ৰমানন্দন বৰা
ষোল্ল
পাহিতাৰ ভাল হোৱাৰ দিন চমু চাপি আহিছে৷ বেণুৰ চিন্তাও সিমানে বাঢ়ি আহিছে৷ এটা নতুন জীৱন পৃথিৱীলৈ আহোঁতে যি যন্ত্ৰণা সেইটো নতুন কোমল জীৱটিয়ে সহিব পাৰিবনে, জন্মদাত্ৰী মাতৃয়ে সহিব পাৰিবনে? যদি কিবা অঘটন হয়? আশংকাত তাৰ মনটো আন্ধাৰ হয়৷
নাই নাই৷ ভয় কৰিব লগা একো নাই৷ যুগে যুগে পৃথিৱীলৈ এনেকৈয়ে মানুহ আহিছে৷ সকলো ভগৱানৰ বস্তু৷ তেৱেঁই ৰাখিব৷ সৃষ্টি ৰক্ষা কৰিব৷ সি মনক সান্ত্বনা দিয়ে৷ সাহস লয়৷
কিন্তু…
সি জনাতেই বহু কেইজনী পোৱতী মাকে চকু মুদিছে প্ৰসৱ যন্ত্ৰণাত৷ বহুত কেঁচুৱা মৃত হৈছে বা জন্মৰ পিছত মৰিছে৷ বৰা কম্পান্দাৰ কথাই সঁচা নেকি?
আমাক অনবৰত বীজাণুৱে আৱৰি আছে৷ বতাহত উৰি ফুৰিছে মানুহক মাৰিব পৰা এই অদৃশ্য শত্ৰুবোৰ৷ অলপ দুৰ্বল হ’লেই ইহঁতে আমাক আক্ৰমণ কৰিব পাৰে৷ কেঁচুৱাকতো কথাই নাই৷
জুইৰ আঙঠাই নেৰাখে৷ বগৰী জেঙেও নাৰাখে৷
কাঁচি, কটাৰী একোৱে এই বীজাণুবোৰক মাৰিব কাটিব নোৱাৰে৷ যদি জন্মতে মাকৰ গৰ্ভৰ পৰা ওলাই আহোঁতে কেঁচুৱাটোৰ কিবা অসুবিধা হয়? ধাই কাক মাতিব? বগী বাইক? নাই, তেনে এজনী মানুহৰ হাতত পাহিতা আৰু আহিব লগা সন্তানটো কেনেকৈ সুৰক্ষিত বুলি সি ভাবিব?
বহুত জল্পনা-কল্পনা চলিল৷ পাহিতাৰ লগতো, সোণ জেঠাইৰ লগতো৷
মেঘৰ পুতেকেই হওক বা ৰ’দৰ জীয়েকেই হওক৷ পাহিতাৰ জীৱনটো আচল কথা – বেণুৱে ভাৱে৷ সি মহেনৰ পৰামৰ্শ ল’লে৷ মনে মনে তাৰ ভয় আছিল৷ ডাক্টৰৰ হতুৱাই ঘৈণীয়েকক ভাল কৰোৱালে সমাজৰ বাকী মাইকী মানুহবোৰৰ মাজত বা কি বু-বু বা-বা হয় কোনে জানে? সোণ জেঠায়েও নিশ্চিতকৈ কোনো কথা কোৱা নাই৷ গতিকে মহেনৰ পৰামৰ্শই ঘাই৷
“কোনো চিন্তা কৰিব নালাগে৷ বৰা কম্পান্দাৰে এজনী নাৰ্চ লগত লৈ আহিব৷ ঘৰতে কামটো কৰিব পৰা হ’ব৷”
বৰা কম্পান্দাৰে ইতিমধ্যে কেবাবাৰো পাহিতাৰ ওজন লৈ গৈছে৷ কিবা কিবি ঔষধ-পাতিও খাবলৈ দি গৈছে৷ তাই খাইছেও৷ মহেনৰ কথাত এটা চিন্তাৰ ওৰ পৰিল বুলি বেণুৱে ভাৱিলে৷ এটা নতুন কাম কৰা হ’ব৷ গাঁওখনত প্ৰথম৷
** ** **
বেণুৰ নতুন ঘৰখনত এটা অভাৱ আঁতৰিল৷ মানুহৰ অভাৱটো৷ বছা গাঁৱৰ গৰুজাক চৰাবলৈ পাঁচটাকৈ গৰখীয়া ল’ৰা – ল’ৰা মানে ডেকা, বেণুৰ ঘৰত ঘৰুৱা আলহী৷ সিহঁতে নিজে ৰন্ধা-বঢ়া কৰি খায়৷ চ’ৰা ঘৰতে শোৱে৷ দিনটো গৰু চৰায়৷ গধূলি ঘৰখন মুখৰ কৰি ৰাখে৷ পাহিতাৰ ভাল লাগে৷ সিহঁতক ৰান্ধি-বাঢ়ি খুৱাবলৈ মন যায়৷ কিন্তু দেহাটোৰ বাবে নোৱাৰে৷ তদুপৰি সিহঁতৰ চৰু-কেৰাহী সৰু৷ সোণ জেঠাইৰ ঘৰৰ পৰা ভোজ ৰন্ধা টৌ-কেৰাহীও ব্যৱহাৰ কৰিবলৈ দিগদাৰ৷ হেন জানি, সিহঁতৰ ৰন্ধা-বঢ়া নিজা৷ কিন্তু ভঁৰাল আৰু বাৰী একেখন৷ বেণুৱে ৰাতিপুৱাই পথাৰলৈ ওলাই যায়৷ দুপৰীয়া ভাত সাজ তাইৰ সৈতে খায়৷ পিছবেলা তাইৰ লগতে কটায়৷ মেঘৰ পুতেক বেলিৰ জীয়েকৰ কথা পাতে৷ তাইক সুখত ৰাখিবলৈ যত্ন কৰে৷ গধূৰ বস্তু দাঙিবলৈ নিদিয়ে৷ পানী-দুনি সিয়েই যোগাৰ কৰি থৈ যায়৷ তাই প্ৰকৃততেই সুখত আছে৷ তথাপি মনত কেতিয়াবা দুখ এটাই ভূমুকি মাৰেহি৷ তাই আজি মাক হ’বলৈ ওলাইছে৷ এই সময়ছোৱাত যদি তাইক জন্ম দিয়া মাকজনী ওচৰত থাকিলেহেঁতেন৷ কিমান ভাল লাগিলহেঁতেন৷ তাইৰ বাবে সাহসৰ বন্তি হৈ যদি তাইৰ কাষত তাইৰ মাক থাকিলেহেঁতেন!
সেই আশ্ৰয়ৰে পৰা, সেই সাহসৰ উৎসৰ পৰা তাই আঁতৰি আহিছে৷ নিজেই আঁতৰি আহিছে৷ তাৰ বাবে কাকো দোষ দিব নোৱাৰে৷ তাই এতিয়া সুখত আছে৷ বেণু আনক সুখ দিব পৰা পুৰুষ৷ তথাপি…. আইৰ সমান হ’ব কোন? ভোগদৈৰ বানপানীৰ ফলত এইবাৰ বছা গাঁৱৰ মানুহখিনিৰ লগত সম্পৰ্কবোৰ আকৌ থানথিত লাগিছে৷ তাইৰ বৰদেউতাকেও বেণুক সহজভাৱেই লৈছে৷ তাইৰ মাক-দেউতাক, ককায়েকহঁতেও ল’বনে বাৰু! পাহিতাই ক্ষীণ আশা কৰে৷
** ** **
অৱশেষত বৰা কম্পাউণ্ডাৰ নিজৰ চাইকেলত আৰু মহেনৰ চাইকেলৰ কেৰিয়াৰত উঠি এগৰাকী নাৰ্চ আহিল৷ মাৰিয়া৷
সকলো কাম তেওঁলোকেই কৰিলে৷ বেণু আৰু সোণ জেঠাইৰ কাম হ’ল তেওঁলোকে কোৱা মতে পৰিষ্কাৰ পানী, চাবোন, গৰম পানী, পৰিষ্কাৰ কপাহী কাপোৰ আদি যতনাই থকা৷ চিন্তাৰ বাবেই নেকি জেঠাইৰ ওঁঠৰ পৰা চুৰট আঁতৰ হোৱা নাছিল সেইদিনা৷ বেণুৰ চিন্তাত মলিন মুখখন দেখিয়েই চাগে বৰা কম্পাউণ্ডাৰে ক’লে, “চিন্তা নকৰিবা, এতিয়া খানা গোটোৱা৷ ৰাতিৰ খানা দবল হ’ব লাগিব৷ ”
সকলো চিন্তাৰ ওৰ পেলাই সেইদিনাই আবেলি বেণু-পাহিতাৰ সন্তানে পৃথিৱীৰ মুখ দেখিলে৷ এটা ল’ৰা সন্তান৷ মেঘৰ ল’ৰা৷
এটা নতুন জীৱনৰ আৰম্ভণি৷
এটা পৰম্পৰাৰ ধাৰাবাহিকতা৷
কোমল গুলপীয়া এটা কণমানি মানুহৰ আকৃতি৷ মূৰ ভৰ্তি কিচ্কিচিয়া চুলি, হাত-ভৰিৰ জাং দীঘল, অকণ অকণ আঙুলি কেইটা দীঘল সজীয়া৷ এটা পুতলা যেন৷ তাৰ তেঞা তেঞা কান্দোনত কোঠাটোৰ বতাহখিনি মিঠা হৈ উঠিল, ৰঙীন হৈ উঠিল আৰু পৰিয়ালটোৰ আটাইৰে মুখত হাঁহিৰ ফাকু গুৰি সানি দিলে৷
কম্পাউণ্ডাৰ লগত অহা মাৰিয়া নামৰ নাৰ্চজনীৰ গুণ সকলোৱে ল’লে৷
বেণুৰ ঘৰখন মুখৰ হ’ল৷ ৰাতিলৈ বৰালি মাছৰ ভোজ হ’ল৷ বৰা কম্পাউণ্ডাৰ আৰু নাৰ্চ মাৰিয়াক পৰিয়ালৰ হৈ ফুলাম গামোচা আৰু তামোল-পাণেৰে শৰাই আগবঢ়াই মান ধৰা হ’ল৷ ৰাতি দুয়ো সোণ জেঠাইৰ ঘৰতে থকাৰ ব্যৱস্থা হ’ল৷
ভোজ খাই থাকোঁতে সিদ্ধান্ত হ’ল – মাৰিয়া দুদিন মান পাহিতাৰ চোৱা-চিতা কৰিবলৈ ইয়াতে থাকিব৷ কথা শুনি পাহিতাই যেন সৰগ ঢুকি পালে৷
“বাইদেউ, আপুনি আমাৰ লগত থাকিম বুলি শুনি বৰ ভাল লাগিছে৷” অকণমানিটোক পিয়াহ খুৱাব নজনা নতুন মাকজনীক সহায় কৰিবলৈ আহোঁতে নাৰ্চক তাই ক’লে৷
“ছাৰে কৈছে যেতিয়া থাকিব লাগিব৷ মই বেয়া নাপাওঁ৷ আপোনালোকে বা কেনেকুৱা পায়৷” সুন্দৰকৈ অসমীয়াতে কৈছে যদিও মাৰিয়াৰ মাতৰ গতটো সিহঁতৰ মানুহতকৈ অলপ বেলেগ৷
এই বগী ছোৱালীজনীক পাহিতাৰ বৰ ভাল লাগিল – তাইৰ বহু জনমৰ সখীয়েক যেন লাগিল৷
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
