Written by sdblogs2011 5:00 am Poems

ফটিকা খোৱা চকুলো

 অৰ্চনা ঠাকুৰীয়া

আকাশখন গোমা দেখিলেই মই  পাগল হওঁ

হৃদয়- শব্দৰ তৰংগবোৰে কৰুণ বীণ বজায়

ক্ষোভ আৰু হতাশাৰ অগনিয়ে দেই পুৰি মাৰে

আৰু খং -শিঙা বজাই বাৰীকোঁৱৰে

মোলৈ তীব্ৰ বাক্যবাণ নিক্ষেপ কৰে- ঘৃণাত …

ক্ৰমশঃ বিশ্বকৰ্মাই বন্ধা দালানটো হিৰ্ হিৰ্ কৈ খহি পৰে

দালান খহে

হৃদ্য় মৰে

ফটিকা খোৱা চকুলো মৰু হয়

আই তোৰ ভাগৰ লাগিছে

কাম কৰা হাত দুখন মোকেই দে

মই ৰোৱণী, দাৱনী আৰু ধুবুনী হ’ম

আই তোক জিৰণিৰ প্ৰয়োজন

আৰু মোক অৰ্থৰ

সহনকলাত মই এজন পাৰংগত সৈনিক

ল’ৰালিৰ পমা-গুটি ফুটোৱা দিনৰ পৰা আজিলৈ সহিয়েই আছোঁ

সেয়েহে

মই পানী

পানীয়ে মানুহক নিজৰ আওতালৈ আনক

আৰু মানুহে মানৱতাক

এতিয়া মই এটি অনুজ্জ্বল দুপৰীয়া

পৃথিৱীখনো  বৰণহীন

আৰু তুমি

ভিজা খৰিৰ জুই

Visited 3 times, 1 visit(s) today
Website |  + posts
Close