Written by sdblogs2011 10:15 am Articles

পূজা-পাৰ্ৱণ আৰু সাজ-পোছাক ইত্যাদি

 ড মৰমী বৰঠাকুৰ তালুকদাৰ

পূজা-পাৰ্ৱণ আমাৰ সমাজৰ এক এৰাব নোৱৰা বিষয়৷ সকলো ধৰ্মৰ মানুহৰ মাজত নিজা নিজা বৈশিষ্ট্যৰে স্বকীয় পূজা বিধি থাকে; থাকে তাৰ লগত সংগতি ৰাখি সাজযোৰৰো বিধি৷ লোকজীৱন জড়িত এই লোকসংস্কৃতি আৰু পৰম্পৰাবোৰৰ গুৰুত্ব আমি জানো নুই কৰিব পাৰোঁ? যদিওবা সময়ৰ পৰিৱৰ্তনে লোকজীৱনলৈ নানা পৰিৱৰ্তন আনিছে, লোকসংস্কৃতিৰ বিবিধ উপকৰণত তাৰ প্ৰভাৱো পৰিছে, তথাপি সজাগ লোকে লোকসংস্কৃতিৰ অবিকল ৰূপক শ্ৰদ্ধাও জনাইছে৷

সভ্যতাৰ প্ৰগতিয়ে আমাক বহুত দিছে সঁচা, পিছে নিছেও অৰ্থাৎ নোহোৱাও কৰিছে বহুতো বিষয় তথা উপাদান৷ আধুনিকতাৰ নামত, বিশ্বায়নৰ নামত স্বকীয়তা বিসৰ্জন দি দি আমি এক প্ৰকাৰ ছিন্নমূল জাতি হ’বৰ উপক্ৰম হৈছোঁ৷ শিপাই গছজোপা ধৰি ৰাখে; ৰাখে সজীৱ কৰি৷ লোকসংস্কৃতিও আমাৰ জাতি একোটাৰ শিপা৷ অকল আমাৰ বুলিয়েই নহয়, বিশ্বসাহিত্যৰো শিপা লোকসংস্কৃতিয়েই৷

মানুহসৃষ্ট সভ্যতা-সংস্কৃতিয়ে সমাজ একোখনক প্ৰতিনিধিত্ব কৰে; প্ৰতিনিধিত্ব কৰে সেই জাতিৰ জাতীয় আৱেগ-অনুৰাগো৷ আমি যিহেতু সমাজ পাতি বাস কৰোঁ, গতিকে সমাজত চলা নীতি-নিয়মবোৰ মানিবলৈ যত্ন কৰোঁ৷ যি নীতি-নিয়মে কাকো অশান্তি নিদিয়ে, শালীনতা বজাই ৰাখে আৰু দিয়ে মানসিক শান্তি, তেনে নীতি-নিয়মবোৰ মানি নোলোৱাৰ যুক্তি ক’ত? গোড়ামি আমি ভাল নাপাওঁ ঠিকেই, সেই বুলি সকলো এৰি দি শিপাহীন হ’ম– সেয়াওতো হোৱা উচিত নহয়৷

পূজা-পাৰ্ৱণৰ সময় আহিলে আমি আনন্দ পাওঁ৷ যি পূজাই নহওক কিয়, আমি সেই সময়ৰ পৰম্পৰা মানিবলৈ যত্ন কৰোঁ৷ পৰম্পৰা ৰক্ষাৰ অলিখিত ভাৰ মূলতঃ নাৰীৰ৷ আমাক এই দায়িত্ব জাপি দিয়া নাই৷ আমি গৃহলক্ষ্মী বুলি নিজেই সকলোখিনি চম্ভালি লওঁ৷ বিয়া, সবাহ, পূজা-বিধি আদিত নাৰীয়েই আগ-ভাগ নলয় জানো? পৰাপক্ষত পৰম্পৰা মানি সাত্বিকভাৱে বিষয়বোৰ সমাধা কৰিলে যি মানসিক শান্তি পোৱা যায়, সেয়া কৰাসকলে বুজিব৷

মাকগৰাকীয়ে ঘৰ পৰিচালনা কৰাৰ লগতে উপৰোক্ত দিশবোৰত গুৰুত্ব দি আহিছে বাবেই আজিও আমি নামঘৰলৈ জাতীয় সাজযোৰ পিন্ধি গৈছোঁ৷ বিয়াত দৰা বা কইনাক হাফপেণ্ট পিন্ধি হোমৰ ওচৰত বহুৱাব পৰা নাই কিয়? কাৰণ– শুভ পৰম্পৰাবোৰৰ আদৰ আছে আজিও; সন্মানো আছে৷ সেয়ে মাকগৰাকীৰ প্ৰথম দায়িত্ব ল’ৰা-ছোৱালীক কেনেকৈ এনে দিশত আগুৱাই নিব৷ ‘কমফ’ৰ্ট’-ৰ নামত সকলো এৰিম নেকি আমি? অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হ’লে সাজ-পাৰৰ শালীনতাৰ কথা কিয় নাহিব?

বহুতে হয়তো ক’ব – ‘ঘৰত যি কৰে কৰক’৷ কিন্তু আমাৰ নাৰীসকলৰ যিহেতু দুখন ঘৰ, গতিকে মান-সন্মানৰ কথা নাহিবনে ইয়াত? গেঞ্জী বা তেনে জাতীয় সাজ-পোছাকে নাৰীক কিমান স্মাৰ্ট কৰি তোলে, যদি তেওঁৰ মানসিকতা স্মাৰ্ট নহয়? আমাৰ সমাজৰ সু-ধ্যান-ধাৰণাবোৰ আমি মানি, জাতীয় ঐতিহ্য অক্ষুণ্ণ ৰাখি শিক্ষা-দীক্ষাৰে অগ্ৰগামী হৈ সমাজ একোখনক আগ বঢ়াই নিব নোৱাৰোঁনে? আমাৰ বহুত কিবাকিবি গ’ল৷ মাত-কথা, আচাৰ-ব্যৱহাৰ, সাজ-পাৰ, খাদ্য, খেল-ধেমালি, সকলোতে নতুনত্ব আহিল। যিবোৰ হেৰুওৱাৰ ফলস্বৰূপে অসমীয়া জাতিয়ে বিশ্বত এক অনন্য স্বকীয় সংস্কৃতিপূৰ্ণ জাতি বুলি প্ৰতিপন্ন হোৱাৰ সকলো প্ৰমাণো ইতিমধ্যে হেৰুৱালে। এতিয়াও, যিহেতু একেবাৰে নোহেৱাতকৈ পলমৈক হোৱাও ভাল বুলি কোৱা হয়, এতিয়াও বৰ্তি থকা ঐতিহ্য আৰু পৰম্পৰাখিনিৰ প্ৰতি শ্ৰদ্ধাশীল হৈ হেৰাই যোৱাখিনিকো পুনৰুদ্ধাৰ কৰিবলৈ যত্ন নকৰিলে অসমীয়া জাতিটোৱে ভৱিষ্যতে আৰু জাতি হিচাপে থিয় দিব নোৱাৰিব৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close