Written by sdblogs2011 4:27 am Poems

প্ৰান্তত

বৰ্ণালী বৰা

এঙাৰ গিলা আকাশখনে কিছুমান কাহিনী পুহি ৰাখে

জুই ভালপোৱা মানুহবোৰে কাহিনীৰ আঁত বিচাৰি ফুৰোঁতে নিজেই একোটা কাহিনীৰ জুমুঠি হৈ পৰে

কাহিনীবোৰ বতাহত উৰে

কাহিনীবোৰ চোলাৰ জেপত নাচে

আঙুলিৰ মূৰত নিমখৰ দাম গণি সেয়া কোন আহে আৰু যায়

শতিকাজোৰা যাত্ৰা

এবোজা ভৰি

ভৰিত শিকলি

নক’বা

নাচাবা

নাভাবিবা

কাহিনীৰো থাকে নিজা ইতিহাস

চুই চোৱাৰ, উৰি যোৱাৰ, মোহাৰি পেলোৱাৰ

কাহিনীৰ পম খেদি খেদি কাহিনীকেই হেৰুৱালোঁ

জীৱনৰ গান গাই জীৱনকেই পুতি থলোঁ

এতিয়া ক’ত ঢাকি থওঁ ঘোপমৰা কলিজা

ক’ত সামৰোঁ আঁজুৰি নিয়া দেহৰ আধাপোৰা চামৰা

ক’ত !  

ঠিকনা : 

গৱেষক, অসমীয়া বিভাগ 

ডিব্ৰুগড় বিশ্ববিদ্যালয় 

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close