Written by sdblogs2011 6:31 am Poems

প্ৰসংগত ৰবিৰ নতুন বৌঠান

মিণ্টুল হাজৰিকা

শুকাই কাঠ হোৱা ডিঙি

বনৰীয়া লতাৰ দৰে একোছা চুলি

বুকুত সাবটি বুৰ মৰা বেলি

নতুন বৌঠান হালধীয়া কেন্‌ভাছ

ওলমি থাকে

গজালৰ সাংসাৰিক ড্ৰয়িংৰুমত

শ্বেত মুখবলয়ত হৰিণনিশাৰ বিষাদ

চকুজুৰিত বৰলীয়াই বান্ধ ছি‍ঙি বুৰাই মৰা

বাৰিষাৰ বামুণবড়ীৰ পোহৰছবি

ওঁঠত বালিয়ে পুতি পেলোৱা শ শ বছৰ পুৰণি বাসনালিপি 

শাওণৰ মেঘালী আকাশ গৈ নীলা হওঁতেই

জুইকুৰাই পুৰিছিল কি

আইৰ জন্মৰ নাড়ী

টোমৰ ভিতৰত পৰি ৰ’ল অনাৱিষ্কৃত এটি সাঁথৰ

থিয়দঙা দিয়া কৈশোৰ-যৌৱনৰ পূজাভাগ

সুন্দৰৰ থাপনাত কুঁৱলী ৰঙৰ  

ৰঙা ইটাৰ অন্তেষপুৰত কাৰাৰুদ্ধ অলেখ বসন্ত

বসন্তোৎৱত সেয়েহে নিতাল ভোমোৰাৰ কুঞ্জ 

সেয়া কি আছিল ফুলশয্যা

নে আদিৰসত মজিছিল গানৰ মজলিছ

যাৰ নখক দাপোণ বুলি খোপাত কপৌ গুজিছিল

সেই নখো এদিন বিদ্যাৱতীৰ বিৰহী ৰসত সাজি দিছিল চিতা!

(টোকা : নতুন বৌঠান :  নবৌ)

ভ্ৰাম্যভাষ : ৮৬৩৮২৫৯০৭৩

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close