Written by sdblogs2011 5:35 am Poems

পচলা

ভাস্কৰ জে নাথ

খাবলৈ অনাটো পচলা 

কোনেনো নাজানে এই কথা

ননাটো ডাঙৰ হ’ব 

কলডিলীয়া হাঁহি মাৰি 

কল লাগিব থোকভৰি 

অন্ততঃ ভাত নহ’লে কল 

চলি যায় চলিহাপৰাৰ সংসাৰ 

পিছে কল পকালৈহে ভয় 

বাদুলি‍য়ে খাব বুলি 

ৰাতিটোৱেই হাতীটো 

পিছে এতিয়া দিনতে হাতী 

দিনতে বাদুলি‍।।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close