Written by sdblogs2011 4:09 am Poems

ফেডেৰিক’ গাৰ্চিয়া লৰ্কাৰ তিনিটা কবিতা

অনুবাদ : ড° ৰঞ্জিত দত্ত

(১)

গীটাৰ

গীটাৰখনৰ কান্দোন আৰম্ভ হ’ল।

নিঃশেষ হ’ল পুৱাৰ পিয়লাবোৰ। 

গীটাৰখনৰ উচুপনি আৰম্ভ হ’ল

ইয়াক নিশ্চুপ কৰাটো অৰ্থহীন

ইয়াক নিশ্চুপ কৰাটো অসম্ভৱ

বৰফখণ্ডৰ ওপৰত মাথোঁ 

কান্দি আছে একেসুৰীয়াকৈ

যিদৰে উচুপি উঠে পানীয়ে,

উচুপে বতাহে।

ইয়াক নিশ্চুপ কৰাটো অসম্ভৱ।

দূৰৈৰ বস্তুৰ বাবে ই উচুপিছে।

আকুল হৈছে 

দক্ষিণৰ তপত বলুকাৰাশি

শুভ্ৰ কেমেলিয়া ফুলৰবোৰৰ বাবে।

লক্ষ্য নোহোৱাকৈয়ে কাঁড়পাটে উচুপিছে,

সন্ধিয়াই উচুপিছে পুৱাৰ অবিহনে

আৰু প্ৰথম মৃত চৰাইটোৱে উচুপি আছে ডালটোত।

হেৰা গীটাৰ!

হিয়াখনেতো মৃত্যুসম আঘাত পায়

পাঁচখন তৰোৱালৰ বাবে।

(২)

নৈসৰ্গিক দৃশ্যাৱলী

জলফাই গছেৰে পৰিপূৰ্ণ পথাৰখন

এখন বিচনীৰ  দৰেই

হালিছে জালিছে

জলফাই গছবোৰৰ ওপৰতে আছে

এখন মগ্ন আকাশ আৰু

শীতল পোহৰৰ অন্ধকাৰ বৰষুণ

কঁপি কঁপি জাহ গৈছে

ইকৰাবোৰ নদীৰ বুকুত।

লহৰ তুলিছে ধূসৰ বতাহজাকে

হো-হোৱনিৰে ভৰি পৰিছে চৌপাশ

এজাক বন্দী  পখীয়ে

এন্ধাৰতে সিঁহতৰ 

দীঘল নেজবোৰ জোকাৰিছে।

(৩)

প্ৰথম বাসনাৰ গাথা

সেউজীয়া  পুৱাটোতে

মই বিচাৰিছিলোঁ এখন হৃদয় হ’বলে।

এখন হৃদয়।

আৰু এটি গহীন আৱেলি

মই হ’ব বিচাৰিছিলোঁ এটি নাইটিঙ্গেল।

এটি নাইটঙ্গেল।

(আত্মা, 

পৰিৱৰ্তিত হ’ল সুমথিৰা ৰঙলৈ।

আত্মা,পৰিৱৰ্তিত হ’ল প্ৰেমৰ ৰঙলৈ।)

শুভ্ৰ পুৱাটোত

মই বিচাৰিছিলোঁ মই হ’বলৈ।

এখন হৃদয়।

আৰু গধূলিৰ শেষত

মই হ’ব বিচাৰিছিলোঁ মোৰ কণ্ঠস্বৰ

এজনী নাইটিঙ্গেল।

আত্মা, 

পৰিৱৰ্তিত হ’ল সুমথিৰা ৰঙলৈ।

আত্মা,

পৰিৱৰ্তত হ’ল প্ৰেমৰ ৰঙলৈ।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close