Written by sdblogs2011 12:32 pm Poems

ফুলনিখনত বেলি

ঋষভ নাথ

তেওঁৰ ফুলনি খামুচি উঠিছিল বেলি

হালধীয়া পাতবোৰ লৰি চৰি

ছাঁত বতাহ সৰিছিল

একেথৰে চাই

তেতিয়াই

তেওঁৰ নামত তুলিলোঁ এমুঠিকৈ মাটি

কচুপাতৰ পানীৰে চকু পখালি

আমি পাতিলোঁ এখন আকাশ

উৰি উৰি ঘূৰি বনগীতৰ দৰে

ৰিণি ৰিণি পালোঁহি এইখিনি

ইয়াতো আজি দেখোন ফুলনি

শব্দবোৰ ৰুলে ফুলে নিঃশব্দে

চেতনা বিন্ধি মৌ এজাক সুগন্ধি

ৰাতি বেলিৰ গুটিবোৰ সৰি পৰে

বিষণ্ণ বৰষুণৰ টোপালৰ দৰে

সৰি পৰে জামু পাপৰি উৰে

হঠাৎ গোট মৰা আন্ধাৰ

গলি পুনৰ ছাঁ হয়

উৎফুল্লিত হওঁ উচুপোঁ

চিৎকাৰ কৰি উঠোঁ মৌন হওঁ

আমি আমাক খোজকঢ়াই দৌৰাই নিওঁ

দেখা অদেখা ক্ষেত্ৰৰ কোনোবাখিনিলৈ

পাহাৰ মৰুভূমি নক্ষত্ৰ নৈ পাৰ হৈ

মুখ্য হৈ কেতিয়াবা গৌণ হৈ

আমি গতি হওঁ

ক্ষতি হওঁ

যতি হওঁ

তেওঁৰ ফুলনিত বেলিৰ শিপা

শিপাবোৰেই নিজৰা এটি

সী গৈছে শিল মাছ মাটি

ঘোঁৰা মেঘ আৰম্ভণি শেষ

বিষ্ণুমূৰ্তি হাতী দিন ৰাতি

          —

ঠিকনা : 

বাপুজীনগৰ, ৱাৰ্ড নং ১৬,

ডাকঘৰ আৰু জিলা  : গোৱালপাৰা- ৭৮৩১০১

ভ্ৰাম্যভাষ : ৯৮৫৯৯৭৬৬৪৩

Visited 2 times, 1 visit(s) today
Website |  + posts
Close