Written by sdblogs2011 7:10 am Poems

পখীৰ সুৱদি মাত

মানসী গোস্বামী

অ’ ৰুণ, অ ৰুণ

মৌমাখিৰ গুণগুণ,

নূপুৰৰ ৰুণজুন

শুনি ভাল লাগে চোন।

কুলিয়ে কৰে কুউ কুউ

গছৰ ডালত বহি,

বিহু বুলি দূৰণিত

সেইটো মই কেতেকী।

সখী ঔ সখী ঔ

বোলে সখিয়তী,

হেঁটুলুক হেঁটুলুক

হেঁটুলুকা চৰাইটি।

কিলিউ কিলিউ মাত

সেইটো চোন শালিকা,

কাহিলী পুৱাতেই জানো

ফেঁচুৰ চিঁউ শুনিছা?

দুপৰীয়া নিজানত

কপৌৰ গধুৰ ৰুণ,

সাতভায়াৰ কোৰ্হাল

শেষেই নহয় চোন।

কোৱাক কোৱাক কৰি

ডাউকবোৰে মাতে,

ফেঁচাৰ কুৰুলিয়ে

ৰাতি গভীৰ কৰে।

পিউ পিউ মাতেৰে

পানীপিয়া পখীটি,

চিৰিক চিৰিক জঁপিয়াই

ঘনচিৰিকা চৰাইটি।

কা কা কৈ কাউৰীয়ে

আছে আলহী মাতি,

ভয় নকৰিবা যদি মাতে

হুদুৱে জয়াল ৰাতি।

শুনিবলৈ কি যে ভাল

নানা পখীৰ কাকলি,

নিৰলত শুনিবা

মন হ’ব মুকলি।।

কবিৰ ইমেইল – goswami.manoshi@gmail.com

Visited 1 times, 1 visit(s) today
Website |  + posts
Close