Written by sdblogs2011 7:43 am Poems

ফাগুন

 অৰুণ গগৈ

ফাগুন আহিল পলাশ ফুলিল

উৰিল বাটৰ ধূলি

গছৰ ডালত শালিকী চৰায়ে

মাৰিছে কিৰিলি। 

পছোৱা বলিল পাতো সৰিল

গছবোৰ লঠঙা হ’ল

নীলা আকাশৰ ক’লীয়া মেঘ

কেনিবা আঁতৰি গ’ল। 

শিমলু ফুলৰ ৰঙাকৈ ৰঙত

জিলিকিছে চৌপাশ

বনৰীয়া চৰাই উৰিছে বেগাই

নাই কোনো অৱকাশ। 

নদীৰ বালিত ৰ’দালিৰ খেলা

তিৰ্‌বিৰ্‌ জিলিকনি

হালিছে জালিছে ফাগুন বনত

বিৰিণা জাৰণি ৷

মইনাহঁতে মুকলি পথাৰত

উৰুৱাইছে চিলা

চেংদৈ আৰু চেংমনহঁতে

খেলি আছে ঘিলা।

ঠিকনা  :

গাঁও : মৰিয়নী নগাঁও

ডাক : নাগাজাংকা  

জিলা : যোৰহাট

ডাক সূচকাংক : ৭৮৫৬৩৪

               ফোন : ৯৭০৭৩৯০৫৪০

Visited 1 times, 1 visit(s) today
Website |  + posts
Close