Written by sdblogs2011 3:40 am Articles

ফট’গ্ৰাফ

মূল: ৰাস্কিন বণ্ড
অনুবাদ: স্ৰোতস্বিনী তামুলী
অংকন: বৰ্ণিল মহন্ত

মই তেতিয়া দহ বছৰীয়া আছিলোঁ। মোৰ আইতা এদিন আম গছজোপাৰ তলৰ সৰু বিছনাখনতে বহি আছিল। সেয়া আছিল গৰমকালিৰ শেষভাগৰ সময়— সূৰ্যমুখী ফুলবোৰ বাগিচাত ফুলি আছিল আৰু চৌপাশে গৰম গৰম বতাহ বলিছিল। আইতাই জাৰৰ দিনত ঊণৰ চাদৰ এখন গাত মেৰিয়াই লৈছিল। তেওঁৰ যথেষ্ট বয়স হৈছিল আৰু তেওঁ সদায়েই বগা কাপোৰ পিন্ধিছিল। তেওঁৰ দৃষ্টিশক্তি দিনক দিনে কমি আহিছিল। কিন্তু চিলাই কৰি থাকোঁতে তেওঁৰ আঙুলিবোৰ খৰকৈ চলিছিল। তেওঁৰ আটাইখিনি চুলিয়েই পকিছিল আৰু চালখনো শোঁতোৰা পৰিছিল।

 মই স্কুলৰ হোষ্টেলৰ পৰা গৰমৰ বন্ধত ডেহৰাত আছোঁহি। এতিয়া মই ক্ৰিকেট খেলি আহি ঘৰ পাইছোঁহি। খোৱা-বোৱাৰ পাছত বিচাৰ-খোঁচাৰ কৰি মই এটা বাকচ উদ্ধাৰ কৰিলোঁ। বাকচটো বহু পুৰণি কিতাপ আৰু আচবাব-পত্ৰৰে ভৰি আছিল। তাৰে ভিতৰত ৰঙীন ছবিৰে ভৰা কিতাপ এখনে মোৰ মনটো টানি নিলে। আগ্ৰহেৰে চৰাই আৰু পখিলাৰ ছবিবোৰ চাই গৈ থাকোঁতে এখন সৰু ফট’গ্ৰাফ মই বিচাৰি পালোঁ কিতাপখনৰ মাজত। ফটোখনৰ ৰং উৱলি গৈ হালধীয়া তৰপ এটা বহিছে। ফট’খনত এজনী ছোৱালী আৰু তাইৰ পিঠিৰ ফালে এখন দেৱাল আৰু দেৱালখনৰ সিপাৰে নীলা আকাশখন, দেৱালখনৰ পিছফালে দুখন হাত ওলাই আছে, ছোৱালীজনীৰ কাষত ফুলবোৰ ধুনীয়াকৈ ফুলি আছে। কিন্তু ফুলবোৰৰ বৰ্ণনা মই কৰিব নোৱাৰিম এতিয়া।

  মই দৌৰি-দৌৰি গৈ আইতাৰ কাষ পালোঁগৈ— “আইতা! আইতা! এইখন চোৱা, মই পুৰণি বাকচটোত পালোঁ। এই ছোৱালীজনী কোন?”

 মই জাঁপ মাৰি তেওঁ বহি থকা বিছনাখনতে বহিলোঁ৷ তেওঁ মোৰ কান্ধত চপৰিয়াই ক’লে— “মই চিলাইবোৰ পাহৰি যাবলৈ ধৰিছোঁ৷ মই অহাবাৰলৈ তোমাক সম্পূৰ্ণ চাদৰ এখন তৈয়াৰ কৰিবলৈ শিকাম৷

আইতাই মোক প্ৰায়ে চিলাই কৰিবলৈ শিকাব খুজিছিল। কিন্তু এই কামটো কৰিবলৈ এজন ল’ৰা হিচাপে স্বাভাৱিকতে মোৰ মন যোৱা নাছিল। কিন্তু এই কামটোৰ দ্বাৰা আইতাই মই কৰি থকা অনিষ্টকাৰী কামবোৰত প্ৰতিবন্ধকতা আনিব বিচাৰিছিল। এবাৰ মই শুৱনি-কোঠাৰ পৰ্দা এখন ফালিছিলোঁ। আইতাই মোৰ হাতত এটা বেজী আৰু সূতা তুলি দিছিল পৰ্দাখন চিলাবলৈ।

এতিয়া তেওঁ ফট’খন মোৰ হাতৰ পৰা ল’লে আৰু আমি দুয়ো এপলক নীৰৱে ফট’খনলৈ চাই ৰ’লোঁ৷ এজনী ছোৱালী— দীঘল বৈ পৰা চুলি, এটা দীঘল ফ্ৰক্, যিটোৱে তাইক ডিঙিলৈকে আৱৰি ৰাখিছে আৰু তাইৰ হাতত কেইবাযোৰ খাৰু। আচৰিত কথাটো হ’ল ইমানখিনি আৱৰণৰে ঢাকি থোৱাৰ পাছতো ছোৱালীজনীক বেচ স্ফূৰ্তিবাজ আৰু স্বাধীনমনা যেন দেখা গৈছে। এটা ধুনীয়া হাঁহিৰ সৈতে হাত দুখনেৰে কঁকালত ধৰি তাই ৰৈ আছে।

“কাৰ ফট’ এইখন?”—  মই সুধিলোঁ।

“অৱশ্যেই এজনী সৰু ছোৱালীৰ৷”— আইতাই ক’লে— “তুমি ক’ব পৰা নাইনে?”

“হয়। কিন্তু তুমি এই ছোৱালীজনীক চিনি পোৱানে?”

“হয়। মই জানো তাইক।”— আইতাই ক’লে। “কিন্তু তাই এজনী বৰ ছোৱালী। সেয়ে তাইৰ বিষয়ে মই তোমাক নকওঁ। মই মাত্ৰ ফট’খনৰ বিষয়েহে ক’ব বিচাৰিছোঁ। এই ফট’খন ষাঠি বছৰৰ আগেয়ে এই দেৱালখনৰ সমুখত তোলা হৈছিল।”

“এই হাত দুখন কাৰ?”— মই সুধিলোঁ৷

 আইতাই ফট’খন চকুৰ ওচৰলৈ নি মন দি চালে আৰু অলপ আচৰিত হৈ ক’লে— “মই আজিহে মন কৰিলোঁ। হাত দুখন কোনোবা বন কৰা ল’ৰাৰ হ’ব পাৰে, নাইবা তোমাৰ ককাৰ হ’ব পাৰে!”

 “কিন্তু হাত দুখন ককাৰ দৰে লগা নাই। তেওঁৰ হাতখন হাড়ে-ছালে লগা আছিল।”— মই ক’লোঁ৷

 “হয়। কিন্তু এইখন ষাঠি বছৰ আগৰ ফট’।”

 “তেওঁ ফট’খন তোলাৰ পাছত দেৱালখন বগাই আহিছিল নেকি?”

 “নাই কোনো অহা নাছিল, আহিছিল যদিও মোৰ মনত নাই।”

 “তুমি মনত ৰখাত ভাল, আইতা৷”

“হয়। মোৰ মনত পৰিছে… মোৰ মনত পৰিছে যে কি নাই এই ফট’খনত। সেইটো আছিল বসন্ত কালৰ কোনোবা এটা দিন। ছোৱালীজনীৰ ভৰিৰ কাষত নাৰ্জী ফুল আৰু বেঙুনীয়া ব’গেনভেলীয়াবোৰ ফুলি আছিল। ফট’খনত ৰংবোৰ তোমাৰ চকুত নপৰিব। এতিয়া তুমি সেই ফুলবোৰৰ সুঘ্ৰাণ পাবলৈ আৰু বতাহবোৰ অনুভৱ কৰিব নোৱাৰিবা।”

“আৰু ছোৱালীজনীৰ বিষয়ে কোৱাচোন।”

“তাই এজনী মহা দুষ্ট ছোৱালী। তুমি নাজানা এই ধুনীয়া চোলাটো পিন্ধাওঁতে কিমান কষ্ট আৰু অসুবিধা হৈছিল!”

“মই ভাবোঁ এইটো এটা ভয়লগা চোলা”— মই ক’লোঁ।

“তাই প্ৰায়ে বদমাছ ল’ৰাবোৰৰ লগত লেতেৰা পুখুৰী এটাত সাঁতুৰিবলৈ গৈছিল আৰু সিহঁতৰ পিঠিত উঠি মনত বৰ ৰং পাইছিল। কোনেও তাইক ধেমালিতেও মৰা নাছিল, কাৰণ তেনে কৰিলে ‌তাই সিঁহতৰ চুলিত ধৰি গোৰ মাৰি দিছিল।”

“তাইক দেখাত তেনেকুৱাই লাগিছে। তাইৰ হাঁহিটো দেখি এনেকুৱা লাগিছে যেন কিবা এটা হ’বলৈ গৈ আছে!”

“কিবা এটা হৈছিল। তাইৰ মাকে তাইৰ চোলাটো খুলি নিদিলে ফট’খন তোলাৰ পাছত। সেয়ে তাই সেই বোকাময় পুখুৰীটোলৈ সেই চোলাটো পিন্ধিয়েই সাঁতুৰিবলৈ গুচি গ’ল।”

মই ডাঙৰকৈ হাঁহি দিলোঁ আৰু আইতাই মোৰ লগতে যোগ দিলে।

“ছোৱালীজনী কোন? মোক ক’বই লাগিব তুমি।”

“নাই। নকওঁ।”— আইতাই ক’লে।

 মই নজনাৰ একো নজনাৰ দৰেই ৰৈ থাকিলোঁ। অথচ মই মন কৰিছিলোঁ যে তেওঁ ফট’খনৰ ছোৱালীজনীৰ দৰেই হাঁহি আছিল যদিও তেওঁৰ এতিয়ালৈ কেইবাটাও দাঁত সৰি গৈছিল।

“কোৱাচোন আইতা কোৱা মোক৷”

কিন্তু আইতাই একো উত্তৰ নিদি আপোন মনেৰে চিলাই যাবলৈ ধৰিলে। মই ফট’খন হাতত লৈ ফট’খনৰ ছোৱালীজনী আৰু আইতাৰ মাজত কি  কি মিল আছে বিচাৰিবলৈ  ধৰিলোঁ।

“মই জানিব বিচাৰোঁ এই হাত দুখন কাৰ আছিল”— সৰু সৰুকৈ ক’লে আইতাই নিজকে নিজে কোৱাৰ ধৰণে। জহকালিৰ সেই নীৰৱ আবেলিটোৰ নিস্তব্ধতাখিনি ভাঙি খচ্-খচ্ শব্দ কৰি বেজীটো চলি গৈছিল।ঠিকনা:এইচ. পি. বি. গাৰ্লছ কলেজ, গোলাঘাটভ্ৰাম্যভাষ: ৬০০৩৩৫৩১৮৯

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 2 times, 1 visit(s) today
Website |  + posts
Close