Written by sdblogs2011 4:01 am Poems

পখীৰ সুৱদি মাত

 মানসী গোস্বামী

অ’ ৰুণ, অ’ ৰুণ

মৌমাখিৰ গুণগুণ,

নূপুৰৰ ৰুণজুন

শুনি ভাল লাগেচোন।

কুউ কুউ কৰে কুলি

গছৰ ডালত বহি,

বিহু বুলি দূৰণিত

সেইটো মই কেতেকী।

সখী ঔ সখী ঔ

বোলে সখিয়তী,

হেঁটুলুক হেঁটুলুক

হেঁটুলুকা চৰাইটি।

কিলিউ কিলিউ মাত

সেইটোচোন শালিকা,

কাহিলী পুৱাতেই জানো

ফেঁচুৰ চিঁউ শুনিছা?

দুপৰীয়া নিজানত

কপৌৰ গধুৰ ৰুণ,

সাতোভাইৰ কোৰ্হাল

শেষেই নহয়চোন।

কোৱাক কোৱাক কৰি

ডাউকবোৰে মাতে,

ফেঁচাৰ কুৰুলিয়ে

ৰাতি গভীৰ কৰে।

পিউ পিউ মাতেৰে

পানীপিয়া পখীটি,

চিৰিক চিৰিক জঁপিয়ায়

ঘনচিৰিকা চৰাইটি।

কা কা কৈ কাউৰীয়ে

আছে আলহী মাতি,

ভয় নকৰিবা যদি মাতে

হুদুৱে জয়াল ৰাতি।

শুনিবলৈ কি যে ভাল

নানা পখীৰ কাকলি,

নিৰলত শুনিবা

মন হ’ব মুকলি।।

***

কবিৰ ইমেইল – goswami.manoshi@gmail.com

Visited 10 times, 1 visit(s) today
Website |  + posts
Close