Written by sdblogs2011 7:54 am Poems

পথ কেনি

অৰ্চনা ঠাকুৰীয়া

প্ৰলাপ কিয় বকিছা… 

তুমিতো জানাই যিখন নদীয়ে বোৱাই আনে

গলিত মৰাশ

সেই একেখন নদীয়েই আনিব পাৰে

স্ফটিক পানীৰ জীৱন-যমুনা

মন গ’লেই তুমি চাব পাৰিবা 

মোৰ হাতৰ মুঠিত লুকাই ৰখা অনন্ত আকাশ কিম্বা

ক্ষুধাতুৰ পৃথিৱীৰ আঘোণী-পথাৰ 

অংকত নিপুণ হ’লেও

তুমি বুজা উচিত যে অংক মানেই জংক পংক

নিমিলিলে মহা পয়মাল,  

জীৱনৰ এই জটিল অংক 

আশাত চেঁচা পানী পৰিব পাৰে

স্বাৰ্থহীন ভালপোৱাৰ বাবেই অন্ততঃ জীৱনটোক জীয়াই থ’বা 

পোহৰক ঠিকনা দিবা

ঈৰ্ষাবিহীন এখন অন্তৰৰ বাবেই মাথোঁ 

তেজক পানী কৰি 

বিলাই ফুৰিবা দুপৰৰ মৰিশালিত 

গাব পৰা এফাঁকি মাধৱী- ঘোষা

বুজা-বুজোৱা বহুত হ’ল

অন্তত, এতিয়া মই তোমাক সুধিছোঁ

কুশলে আছানে তুমি

কেনে আছে তোমাৰ বুকুৰ জুইকুৰা

তেওঁ মূৰ তুলি মোলৈ চালে

দেখিলে মোৰ দুচকুত এহালি জোনাকী পৰুৱা

এটি ঈশ্বৰ

আনটো মায়া 

Visited 5 times, 1 visit(s) today
Website |  + posts
Close