Written by sdblogs2011 8:11 am Poems

পানী

 ৰিপুঞ্জয় বৰুৱা ঋমন

পানীমহীয়া পানীত পানী ওপঙিছে,

পানী চাপৰিত ফুলিছে পানী ।

পানী বতৰৰে ফল ।

পানীক লৈ পানীয়ে পানীয়ে এখন পানীখেল ।

অতিকে পুৰণি এই খেল। ইতিহাসে গৰকা !

পাশা খেলেও নাপায় জোৰ ।

বছৰৰ পাছত বছৰ ।

কবৰৰ ওপৰত কবৰ ।

ডিঙিয়ে ডিঙিয়ে পানী তাবিজ্ !

পৰুৱা মৰে পানীত পিছলি ।

চালৰ ওপৰেদি বৰ সাপ যায় পানী খেলি খেলি !

তেজত ভাত তিয়াই পানীয়ে ভাতৰ পঁইতা খায় ।

ইখনৰ পাছত সিখন গাঁৱত পানী পৈণত ফল ।

পানী হ’ল পোহৰ ।

পোহৰ হ’ল শিল ।

শিল মানে শিৱ ।

শিৱ আকৌ ৰুদ্ৰ !

পোহৰত বাঢ়ে পেটৰ ভোক ।

পোহৰত উজায় মৃত্যু শোক ।

বৰশী বৰ কৌশলী।

মঙ্গলদীপ ধূপৰ লগত সহবাস কৰা

এফলীয়া দিয়াচলাইটোৰ দৰে বৰ চালাক ই।

পানীৰ তলত পানীভেকুলীৰ কান্দোন

জিভাত শিলৰ শিকলি।

মৰিলোঁ হে চৰকাৰ !

গাঁৱলে এইবাৰ চেনীৰাম আহিব

ঘড়ীৰ টিকনি বাঁওহাতেদি ঘুৰিব ।

পানীবেজীৰে চিলাব পানী সৰকা জপনাৰ ফুটা !

কল খাই বাকলি দিয়া বান্দৰৰ মুখত

মঙলু মহাজনৰ এৰেহা কথা ।

হৰ্ডিঙৰ বিকাশেই বিকাশৰ ৰাসায়ন !

পানীবোৰ ৰঙচুৱা বিপ্লৱ হোৱাৰ আগতেই

ৰঙা পানীৰে আওখলা তৰ্জনী আঙুলিৰ চলে দৰদাম।

আপোনাক কোনটো লাগে ?

বিকাশৰ চকুপানী নে বিকাশৰ গছপুলি !

ঠিকনা :

বিৰিণা পথ, গৃহ নং – ৩

জনকপুৰ চাৰিআলি, কাহিলীপাৰা

গুৱাহাটী-১৯ভ্ৰাম্যভাষ-৬৯০০৫২৪১২০

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close