Written by sdblogs2011 8:04 am Poems

পুৰণি বগা চোলাটো

ডেইজী অনুৰঞ্জনা

পুৰণি বগা চোলাটো

মোৰ আলনাত এতিয়া নাথাকে 

এসোপা কজলা দাগেৰে

সি এতিয়া মাথোঁ বিচাৰি ফুৰে

পিৰিক-পাৰাক চকুৰ বাট 

.

ৰ লাগি চাব পৰাকৈ

আগৰ ভমকাফুলীয়া চাৱনিটো

এতিয়া আৰু তাৰ নাই

নতুনৰ চিকচিকীয়া গোন্ধটোও হেৰাল

.

মাজে মাজে সেমেকা চকুৰে

সি মোৰ হাতলৈ চায়

পুৰণি দিনবোৰত

মোৰ হাতত হাত থৈ

বুকুত বুকু থৈ

মোতেই সি ধাৰণ কৰিছিল নিজক

মোৰ কানাইৰ বাবে

সিয়ে আছিল

তাৰ চাৱনিৰ প্ৰথম স্পৰ্শ

হেমন্তৰ সন্ধিয়া

কি জানো মায়াৰং সানিছিল

মোৰ গাত 

কানাইৰ বুকু যে আজিও ইচাট্-বিচাট 

লাহে লাহে ফিচিকি আহিল তাৰ শৰীৰ

ক’বকে নোৱাৰিলোঁ

অকণমান সুৰুঙা এটিৰে

কেনেকৈ যে বাঢ়ি আহিল

বুকুৰ ঘাডোখৰ 

ছিগি থাকিল

ভমকা ফুলৰ এফাল

কানাইকনো কি সতে কওঁ

তাৰ প্ৰিয় ফুটুকী শুকুলা হাঁহিটো যে

আৰু নাই

মৰি অহা দেহাটো লৈ

সি এতিয়া চোতালৰ চুক এটাতে

বহি থাকে

গাত বোকা-পানী আৰু গোবৰৰ গোন্ধ 

আইৰ ঘিলাচকলীয়া হাতৰ মুঠিৰে

পুৱা-গধূলি নিতৌ চাফা কৰে

চাকি জ্বলোৱা পৰৰ অশুচি শৰীৰ!

(বি:দ্ৰ:-

আলনাৰ সি থকা ঠাইত এতিয়া

মিহি ফুলৰ দীঘল চোলা এটা আহি বহিছে

নতুনৰ কি যে চিকচিকীয়া গোন্ধ

ভমকা ফুলৰ আলফুল নাচোন।)শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 3 times, 1 visit(s) today
Website |  + posts
Close