Written by sdblogs2011 2:41 am Poems

পঢ় পঢ় পঢ়

জয়ন্ত দত্ত

পঢ় পঢ় পঢ়

আখৰৰ জখলাৰে উধাইহে উভালিব পাৰিবি

কঙালৰ কাঁইট

কলঢোপ কলঢোপকৈ আছোঁ

পুতৌৰ চাবুকেৰে কোবাই আঁচনিৰ এৰেহাই

কিতাপৰ হাতেৰেহে তুলিব পাৰিব

আকিঞ্চন সাগৰৰ অতলৰ পৰা

পিছে হালধীয়া গাড়ীবোৰত যোৱা 

ফিট-ফাট ফুকলীয়াবোৰৰ সৈতে সমানে খোজ দিব পাৰিবনে তোৰ উকা ভৰিৰ খোজে….

ফুলকলি চকুতো চহৰখন ভাগ ভাগ

আকাশনীলা পোছাক পিন্ধাবোৰ আটাইতকৈ দামী

তাৰ পাছত বগা সেউজীয়া ৰঙৰ, তাৰ পাছত….

হীনমন্য ৰঙৰ তোৰ পোছাক সোণ সকলোৱে চিনে দুটা চাৰিআলিৰ সিপাৰৰ স্কুলখনৰ বুলি

চাবি চাবি দামী ৰঙৰ উজুটিত যাবি

খুপি খুপি যাবি

পঢ় পঢ় পঢ়

পিছে সিহঁতৰ প্ৰতিটো বিষয়তে ঘৰুৱা শিক্ষক

আইমুখৰ ভাষাটো শিকাবলৈকো দুজনকৈ আহে…

তহঁতৰ স্কুলৰ মাষ্টৰৰ সপোনবোৰো

দামী দামী পোছাকৰ মাজত তিৰবিৰায়

মোৰ জীৱনটোৰ ঘটন তেওঁলোকৰ এদিনৰ

পিছে বজাৰহে একেখন

মই গ্ৰামত কিনো তেওঁলোকে কিনে কুইণ্টলত…

চা চা

মাজৰাস্তাতে মানুহজনী হামখুৰি খাই পৰিল

কাষেৰে চাট্ চাট্ কৈ পাৰ হৈছে বিলাসী গাড়ী

কেৰাহি কৈ চাই দামী পোছাকৰ ভৰি…

যা যা

সোণ তয়েই যা তুলি ধৰগৈ

সিহঁতৰ গাত চেকা লাগিলে বৰ বেয়া দেখাব

তোৰ গাত লাগিলে গাৰ ৰঙৰ সৈতে মিলি যাব…

পঢ় পঢ় পঢ়

সোণ পঢ়….

***

ঠিকনা :

দ গাঁও নলনিখাত

ডাক: গৰখীয়া দ’ল

যোৰহাট -৭৮৫০১৫ভ্ৰাম্যভাষ : ৯৩৬৫৪৫৭৭৫১

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close