সঞ্জীৱ সভাপণ্ডিত
শ্ৰীকৃষ্ণ বোলে নন্দ-যশোদাৰ ঘৰত গৰখীয়া আছিল৷ ঘৰৰে ল’ৰা; গতিকে গৰু চৰোৱাটো এটা দায়িত্ব৷ সন্তান আচলতে বসুদেৱ-দৈৱকীৰ৷ কিন্তু গুৱালৰ ঘৰত লালিত-পালিত৷ গুৱালৰ ঘৰত গৰুৰ আপদাল কৰাটো এটা নিত্য-নৈমিত্তিক কামেই৷
বাকীবোৰ কথা আমি জানোৱেই৷ সমনীয়াৰ লগত কৰা দুষ্টামিবিলাক বা শ্ৰীকৃষ্ণৰ শিশুলীলাৰ অলৌকিক কাহিনীবিলাক – কালীয় দমন, অঘাসুৰ বধ, চক্ৰবাত অসুৰ নিধন বা তেনেবোৰ কথা৷
মোৰ সেই সাধুবোৰৰ প্ৰতি সিমান আকৰ্ষণ নাই৷ শ্ৰীকৃষ্ণই বাঁহী বজোৱা কথাটোৰ প্ৰতি মোৰ উৎসুকতা আছে কাৰণ সৰুতেই ভূপেন হাজৰিকাৰ মুখত শুনা ‘হে মাই যশোৱা হে’ – গানটোৱে মোক বৰকৈ উখল-মাখল লগাইছিল৷ বাঁহৰ বাঁহী এটা নিজেই সাজি লৈছিলোঁ৷ পিছে কোনো কামত নাহিল৷
বৃন্দাবনৰ গোপ-গোপিনীৰ ঘৰবিলাকত থকাৰ নিচিনাকৈ আমাৰ নাজিৰাৰ ঘৰতো দৈৰ ভাণ্ড এটা আছিল – আইতাৰ জুহালৰ ওচৰত৷ মুধচৰ পৰা ওলমাই ৰখা বেতৰ বিৰিয়া (চক্ৰাকাৰ ধাৰক) এটাত মাটিৰ এটা পাত্ৰ আছিল৷
সেইটো পিছে মোৰ আকৰ্ষণৰ কেন্দ্ৰ বৰকৈ নাছিল৷ গৰম গাখীৰৰ দৈ পতাটো বৰ এটা নিয়মৰ কথা নাছিল আমাৰ দিনৰ ঘৰবিলাকত৷ কেঁচা গাখীৰেৰে দৈ-মাটিৰ টেকেলিত-বাঁহৰ চোঁচেৰে মেৰিওৱা-ওলমাই বা নিবলৈ থ’বলৈ সুবিধা৷
অনৰবৰতে গৰু-ছাগলীৰ লগত সময় কটোৱা মানুহবিলাক সিহঁতৰ নিচিনাই ওদা হয়গৈ নেকি বাৰু! কথাটো মনলৈ আহিল আমাৰ দিনৰ কথা ভাবি৷
আমি গৰু চৰোৱা নাছিলোঁ৷ বাৰীত গৰু এৰাল দিছিলোঁ বা চৰিবলৈ এৰি দিছিলোঁ৷ নৈৰ পাৰত, ওচৰৰ বিলৰ পাৰত, মথাউৰিৰ দাঁতিত ঢেৰ ঘাঁহ আছিল৷ তাতে আমাৰ গৰুবিলাক চৰিছিল আৰু গধূলি ঘৰলৈ ঘূৰি আহিছিল৷
আমাৰ গাঁৱৰ ওচৰৰ গাঁওবিলাকৰ কিছুমান ল’ৰা কিন্তু দিনৰ দিনটো গৰু-ম’হৰ লগত ব্যস্ত হৈ থকা মই দেখিছিলোঁ৷ তেনেকুৱা ল’ৰা কিছুমান মোৰ লগৰ ল’ৰাও আছিল৷ গৰু-ম’হবোৰ চৰিবলৈ দি সিহঁতবোৰে দিনৰ দিনটো ধিতিঙালি কৰিয়েই কটাই দিছিল৷ সিহঁতৰ লগতে মই বিলৰ পাৰত ‘চেঁচু’ খান্দিছিলোঁগৈ; গৰৈ-চেঙেলী-মাগুৰ-কাৱৈ মাছ ধৰিবলৈ বৰশী টোপাইছিলোঁ; বৰশীৰ টোপৰ বাবে কেঁচু-কুমটি খান্দিছিলোঁ; কেঁচা আম ফৰ্মুটিয়াই পাৰি চকলিয়াই কলপাতত মেলি নিমখ-জলকীয়াৰে ওঁঠ-কোৱাৰি ফৰফৰাই যোৱাকৈ খাইছিলোঁ; জোক-মহ-ডাঁহৰ কামোৰ খাই খাই ভৰি-হাত-পিঠি-গাল ডমলা-ডমল হৈ পৰিছিল; ৰবাব টেঙা বখলিয়াই ম’হৰ পিঠিত উঠি কিৰিলিয়াই কিৰিলিয়াই খাইছিলোঁ৷ মুখত অসমীয়া ভাষাৰ আটাইকেইটা অবাইচ মাত আখৈ ফুটাদি ফুটিছিল৷ ওচৰে-পাজৰে জনসমাগম একেবাৰে নাছিল৷ গতিকে কথা-কামৰ অবাধ স্বাধীনতা আছিল৷ আমৰলি পৰুৱাৰ বাহ পৰাৰ পৰা, গৰুৰ ওহাৰত মুখ দি গাখীৰ খোৱাৰ পৰা, কচু-ঢেঁকীয়া বোটলা, বিড়ি-চুৰট হোঁপা, ঘামচি ফুটুৱা, লোকৰ বাৰীৰ বাঁহগাজ চুৰি কৰা, লগৰীয়াৰ যৌনাংগ পৰীক্ষা কৰা, নাঙঠ হৈ বিলত গা-ধোৱা আদি সন্ধিয়ালৈকে লানি নিছিগা কামৰ ব্যস্ততাৰ প্ৰকোপত কিন্তু আঁঠুৰ ওপৰলৈকে বগা হৈ যোৱা বোকাৰ খজুৱতিও তল পৰা নাছিল৷
এই সকলোবোৰৰ মাজে মাজে ‘ব’গাটো কেলেই বহি আছে, তাৰ কি হৈছে, তাৰ চকুত পানী কেলেই, তাৰ গোবৰত হালধীয়া ৰং কেলেই, মূৰটো কেলেই পেলাই আছে– বুলি দুবছৰীয়া বলধটোৰ ওচৰত বহেগৈ তাৰে কোনোবা এটা৷
গৰুটোৱে একো নকয়; কিন্তু তাৰ লগত ‘বলেনে’ ঘণ্টাৰ পাছত ঘণ্টা কথা পাতে৷ গৰুটোৰ কাণ-মূৰ চাফা কৰি দিয়ে, ডিঙি মোহাৰি দিয়ে, কিবা বন-লতা আনি দিয়ে, গছৰ পাতত পানী আনি দিয়ে, মহ-ডাঁহ খেদাই দিয়ে, চিকৰা গুচাই দিয়ে আৰু গধূলি বাকীবোৰ আগবাঢ়িলেও ‘বলেন’ ব’গাৰ লগত লাহে লাহেহে ঘৰমুৱা হয়৷
‘বলেনহঁত’ তেনেকৈয়ে থাকি গ’ল৷ স্কুলৰ দেওনা পাৰ নহ’ল৷ গৰু-ম’হৰ লগত থাকি থাকি পৃথিৱীত ক’ত কি ঘটি আছে, পৃথিৱীৰনো ক’ত কি আছে, অন্য ঠাইত তাৰ সমনীয়াবোৰে কি কৰি আছে, ৰেডিঅ’-খবৰ কাগজে কি কৈছে, কি বাতৰি আনিছে, পৃথিৱীত আনন্দ বুলি আৰু কিবা আছে নেকি– এইবিলাকৰ একোৰে বুজ ল’বলৈ নহ’ল৷ যেতিয়া বয়স হ’ল, মানে যেতিয়া গাভৰু দেখিলে সম্ভোগৰ ভাব মনলৈ অহাৰ বয়স হ’ল, তেতিয়া ঘৰত বিয়াৰ কথা ক’লে৷ ছোৱালীও তেনেকুৱা– গাত পিৰপিৰণি উঠে, মন ৰাইজাই কৰে কোনোবা ডেকাক দেখিলে৷ গতিকে বিয়া হ’ল৷ ল’ৰা-ছোৱালী হ’ল৷ বাপেক গৰু-ম’হৰ লগত ডাঙৰ-দীঘল হোৱা, মাক ঢেঁকী-পথাৰ-কঠিয়া-ভূঁই-খৰি-পানী-দানা-দাৱনৰ লগত দিন কটোৱা৷ গতিকে সন্তান অনুমেয়৷
কথাটো মনলৈ আহিল নগাঁৱৰ ফালে অলপতে এদিন যাওঁতে গৰু এজাকৰ লগত ওমলি-জামলি থকা এজাক কিশোৰক দেখি৷ শ্ৰীকৃষ্ণ বাৰু ভগৱান বুলি কিবা এটা হ’লগৈ৷ কিন্তু তেওঁৰ লগৰবোৰৰ কি হ’ল আমি গম নাপালোঁ৷ এইজাকৰ কোনটো কি হ’বগৈ আঁতৰৰ পৰা উমান পোৱা টান৷ কিন্তু মোৰ লগৰবোৰ তেনেকৈয়ে থাকি গ’ল বুলি মই গম পালোঁ৷
কথাটো মনলৈ আহিল এটা অভিজ্ঞতা সোঁৱৰণিৰ হাত ধৰি। মৈশাল গীত এটা বিচাৰি এবাৰ গোৱালপাৰাৰ পৰা বহুদূৰ ভটিয়াই ব্ৰহ্মপুত্ৰৰ মাজৰ চৰ এটা পাইছিলোঁগৈ৷ তাত প্ৰায় ৫০০ মান ম’হৰ মাজত ৪/৫ জন ম’হ ৰখীয়াক পাইছিলোঁ৷ তাত তেওঁলোক আছিল, নীলা পলিথিনৰ চালৰ, তৰ্জাৰ বেৰৰ এটা ঘৰত৷ লগত আছিল মাত্ৰ এলুমিনিয়ামৰ চচপেন, কেৰাহী, চাউল, আলু, তেল, নিমখ, পিয়াঁজ, হেতা, দা, কটাৰী৷ পৃথিৱীত ক’ত কি হৈছে তেওঁলোকৰ খবৰ নাই৷ সেইটো আছিল এটা পৰিয়াল– বাপেক, খুড়াক, পেহাক আৰু দুটা সৰু ল’ৰা; এটা দহ বছৰীয়া আৰু আনটো আঠ বছৰীয়া৷ তেওঁলোকৰ ঘৈণীয়েকবিলাক আৰু কন্যা সন্তানবিলাক গাঁৱত৷
ম’হ লাগে গাখীৰৰ বাবে বা পূজাত বলি দিবৰ বাবে৷ আমি কথা পাতি আছিলোঁ৷ ল’ৰাকেইটা আমাৰ ওচৰলৈ আহিলেই বাপেক-খুড়াকে গালি পাৰি খেদাই দিছিল– ‘সৌটোক এটাক শিঙেৰে খুচিলে– তেজ ওলাইছে– কি চাই আছ!’- বুলি৷
আমাৰ সমস্ত সময় কেৱল ম’হৰ বেমাৰ, গাখীৰ, নাৱত অহা ম’হৰ দৰৱ, ম’হৰ পোৱালি, গৰ্ভৱতী ম’হৰ কথা আদিৰেই পাৰ হৈ গ’ল৷ সাহিত্য, ৰাজনীতি, ধৰ্ম, অৰ্থনীতি, বিজ্ঞান, প্ৰযুক্তি, গাড়ী, মটৰ অট্টালিকা, বাতানুকূলতা আদি অনুপস্থিত আছিল৷ বৰ ডাঙৰ দায়িত্ব৷ বহুত ম’হ৷ গতিকে জামাল আৰু খুৰশ্বিদ দুয়োটাকে ম’হৰ লগত বিয়া দি দিয়াৰ নিচিনাই হৈছে৷ সিহঁতো কথাই কামে পাৰ্গত হৈ উঠিছে৷
কথাটো মনলৈ আহিল মই প্ৰাতঃভ্ৰমণলৈ যাওঁতে প্ৰায় দৈনিক লগ পোৱা– মানে দেখা এজনী কুকুৰ ফুৰোৱা গাভৰুক দেখি দেখি৷
তাই থাকে এজন উকীলৰ ঘৰত৷ সৰুতেই মানে ৫ বছৰ বয়সতে তাইৰ বাপেকে তাইক তাত থৈ গৈছিল৷ তেওঁৰ মাটি-বাৰীৰ কিবা মোকৰ্দমা চলিছিল৷ মানুহজন ফীজ দিবলৈ অসমৰ্থ৷ উকীলে কৈছিল – মোৰ ফীজ তই বলে নোৱাৰ৷ ঘৰত ল’ৰা-ছোৱালী আছে যদি এটা থৈ যাবিহি, মোৰ কুকুৰটোৰ যত্ন ল’ব লাগে৷ ৰন্ধা-বঢ়া, সৰা-মচা, কাপোৰ ধোৱা, ফুলৰ টাব, বাৰী-ঘৰ চোৱা-চিতা কৰাৰ কাৰণে মোৰ বেলেগ মানুহ আছে৷ সেইমতেই আজি দহ বছৰৰ আগেয়ে তাইৰ বাপেকে তাইক উকীলৰ ঘৰত থৈ গৈছিলহি৷
সেই তেতিয়াৰ পৰাই উকীলৰ কুকুৰৰ লগতেই তাইৰ জীৱন৷ প্ৰথমতে এটা নোমাল সৰুফুটীয়া বগা ‘জাৰ্মান স্পিৎজ’ আছিল৷ তাৰ কাৰণে বেলেগ আঁঠুৱা তৰা বিছনা আছিল৷ পাকঘৰৰ ওচৰৰ ৰেকত টেমা আৰু পেকেটত খাদ্য আছিল৷ সপ্তাহত গা ধুৱাবলৈ এটুকুৰা চাবোন আৰু মাহেকত গা ধুৱাবলৈ এটুকুৰা বেলেগ চাবোন আছিল৷ তাই গাত সানিবলৈ Ponds পাউদাৰ আছিল কিন্তু কুকুৰটোৰ বাবে বেলেগ পউদাৰো আছিল, পাৰফিউমো আছিল৷
কুকুৰটোৰ লগত থকাটোৱেই টাইৰ একমাত্ৰ কাম আছিল৷ কুকুৰটোৰ ফটো উকীলৰ ড্ৰয়িংৰূমৰ আটাইবোৰ বেৰত ভমকা ভমক ফুলৰ নিচিনাকৈ ৰখা হৈছিল৷ তাইৰ ফটোও আছিল– চালে চকু ৰোৱাকৈ৷ ‘ৰলি’-ৰ লগত তাই একাত্ম হৈ পৰিছিল৷ তাৰ প্ৰতিটো অংগী-ভংগী আৰু মন তাই পুৰা বুজি পাইছিল৷
সেইটো কুকুৰ মৰাৰ পাছত এটা লাব্ৰাড’ৰ অনা হ’ল৷ ‘চুজি’-ৰ লগতো তাই একাত্ম হৈ পৰিব পাৰিলে৷ তাই উকীলজনে তাইৰ বাপেকৰ মাটিৰ কেছ কেতিয়া শেষ কৰিব একো বুজিব নোৱাৰিলেও, ‘চুজি’-ৰ লগত তাই সুন্দৰকৈ কথা-বতৰা চলাই থাকিল৷ তাই দিলেহে ‘চুজি’-য়ে খায়৷ তাই মাতিলেহে আহে৷ উকীলৰ ল’ৰা-ছোৱালীৰ লগত তাইৰ তেনে কোনো কথা নাই৷ কুকুৰৰ প্ৰতিয়েই উৎসৰ্গিত তাইৰ জীৱন৷
‘চুজি’ ঢুকুৱাৰ পাছত ‘ৰণ’ আহিল৷ সি এটা ‘পুগ’ (Pug)৷ তাই ‘ৰণ’ৰ লগতো একাত্ম হৈ পৰিছিল৷ কিন্তু উকীলৰ ছোৱালীৰ পচন্দ নোহোৱাত মালিকে এটা ‘ব’ৰ্ডাৰ কলি’ ( Border Collie) আনিলে৷ উকীলনীয়ে নাম ৰাখিলে ‘ৰাণী’৷ পিছে ছমাহমানৰ পাছত তাইৰ mating-ৰ সমস্যা হ’ল৷ ডাক্তৰ – মনস্তত্ত্ববিদ বহুতৰ লগত আলোচনা কৰি অৱশেষত তাইক ঘৰৰ পৰা লৈ যোৱা হ’ল৷
এতিয়া শেহতীয়াকৈ আহিছে এটা ‘পমাৰেনিয়ান’ (Pomeranian)৷ আমৰলি পৰুৱাৰ ৰঙৰ কুকুৰটো নোমে-মনে বৰ জাতিষ্কাৰ৷ তাৰ লগতে তাইৰ জীৱন এতিয়া সাঙোৰ খাই পৰিছে৷ সি Rap music ভাল পায় আৰু তাৰ তালে তালে নাচে৷ গতিকে তাই এশটামান গান মুখস্থ কৰি লৈছে; নিজেও গায় আৰু computer-ত বজাই ‘এলেক্সা’-ৰ যোগেদি শুনায়৷
আগৰ দুটা কুকুৰ খুব কম দিনৰ ভিতৰত হৰণ-ভগন হোৱাৰ কাৰণে উকীল আৰু উকীলনী বৰ চিন্তিত আৰু সেয়ে এইবাৰ তেওঁলোকে নিজেও অলপ চকু দিছে৷ ৰাতিপুৱা গধূলি ফুৰাবলৈ নিওঁতে ছোৱালীজনীয়ে তাৰ টিকাত এবিধ বিশেষ ধৰণৰ মোনা পিন্ধাই নিয়ে, যাতে ‘পটি’ কৰাত একো অসুবিধা নহয়– মানুহেও নেদেখে আৰু ৰাষ্টাও লেতেৰা নহয়৷ এইবোৰ কৰি কৰি তাই ইমান ধুনীয়া পাহোৱাল ছোৱালীজনী ‘কুকুৰময়’ হৈ পৰিছেগৈ৷
ছোৱালীজনীয়ে ৰাষ্টাত অন্য একোলৈকে নাচায়৷ কেৱল কুকুৰটোৰ ওপৰতে চকু৷ সিদিনা হঠাৎ কেইটোপালমান আচম্বিতে বৰষুণ আহি যোৱাত তাই মানুহজনী কুকুৰটো সাবটি ৰাষ্টাতে বহি পৰিল, যাতে কুকুৰটোৰ গাত এটোপাও পানী নপৰে৷ কেনেবাকৈ জ্বৰ-তৰ উঠিলে কি হ’ব! কিন্তু বৰষুণ অকণমান দীঘলীয়া হ’ব যেন পাই তাই তাক বুকুত সুমুৱাই দৌৰ মাৰিলে ঘৰলৈ৷
কথাটো মনত পৰিল কেইদিনমানৰ আগতে এটা অফিচলৈ যাওঁতে৷
২০১৯ চনতে মই অফিচটোত এটা প্ৰস্তাৱ দিছিলোঁ৷ কথাটো তেতিয়া একো আগ নাবাঢ়িল৷ মূৰব্বীবিলাক সঘনাই বদলি হৈ থাকে৷ তলৰ মানুহবিলাকে কথাবিলাক নুবুজে৷ ফাইলত লিখিবলৈ সাহস নকৰে৷ মই গৈ কথাটো বুজাই দিলেও লিখোঁতে কিবাকিবিবোৰ লিখে৷ ফলত একো নহয়৷
কথাটো মোৰ একো জীৱন-মৰণৰ কথা নহয়৷ এটা ৰাজহুৱা ৰাষ্টাৰ কথা৷ সেয়ে মই সদায় গৈ থকাও নাছিলোঁ৷ গতিকে কথাটো দেৰি হৈ গৈ আছে৷
এইবাৰ এজন নতুন মুৰব্বী আহিল৷ তেওঁক ক’লোঁগৈ৷ তেওঁ কথাটো দুবছৰ হ’ল বুলি শুনি আচৰিত হ’ল আৰু কাগজ পত্ৰবোৰ-ফাইলটো আনিবলৈ দিলে৷ ফাইলটো পঢ়ি চাই তেওঁ মোক ক’লে – আপুনি আপোনাৰ প্ৰস্তাৱটো চাই-চিতি …. লৈ recommend কৰিবলৈ লিখিছিল; কিন্তু এওঁলোকে কামটোৰ বাবে PWD-ৰ পৰা estimate বিচাৰি চিঠি লিখিছে৷ Estimate অহা নাই, গতিকে চিঠিখন লিখা হোৱা নাই৷
মই ভাবিলোঁ এই মানুহবিলাকৰ মাজত এই মানুহজনে কেনেকৈ কাম কৰিব? মই কতবাৰ গৈছোঁ, কিবা নুবুজিলে মোক সুধিলেই হয়৷ মই সুধিলে ‘কৰি আছোঁ’, ‘কৰি আছোঁ’ বুলি কয়৷ মোৰ ফোন নম্বৰো দিয়া আছে, কিবা সুধিব লগা থাকিলে ফোন এটা কৰিলেই হয়৷ কিন্তু সেইবোৰ একো নঘটিল৷
এই মানুহবিলাকক এই মানুহজনে এতিয়া কেনেকৈ চম্ভালিব বা চলাব? প্ৰত্যেকটো মানুহেই একোটা একোটা পূৰঠ মানুহ৷ প্ৰত্যেকৰে কিবাকিবি স্কুল-কলেজৰ ডিগ্ৰী আছে৷ কিন্তু অফিচটোৰ ১০/১২ টা মানুহে মাহেকৰ সমূহীয়া ৫-১০ লাখ টকা দৰমহাৰ বিনিময়তো এখন কাগজো শুদ্ধকৈ লিখিব বা এটা কামো নিয়াৰিকৈ কৰিব নোৱাৰে৷ একমাত্ৰ মূৰব্বীজনৰ খোঁচতহে যদি কিবা কাম হয়, হয় আৰু৷ অৰ্থাৎ গৰুৰ জাকটোক গৰখীয়াটোৱে চিঞৰি-বাখৰি এছাৰিৰে কোবাই দৌৰি হেঁকিয়াই নিয়াৰ দৰে এই মূৰব্বীজনেও গৰখীয়াৰ ভূমিকাটো পালন কৰিব লাগিব৷ নহ’লে সকলোবোৰ উদঙীয়া গৰুৰ নিচিনা হৈছে৷ কোন কেতিয়া আহিছে-গৈছে কাৰো নিয়ন্ত্ৰণ নাই৷ কাম শিকাৰ প্ৰতি কাৰো তিলমানো আগ্ৰহ নাই৷
নহ’লে তেৱোঁ এই গৰুৰ জাকৰ লগত বা ম’হৰ জাকৰ লগত বা কুকুৰৰ জাকৰ লগত থাকি থাকি এক ধৰণৰ ‘বিশেষ জন্তু’ হৈ পৰিব লাগিব৷ বহুত অফিচত বহুত কৰ্মদক্ষ মানুহ আছে, বহুতৰ বহুত আনন্দদায়ক অভিজ্ঞতাও হৈছে; আনকি মোৰো বহুত ঠাইত বহুত ভাল অভিজ্ঞতা হৈছে৷ কিন্তু তথাপি কওঁ যে আমাৰ সৰহভাগ অফিচতেই ‘ভাল’ মানুহ ‘গৰখীয়া’ হৈ যোৱাৰ আশংকাই বেছি৷ আচলতে মাত্ৰ কেইজনমান মানুহেৰেই একোটা কাৰ্যালয় বহুত দক্ষতাৰে চলাব পাৰি৷ বাকীবিলাকক বাঘক খাবলৈ দি দিব পাৰি৷
কিন্তু এই পালটোক এৰিবও নোৱাৰি ধৰিবও নোৱাৰি৷ গৰুক যেনেকৈ গাখীৰ, ছাল, মাংস আদিৰ বাবে লাগে এই পালটোকো সিহঁতৰ পৰিয়ালটোক ভৰণ-পোষণ দিবৰ বাবে লাগে৷ অন্যথা সিহঁতৰ কাৰ্যালয়ত একো কাম নাই৷
মই জীৱনত দেখা সঁচাসঁচি গৰখীয়া, ম’হপালক, কুকুৰৰখীয়াবিলাক জীৱনত স্থবিৰ হৈ পৰাৰ নিচিনাকৈ আমাৰ অফিচবিলাকৰ এই গৰ্দ্ধবসদৃশ পালবিলাকৰ লগত পৰি তাত থকা চোকা, দক্ষ, উৎসাহী মানুহবিলাকো স্থবিৰ হৈ পৰা দেখিছোঁ৷ তাতে ব্যৱস্থাটো হ’ল এই যে দোষ কৰিলে শাস্তি আছে, কিন্তু ভাল কাম কৰিলেও পুৰস্কাৰ নাই৷ গতিকে, টেঙৰ গৰখীয়া আৰু ধেঙৰ মূৰব্বী পলায়, স্থানত্যাগ কৰে৷ আনহাতে পালটোৱে তেওঁলোকৰ মানদণ্ডৰ সাফল্যৰে চাকৰি জীৱন বা নিজৰ জীৱনটোৰ পৰিসমাপ্তি ঘটায়৷
কথাটো মনলৈ আহিল এগৰাকী অসমীয়া ছোৱালীয়ে কোৱা তেওঁৰ এটা অভিজ্ঞতাৰ কথা মনলৈ অহাত৷ তেওঁ পঢ়া-শুনাত বৰ চোকা৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত গৱেষণা কৰিছিল৷ জাৰ্মানিৰ এখন বিশ্ববিদ্যালয়তো অধ্যাপনা কৰিছিল৷ ২০১০-১২ চনমানত এদল অধ্যাপকৰ দলত তেওঁক সন্নিৱিষ্ট কৰা হৈছিল- আফগানিস্তান পুনৰ নিৰ্মাণ প্ৰকল্প এটাৰ অধীনত কাবুল বিশ্ববিদ্যালয়লৈ গৈ তাত কিছুমান পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা আছিল তেওঁলোকৰ কাম৷ তেওঁ অংকৰ অধ্যাপনা কৰিছিল৷ কাবুল বিমান বন্দৰৰ পৰা তেওঁলোকক বিশ্ববিদ্যালয়ৰ অতিথিশালালৈ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে লৈ যোৱা হৈছিল৷ ৰাতি শুবৰ সময়ত তেওঁলৈ ৰিচেপ্শ্বনৰ মাধ্যমেৰে এটা ফোন আহিল – “আমি ইয়াত আপোনাৰ উপস্থিতি অলপো ভাল পোৱা নাই৷ বোৰ্খা নিপিন্ধাকৈ কোনো মাইকী মানুহ ইয়াত ঘূৰা-ফিৰা কৰিব নোৱাৰিব৷ যদি আপুনি আমাৰ নিৰ্দেশ পালন নকৰে তেন্তে আমাৰ শ্বৰিয়ৎ নিয়মমতে আপোনাক মৃত্যুদণ্ড বিহা হ’ব৷”
এই ভাবুকি পাই তেওঁ পিছদিনাই আফগানিস্তানৰ পৰা গুচি আহিল – তহঁত মৰ-জীয় তহঁতৰ কথা ! মই অধ্যাপনাৰ কামতহে আহিছিলোঁ৷ পঢ়া-শুনাতো যদি তহঁতৰ মান্ধাতাযুগীয়া ধৰ্মৰ নিয়ম চলাবলৈ আহ, তেন্তে কৰি থাক যি কৰ, মোৰ কিহৰ গৰজ পৰিছে! গৰুৰ আগত বীণ বায়, শিং জোকাৰি ঘাঁহ খায়৷
কথাটো মনলৈ আহিল তালিবানে দখল কৰা আফগানিস্তানৰ কথাবোৰ দেখি-শুনি-পঢ়ি, মোল্লা-বন্দুক-প্ৰশাসন একে হোৱা দেখি৷ এপাল গদ্ধৰ্বসদৃশ হিংস্ৰ জন্তুক চলাবলৈ লৈ বা ইমান দিনে চলাই চলাই সিহঁতৰ গৰখীয়াবিলাকো ‘কেনেবা’ হৈ পৰিছে! মানুহৰ আকৃতিৰ দানৱ৷ সভ্য মানুহৰ দৃষ্টিত পশু৷
সৰুতে ঘৰৰ গৰু-গাই চৰোৱা, নিজৰ ঘৰৰ কাম কৰা, খৰি ফলা, কোৰ মৰা, হাল বোৱা, খেতি-বাতি কৰা মানুহ ডাঙৰ মানুহ হৈছে– প্ৰতিষ্ঠিত মানুহ হৈছে – সফল মানুহ হৈছে৷ কিন্তু গৰু-ম’হৰ লগত ‘বন্ধা খটা মানুহে’ নোৱাৰে৷ নিৰ্বোধ পশুৱে মৰম লগাব পাৰে; জীৱনত মমতা-কাৰুণ্য ৰস দিব পাৰে; বা জীৱনৰ বাবে প্ৰয়োজনীয় দুই এটা জ্ঞান দিব পাৰে; কিন্তু মানুহৰ মাজত থকা মানৱৰ উত্তৰণ ঘটাব নোৱাৰে৷ পশু আৰু পশুপালক একেটা পৰ্যায়তে থাকি যায় – সামান্য ইফাল-সিফাল হৈ৷
কথাটো মনলৈ আহিল অসমৰ ৰাজনীতি-সমাজ-অৰ্থনীতিত এদল-এদল, এপাল-এপাল গদ্ধৰ্বসদৃশক দেখি দেখি আৰু সিবিলাকৰ পালক বা ৰখীয়াবিলাকক দেখি দেখি৷ ভেড়াপালকে ভেড়াক বুজে, গৰখীয়াই গৰুক বুজে, ম’হপালকে ম’হক বুজে, কুকুৰপালকে কুকুৰক বুজে৷ কিন্তু সিমানতে মনুষ্য জীৱনৰ সমাপ্তি ঘটিব নালাগে৷ ১০ বছৰ কুকুৰৰ লগত জীৱন কটাবলৈ বাধ্য কৰোৱা উকীলজনে কাক কি ন্যায় দিয়াব বুজা টান৷ সপ্তম শতিকাৰ ধৰ্মৰ কথাৰে মোল্লাই বাৰু কেনেকৈ একবিংশ শতিকাৰ মানুহক পৰিচালিত কৰিব! শ্ৰীকৃষ্ণ ভগৱান আছিল কাৰণে ডাঙৰ-দীঘল হৈ বৃন্দাৱন এৰি মথুৰা-দ্বাৰকালৈ গৈ মহাভাৰতৰ মহানায়ক হ’ব পাৰিলে৷ কিন্তু কেৱল জীৱ-জন্তুৰ লগত Primitive ধৰণে দিন-ৰাতি কটোৱা মানুহৰ কি হ’ব? আধুনিক ধৰণে পশুপালন উদ্যোগ পাতি পশুৰ লগত সময় কটোৱা হ’লেও কথাটো বেলেগ আছিল৷
কথাটো মনলৈ আহিল…
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
