Written by sdblogs2011 4:03 am Poems

প্ৰাচেত

(প্ৰচেতসো অহম্ –উত্তৰকাণ্ড-৯৬/১৯)

গায়ত্ৰী দেৱী বৰঠাকুৰ
শতিকাৰো বহু শতিকাৰে পৰাকবি এজনঅভিমানত আছে
ভিতৰ -ভিতৰিপ্ৰচণ্ড ধুমুহাৰৰু ৰুৱনি
প্ৰেমতওহোঁ মুঠেই নহয়
আপোনাৰ মনত প্ৰশ্ন জাগিছেপৰিচয়ৰ হকেওঅভিমান কৰিব পৰাকবি এজন হ’লেও তাৰমানে আছেকোন হ’ব পাৰে?
এয়া আপুনি মনত পেলাইছেকবিসকলৰ চেহেৰাআপুনি সেইবিখ্যাত ৰজাজনৰ দৰে হৈ পৰিছেউদ্যতএই মুহূৰ্ততে যেন আঁজুৰি আনিব আচল ভানুমতীক
লেঠাটো তাতেইআপোনাক সকলো তত্ক্ষণাতেই লাগে
বৰ বেয়া স্বভাৱ জানেনে
ধৈৰ্য কৰককবি নিজেই আহি ধৰা দিবহিওলাবহি হঠাতে
আপুনি‘মা নিষাদ…’-ৰ এই বিখ্যাত শ্লোকটো অৰ্থৰ সতে এবাৰলৈও বাৰু পঢ়িছেনেনে আনৰ পৰা শুনিমনত ৰাখিছে
বেচেৰা চাকৈ-চকোৱাহালৰকি যে কৰুণ দৃশ্য নহয়নে!
অঃ!আপোনাৰচোন চকুলো নিগৰিলেই
ৰ’ব।কবি এতিয়াও আলোচনাতে আছেপৰিচয় পত্ৰ প্ৰদান কৰা কাৰ্যালয়টোৰ সোঁফালেএন্ধাৰ এচকুতসময়ৰ সতে কবি আলোচনাত মিলিত হৈছে
অথচ এদিন এই সময়ৰ বাবেই কি কি কৰা নাছিল কবিয়ে আনকি বন্ধকত থৈছিল নিজকে
সেয়া অতীত
হ’ল বুলিয়েই কিমাননো আৰু ককৰ্থনা শুনিব কবিয়েকাৰ-কাৰ আগত যে মুখ ঢাকিব নালাগে কবিয়ে
বাকীবোৰ কথা বাৰু নকৱেঁইসৌ সিদিনাকণমানি শিশুটিৰ সতে চিনাকী পৰ্বতকবি বাৰু কমখন লাজত পৰিছিল নেকবিৰ হৈ মই মাত মাতিবলৈ লৈছিলোঁৱেইকবিয়ে ইঙ্গিত দিলে
ঢাল-তৰোৱাল কবিক একোকে নালাগেলাগে মাথোঁ পৰিচয়ৰ আধাৰ কাৰ্ড
মই কবিৰ প্ৰেমত
শতিকাৰ পাছত শতিকা এন্ধাৰতে থকাটো বাৰু ইমান সহজ নে?
সকলো কবিৰ দৰে
কবিৰো ভোক লাগিছিলভোকৰ বাবেইতো কবি বাধ্য হৈছিলকবিতা লিখিবলৈ
জীৱনৰ কবিতাচাউল-দাইল-আলু-হালধিআৰু অকণমান নিমখসংসাৰতচেনিৰ অভাৱপেৰা গুৰ অকণো নাই কবিৰ কুটীৰৰ আখলত
শৰ্কৰাৰ দুষ্প্ৰাপ্যতাৰ বাবেইকবিয়ে অকলেই বহন কৰিছেকৰিব লগীয়া হৈছেগ্লানিৰ বোজা
তেতিয়া ভৰ দুপৰীয়া
কবিয়ে মূৰ পাতি ল’লেসকলো অপযশঅৱশ্যে কবিৰ স্বাৰ্থ আছিল আছিল তাতকবিৰ অন্তৰত অনবৰত যে প্ৰজ্বলিত হৈ আছিল পৱিত্ৰ গাৰ্হপত্য অগ্নিকবিৰ দুখৰো আৰম্ভণি হয়তো তাতেই
কথা এটা শুনি আপুনি শুনি আচৰিত হ’বজানেনেজানি বুজি গোপন কৰা হৈছেকবিৰ প্ৰকৃত পৰিচয়কবৰ দিয়া হৈছে কবিৰ গৌৰৱময় ইতিহাসককিন্তুআপুনিয়েই কওকচোনসূৰ্যক জানো ঢাকি ৰাখিব পাৰি
জানিব পাৰিছোঁকবি হেনো দেউতাক প্ৰচেতাৰদশমজন সন্তান
কোনে ক’লেকবিয়ে নিজেইআপুনি আচৰিতকোন আকৌ প্ৰচেতা মাজত আহি ওলালহিশুনককবিৰ মিছা কোৱাৰ স্বভাৱ একেবাৰেই নাই”ন স্মৰামি অনৃত্যম্…”
অ’ প্ৰচেতাক লৈ বেছি মূৰ নুঘূমাব
এইমাত্ৰ মনু আহিআপোনাক কোৱা শুনিলোঁকবি হেনো নাৰদ-ভৃগু-বশিষ্ঠৰসমগোত্ৰীয়ব্ৰত খাটেপূৰা এঘাৰ দিনৰ
অথচ কবিক আমি সকলোৱেই চিনি পাওঁএক অন্য ৰূপত
চাওক এয়া কি অন্যায় নহয়যি কবিয়ে আজি ইমান দিনে প্ৰতিষ্ঠা কৰিব পৰা নাই নিজ পৰিচয়কেসেইজন জানোদস্যুৰ দৰেআনৰ সম্পত্তি আঁজুৰিনিজৰ কৰিব পাৰেআপোনাৰ-মোৰ দৰে
এয়া আন একো নহয়মনে সজা কথাআপোনাৰ-মোৰপূৰ্বপুৰুষৰ
আৰু আমি যুক্তিহীন দুৰ্বল
সাৰ পায়ো শুই থাকোঁএলাহত
অ’ কবি আহিছে
এজোলোকা উৰুলিদুৰ্লভ হ’লেও দিয়েই দিয়ক
কবিক তপতে-তপতে উষ্ম আদৰণি জনাওককি ঠিক আপোনাকো কিজানিঅমৰ কৰে কবিয়েবাকীকবিৰ কদৰ কিমান কৰে সেইটো আপোনাৰ হৃদয়ে ভালকৈয়ে জানে
আপুনি আৰু উত্কণ্ঠাত থাকিব নালাগেউঁহহাফলু আঁতৰাইকবিয়ে ইতিমধ্যে সাজু কৰিছেপৰিচয় পত্ৰউইথ এ ষ্টাম্প্সাক্ষীআদিকাব্যকাগজে -কলমে
কবি প্ৰাচেতঃ
প্ৰচেতাবৰুণ
কবি বৰুণৰদশমঃ পুত্ৰঃ

 অ’ কবিক বাৰু আপুনি চিনি পালেনেআপোনাকচোন  কথাটোএবাৰো সোধাই নহ’ল
আপুনি জিনিয়াছকাক, ক’ত, কেনেকৈ, কিয়বহুৱাই ৰাখিব লাগে আপুনি ভালকৈয়ে জানে
অ’ কবি আহিছেআপোনাৰ সতে হেনো কবিৰ আজি এটি সাক্ষাত্কাৰ আছে ……..

ঠিকনা :

তেজপুৰ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close