Written by sdblogs2011 4:33 am Poems

পেহেলগামৰ কবিতা

 =

বিজয়কৃষ্ণ দলে

দুখন দেশ

দুটা ধৰ্ম

বিভেদৰ এখন বৃহৎ দেৱাল

জম্মু-কাশ্মীৰ।

তই হিন্দু! জুই-পানী নিষেধ

তই মুছলমান! সাৱধান সাৱধান।

ধৰ্মই দান কৰা দুখন দেশৰ দুটা দল

এফালে হিন্দু আনফালে মুছলমান।

হিংসা-বিদ্বেষ অৰিয়া-অৰি

স্বাধীনতা দেশপ্ৰেম পাবত গজা

চৰকাৰ নেতা কাঠফুলা

সন্ত্ৰাসবাদ-উগ্ৰবাদ ৰঘুমলা।

কাহানিও শেষ নোহোৱা এই কাহিনী

কাহিনীৰ উৎস ৰাজনীতি

কাহিনীকাৰ ক্ষমতাৱান

পৰিচালক প্ৰযোজক স্বাধীনতা

দৰ্শক মানৱতা

কাহিনীৰ মাজে মাজে

গুলীয়াগুলী দৌৰাদৌৰি

চিঞৰ-বাখৰ তেজ মৃত্যু

নিতৌ জীয়া মাতবোৰে পাঠ কৰে সমাধি-কবিতা।

ছহিদ প্ৰণামো তোমাক।

ছহিদ প্ৰণামো তোমাক।।

Visited 3 times, 1 visit(s) today
Website |  + posts
Close