাল খালে৷

তথাপি মাটিয়ে মানুহক যুগে যুগে আকৰ্ষণ কৰি আহিছে৷ মাটিৰ দেহা মাটিতে মিলিব বাবেই নেকি? কোনে জানে?

খেতিয়ক-মন এটা বছা গাওঁ বা বকুল চাপৰি মানুহৰ মনত সদায় সজাল ধৰি থাকে৷ ডেকাহঁতৰ মনতো৷

কলেজৰ দেওনা পাৰ হৈ বছা গাঁৱৰ ডেকা দল এটা এনেই অকামিলা হৈ বহি আছিল৷ ঠিক অকামিলা নহয়, সিহঁতৰ জোখাৰে সিহঁতৰ জনাখিনি লগাই কাম কৰিবলৈ একো নাই৷ চৰকাৰে পোন্ধৰ বছৰলৈ চাকৰি নিদিওঁ বুলি দুৱাৰ বন্ধ কৰিলে৷ দিল্লী আৰু দিছপুৰৰ ঈশ্বৰ দুজনে মিলি অতি তিতা মৌ-চুক্তি এখন কৰি তাৰ ভাপত আটাইকে ভাজিছে৷ চৰকাৰী হস্পিটেলত কপাহকণ, বেণ্ডেজ ছটি কিনিবলৈ টকা নাই, স্কুলবিলাকত চকমাটি ডাল কিনিবলৈ ফুটা-কড়ি নাই৷ স্কুলঘৰবোৰ জহি খহি গৈছে, শিক্ষকে মাহ-বছৰ ধৰি দৰমহা নোপোৱাকৈ আছে৷ গেলামালৰ দোকানীয়ে চৰকাৰী কৰ্মচাৰীক মাহেকীয়া বাকী নিদিয়া হৈছে – এনেকুৱা আন্ধাৰ-মুন্ধাৰ পৰিৱেশত আশাৰ টিপচাকি একোটা জ্বলাই ৰাখিছিল নতুনকৈ শিক্ষিত এই ডেকা দলটোৱে৷

কিবা এটা কৰিব লাগে? এইটো সিহঁতৰ অন্তৰৰ পৰা উজাৰি অহা চিন্তা৷ একো নকৰাকৈ থকা মানে অপচয় সিহঁতৰ শিক্ষা, সিহঁতৰ শক্তিৰ৷ তদুপৰি, সিহঁততকৈ তলৰ চাম ল’ৰা-ছোৱালীয়ে মাক-বাপেকক প্ৰশ্ন কৰিবলৈ ধৰিছে – পঢ়ি কি লাভ? পৰশুদা, নৰেনদাহঁতে পঢ়ি-শুনি কি ডালনো পাইছে? পৰশোৱে এম. এ পাছ কৰিও একো চাকৰি বাকৰি নাই৷

কথাটো মিছা নহয়৷ পৰশুৰ নিজকে বৰ অপদাৰ্থ যেন লাগে৷ সৰুৰে পৰা সি অলপ বেলেগ ধৰণেৰে ডাঙৰ হৈছে৷ মাক-বাপেকে তাক আবৰি ধৰি ডাঙৰ-দীঘল কৰিছে৷ মামীয়েক মাৰিয়াৰ স্কুলত ইংৰাজী পঢ়ি সি দোপতদোপে ইংৰাজী সাহিত্যৰে এম.এ হ’লগৈ৷ কিন্তু কি হ’ল? কেইটামান নম্বৰৰ বাবে নৰ্মছ নাপালে৷ কলেজৰ চাকৰিৰ বাবে দুৱাৰ বন্ধ হ’ল৷ অৱশ্যে পদও খালী নাই৷ সিহঁতৰ দুই একে ক’ৰবাত ফি’ড পে’ত কোনোবা কোনোবা কলেজত সোমাইছে৷ ইংৰাজী বিভাগত সিহঁতৰ দিনত চূড়ান্ত পৰীক্ষাত এজন বা দুজনে নৰ্মছ পায়৷ কাৰণ নম্বৰবোৰ পৰীক্ষক অধ্যাপকসকলে নিজৰ জেপৰ পৰা যায় বুলি ছাত্ৰক সৰহ নম্বৰ নিদিয়ে৷ এবাৰ দুজনমান ছাত্ৰই এই কথা মানি নলৈ আন্দোলন কৰিছিল, সেই বছৰৰ উত্তৰ বহীবোৰ পৰীক্ষা কৰিবৰ বাবে আন বিশ্ববিদ্যালয়লৈ পঠিয়ালে৷ সেইবাৰ সৰ্বকালৰ অভিলেখ ভঙ্গ কৰি চাৰিজনে প্ৰথম বিভাগ আৰু বিছজনে নৰ্মছ পালে৷ যিহওক প্ৰতি বছৰে আন্দোলন নহয়৷ আনফালে এঙাৰ ধুলেও বগা নহয়৷

ইউনিভাৰচিটি-ফেৰৎ বেকাৰ পৰশুৰ মনতো আশা-নিৰাশাৰ ধুমুহাই তোলপাৰ লগাই থাকিল৷ শ্বেইক্সপীয়েৰ, মিল্টন সেই ধুমুহাত প্ৰাণ লৈ পলাল৷ বীৰেন চাইকেল মিস্ত্ৰী হ’ল৷ জগত বাতৰি কাকতৰ হ’কাৰ হ’বলৈ গৈ সুদে-মূলে হেৰুৱাই ঘৰতে মূৰ সুমুৱাই বহি আছে৷ বিশ্বজিতে গেলামালৰ দোকান এখন তৰিছে৷ বাকী খাওঁতাৰ ভৰত সেইখনৰো কেল্‌টোপ কেল্‌টোপ অৱস্থা৷

“নাই এনেকৈ নহ’ব৷ আমি আৰু নিজক প্ৰতাৰণা কৰি লাভ নাই৷ ”

“কি কৰিবি? আমিতো ধনী ঘৰৰ বেটা নহয় যে আমালৈ কোনোবাই চাকৰিৰ ৰঙা দলিচা পাৰি থৈছে৷ চাকৰিটো দূৰৰ কথা কাম এটাও যদি পালোহেঁতেন৷ বুঢ়া দেউতাই আৰু কিমান টানিব? ”

উত্তৰবোৰ সহজ নহয়৷ জীৱনৰ বিদ্যালয়খনৰ প্ৰতিটো প্ৰশ্নই বৰ কঠিন৷ একোটা প্ৰশ্নৰ উত্তৰ দিওঁতে দিওঁতে জীৱনটোকেই কেতিয়াবা উছৰ্গাত দিব লগা হয়৷ কাম লাগে৷ এটা সুস্থ সবল সক্ষম মানুহ নিষ্কৰ্মা হৈ বহি থকাটো সমাজৰ কাৰণে বৰ ভয়ঙ্কৰ কথা৷ সিহঁতৰ পূৰ্ব পুৰুষে কাম কৰিছে৷ তেওঁলোকৰ নিজৰ শক্তি আৰু সম্ভাৱনাক কাম খটুৱাবলৈ পাইছে৷ নিজৰ যোগ্যতা অনুসৰি কাম কৰিবলৈ পোৱাটো বৰ সৌভাগ্যৰ কথা৷ সেই সৌভাগ্য সিহঁতৰ নাই৷

“আমি বাৰু গাই নথকাকৈ কৰিয়া লৈ খিৰাবলৈ গৈছো নেকি? ” – প্ৰসেনৰ প্ৰশ্ন৷

“এৰা, ক-টোৰ চুক কেইটা চিনি নোপোৱা মাক-বাপেকৰ ল’ৰা-ছোৱালী হৈ প্ৰফেছাৰ হ’বলৈ গ’লে কিটো হ’ব৷ আমি গাইও নহ’লোঁ, বলধো নহ’লোঁ, হেম্বা হ’লোঁ৷ ”

কথাবোৰ সিহঁতৰ মৰ্মভেদ কৰি ওলাই আহিছিল৷ এটা এটা কথাই দুখৰ এছাটি আন্ধাৰ, এটা হুমুনিয়াহ লৈ আহিছিল৷

“খেতি কৰোঁ আহ৷ ” পৰশুৰ প্ৰস্তাৱটোত উৎসাহ দেখুৱাৰ জোখাৰে এটাৰো মাত ওলাই নাহিল৷

খেতি কৰি লাভ কি? সিহঁত খেতিয়কৰে সন্তান৷ যুগে যুগে সিহঁতৰ পৰিয়ালবোৰে খেতি কৰি আহিছে৷ কিন্তু কি পাইছে? দুবেলা দুসাজ খাইছে৷ আকালো নাই ভঁৰালো নাই৷ খাইছে আৰু আছে৷ য’ত আছে তাৰ পৰা ওপৰলৈ যোৱাৰ কোনো আকাংক্ষা নাই৷ কিন্তু সিহঁতে নতুন যুগৰ শিক্ষাৰ পোহৰ পোৱা ডেকা৷ পৃথিৱীখন ইমান দূৰ আগবাঢ়ি গৈছে৷ অথচ খেতিয়কসকল সেইখন পৃথিৱীৰ পৰা বহু নিলগত স্ব›Ÿহীন খাৱৈ এটাত পৰি ৰৈছে৷ তাৰ পৰা উদ্ধাৰ পোৱাৰ কোনো পথ কোনেও সজা নাই৷ সমাজখনৰ, দেশখনৰ ঘাই খুটা কৃষকসকলেই চৰকাৰৰ সকলো বিভাগতে উপেক্ষিত৷ যাৰ যহত শাখা-সেন্দূৰ, তাকে পাতে ভেকোলা এন্দুৰ…

“চা, খেতিকেই কৰিম, অলপ বেলেগকৈ কৰিম৷ নতুন পদ্ধতিৰে কৰিম৷ ”

“ক’বলৈ ভাল, কৰিবলৈ বেয়া৷ তোৰ৷ ম শক্তি আছে৷ তই যিমান পাৰ দিবি৷ কিন্তু মাটি আৰু পুঁজি? ”

“সমবায় কৰিম৷ নতুন চাপৰিত মাটি ভাঙিম৷ আমাৰ বকুল চাপৰিত ইমান মাটি নাই৷ বছা গাঁৱৰ মাটি ভোগদৈৰ বানে নষ্ট কৰিছে৷ ”

পৰশুৱে কথাটো ঘৰত উলিয়াওঁতে বেণুৰ মুখৰ পৰা কোনো মাত নোলাল৷ পাহিতাই ক’লে, “ইয়ালৈকে ইমান পঢ়িলিনে? ”

দেউতাক বেণুৰ ক’বলৈ আছেনো কি? সি মাটিক ভাল পোৱা মানুহ৷ খেতিয়েই তাৰ জীৱন৷ নতুন চাপৰিত ন-পাম খুলিবলৈ গৈ তাৰ কামিহাড় কেবাডালো ভাগিল, ৰাজহাড়ত বিষ হ’ল৷ এতিয়ানো কি ক’ব তাৰ উত্তৰ পুৰুষক৷ সি বৰ ডাঙৰ কিবা এটা হৈ মাক-বাপেকক মূৰত তুলি থ’ব বুলি বেণুৱে কেতিয়াও ভবা নাই৷ কিন্তু সি আশা কৰিছিল তাৰ পুতেকে এদিন বৰষুণৰ দৰে মাটিক ভাল পাব৷ সি মেঘৰ সন্তান হ’ব৷ পাহিতাই ভাবিছিল সি ৰ’দৰ সন্তান হ’ব৷ সিহঁতৰ জীৱনটো ৰ’দ-ঘাই ফৰকাল কৰি তুলিব৷

পৰশুৱে মেঘ আৰু ৰ’দৰ সন্তান হিচাপে নিজকে দাঙি ধৰিবলৈ শপত ল’লে৷ দেউতাকৰ জীৱন জোৰা সপোন এটা সি পূৰা কৰিব পাৰিবনে?

*   *   *

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close