Written by sdblogs2011 4:35 pm Poems

পদ্যৰে যোগ নেওতা, বিষয়: মাছ

 অনসূয়া বৰঠাকুৰ

(দুইৰ ভাগ)

২+১= ৩ (দুয়ে একে তিনি)

পিতায়ে আনিছে মাছ দুই কেজি কিনি।

২+২= ৪ (দুয়ে দুয়ে চাৰি)

তাৰে এক কেজি ৰৌ, এক কেজি আঁৰি।

২+৩= ৫ (দুয়ে তিনিয়ে পাঁচ)

জীয়াভৰলী নৈত পায় শিলঘৰীয়া মাছ।

২+৪=৬ (দুয়ে চাৰিয়ে ছয়)

চিতলৰ সৰুটোকে খঁৰিয়া বুলি কয়।

২+৫= ৭ (দুয়ে পাঁচে সাত)

মৈদাৰে মাছকেইটা সৰু সৰুকৈ কাট।

২+৬ = ৮ (দুয়ে ছয়ে আঠ)

ৰৌ আৰু ভকুৱাৰ বাকলি বৰ ডাঠ।

২+ ৭ = ৯ (দুয়ে সাতে ন)

পুখুৰীটোত নানামিবি, পানী বৰ দ।

২+৮ = ১০ (দুয়ে আঠে দহ)

বাছি-কাটি মাছকেইটা, খন্তেক বহ।

২+৯ =১১ (দুয়ে নয়ে এঘাৰ)

মেকুৰীয়ে নিব মাছ, ঢাকোন যদি নেমাৰ।

২+১০=১২ (দুয়ে দহে বাৰ)

বৰশী বাওঁতে পালোঁ বাত, পাভ, নাৰ।

 …

ঠিকনা : জ’ৰথাং, দক্ষিণ ছিকিম

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close