অত্ৰেয়ী গোস্বামী
লাহনি মাৰোঁতে মাৰোঁতে ঘোলা হোৱা
খলখলাই থকা পানীখিনি
স্থিৰ হৈ আছে,
সূতা এডালৰ দৰে৷
এইখিনিতে সপোন এটা দেখিব পাৰি
থিয়ৈ থিয়ৈ,
এইখিনিতে ঘটি যাব পাৰে এটা
নাভূত নাশ্ৰুত ঘটনা৷
হঠাতে উঠি আহিল এটা কাছ
অ’ ই দেখোন আধাহে কাছ, বাকী আধা মাছ৷
পানীখিনি অকণমান লৰিল
সি মানুহৰ দৰে হাঁহিলে৷
লৰি থকা পানীখিনি ৰৈ যোৱালৈকে
এটা কাৰেং সজা হ’ল,
পানীৰ তলত পানীৰ কাৰেং
পানী হৈ সোমাই গৈ থকাৰ
কি সুকীয়া আমেজ! আঃ!
মাছবোৰে ৰং সানি সানি
ৰূপ সলাই ফুৰিছিল,
পানীৰ তলত পানীৰ সৰগ
ৰঙীন হৈ পৰিছিল৷
খোকাটো আঁতৰাই দিলোঁ
হলহলাই গুচি গ’ল পানীখিনি
মাছবোৰ হেৰাল,
সূতা এডাল পৰি থাকিল তাতে
কাৰেঙৰ ৰখীয়া হৈ৷
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
