Written by sdblogs2011 8:53 pm Poems

প্ৰশস্তি (শিশুপদ্য)

প্ৰশস্তি

নিৰু দত্ত

গুণ্ গুণকৈ  আহিল ফাগুন

বন-বিৰিখেও ধৰিলে  নাচোন ।

নাচোনত সৰিল পাত ৰঙা-হালধীয়া

ডালত ওলাব কুঁহি কোমল সেউজীয়া ।

ফাগুনত ফুলে নানা বৰণীয়া ফুল

ফুলে ফুলে উৰি পখিলা হয় মচগুল ।

ৰঙা মদাৰৰ পাহি নখত পিন্ধিম

ফুলৰ ৰেণুৰে গালত ফাকু সানিম ।

ভাল লাগে ধৰিবলৈ শিমলুৰ তুলা

চাবলৈ ভাল লাগে ফুলবোৰ ফুলা ।

পলাশৰ ফুলবোৰ যেন জুইৰ শিখা 

নাচোতে মেলি দিয়া আঙুলিৰ লেখীয়া ।

ধূলিয়ে তৰিছে চন্দ্ৰতাপ  আকাশৰ তলত

ভোঁ ভোঁ অলিয়ে চুমিছে আমৰ মলত ।

ধূলিৰ সাগৰত উৰিছে বাঁহপাতৰ চিলা

তাৰে এখনি থপিয়াই ধৰোগৈ ব’লা ।

ইৰিকতি মিৰিকতি বাঁহৰ শলা 

অৰণ্যত বহিছে সৰাপাতৰ মেলা ।

 সাজিছে নেজ লগা চিলা আমাৰ ধনখুৰাই

খোজোগৈ একোখনি নিজলৈ আহাচোঁ বেগাই ।

ইম্মান যে ভাল লাগে চিলা উৰাবলৈ

তাতোকৈ মজ্জা  আনৰ চিলা কাটিবলৈ ।

চিচা গুৰিৰে খুৰাই জৰিত মাঞ্জা দিয়ে

জৰিৰ বাবে মাৰ তাঁতশালৰ ব চুৰি কৰে ।

ফাগুনে আনিছে শান্তি ধৰালৈ আমাৰ

কৰোনাক বিনাশি সাধিব মংগল সবাৰ ।

নিৰু দত্ত

সৰুপথাৰ-৭৮৫৬০১

৭০০২২৪১১৪৫

Visited 3 times, 1 visit(s) today
Website |  + posts
Close