Written by sdblogs2011 6:00 am Poems

প্ৰেম

ময়ূৰী কাকতি 

প্ৰেম সৰল

মাতৃৰ মমতাত বাঢ়ি অহা ভ্ৰূণটোৰ দৰে

নিষ্পাপ কেচুৱাটিৰ দৰে 

যি স্পৰ্শৰ উত্তাপত ঠন ধৰে,

কলকলাই ওমলে

আৰু মৰমৰ প্ৰতিদান দিয়ে 

প্ৰেম সপোন এটিৰ স্বতস্ফূর্ত গুঞ্জন …

অহৰহ বৈ থকা এটি ৰাগ..

আঙুলিত ধৰি ধৰি খোজকঢ়া সময় ,

নহলে বেসুৰা,বিৰাগ …

সুৰবোৰ একোটা কঠিনতম কছৰৎ

বৰষুণ পাই লহপহকৈ বাঢ়ি অহা  শ্যামল ঘাঁহনি 

প্ৰেম সুখ 

দুখত আশ্বাসৰ আলিংগন  

প্ৰেম কেৱল প্ৰেম

কবিতা বা 

আন একো নহয় 

ফোন  : ৬০০৩৮০০৪৭৭

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 5 times, 1 visit(s) today
Website |  + posts
Close