Written by sdblogs2011 10:37 am Articles

পান্থশালাত এদিন চিত্ৰকৰ

 জ্যোতিনীলিমা গগৈ 

(প্ৰস্তাৱনা: কিনকিনকৈ বৰষুণ সৰিছিল৷ চিত্ৰকৰৰ জঁটাবন্ধা চুলি খুঁচৰি ঘৰচিৰিকাটোৱে ক’লে – ‘যোৱাঁ, ৰং-তুলিকা সামৰি বাহিৰখন ফুৰি আহাঁগৈ৷’ বাধ্য ছাত্ৰৰ দৰে চিত্ৰকৰে এযুগৰ অন্তত মূৰ তুলি চালে আৰু তাৰ পাছত চমৎকাৰ সকলো…)

দীৰ্ঘদিন পৰশ্ৰীকাতৰ বেলিৰ সতে

খৰিয়াল আছিল চিত্ৰকৰৰ

শুকান নদীৰ গৰ্ভ খান্দি আঙুলিৰ তেজ নিগৰাই

ধুব খুজিছিল কেনভাছ আৰু তুলিবোৰ

ঘৰচিৰিকাৰ হেঁচুকনিত চিত্ৰকৰ ওলাল বেহাবলৈ

ইজেলৰ পৰা নামি আহিল শ্ৰীমতী বিষণ্ণতা

“চুলিবোৰ ফণিয়াই লোৱাঁ, জধলা” – বিষণ্ণতাই ক’লে

“হুঁ…ফণি ক’ত ? …ফণি ?”

ফণিহীন চিত্ৰকৰ ওলাই গ’ল বিষণ্ণতাৰ হাত ধৰি ধৰি

বিষণ্ণতাই সোধে…

–       পাহাৰ এটা দেও দি অহা ভাগৰৰ ৰং কি ?

–       ৰঙা আৰু কজলাৰে মিহলি নাৰীৰ দেহৰ ৰংটি

–       এইযে আমি গৈ আছোঁ ঋতুৰ নিৰ্জনতাক খেদি

এই যাত্ৰাৰ ৰং কি ?

–       ঢলি পৰা সূৰ্য যেতিয়া ক্ৰন্দনৰতা নাৰীৰ চকুত বুৰিব, সেই ৰংটি…

পাহাৰৰ সিপাৰে নামনিৰ পান্থশালাত

চিত্ৰকৰ আৰু শ্ৰীমতী বিষণ্ণতা মুখামুখিকৈ বহে

সন্মুখৰ কাঁচৰ প্লেটত এটা গলি যোৱা বেলি…

হঠাত চিত্ৰকৰে চিঞৰি উঠে

–       এই বিষণ্ণতা, শুনা

  এই বেলিক তুমি বুকুত ধাৰণ কৰাঁ

  বৈ পৰা অগ্নিকণাক পান কৰি

  জ্বলি পুৰি যন্ত্ৰণাত দগ্ধ হোৱা

  এয়াই হ’ব মোৰ মাষ্টাৰপীচ্

এছাটি বিজুলীৰ দৰে শ্ৰীমতী বিষণ্ণতা হনহনাই উলাই গ’ল

কৈ গ’ল – তোমাৰ বাবে মই শিল হ’লোঁ সাপ হ’লোঁ

          ক’লা আৰু কজলাৰে বুলাব পৰা সমস্ত বিষাদ হ’লোঁ

          কেৱল নাৰী কিয় ?

          শিল্পৰো আছে মহানিৰ্বাণৰ অধিকাৰ…

          হে শিল্পী ..মানুহ আঁকা

          গলিত বেলিয়ে পুৰি নিয়া মানুহ

          কেৱল মানুহ …

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close