অভিজিত শর্মা বৰুৱা
প্রেম এক অনির্বচনীয় শব্দ, শাশ্বত অনূভূতি। প্রেম নাথাকিলে কি হ’ব – সেয়া কল্পনা কৰাটো দুৰূঢ়, কিন্তু জীয়াই থকাৰ আমেজেই যে নাথাকিব, সেইটো নির্ঘাত। সেই ৰামায়ণৰ যুগৰ পৰা এতিয়ালৈকে দেশ-কাল-পৰিস্থিতি ভাবিব নোৱৰা ধৰণে সলনি হ’ল! বান্দৰে শিল পেলাই দলং সজাৰ পৰা এতিয়াৰ ম’বাইল-কম্পিউটাৰ-ইণ্টাৰনেটৰ যুগলৈকে কিমান পৰিৱর্তনেই যে নহ’ল! কিন্তু ক’তা? প্রেমৰ ৰূপ বা প্রভাৱৰতো একো পৰিৱর্তন নহ’ল! ৰামে সীতাক ‘মই তোমাক ভাল পাওঁ’ বুলি কওঁতে সীতাৰ মনত যি মধুৰ ভাবৰ সৃষ্টি হৈছিল, এতিয়াও দেখোন সেই একেশাৰী বাক্যই আন এগৰাকীৰ বুকুতো একেই হেন্দোলনিৰ সৃষ্টি কৰে!
বুকুখন নো কিয় বিষায়!
প্রেমৰ প্রসংগকে উল্লেখ কৰি কোনোবাই ‘বুকুখন মোৰ বিষায় অ’’বুলি গালেও গাওক, পাছে তেৱোঁ জানি লওক যে প্রেমৰ উদ্ভৱ বুকুত নহয়, মগজুতহে হয়। মগজুৱেই আমাক প্রেমত পৰিবলৈ প্রলোভিত কৰে। মগজুৱে সেয়া নকৰিলে আন কাৰ সাধ্য আছে মানুহক প্রেমত পেলোৱাৰ? এই কথা ভাবিলে আচৰিত হ’ব লাগে যে সেই ‘কোমল’ অবর্ণনীয় প্রেমৰ ভাববোৰ কিন্তু কিছু ‘কঠিন’ ৰাসায়নিক বিক্রিয়াৰহে সৃষ্টি। প্রেমৰ ভাব সৃষ্টি কৰিবলৈ নির্দিষ্ট হৰম’নবোৰ ব্যতিব্যস্ত হ’ব লাগে, নিউৰণে অজস্র সংকেত সৃষ্টি কৰিব লাগে, মগজুৰ নিউৰ’ট্রেন্সমিটাৰবোৰে দৌৰি ফুৰিব লাগে, কিন্তু সঠিক ৰাসায়নিক বিক্রিয়াবোৰ সংঘটিত নহ’লে কোনেও একো কৰিব নোৱাৰে! মানে তেতিয়া মনত প্রেমৰ ভাব সৃষ্টি নহয়েই!
কিন্তু প্রেমে বুকুত বিষ সৃষ্টি কৰাটোতো সত্য! আচলতে প্রেমৰ অনুভূতিয়ে দেহৰ ৰক্ত সঞ্চালন তন্ত্রত যথেষ্ট ব্যাঘাত সৃষ্টি কৰিব পাৰে, আৰু ৰক্ত সঞ্চালনৰ মূল কেন্দ্র হৃদযন্ত্র যিহেতু বুকুতেই থাকে, গতিকে তাত হোৱা ব্যাঘাতত বুকুখন বিষাই উঠে।
মগজু আৰু প্রেম
মানুহৰ মনৰ সকলো ভাব-চিন্তাৰ উত্স যে মগজু সেই কথা আমি জানিলেও মগজুৰ গঠন তথা কাম-কাজৰ বিষয়ে আমি কিছুবছৰ আগলৈকে বিশেষ একোৱেই জানিব পৰা নাছিলো। ১৯৭৩ চনত পল লউটেৰবুৰ আৰু পিটাৰ মেনছফিল্ড নামৰ দুজন বিজ্ঞানীয়ে এম আৰ আই বা মেগনেটিক ৰিজনেঞ্চ্ পদ্ধতিৰে স্কেনিং কৰা পদ্ধতি আৱিষ্কাৰ কৰোঁতেহে (তাৰ বাবে সুদীর্ঘ ৩০ বছৰৰ পাছত ২০০৩ চনত তেওঁলোকক চিকিত্সা বিজ্ঞানৰ ন’বেল পুৰস্কাৰ দিয়া হৈছিল) আমি মগজুৰ কোষৰ জটিল সজ্জাৰ বিষয়ে সামান্য হ’লেও জানিব পাৰিলোঁ।
মগজুৰ ভিতৰত অসংখ্য- মানে ক’বলৈ গ’লে ১০০ বিলিয়নমান নিউৰণ থাকে। নিউৰণবোৰ আচলতে এক বিশেষ প্রকাৰৰ কোষ। এইবোৰ বাহিৰৰ সংকেতৰ দ্বাৰা উত্তেজিত হ’ব পাৰে, আৰু সেই উত্তেজিত নিউৰণবোৰে কিছুমান নিউৰ’ট্রেন্সমিটাৰ ‘ৰিলিজ’ কৰি আন নিউৰণকো উত্তেজিত কৰি তুলিব পাৰে। কিছুমান বিশেষ নিউৰণ উত্তেজিত হৈ উঠিলে মানুহৰ মনত প্রেমৰ অনুভূতিৰ আৰম্ভণি হয়। উত্তেজিত নিউৰণবোৰে নিউৰ’ট্রেন্সমিটাৰৰ যোগেদি আন নিউৰণকো উত্তেজিত কৰে। আন নিউৰণবোৰ যদি তলা হয়, তেন্তে নিউৰ’ট্রেন্সমিটাৰবোৰ হ’ল যেনিবা তাৰ ছাবি! এনেদৰে মগজুৰ ভিতৰত সংকেতৰ সঞ্চালন হয়। প্রেমৰ ক্ষেত্রত তেনে সংকেতৰ সঞ্চালনৰ পেটার্ণ যথেষ্ট ব্যতিক্রমী হয়। গৱেষকসকলে জানিবলৈ দিয়া মতে আমাৰ মনত সচেতন ভাবৰ সৃষ্টি কৰা মগজুৰ অংশৰ অধিক গভীৰতাত অর্ধচেতন, অৱচেতন আৰু গুপ্ত ভাৱবোৰৰ সৃষ্টি হয়। প্রেমৰ অনুভূতিয়ে আকৌ এই ভিতৰুৱা অঞ্চলতহে ক্রিয়া কৰে। প্রেমৰ ভাবে সচেতন ভাব সৃষ্টি হোৱা অংশত যদি বিশেষ প্রভাৱ পেলাব নোৱাৰেই, তেন্তে বাৰু প্রেমত পৰোঁ বুলিয়েই কেনেকৈ পৰিব পৰা যাব? আৰু প্রেমৰ অনুভূতিয়ে যদি আমি ক’ব নোৱাৰাকৈ অৱচেতন বা অর্ধচেতন অংশত থিতাপি লয়, তেন্তে নপৰো বুলিও নো কেনেকৈ প্রেমত নপৰাকৈ থাকিব পৰা যায়? এনে ‘অনিয়ন্ত্রিত’ আৰু ‘অযুক্তিকৰ’ প্রেমৰ বাবেই চাগৈ ৰোমিও-জুলিয়েট, দুষ্যন্ত-শকুন্তলা, লায়লা-মজনু আদিৰ মাজত প্রেমৰ সৃষ্টি হৈছিল আৰু তাৰ ফলত তেওঁলোকৰ নিজৰ লগতে আনকো হাৰাশাস্তি কৰি মাৰিছিল!
প্রেম আৰু জিঘাংসা
প্রেমৰ অনুভূতিয়ে মগজুৰ সেই গভীৰ অঞ্চলৰো যি দুটা উপ-অঞ্চলত বেছি প্রভাৱ পেলাব পাৰে সেই দুটা হ’ল- কাউডেট নিউক্লিয়াছ আৰু ভেনট্রেল টেগমেণ্টেল। এই অঞ্চল দুটা সামগ্রিকভাবে মগজুৰ হাইপোথালামাছ অংশৰ অন্তর্গত। হাইপোথালামাছ অংশত এনে এক প্রকাৰ কোষ আছে, যাৰ পৰা ডোপামাইন (Dopamine) নামেৰে এবিধ হৰমোনৰ নিঃসৰণ হ’ব পাৰে। প্রেমৰ অনুভূতিয়ে এই ডোপামাইনৰ নিঃসৰণ ঘটায়। মানুহে যেতিয়া কোনো স্বীকৃতি, সন্তুষ্টি বা পুৰস্কাৰৰ আশা কৰে তেতিয়া এই ডোপামাইনৰ নিঃসৰণ বা সঞ্চালন বেছি হয়। উদাহৰণস্বৰূপে মগ্ন হৈ জুৱা খেলি থাকিলে যেতিয়া কিবা এটা ভাল ‘দাও’ মৰাৰ আশা কৰি থকা যায়, তেতিয়া ডোপামাইনৰ সঞ্চালন বেছি হয়। তদুপৰি ড্রাগছ খাই যেতিয়া সন্তুষ্টি বিচৰা যায়, তেতিয়াও ডোপামাইনৰ সঞ্চালন অধিক হয়। গতিকে এয়াও কোনো আচৰিত বা অযুক্তিকৰ কথা নহ’ল যে ডোপামাইনৰ ক্রিয়াৰ ফলতে প্রেমে সন্তুষ্টি বা স্বীকৃতি বিচাৰে।
ডোপামাইনৰ প্রসংগত যদিও প্রেমৰ লগত জুৱা খেলা বা ড্রাগছ খোৱাৰ তুলনা কৰা হ’ল, আচলতে কিন্তু প্রেমৰ স্থান বহুত ওপৰত। জুৱা বা নিচাই কৰি নোৱাৰা বহু কাম প্রেমে কৰিব পাৰে। তীব্র প্রেমৰ অনুভূতিয়ে কাউডেট নিউক্লিয়াছৰ এক বিশেষ স্পট সক্রিয় কৰি তোলে, যিটো স্পটৰ স্থান শাৰীৰিক আকর্ষণ সৃষ্টি কৰা মগজুৰ অংশটোৰ পৰা বহু আঁতৰত। সেইবাবেই হয়তো প্রকৃত প্রেম আৰু শাৰীৰিক আকর্ষণৰ মাজত বিশেষ সম্পর্ক নাই। অর্থাৎ দেহবল্লৰীৰ প্রতি আকর্ষণ আৰু কাৰোবাক মনে-প্রাণে বিচৰাটো দুটা বেলেগ কথা। এই বিশেষ স্পটটোৰ ওচৰতে আছে আন দুটা নির্দিষ্ট অঞ্চল, যি দুই ভিন্ন ধৰণৰ কাম নিয়ন্ত্রণ কৰে। প্রথম স্পটটোৱে মানুহৰ কিছুমান অতি প্রয়োজনীয় কাম কৰাৰ ইচ্ছা নিয়ন্ত্রণ কৰে। তাৰ ভিতৰত আছে খোৱাৰ ইচ্ছা, পিয়াহ গুচোৱাৰ ইচ্ছা, জিৰণি লোৱাৰ ইচ্ছা, চকুৰ মণি বা দৃষ্টি লৰচৰ কৰাৰ ইচ্ছা আদি। প্রেমৰ অনুভূতিয়ে এই চুবুৰীয়া স্পটটোৰ ওপৰত সহজেই প্রভাৱ পেলাব পাৰে। গতিকে আমি বুজি পালোঁ যে প্রেমৰ উন্মাদনাই কিয় খোৱা, পীয়া, জিৰণি লোৱা আদি কাম পাহৰাই দিব পাৰে! প্রেমৰ স্পটৰ চুবুৰীয়া দ্বিতীয় স্পটটো কিন্তু সাংঘাটিক। এই অঞ্চলতে জন্ম হয় জিঘাংসা, নিষ্ঠুৰতা আদি ভাববোৰ। ব্যর্থ প্রেমে চাগৈ চিধাই গৈ এই স্পটটোও উজ্জীৱিত কৰি তুলিব পাৰে, আৰু সেয়ে ব্যর্থ প্রেমিক বা প্রেমিকাই কেই মুহূর্তমানৰ আগলৈকে নিজৰ প্রেমাস্পদৰ বাবে জীৱন বিসর্জন দিব পৰা অৱস্থাৰ পৰা সেই প্রেমাস্পদক নিষ্ঠুৰভাবে আঘাত কৰি হত্যা পর্য্যন্ত কৰিব পাৰে।
বিভিন্ন পর্যায়ৰ প্রেম, বিভিন্ন হৰম’ন
আমেৰিকা যুক্তৰাষ্ট্রৰ ৰুটজার্ছ (Rutgers) বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক হেলেন ফিছাৰে বিভিন্ন হৰম’ন আৰু ৰাসায়নিক দ্রব্যই প্রেমৰ সম্পর্কৰ ওপৰত কেনেদৰে প্রভাৱ বিস্তাৰ কৰিব পাৰে, তাৰ ব্যাখ্যাও আগবঢ়াইছে। তেওঁৰ মতে হৰম’নৰ নিঃসৰণ তথা ক্রিয়াৰ ফালৰ পৰা প্রেমক মোটামুটিভাবে তিনিটা পর্যায়ত ভগাব পাৰি। সেইকেইটা হ’ল – লালসা (lust), আকর্ষণ (Attraction), আৰু আসক্তি (Attachment)। লালসা হ’ল প্রেমৰ প্রথম পর্যায়। এই পর্যায়টো পুৰুষ আৰু নাৰী উভয়ৰে ক্ষেত্রত টেষ্ট’ষ্টেৰন আৰু অয়েষ্ট্র’জেন নামৰ দুবিধ হৰম’নৰ জৰিয়তে নিয়ন্ত্রিত হয়। প্রেমৰ দ্বিতীয় পর্য্যায় হ’ল আকর্ষণ। এই পর্যায়ৰ লগত এড্রেনেলাইন, ডোপামাইন আৰু ছেৰটনিন নামৰ তিনিবিধ হৰম’ন সম্পর্কিত হৈ থাকে। এড্রেনেলাইনে মানসিক চাপ বঢ়াব পাৰে। এড্রেনেলাইনৰ ক্রিয়াৰ বাবেই প্রেমাস্পদক লগ পালে কাৰোবাৰ হৃদস্পন্দন দ্রুত হয়, ঘাম ওলাই যায় আৰু মুখৰ ভিতৰখন শুকাই যায়। ডোপামাইনৰ ক্রিয়াৰ কথা আমি আগতে ক’লোঁৱেই। ওপৰঞ্চিভাৱে আৰু এটা কথা কৈ থ’ব পৰা যায় যে ডোপামাইনৰ ক্রিয়াৰ ফলতে এজনৰ সামান্য ভাল কাম, সফলতা বা প্রতিক্রিয়াতো সিজনে অনির্বচনীয় আনন্দ অনুভৱ কৰে। প্রেমত পৰাৰ পাছত যে ইজনে সিজনৰ কথা অনবৰতে ভাবি থাকে বা মনলৈ সেই চিন্তা অনবৰতে আহি থাকে সেয়া হয় ছেৰটনিনৰ ক্রিয়াৰ বাবে। এই দ্বিতীয় পর্যায়তে নতুন প্রেমাস্পদৰ বাবে আনজনৰ চিন্তা, ভাবধাৰা, দৃষ্টিভংগী আৰু আচৰণৰ পৰিৱর্তন হ’ব পাৰে। সেয়াও এই তিনিবিধ হৰম’নৰ সন্মিলিত ক্রিয়াৰ ফল।
প্রেমৰ তৃতীয় পর্যায়টো হ’ল আসক্তি। এই আসক্তিয়ে দুজন প্রেমিক-প্রেমিকাক বিবাহৰ ডোলেৰে বা তেনে ডোল নোহোৱাকৈও একেলগে ধৰি ৰাখিব পাৰে। তেওঁলোকে সন্তান জন্ম দিবলৈ আৰু সেই সন্তানক একেলগে তুলিতালি ডাঙৰ-দীঘল কৰিবলৈ অনুপ্রেৰণা লাভ কৰে। এই পর্যায়ৰ লগত প্রধানকৈ অক্সিটচিন আৰু ভাছ’প্রেছিন নামেৰে দুবিধ হৰম’ন সম্পর্কিত হৈ থাকে। মিলনৰ সময়ত অক্সিটচিন হৰম’ন নির্গত হয় আৰু দুয়োজন প্রেমাস্পদকে মানসিকভাৱে অধিক ওচৰ চপাই নিয়ে। অক্সিটচিনে মাক আৰু সন্তানৰ মাজত ঘনিষ্ঠ সম্পর্ক আৰু মৰমৰ বান্ধোন সৃষ্টি কৰাতো সহায় কৰে। নিজৰ কেঁচুৱাটিক দেখিলেই বা তাৰ কান্দোন বা মাত শুনিলেই যে মাকৰ স্তনৰ পৰা গাখীৰ ওলাই আহে, সেয়া অক্সিটচিনৰ বাবেই হয়। ভাছ’প্রেছিন হৰম’নৰ পৰিমাণ কমি গ’লে ই দুই প্রেমিক-প্রেমিকা বা স্বামী স্ত্রীৰ মাজত সম্পর্কৰ বান্ধোন ঢিলা হৈ যাব পাৰে আৰু তেনে ক্ষেত্রত তেওঁলোক আন কোনোবাৰ প্রতি আকর্ষিত হোৱাটোও ডাঙৰ কথা নহয়। কোনো লোক যে নিজৰ প্রেমাস্পদৰ বাহিৰে অধিক ধুনীয়া বা অধিক গুণসম্পন্ন আন এগৰাকীৰ প্রতি আকর্ষিত নহয়, তাৰো মূলতে এই দুয়োবিধ হৰম’নেই।
প্রেমৰ ক্ষেত্রত কিছু অস্বাভাৱিক ঘটনাও ঘটে। প্রেমত নিমজ্জিত হৈ চুমা খালে স্নায়ুৰ মাজেৰে যোৱা ইমপালছৰ (Impulse) বেগ হয়গৈ ঘণ্টাত ১৪০ মাইল। কিন্তু আমাক যদি কোনোবাই জোঙা বেজীৰ আগেৰেও খুচি দিয়ে তেন্তে, ইমপালছৰ বেগ হয়– ঘন্টাত মাত্র ২৫ মাইল। তাৰমানে প্রেমৰ আবেগ কিমান বেছি শক্তিশালী!
অবাধ্য মন, অবাধ্য প্রেম!
অৱশ্যে প্রেমৰ লগত সম্পর্কিত বিভিন্ন নিউৰণ, হৰমোন, নিউৰ’ট্রেন্সমিটাৰ আদিৰ ক্রিয়াৰ বিষয়ে জানিও বিশেষ লাভ নাই! কাৰণ এইবোৰে তাৰ ‘মালিক’ৰ কথা মুঠেই নামানে। প্রেমৰ ভাব সৃষ্টি কৰাৰ লগত বিশেষভাবে জড়িত নিউৰণবোৰে অজস্র কোষ বা নিউৰ’ট্রেন্সমিটাৰৰ পৰা ‘ইনপুট’ ল’ব পাৰে, কিন্তু সেইবোৰ ‘ইনপুট’ৰ পৰা সি উত্তেজিত হ’বনে নাই, বা নিজস্ব সংকেত সৃষ্টি কৰিবনে নাই সেই সিদ্ধান্ত নিউৰণৰ নিজা। যদিহে সি সেই সংকেত সৃষ্টি কৰাৰ সিদ্ধান্ত লয়, তেন্তে সি সেই সংকেত একে সময়তে ১০,০০০ পর্য্যন্ত আন নিউৰণ, কোষ বা গ্রন্থিলৈ প্রেৰণ কৰিব পাৰে আৰু সেইবোৰৰ সন্মিলিত ক্রিয়া আৰু হৰম’ন নিঃসৰণৰ জৰিয়তে প্রেমৰ ভাব সৃষ্টি কৰি দিব পাৰে। আনকি ইচ্ছা কৰিলে সি অতি বেগেৰে এই কাম কৰিব পাৰে বা ‘মন’ গ’লে লেহেমীয়া গতিতো কৰিব পাৰে। গতিকে যাৰ দেহতে এইবোৰ ঘটি আছে, তেওঁ গম নোপোৱাকৈয়ে আৰু তেওঁৰ নিয়ন্ত্রণৰ বাহিৰত থাকি নিউৰণ-হৰম’নবোৰে নিজৰ কাম আৰম্ভ কৰি দিব পাৰে, তেওঁৰ মনত প্রেমৰ ভাব সৃষ্টি কৰি দিব পাৰে আৰু সেইজনে শেষত স্বীকাৰ কৰিবলৈ বাধ্য হয় যে প্রেমত পৰা বা নপৰাটো তেওঁৰ ক্ষমতাৰ বাহিৰত! মানে ‘প্রেমত নপৰোঁ’ বুলি মন বান্ধি থাকিলেও শেষত তেওঁ হয়তো প্রেমতেই পৰি গ’ল।
প্রেম আৰু জিন
প্রেমৰ লগত সম্পর্কিত এক বা একাধিক জিন থকা বুলিও বিজ্ঞানীসকলে ধাৰণা কৰিছে। তেনে এক জিন পৰীক্ষামূলকভাৱে এন্দুৰৰ দেহত সুমুৱাই দিয়াৰ পাছত দেখা গ’ল, এন্দুৰটোৱে তাৰ আগৰ বহুগামিতা বাদ দিছে আৰু একনিষ্ঠ প্রেমিক হৈ পৰিছে। অর্থাৎ এই জিনৰ প্রভাৱত তাৰ মনত প্রেমৰ লক্ষণ সৃষ্টি হ’লেই, বা ডি এন এ আৰু প্র’টিনবোৰে সেইমতে কাম কৰিবলৈ আৰম্ভ কৰিলেই! প্রেম আঁতৰি যোৱাৰ পাছতো প্রেমৰ এই ‘হট স্পট’ বহু বছৰলৈকে উজ্জীৱিত হৈয়ে থাকে। গতিকে প্রেম, বিশেষকৈ প্রথম প্রেম, কিয় পাহৰি যোৱা নাযায়, তাৰো এক বৈজ্ঞানিক কাৰণ গম পোৱা গ’ল!
প্রেমৰ বিষয়ে বিজ্ঞানীসকলে তেওঁলোকৰ গৱেষণা চলায়েই আছে। হয়তো ভৱিষ্যতে এনে এটা দিন আহিব, যিদিনা ইজনৰ মনত প্রেমৰ ভাব আছেনে নাই নিৰলে লগ ধৰি সোধাৰ প্রয়োজনেই নহ’ব! বা ইজনেও মুখত এটা ক’ব, পেটত এটা থাকিব – এনে হ’ব নোৱাৰিব। বিজ্ঞানীসকলে দেখুৱাই দিয়া ধৰণে মগজুৰ এক বিশেষ অঞ্চলত স্কেন কৰিলেই ‘দুধ কা দুধ, পানী কা পানী’ ওলাই যাব!
*****
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
