Written by sdblogs2011 12:22 pm Poems

পোহনীয়া চৰাইৰ শোক

ৰাজীৱ বৰা

পোহনীয়া চৰাইটোৱে তাইৰ আঙুলি খুঁটিয়াই

ভাল পায় বাৰীৰ ঢাপৰ কোটাহী-জামু

জামুৰঙৰ জিভাখন উলিয়াই

তাই সিঁয়াৰে সুহুৰিয়ায়

নোলাবি চৰাই নাহিবি

সজাতে থাক

বাহিৰত মানুহৰ সঁজাত নাই

আল্লাইনো গাৰ অংগবোৰ দিছে কেলৈ

সেয়া বুজি নোপোৱা ছোৱালীজনীৰ

শৰীৰটো পৰি থাকিল নিথৰ হৈ

তাইৰ বৰতমণি দেহাটো

কামুক দাঁতবোৰে বখলিয়াই খাওঁতে

অসহায় গছবোৰে মূৰ 

আফালিয়াইছিল

লাজ ঢাকিবলৈ নাছিল

এচিকটা ফটাকানি

তাইৰ ওঁঠৰ তেজ ধুই মৰাপাটডৰাই

বোৱাইছিল চকুপানী

চৰাই অ’ সজাৰ চৰাই

আজিৰ পৰা তোৰ আইজনী নাই

ঠিকনা :

ৰাজীৱ বৰা

সহযোগী অধ্যাপক, নাজিৰা কলেজ

নাজিৰা, ৭৮৫ ৬৮৫

ফোন : ৭০০২২৫০৮৩৮

e-mail : rajibnaziraঞ্ঝgmail.com

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close