Written by sdblogs2011 11:45 am Articles

প্ৰসংগ : অনুবাদৰ সমস্যা আৰু সম্ভাৱনা

 ড° বিৰিঞ্চি কুমাৰ দাস

অনুবাদৰ বিষয়ে কিবা লিখিবলৈ গৈ প্ৰথমেই এটা ঘটনা মোৰ মনলৈ আহিছে। বহু বছৰ আগতে এজন ছাত্ৰই গেব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেজৰ এটা গল্প অসমীয়ালৈ অনুবাদ কৰি তেওঁ পঢ়া মহাবিদ্যালয়খনৰ আলোচনীত দিলে। দিয়াৰ আগতে মোক তেওঁ অনুবাদ গল্পটো এবাৰ চাবলৈ দিছিল। মই তেওঁৰপৰা মূল গল্পটোও (ইংৰাজী অনুবাদত) লৈছিলোঁ য’ৰপৰা তেওঁ গল্পটো অসমীয়ালৈ অনুবাদ কৰিছিল। মই পঢ়ি দেখিলোঁ যে অলপ ভাষাৰ জড়তা আছে যদিও এই জটিল গল্পটোৰ অসমীয়া অনুবাদে প্ৰায় সঠিক দিশতেই বাট বুলিছে। মাৰ্কেজৰ গল্পটোক ইংৰাজী অনুবাদৰপৰা সেই কম বয়সীয়া ল’ৰাজনে অসমীয়ালৈ ভাঙনি কৰাটো সেই সময়ত মোৰ দৃষ্টিত এক সাহসিক কাৰ্যই আছিল। পাছত জানিব পাৰিলোঁ যে মহাবিদ্যালয়খনৰ যিগৰাকী শিক্ষক তথা বিশিষ্ট লেখক আলোচনীখনৰ তত্ত্বাৱধায়ক হিচাপে আছিল, তেওঁ পোনছাটেই গল্পটো নাকচ কৰিছিল এই কথাটো কৈ যে অনুবাদ কোনো সৃষ্টিশীল কৰ্ম নহয়, অনুবাদ কৰ্মত ছাত্ৰ এগৰাকীৰ সাহিত্য প্ৰতিভা প্ৰমাণ নহয়। গতিকে মহাবিদ্যালয়ৰ আলোচনীখনত অনুবাদ লেখা প্ৰকাশ কৰাৰ প্ৰশ্নই নুঠে। সেই আলোচনীখনত গল্পটো প্ৰকাশ হোৱাহ’লে আৰু ল’ৰাজনক তেওঁৰ ভুল-ভ্ৰান্তিখিনি দেখুৱাই দিবলৈ সেই গল্পটো কোনোবা জনা-বুজা মানুহৰ (হয়তো তেওঁৰ মহাবিদ্যালয়ৰে শিক্ষকৰ) চকুত পৰাহ’লে, কি ঠিক, কিজানি আমি এতিয়া এজন ভাল অনুবাদকেই পালোহেঁতেন।

অনুবাদৰ প্ৰতি বহু বিশিষ্ট লোকৰে মনত থকা এনে ধৰণৰ বিৰূপ দৃষ্টিভঙ্গী অসমীয়া সাহিত্যত কোনো নতুন কথা নহয়। উদাহৰণস্বৰূপে ক’ব পাৰি যে ১৯১৯ চনত হোৱা অসম সাহিত্য সভাৰ বৰপেটা অধিৱেশনত সভাপতি কালিৰাম মেধিয়ে তেওঁৰ অভিভাষণত অসমীয়া লেখকসকলক যিমান পাৰে অনুবাদ বৰ্জন কৰাৰ পৰামৰ্শ দিছিল। মেধি ডাঙৰীয়াৰ অনুবাদ-বিৰোধী এই বক্তব্যৰ প্ৰসংগতে সমসাময়িক, কিছু নিশকতীয়া অসমীয়া সাহিত্যৰ বাবে অনুবাদৰ প্ৰয়োজনীয়তা প্ৰতিষ্ঠা কৰিবলৈ ১৯২০ চনত কৃষ্ণকান্ত সন্দিকৈয়ে ‘চেতনা’ আলোচনীৰ দুটা সংখ্যাত ‘অনুবাদৰ কথা’ শীৰ্ষক এটা প্ৰবন্ধ ৰচনা কৰি অনুবাদৰ বাবে অসমীয়া লেখকক উৎসাহিত কৰাৰ প্ৰক্ৰিয়াৰ সূচনা কৰিছিল। সেই প্ৰবন্ধৰপৰাই জানিব পাৰিছিলোঁ যে ওঠৰ শতিকাৰ ৰাছিয়াৰ সম্ৰাজ্ঞী কেথেৰীন দ্য গ্ৰে’টে  ৰাছিয়ান সাহিত্যক মুমূৰ্ষু অৱস্থাৰপৰা উদ্ধাৰ কৰিবৰ বাবে অনুবাদৰ প্ৰয়োজনীয়তা উপলদ্ধি কৰি দেশ-বিদেশৰ সাহিত্যৰ ৰাছিয়ান ভাষালৈ অনুবাদ কৰিবৰ বাবে বহু অনুবাদকক দায়িত্ব দিছিল। পূৰ্বতে সম্ৰাট পিটাৰ দ্য গ্ৰে’টেও অনুবাদ সম্পর্কে একে পথকেই লৈছিল। এই কাৰ্যই সমসাময়িক ৰাছিয়ান সাহিত্যৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল বুলি ক’ব পাৰি। এইখিনিতে মই সংযোজন কৰিব বিচাৰোঁ যে  ১৭৮৮ চনত ‘ভগৱদ্গীতা’খন ৰাছিয়ান ভাষালৈ (ইংৰাজী অনুবাদৰপৰা) অনুদিত হোৱাৰ ঘটনাটো ঘটিছিল সম্ৰাজ্ঞী কেথেৰীন দ্য গ্ৰে’টৰ পৃষ্ঠপোষকতাতে, যিটো ঘটনা আছিল ৰাছিয়া আৰু ভাৰতৰ মাজৰ সাংস্কৃতিক বিনিময়ৰ শুভ আৰম্ভণিৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।

অনুবাদৰ প্ৰতি বিৰূপ মনোভাব পোষণ কৰা আৰু অনুবাদ কাৰ্যক সৃজনশীল প্ৰতিভাৰপৰা বিচ্ছিন্ন কৰি চোৱাৰ মনোভাৱ এতিয়াও বহু অসমীয়া লোকৰে আছে। কিছুমানে ভাবে যে অনুবাদ হৈছে এনে এটা কৰ্ম যাৰ জৰিয়তে ব্যিক্তগতভাৱে মৌলিক সৃষ্টিত অপাৰগ এগৰাকী লেখকে আন এগৰাকী লেখকৰ সৃষ্টিশীল কৰ্মৰ ওপৰত নিজা সৃষ্টিশীলতা (বা সৃষ্টিশীলতাৰ অভাৱ) আৰোপ কৰিবলৈ যায় আৰু ইয়াৰ জৰিয়তে মূল পাঠটোক নিজৰ খেয়াল-খুচিমতে এনেদৰে বিকৃত কৰি পেলায় যে মূল পাঠ আৰু অনুদিত পাঠৰ মাজত এক অনতিক্ৰম্য দূৰত্ব আহি পৰে। অনুবাদকৰ বিৰুদ্ধে এই অভিযোগ বিশেষকৈ কবিতাৰ ক্ষেত্ৰত অধিক দেখা যায়, কাৰণ অনুবাদ সম্পৰ্কে বিৰূপ মনোভাবাপন্নসকলে কবিতাৰ অনুবাদ অসম্ভৱ বুলিয়েই ধৰি লয়। সেয়ে আজিকালি ‘অনুবাদ’ (translation) শব্দটোৰ ঠাইত ‘অনুসৃষ্টি’ (transcreation) শব্দটো ব্যৱহাৰ কৰিবলৈকে বহু লোকে পচন্দ কৰে; অৱশ্যে অনেক সময়ত ‘অনুসৃষ্টি’ শব্দটো অনুবাদকৰ বিৰুদ্ধে অভিযোগ-সূচক শব্দ  হিচাপে ব্যৱহৃত হোৱাহে দেখা যায়। এগৰাকী বিশিষ্ট লেখকে  অনুবাদ প্ৰসংগত বক্ৰোক্তি কৰি এবাৰ এনে মন্তব্য কৰাটো মোৰ কাণত এতিয়াও বাজি আছে যে অনুবাদবোৰ translation নহৈ transcreation হে হৈ যায় । তেওঁৰ দৃষ্টিত এয়া এক অনুচিত কথা।

অনুবাদ কৰ্মক অসম্ভৱ বুলি ক’ব খোজাসকলে তেওঁলোকৰ বক্তব্যৰ সমৰ্থনত ক’ব খোজে যে একোটা ভাষাৰ কিছু স্বকীয় বৈশিষ্ট্য থাকে, যিবোৰ আন এটা ভাষালৈ নিয়াটো সম্ভৱ নহয়। তেওঁলোকৰ এই যুক্তিক সম্পূর্ণ উৰাই দিব নোৱাৰি । প্ৰত্যেক ভাষাৰে নিজস্ব কিছু কালিকা থাকে, শব্দবোৰৰ দীঘলীয়া সাংস্কৃতিক ইতিহাস থাকে, ব্যাকৰণৰ কিছু নিয়ম থাকে, যিবোৰ আন এটা ভাষাত পোৱা নাযায়। শব্দৰ ক্ষেত্ৰতেই দেখা যায় যে প্ৰত্যেক ভাষাতে স্থানীয় বৈশিষ্ট্যপূর্ণ কিছুমান শব্দ থাকে, যিবোৰৰ সৈতে অৰ্থগত মিল থকা শব্দ অন্য এটা ভাষাত বিচাৰি নাপাবও পাৰোঁ। সাধাৰণতে যিহেতু এটা ভাষাই কিছুমান বস্তু বুজাবলৈ যিবোৰ শব্দ ব্যৱহাৰ কৰে সেইবোৰ আন এটা ভাষাই একেবোৰ বস্তু বুজাবলৈ ব্যৱহাৰ কৰা শব্দবোৰতকৈ বেলেগ হয়, ফলস্বৰূপে একেবোৰ বস্তুৱেই বেলেগ বেলেগ ভাষাত বেলেগ বেলেগ ৰূপত প্ৰকট হয়। ফলত এটা ভাষা কোৱা মানুহৰ ধাৰণাৰ পৃথিৱীখন আন এটা ভাষা কোৱা মানুহৰ ধাৰণাৰ পৃথিৱীখনতকৈ বেলেগ হয়, আৰু ইখন পৃথিৱীৰ সৈতে আনখন পৃথিৱীৰ যোগাযোগ সম্ভৱ হৈ নুঠে।

এই কথাটোকে ব্যাখ্যা কৰিবলৈ ট্ৰেণ্ট শ্লেটাৰ নামৰ এগৰাকী অধ্যাপকে এটা উদাহৰণ দিছে। সাধাৰণতে ইংৰাজী ভাষাত জন্তুৰ নাম আৰু জন্তুটোৰপৰা আহৰণ কৰা মাংসৰ নাম বুজাবলৈ বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰা হয়, যিটো ফৰাছী ভাষাত দেখা নাযায়। ইংৰাজীত পোহা জন্তুটো sheep হ’লে তাৰ মাংস হয়  mutton;  আনহাতে ফৰাচী ভাষাত জন্তুটো আৰু তাৰ মাংস উভয়েই mouton। এতিয়া ইংৰাজী sheep (জন্তুৰ নাম) শব্দটো ফৰাচীলৈ অনুবাদ কৰিলেও mouton হ’ব, আৰু ইংৰাজী mutton (মাংসৰ নাম) শব্দটো ফৰাচীলৈ নিলেও সেই mouton-এই হ’ব। ফলত ইংৰাজীত sheep আৰু mutton শব্দদুটাৰ মাজত থকা প্ৰভেদে যি ভাষিক-সাংস্কৃতিক বৈশিষ্ট্য বহন কৰে, তাক ফৰাচী mouton শব্দটোৰে ধৰি ৰাখিব পৰা নাযাব। অধ্যাপকগৰাকীয়ে সেয়ে অনুবাদকক গ্ৰীক কিংবদন্তিৰ ছিছিফাছৰ লগত ৰিজাইছে।

অনুবাদক অসম্ভৱ বুলি কোৱাসকলে এইটো যুক্তিও দিয়ে যে বাস্তৱতাক বৰ্ণনা কৰা নাযায়, ভাষাৰ মাধ্যমেৰে ইয়াক সৃষ্টিহে কৰা হয়, আৰু প্ৰতিটো ভাষাই সৃষ্টি কৰা বাস্তৱতাৰ স্বকীয় ৰূপ থাকে, যাৰ ফলত এটা ভাষাত সৃষ্ট বাস্তৱতাক আন এটা ভাষালৈ নিয়াটো অসুবিধাজনক হয়। এই সমস্যাটো বেছি গভীৰ হয় প্ৰাচীন ভাষাৰপৰা আধুনিক ভাষালৈ কৰা অনুবাদৰ ক্ষেত্ৰত। কিছুমান পাঠৰ অননুবাদ্যতা (untranslatability) সম্পর্কে ধাৰণা আগবঢ়াই জাৰ্মান-ইহুদী দাৰ্শনিক ৱাল্টাৰ বেঞ্জামিন আৰু সমভাৱাপন্ন কিছু তাত্ত্বিকে অনুবাদৰ প্ৰয়োজনীয়তা আৰু একে সময়তে ইয়াৰ অসাধ্যতাৰ পেৰাড’ক্স স্বীকাৰ কৰি লৈ কৈছে যে কিছুমান শব্দক ইয়াৰ অৰ্থৰপৰা নিলগাই চাব নোৱাৰি, আৰু সেয়ে ইয়াৰ ‘পৱিত্ৰতা’ অক্ষুণ্ণ ৰাখি অনুবাদ কৰাটো অসম্ভৱ।

ইয়াৰ বিপৰীতে অনুবাদৰ গুৰুত্ব স্বীকাৰ কৰি এই বিষয়টোক তাত্ত্বিক ভিত্তি দিয়াৰ প্ৰয়াস কৰা কিছু সংখ্যকে ক’ব খোজে যে দুটা ভাষাৰ কালিকাৰ মাজত, ইয়াৰ ব্যাকৰণৰ নিয়ম আৰু শব্দৰ স্থানীয়ত্বৰ ক্ষেত্ৰত যিমানেই প্ৰভেদ নাথাকক কিয়, কিছুমান সাৰ্বজনীন কথা থাকে যিবোৰ সকলো ভাষাতেই পোৱা যায়। যিকোনো দুটা ভাষাৰ মাজত থকা প্ৰভেদৰ কাষে কাষে কিছুমান সংযোগী বিন্দুও থাকে, যিবোৰে ভাষা দুটাক কাষ চপাই আনিব পাৰে। সকলো ভাষাৰ মাজত মূলগত কিছু কথা থাকে, যিবোৰ সাৰ্বজনীনভাৱে একে। উদাহৰণস্বৰূপে, মানৱ জীৱনৰ যিবোৰ কথাক আমি চিৰন্তন বুলি ধৰি লওঁ, সেইবোৰৰ প্ৰকাশৰ ক্ষেত্ৰত দুটা ভিন্ন ভাষাত ব্যৱহৃত শব্দ যেনিবা বেলেগ হ’লেই, কিন্তু সেই শব্দই প্ৰতিনিধিত্ব কৰা চিন্তা আৰু অনুভূতিখিনিতো ভিন্ন হ’ব নোৱাৰে; অনুবাদকে যিটো ভাষালৈ অনুবাদ কৰিব, সেই ভাষাটোত সদৃশ চিন্তা আৰু অনুভূতি প্ৰকাশৰ বাবে স্বকীয় প্ৰকাশভংগী নিশ্চয় থাকিব। এই সাৰ্বজনীনতাসম্পন্ন দিশবোৰৰ বাবেই, এই সংযোগী বিন্দুবোৰৰ বাবেই এটা ভাষাৰপৰা আন এটা ভাষালৈ অনুবাদ সম্ভৱ।

আন এটা কথা, অনুবাদৰ ক্ষেত্ৰত সদায় এটা ভাষাৰ একোটা বাক্য বা একোটা শব্দ আন এটা ভাষাৰ সমাৰ্থক বাক্য বা শব্দলৈ ৰূপান্তৰিত কৰাটোৱেই একমাত্র কথা নহ’ব পাৰে; উৎস পাঠটোত নিহিত সাংস্কৃতিক বৈশিষ্ট্যসমূহকো অনুদিত পাঠটোলৈ নিয়াটোৱো অনুবাদৰ এটা গুৰুত্বপূৰ্ণ দিশ। অৰ্থাৎ সাহিত্যৰ অনুবাদত কেৱল এটা পাঠক এটা ভাষাৰপৰা আন এটা ভাষালৈ ৰূপান্তৰিত কৰা নহয়; আমি এটা সাংস্কৃতিক পৰম্পৰাকো আন এটা সাংস্কৃতিক পৰম্পৰালৈ অনুবাদ কৰোঁ। আৰু দুটা সাংস্কৃতিক পৰম্পৰাৰ মাজত যিমানেই প্ৰভেদ নাথাকক কিয়, দুয়োটা পৰম্পৰাতে কিছুমান সংযোগী বিন্দু স্বাভাৱিকতেই থাকিব।

 এই প্ৰসংগতে পুনৰ কৃষ্ণকান্ত সন্দিকৈদেৱলৈ আহিছোঁ। তেওঁ ‘ইউৰোপীয় ভাষা আৰু সাহিত্য’ শীৰ্ষক প্ৰবন্ধটোত ৰাছিয়াৰ খৰভদ নাচ আৰু অসমৰ বিহু নাচৰ মাজত, আৰু ৰাছিয়াৰ গ্ৰাম্যাঞ্চলত প্ৰচলিত চহা গীত আৰু অসমৰ গাঁৱত গোৱা কিছুমান নামৰ মাজত মিল বিচাৰি পোৱাৰ কথা প্ৰকাশ কৰিছিল। অথচ তেতিয়ালৈকে ৰাছিয়া আৰু অসমৰ মাজত প্ৰত্যক্ষ যোগাযোগ থকাৰ কোনো নিদৰ্শন বিচাৰি পোৱা হোৱা নাই।

ভাল অনুবাদকৰ প্ৰথম কাম হৈছে দুটা ভাষাৰ মাজৰ, দুটা সাংস্কৃতিক পৰম্পৰাৰ মাজৰ সংযোগী বিন্দুসমূহ চিনাক্ত কৰা আৰু সেই বিন্দুসমূহৰ আঁত ধৰি এগৰাকী লেখকে এটা ভাষাত সৃষ্টি কৰা পাঠক আন এটা ভাষালৈ ৰূপান্তৰিত কৰা। এই কথাটো মন কৰিবলগীয়া যে এই পৃথিৱীত বাস কৰা বিভিন্ন মানুহৰ মাজত যি সাংস্কৃতিক সংযোগ স্থাপন হোৱা আমি এতিয়া দেখিবলৈ পাওঁ, সেয়া সম্ভৱ হৈছে অনুবাদৰ জৰিয়তেহে।

                               *****

লেখকৰ ঠিকনা :

অধ্যক্ষ, ভৱানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়

ডাকঘৰ: সৰুপেটা

জিলা: বজালী

পিন: ৭৮১৩১৮

ভ্ৰাম্যভাষ: – ৯৪৩৫৩২১০৯০

Visited 3 times, 1 visit(s) today
Website |  + posts
Close