Written by sdblogs2011 6:56 am Articles

নৱ আলোকৰ উন্মেষ

 অজিত ছিংনাৰ

কথাৰ গুৰুত্ব বুজি সোনকালে আলোচনা এটা কৰিবৰ বাবে ছাৰকুৰুৱে ছাৰ্থে, মনছিং আৰু ছাৰবুৰাক নিজৰ পথাৰৰ কাষতে থকা কঁঠালজোপাৰ গুৰিত বহিবলৈ মাতিলে৷ কথাটো আলোচনা কৰি এটা সিদ্ধান্ত এতিয়াই লোৱাৰ মানস কৰিছে ছাৰকুৰুৱে৷ ইয়াত ছাৰ্থেহঁতৰ মতামত নিতান্তই প্ৰয়োজন৷ কোৰখন পথাৰতে থৈ সি পূবৰ পৰা পশ্চিমলৈ বৈ যোৱা জুৰিটোত মুখ-হাত ধুলে আৰু কঁঠালজোপাৰ গুৰিত বহিলহি৷ সি বেলিটোলৈ এবাৰ চাই পঠিয়ালে৷ জুইৰ ঘূৰণীয়া অঙঠা হেন হৈ থকা জেঠমহীয়া বেলিটোৰ ৰ’দ তীব্ৰ হৈ পৰাত গৰম ভালদৰেই পৰিছে৷ কোৰ মাৰি থাকোঁতে তীব্ৰ ৰ’দত ছাৰকুৰুৰ গাৰে জোল বৈছিল৷ এতিয়া কঁঠাল গছজোপাৰ ছাঁত বহিহে সি অলপ সকাহ পাইছে৷ পাহাৰৰ পাকে পাকে ধীৰে ধীৰে বৈ থকা বতাহ এছাটিৰ বাবেও সি আৰাম অনুভৱ কৰিছে৷

কাষ আহি পোৱা ছাৰ্থেহঁতলৈ ছাৰকুৰুৱে চাই দেখিলে তাৰ দৰেই সিহঁতৰ গাতো বোকা-পানী আৰু ৰ’দৰ তাপত সিহঁতো ৰঙা পৰি আহিছে, গাৰে ঘাম বৈছে৷ কঁঠালজোপাৰ ছাঁত বহিহে যেন সিহঁতেও উশাহ ল’ব পাৰিছে৷ অলপ সময় বহাৰ পাছতে ছাৰ্থেহঁতৰ মনত উদয় হোৱা উৎসুকতাৰ উমান পাই দেৰি নকৰি ছাৰকুৰুৱে কথা উলিয়ালে– ‘তহঁতে গম পাইছ নে? গাঁওবুঢ়াই এই গাঁও এৰি আন ঠাইত গাঁও পাতিবলৈ খাটাং কৰিছে৷ আজি গধূলি মিটিং কৰি ৰাইজক জনাব বুলিও শুনিছোঁ৷’

‘কথাটো ময়ো শুনিছোঁ৷’ ছাৰ্থেই মাত দিলে৷ ‘তদুপৰি গাঁওবুঢ়াই ইয়াৰ সকলোবোৰ মানুহকে লগত লৈ যোৱাৰ কথাও কৈছে৷ মই হ’লে নাযাওঁ৷ অকলে হ’লেও ইয়াতে থাকিম৷’

ছাৰ্থেৰ কথা শুনি ছাৰকুৰুৰ মনটো ভাল লাগি গ’ল৷ সিহঁতৰ মতামত এনে হোৱাটোকে সি বিচাৰি আছিল৷ সি টপৰাই মাত দিলে–‘অকলশৰীয়া নহ’ৱ দে৷ ময়ো ইয়াতে থাকিম৷ সেই কাৰণে আলোচনা কৰিবলৈ মাতিছোঁ৷’

‘নাই নাই, আমিও নাযাওঁ৷ আমিও ইয়াতে থাকিম৷’– মনছিং আৰু ছাৰবুৰায়ো ছাৰকুৰুৰ কথাতে হয়ভৰ দিলে৷

‘ঠিকেই আছে তেন্তে৷ আনবোৰ গ’লেও যাওক৷ আমি নাযাওঁ৷ গাঁওবুঢ়া হ’ল বুলিয়েই সকলো কথাতে তাৰ মতেই চলিব লাগিব বুলি কি কথা আছে হে ? আমি এতিয়া চাৰিঘৰ হ’লোঁ৷ আৰু দুঘৰমান মানুহ আমাৰ লগ লাগিলে আমাৰ শক্তি আৰু বাঢ়িবহে৷’

‘গাঁওখনতনো কেইঘৰ মানুহ আছে !’ এইবাৰ ছাৰবুৰাই মাত দিলে– ‘মুঠতে বাৰঘৰ৷ আমি চাৰিঘৰ ৰৈ গ’লে থাকিব মাত্ৰ আঠঘৰ৷ গাঁওবুঢ়াই সেই আঠঘৰকে লৈ ক’লৈ যায় যাওক৷’

‘তেন্তে কথাটো ঠিক হ’ল৷’– ছাৰকুৰুৱে মোনাৰ পৰা ছাৰ্থেহঁতলৈ শালপাত আৰু মানচাধা আগ বঢ়াই দিলে৷ ‘আমি ইয়াৰ পৰা কেতিয়াও নাযাওঁ৷ মই অকলশৰীয়া হ’ম বুলি ভয় খাইছিলোঁ৷ তহঁত মোৰ লগত থকা বাবে মই বৰ ভাল পাইছোঁ৷ যিমানেই যি নহওক, বিপদৰ সময়ত সহায়ৰ হাত বৰকৈ প্ৰয়োজন হয়৷ তোনেকুৱাত সমাজ এখন নহ’লেও নহয়৷ আমিয়েই নতুনকৈ এখন সমাজ পাতি ল’ম৷ পানীখেতি কৰিবলৈ লোৱা বাবে গাঁওবুঢ়াৰ আমাৰ ওপৰত খং৷ এসময়ত মোক কম ঠাট্টা-বিদ্ৰুপ কৰিছিল নে এই গাঁওবুঢ়াই…’

চাৰিওজনে শালপাতৰ বিড়ি হুপি হুপি কিছুসময় কথা পাতি থাকিল৷ সিহঁতৰ আলোচনাত পানীখেতি আৰু গাঁওবুঢ়াৰ কথাই বিশেষ গুৰুত্ব পালে৷ সময় যোৱাৰ লগে লগে সিহঁতৰ গাবোৰো শাঁত পৰি আহিল৷ পশ্চিম আকাশত ভালেখিনি তললৈ নামি যোৱা বেলিটোলৈ হঠাতে এবাৰ চাই ছাৰকুৰুৱে কামলৈ মন মেলিলে– ‘কথাবোৰ পতা হৈ গৈছে৷ এতিয়া কামতহে ধৰোঁ৷’

ছাৰকুৰুৱে কোৰখন লৈ পথাৰত নামিল আৰু কোৰ মাৰিবলৈ ধৰিলে৷ ছাৰ্থেহঁতেও নিজৰ নিজৰ পথাৰত কোৰ মাৰিছেগৈ৷ দুবছৰ ধৰি ছাৰকুৰুৱে কোৰ মাৰি মাৰিয়েই পানীখেতি কৰিলে৷ সি ভৈয়ামত ৰবীনৰ পথাৰত হাল বাই পাইছে, ঘৈণীয়েকে ভূঁই ৰুই পাইছে৷ সি ভাবি থৈছে– এইবাৰ সি গৰু এহাল আৰু নাঙল এটা ভৈয়ামৰ পৰা আনিব৷ আৰু ৰবীনৰ পথাৰত হাল মৰাৰ দৰেই ইয়াতো সি হাল মাৰিব৷

ছাৰকুৰুৱে বোকা মাটিত খেতি কৰিবলৈ আৰম্ভ কৰাৰ সময়তে তাক গাঁওবুঢ়াই মাতি পঠিয়াইছিল৷ সি কাম সামৰি পাহাৰৰ গাৰে একাবেঁকা এডাল ফিটাৰ দৰে পৰি থকা লুংলুঙীয়া বাটটোৰে গৈ গাঁওবুঢ়াৰ জুমতলীত উপস্থিত হৈছিল৷ সি মাণ্ডুত উপস্থিত হোৱাৰ লগে লগে তাক গাঁওবুঢ়াই বহিবলৈ দি মিচিকিয়া হাঁহি এটা মাৰি সুধিছিল, ‘তই কি পথাৰৰ পৰা চিধাই আহিছ নেকি?

‘হয় দিয়ক৷ পথাৰত কোৰ মাৰি শেষেই কৰিব পৰা নাই৷’

‘তয়ো আৰু কাম বিচাৰি নাপালি৷’– গাঁওবুঢ়াৰ কথাত আছিল বিদ্ৰুপ৷ ‘ইমানবোৰ পাহাৰ থাকোঁতে বোকা গচকিবলৈ তোক কিহে পাইছে? আমাৰ পাহাৰৰ মানুহে বোকা নগচকে, পানীখেতি নকৰে, শুকান ঠাইত খেতি কৰি খোৱা মানুহ আমি৷ এইবোৰ কৰিলে মানুহে আমাক হাঁহিব৷’

‘কিয়? কিয় হাঁহিব? এই কামটোতো বেয়া নহয়৷ বছৰি বছৰি একেখিনি মাটিতে খেতি কৰি থাকিব পাৰি৷ ভালহে৷ আনফালে জুমতলী কিন্তু বদলি কৰি থাকিব লাগে৷’

‘থোৱাঁহে৷’ মাণ্ডুত বহি হৰলাং খাই থকা বৰছিং নামৰ মানুহ এজনে হঠাতে মাত দিছিল, ‘আমি হ’লে ভাল নোবোলোঁ দেই৷ পাহাৰৰ ওপৰত শুকান মাটিত খেতি কৰাহে আমাৰ নিয়ম৷ সেইবিলাক ভৈয়ামৰ মানুহৰ কাম৷ আমাৰ ইয়াত সেইবোৰ কামে শোভা নাপায়৷ চাবি, পাহাৰৰ দেৱতাৰ খং উঠিব৷ তেতিয়া গম পাবি৷’

বৰছিং মানুহজন এজন পূজাৰী৷ মঙল চাই পূজা-পাতল কৰি ফুৰাই তাৰ কাম৷ তাৰ মুখত অনবৰতে দেও-ভূতৰ কথাই আখৈ ফুটাদি ফুটি থাকে৷

‘ঠিক কৈছে মেহাই৷’ গাঁওবুঢ়াই বৰছিঙৰ কথাক সমৰ্থন কৰিছিল৷ ‘পাহাৰত খেতি নকৰি পাহাৰৰ দেৱতাক অপমান কৰাৰ মজাটো ই পাবই পাব৷ ছাৰকুৰু, সময় থাকোঁতেই তই এই কাম বাদ দে৷ তোৰ ভালৰ কাৰণেই কৈছোঁ৷ তাতে আমাৰ বাবে এইটো লাজ লগা কথা৷ পাহাৰৰ মানুহেনো পানীখেতি কৰে নে?’

‘হয় অংছাৰ৷’ বৰছিঙে পুনৰ কৈছিল– ‘ই এইখন ঠাইত নোহোৱা-নোপোজা কাম এটা কৰিবলৈ আহিছে৷ পাহাৰৰ দেও-দেৱতাই সকলোবোৰ চাই আছে৷ ছাৰকুৰু, তই কেতিয়াবা ডাঙৰ বিপদত পৰিবি৷ তেতিয়া কিন্তু আমাক নুদূষিবি৷ আমিও ৰক্ষা কৰিব নোৱাৰিম …।’

সেইদিনা ছাৰুকুৰুক গাঁওবুঢ়া আৰু বৰছিং পূজাৰীয়ে বহুত কথা শুনাইছিল৷ শেষত ছাৰকুৰুৱে ‘বাৰু ভাবি চাম’ বুলি কৈ তেওঁলোকৰ ওচৰৰ পৰা গুচি আহিছিল৷ সি বাৰে বাৰে গাঁওবুঢ়া আৰু বৰছিং পূজাৰীৰ কথাবোৰকে ভাবিছিল৷ সি পানীখেতি কৰিলে পাহাৰৰ দেৱতাই সঁচাকৈয়ে তাৰ দোষ ধৰিব নেকি? কিন্তু পাহাৰৰ উপৰি থল, জুৰি আদিতো দেৱতাসকল থাকে বুলিও দেখোন আটায়ে কয়৷ আন নালাগে, বৰছিং পূজাৰীয়েই কয়৷ সেয়ে ৰংকেৰ পূজাৰ সময়ত আন দেৱতাৰ লগতে থলৰ দেৱতাকো পূজা দিয়াৰ নিয়ম আছে৷ পাহাৰত খেতি কৰিলে যদি পাহাৰৰ দেৱতাই ভাল পায় তেন্তে থলত খেতি কৰিলে থলৰ দেৱতায়েও ভাল পাব৷ সিতো পাহাৰত জুমখেতিও অলপ কৰে শাক-পাচলিৰ বাবে, গতিকে পাহাৰৰ দেৱতায়ো ভাল পাব৷ তেন্তে এতিয়া সি যি কৰিছে তাৰে দুয়োজন দেৱতাক সন্তুষ্টহে কৰিছে৷ এই ধৰণে চাবলৈ গ’লে গাঁওবুঢ়াকে ধৰি গাঁৱৰ বাকী মানুহবোৰেহে দেখোন থলত খেতি নকৰি থলৰ দেৱতাক অসন্তুষ্টহে কৰিছে৷ জুমতলীত খেতি কৰে বাবে তেওঁলোকে সময়ে সময়ে পাহাৰৰ দেৱতাক স্মৰণ কৰে, থলত খেতি নকৰে বাবে থলৰ দেৱতাক মাত্ৰ ৰংকেৰৰ সময়তহে স্মৰণ কৰে৷ আনফালে এই সমান ভূমিভাগৰ জংঘল কটাৰ আগতে সি ‘ৰিৎ কেচাম’ৰ নিয়ম কৰিছিল৷ এই নিয়ম মতে সি সমভূমিভাগৰ হাবিয়নিৰ মাজত এমুঠি খেৰ এডাল বাঁহত বান্ধি পুতি থৈ আহিছিল৷ সি যেতিয়া চাৰিদিনলৈকে একো বেয়া সপোন দেখা নাছিল, কোনো ধৰণৰ অমংগলৰ চিন দেখা নাছিল তেতিয়া সি নিশ্চন্ত হৈ হাবিবোৰ কাটি মোকলাবলৈ লৈছিল৷ খেতি আৰম্ভ কৰাৰ পাছৰে পৰা সি জুমতলীত পাহাৰৰ দেৱতাকো স্মৰণ কৰিছে আৰু পানীখেতিৰ পথাৰত জুৰি আৰু পথাৰৰ দেৱতাকো মাজে সময়ে পূজা দি স্মৰণ কৰি আহিছে৷ সি ভাবে, এতিয়া সকলো দেৱতা সন্তুষ্টহে হৈছে৷ আচলতে গাঁওখনৰ কোনেও নকৰা কাম এটা কৰা দেখি তাক গাঁওবুঢ়াই ইতিকিং কৰিছে, বাধা দিছে৷ কিন্তু ভৈয়ামৰ তাৰ দূৰ সম্পৰ্কীয় ককায়েক ৰবীন পাটৰে তাৰ ঘৰলৈ এবাৰ আহিয়েই তাক এই সমান ভূমিভাগত খেতি কৰিবলৈ উপদেশ দিছিল৷ সি ৰবীনহঁতৰ ঘৰলৈ গৈ দেখিছে কেনেদৰে ভৈয়ামৰ মানুহবোৰে পানীখেতি কৰি অলপ মাটিতে প্ৰতি বছৰে বহুত ধান উৎপাদন কৰিব পাৰিছে৷ ৰবীনে তাক কৈছিল– ‘এই পাহাৰ দুটাৰ মাজত বহুত সমভূমি পৰি আছে৷ তই ইয়াত খেতি কৰিবলৈ লাগি যা৷ তোৰ চব অভাৱ নাইকিয়া হ’ব৷’

ৰবীনৰ উপদেশকে সৰোগত কৰি ছাৰকুৰুৱে কামত আগ বাঢ়িছিল৷ গাঁওবুঢ়াই দিয়া বাধাক আওকাণ কৰি সি নিজৰ মতত অটল আছিল– যি হয় হ’ব, সি পানীখেতি কৰিবই কৰিব৷ সি নেৰানেপেৰাকৈ লাগি থকা বাবে গাঁওবুঢ়াই এদিন তাক কৈছিল– ‘তোৰ ধান হাতী, বান্দৰ, গাহৰিয়ে খাই শেষ কৰিব৷ চৰাই-চিৰিকটিবোৰতো আছেই৷ চাবি, তই ফচল অলপো নাপাৱ৷’ কিন্তু জুমতলীৰ খেতি বান্দৰ, গাহৰি, চৰাই-চিৰিকটিয়ে নাখায় নেকি? তাতে এইটো হাতীৰ অহা-যোৱা কৰা বাট নহয়৷ হাতী কেতিয়াবাহে এইফালে আহে৷ জুই লৈ খেদিবলৈ ল’লেই হয়তো নাহিব৷ সি মন পেলাই নিদি কামত দুগুণ উৎসাহেৰে লাগি গৈছিল৷ তাক ঘৈণীয়েক আৰু জীয়েকেও সহায় কৰিলে৷ সি সেই বছৰতে ডাঙৰ গছ এজোপাৰ ওপৰত এটা টঙীঘৰ সাজিছিল৷ তাত উঠিয়েই খেতি নষ্ট কৰিবলৈ অহা চৰাই-চিৰিকটি, বনৰীয়া জীৱ-জন্তু বাটলুগুটি ধনুৰে খেদি খেতি ৰক্ষা কৰিছিল৷ গাঁওবুঢ়াই ডাঙৰকৈ জুমতলী খুলি খেতি কৰে বাবে আনতকৈ আগৰে পৰা বেছি ধান পাইছিল৷ কিন্তু সেইবাৰ গাঁওবুঢ়াৰ মাটিৰ তুলনাত একেবাৰে কম মাটিতে সি তেওঁতকৈ বহুত বেছি ধান পাইছিল৷ সেইটো বছৰতে সি পুতেকক পঢ়াবৰ কাৰণে ৰবীনৰ ঘৰলৈ পঠিয়াই দিছিল৷ এই কামটোতো গাঁওবুঢ়াই জগৰ ধৰিছিল৷ গাঁৱৰ আন মানুহে নকৰা কাম এটা কৰা বুলি গাঁওবুঢ়াই ৰাইজ চপাই তাক কথা শুনাইছিল– ‘…বৰ মানুহ কৰিবৰ বাবে ল’ৰাক তই ভৈয়ামত পঢ়িবলৈ পঠিয়াইছ? ইয়াত জিৰকেদামৰ কাম কোনে কৰিব?’

‘মই যি কাম কৰিছোঁ সকলোৱে কৰা উচিত৷’ ছাৰকুৰুৱে উভতি গাঁওবুঢ়াকহে উপদেশ দিছিল৷ ‘দিন সদায় একে নাথাকে৷ এতিয়া পঢ়া-শুনা নহ’লে আমাৰ ল’ৰা-ছোৱালীয়ে একো কৰি খাব নোৱৰাৰ দিন আহিছে৷ গতিকে সকলোৱে ল’ৰা-ছোৱালীক পঢুওৱা উচিত৷’

‘তই ক’লেই হ’ব নে? পঢ়া-শুনা নোহোৱাকৈয়ে আমি ইমানদিনে সুখেৰে খালোঁ দেখোন৷ এই পাহাৰবোৰতে সকলোবোৰ আছে৷ তাকে কৰি খালেই হ’ল৷’

‘কিন্তু মোৰ ল’ৰাক মই পঢ়ুৱামেই৷’

‘নহ’ব, সকলো ল’ৰা-ছোৱালীয়ে জিৰকেদামত যোগ দিব লাগিব৷ এইটো নিয়ম৷ মই নেৰিম৷’

ৰাইজৰ মাজৰ পৰাও কেইজনমানে ছাৰুকুৰুক তাচ্ছিল্য কৰিছিল৷ শেষত ছাৰকুৰুৱে পুতেকক জিৰকেদামত নপঠিওৱাৰ বাবে জৰিমনাৰ নিৰিখ ঠিক কৰি গাঁওবুঢ়াই কৈছিল– ‘তই বছৰি দহ টকাকৈ জিৰকেদামৰ দলক দিব লাগিব৷’

‘এইটো কেনে নিয়ম? আগতে কাৰোবাক এনেকুৱা কৰিছিল নেকি?’

‘নাই কৰা৷ এনেকুৱা ঘটনা আগতে ঘটা নাই বাবে আগতে কৰা হোৱা নাছিল৷ কিন্তু জিৰকেদামত যোগ নিদিয়াৰ বাবে দায় হিচাপে কিবা এটা দিবই লাগিব৷’

‘ঠিক আছে৷’ ছাৰকুৰুৱে নিজৰ জীয়েককো জিৰকেদামলৈ নপঠিয়াবলৈ সিদ্ধান্ত কৰিছিল৷ ‘মই মোৰ ছোৱালীকো জিৰকেদামৰ পৰা আঁতৰাই আনি অকল ৰাইজৰ সকামতহে যাবলৈ দিম৷ ল’ৰা-ছোৱালীহালৰ বাবদ বছৰি কি দিব লাগিব?’

ছাৰকুৰু কথাত বান্ধ খাই অহা দেখি গাঁওবুঢ়াৰ ওঁঠত মিচিকিয়া হাঁহি এটিয়ে বোল সানি গৈছিল৷ তেওঁ ৰাইজলৈ চাই সুধিছিল– ‘দুজনৰ বাবদ কুৰি টকা ধৰিছোঁ৷ কি কয় ৰাইজ? হ’ব নে?’

ৰাইজে হয়ভৰ দিয়াত ছাৰকুৰুৱে জিৰকেদামৰ দলক বছৰি কুৰি টকা দিবলৈ বাধ্য হৈছিল৷ মাটিক লৈও গাঁওবুঢ়াই প্ৰশ্ন তুলিছিল৷ তেওঁ কৈছিল– ‘গাঁওখনৰ সকলোবোৰ মাটি গাঁওবুঢ়াৰ৷ মোৰ পৰা অনুমতি নোলোৱাকৈ কেনেকৈ তই পানীখেতিৰ বাবে মাটি লৈছ?’

ছাৰকুৰুৰ খং উঠি আহিছিল– ‘আমাক আপুনি যেতিয়া গাঁওখনৰ বাবে মাটি দেখুৱাইছিল তেতিয়া পাহাৰকেইটাকহে দেখুৱাইছিল৷ দুটা পাহাৰৰ মাজৰ এই বিশাল মাটিখিনিৰ কথা কোৱা নাছিল৷ গতিকে এই মাটি আপোনাৰ অধীনত নাই৷ যাৰ মন যায় সিয়ে ল’ব পাৰে৷’

গাঁওবুঢ়াই ইয়াৰ পাছতে বহুত তৰ্জন-গৰ্জন কৰিছিল৷ কেইজনমান মানুহেও ভৈয়াম হওক নতুবা পাহাৰেই হওক সকলোবোৰ মাটি গাঁওবুঢ়াৰ অধীনত থাকে বুলি কোৱাত ছাৰকুৰুৱে মাটি বিচাৰি মাননি দিব বিচাৰিছিল৷ কিন্তু গাঁওবুঢ়াই সেই মাননি গ্ৰহণ কৰা নাছিল৷ 

ছাৰকুৰুৱে অলপ মাটিতে বহুত ধান উৎপাদন কৰিব পৰা দেখি পাছৰ বছৰত তাৰ লগত ছাৰ্থে আৰু মনছিং লগ লাগিছিল৷ সিহঁতে ছাৰকুৰুৰ মাটিৰ কাষতে মাটি ভাঙিছিল৷ সেইবাৰ সিহঁত তিনিওজনে বহুত ধান উৎপাদন কৰাৰ বিপৰীতে জুমতলিবোৰ দূৰ হৈ যোৱা বাবে গাঁৱৰ আন মানুহবোৰে খেতি ভালদৰে কৰিব নোৱাৰি ধানৰ লগতে শাক-পাছলিও আগতকৈ কমকৈ পাইছিল৷ লাহে লাহে মানুহবোৰে আকালত পৰি হাত পাতিবলগীয়া হৈছিল ছাৰকুৰুহঁতৰ ওচৰত৷ পাছৰ বছৰত ছাৰকুৰুহঁতৰ লগত যোগ হ’ল ছাৰবুৰা৷ ছাৰবুৰাই সিহঁতৰ কাষতে মাটি ভাঙি খেতিত ধৰিলে৷ শাক-পাছলিৰ বাবে সিহঁতে ওচৰৰ পাহাৰতে অলপ অলপকৈ জুমখেতিও  কৰিলে৷ পানীখেতি আৰু জুমতলীত হোৱা ফচলৰে ছাৰকুৰুহঁত উন্নতিৰ ক্ষেত্ৰত গাঁওবুঢ়াক ক’ৰবাতে পিছ পেলাই বহু দূৰ আগুৱাই গ’ল৷ উপায়হীন হৈ পৰা অৱস্থাতো গাঁওবুঢ়াই নিজৰ চ’জুন পূজাৰ সময়ত নিজৰ মান ৰাখিবলৈ ছাৰকুৰুহঁতৰ ওচৰত হাত পতা নাছিল৷ সি কেইবাখনো গাঁৱৰ মানুহৰ পৰা ধান খুজি আনিছিল৷ কিন্তু গাঁওবুঢ়ানীয়ে গাঁওবুঢ়াক গম নিদিয়াকৈ ধান এমোন ছাৰ্থেৰ পৰা খুজি নিছিল৷

গাঁওখনৰ মানুহবোৰৰ জুমতলিবোৰ লাহে লাহে বহু দূৰত কৰিবলগীয়া হৈছে বাবে জুমতলীবোৰত কাম কৰিবলৈ অহা-যোৱা কৰোঁতে তেওঁলোকৰ ভালেখিনি সময় নষ্ট হয়৷ এতিয়া এটাই উপায় আছে গাঁওখন সেইফালে তুলি নিয়া৷ সেয়ে গাঁওবুঢ়াই জুমতলীবোৰ থকা পাহাৰবোৰৰ কাষলৈ গাঁওখন উঠাই নিয়াত জোৰ দিবলৈ লৈছে৷ তেওঁ কৈ ফুৰিছে সিফালে হেনো জুমতলী কৰিব পৰাকৈ বহুত পাহাৰ আছে৷ তেওঁ আৰু এটা কথাও কৈ ফুৰিছে যে গাঁওখনৰ সকলোবোৰ মানুহেই সেইফালে পতা গাঁওখনলৈ উঠি যাব লাগিব৷ কিন্তু গাঁওবুঢ়াই ক’লে বুলিয়েই ছাৰকুৰু ইয়াৰ পৰা নাযায়৷ সি পানীখেতি নেৰে৷ জুমতলীৰ মাটি  আৰু পানীখেতিৰ মাটি একে নহয়৷ পানীখেতিৰ মাটিত প্ৰতি বছৰে বৰষুণৰ পানীয়ে পাহাৰৰ মাটি কঢ়িয়াই আনি পলস দি যায়৷ এই পলসৰ বাবেই বছৰ বছৰ ধৰি একেখিনি মাটিতে খেতি কৰি থাকিব পাৰি৷ এনে মাটিক এৰি থৈ যোৱাটো মুৰ্খামিহে হ’ব৷ 

ছাৰকুৰুৱে বেলিটোলৈ চালে– অলপ পাছতে ডলা এখনৰ আকাৰ লোৱা বেলিটো মাৰ যাব৷ সি কোৰ মৰা এৰি জুৰিটোত নামি হাত-ভৰি ধুলে আৰু পাৰলৈ উঠিল৷ সি ছাৰ্থেহঁতলৈ চাই চিঞৰিলে– ‘অই, তহঁতে ঘৰলৈ নাযাৱ নেকি? আহ ঘৰলৈ যাবৰ হ’ল৷’

‘অঁ, গৈছোঁ ৰ৷’– ছাৰ্থেই সঁহাৰি দিলে৷

অলপ পাছতে ছাৰ্থে, ছাৰবুৰা আৰু মনছিং ছাৰকুৰুৰ লগ লাগিল৷ সিহঁত গাঁৱলৈ যাবলৈ ধৰিলে৷ মনছিঙে হঠাতে মাত দিলে– ‘আমাৰ মানুহবোৰে আগৰ মতে চলাতহে বেছি গুৰুত্ব দিয়ে৷ কিন্তু সময় অনুসৰি কোনটো কৰিলে নিজৰ লগতে সমাজখনৰ বাবে ভাল সেইটো নকৰে৷’

‘সেইটোতেই লাগিছে লেঠাটো৷’ ছাৰকুৰুৱে মনছিঙৰ কথাৰ উত্তৰত ক’লে– ‘গাঁওবুঢ়াই নিজৰ প্ৰতিপত্তি বৰ্তাই ৰাখিবলৈ জিৰকেদামকে ধৰি আগৰ ৰীতি-নীতিবোৰ শেষ হৈ যোৱাটো নিবিচাৰে৷ কিন্তু ভৈয়ামত গৈ মই দেখিছোঁ, তাতো জিৰকেদাম আছে; কিন্তু অলপ বেলেগ ৰূপত৷ তাত জিৰকেদামৰ সলনি আছে যুৱ সংঘ৷ এই যুৱ সংঘৰ জৰিয়তে গাঁৱৰ ডেকা-গাভৰুবোৰে সমাজৰ কাম কৰে৷ ভৈয়ামৰ ল’ৰা-ছোৱালীবোৰৰ বেছিভাগেই স্কুললৈ যায়৷ আমাৰ ল’ৰা-ছোৱালীবোৰেও স্কুললৈ যাব লাগিব৷ জিৰকেদাম কৰি ফুৰিলে সিহঁতৰ একো উন্নতি নহ’ব৷ মই গাঁওবুঢ়াৰ পুতেক ছাৰমেনক পানীখেতিত লাগিবলৈ কৈছিলোঁ আৰু তাৰ ল’ৰাটোকো ভৈয়ামলৈ পঠিয়াই পঢ়াবলৈ দিছিলোঁ৷ কিন্তু সি এটা কথাও নামানিলে৷ সি বাপেকৰ পাছত গাঁওবুঢ়া হৈ আগৰ মতে চলিব খুজিছে হ’বলা৷’

‘হয় হয়, সিও একেই৷ কিন্তু সিহঁতৰ অৱস্থা এতিয়া একেবাৰে পৰি আহিল৷ সিদিনা গাঁওবুঢ়ানীয়ে হৰলাং এচুঙা লৈ মোৰ ওচৰত ধান বিচাৰি আহিছিল৷ মই এদাং ধান দি পঠাইছোঁ৷ ইমানখিনি হোৱালৈকেও যদি গাঁওবুঢ়াৰ ঘৰৰ মানুহে বুজি নাপায় তেন্তে আমাৰ ক’বলগা নাই৷’

‘মই ভাবোঁ, মানুহবোৰে এদিন নহয় এদিন বুজি পাব৷ আমাক সিহঁতে এতিয়া ইতিকিং কৰি আছে৷ কিন্তু এদিন সকলোৱে আমাৰ পথকে ল’ব লাগিব৷’

ছাৰকুৰুহঁতে ঘৰ পায় মানে চাৰিওফালৰ জগতখনক আন্ধাৰে আৱৰিবলৈ লৈছে৷ কান্ধৰ কোৰখন ছাৰকুৰুৱে চাংঘৰৰ একাষে থৈ এচুঙা পানী ঘৈণীয়েক কাজিৰৰ পৰা লৈ মুখ-হাত ধুলে৷ কাজিৰে তাক ক’লে– ‘গাঁওবুঢ়াই মিটিং মাতিছে বুলি ফেৰাংকেই কৈ গৈছে৷ এই গধূলিতে মিটিং বহিব হেনো৷’

‘কি মিটিং দিছে? কিবা গম পাইছা নেকি?’

‘নাই গম পোৱা৷ ফেৰাংকেই মিটিং বুলিহে কৈ গ’ল৷’

ছাৰকুৰুৱে হংজাইত বহি শালপাতৰ বিড়ি এটা আৰামেৰে হুপিবলৈ ধৰিলে৷ বিড়িটোত শেষ টানটো মাৰি সি থিয় হ’ল আৰু কাজিৰক ক’লে– ‘ৰাইজ গোট খাইছেই চাগে’৷ মই মিটিঙলৈ যাওঁ৷’

কথাষাৰ কৈয়েই ছাৰকুৰু গাঁওবুঢ়াৰ ঘৰলৈ খোজ ল’লে৷ গাঁওবুঢ়াৰ চোতালত এজন দুজনকৈ মানুহ আহি পাৰি থোৱা ঢাৰিত বহিবলৈ লৈছে৷ ছাৰকুৰু এখন ঢাৰিত বহি ইফালে-সিফালে চকু ফুৰাই দেখিলে ছাৰ্থে আৰু মনছিঙক৷ ছাৰকুৰুক দেখি সিহঁত দুটা বহা ঠাইৰ পৰা উঠি আহি তাৰ কাষতে বহিল৷ এজন দুজনকৈ মানুহ আহি থাকিল৷ এটা সময়ত ছাৰবুৰাও আহি ছাৰকুৰুহঁতৰ লগতে বহিল৷

মানুহ গোট খাই সম্পূৰ্ণ হোৱাৰ পাছতে গাঁওবুঢ়াই চাৰিওফালে চকু ফুৰাই ক’বলৈ ধৰিলে– ‘ৰাইজ, আমাৰ জুমতলীবোৰ বহুত দূৰ হৈ গ’ল৷ ইয়াৰ পৰা গৈ তাত খেতি কৰি খাব নোৱৰা অৱস্থা হৈছে৷ গতিকে আমি আমাৰ জুমতলী থকা ফালে আমাৰ গাঁওখন উঠাই নিম বুলি ভাবিছোঁ৷ আমাৰ গাঁৱৰ সকলোবোৰ মানুহেই তালৈ উঠি যাব লাগিব৷’

‘নাই নাই৷’ ছাৰকুৰুৱে লগে লগে আপত্তি কৰিলে– ‘গাঁৱৰ সকলোবোৰ মানুহ গ’লেও মই ইয়াৰ পৰা নাযাওঁ৷’

‘তই নাযাওঁ বুলি ক’লেই নহ’ব নহয়৷ আমি চবেই যাম যেতিয়া তয়ো যাব লাগিব৷’

‘নাই, মই নাযাওঁ৷’

‘আমিও নাযাওঁ৷’– ছাৰ্থে, ছাৰবুৰা আৰু মনছিঙেও ছাৰকুৰুক সমৰ্থন কৰি মাত দিলে৷

‘তহঁত যাবই লাগিব৷’ খঙত গাঁওবুঢ়াৰ চকুকেইটা চাকিৰ পোহৰত জিলিকি উঠিল৷ ‘পানীখেতি কৰি ধান পাই বৰ বাহাদুৰি হৈছে৷ আমাৰ পৰম্পৰা তহঁতে ভংগ কৰিছ৷ এই গাঁওবুঢ়াৰ নিৰ্দেশমতে তহঁত যাবই লাগিব৷’

‘নাই নাযাওঁ৷’ ছাৰকুৰুৱে দৃঢ়তাৰে ক’লে– ‘আপোনাৰ কথা নুশুনা বাবে আমাক গাঁৱৰ পৰা আলগ কৰিব পাৰে৷ আমি চাৰিঘৰে ইয়াতে এক হৈ মিলি থাকিম৷’

ছাৰকুৰুৰ কথা শুনি গাঁওবুঢ়া নিমাত হৈ পৰিল৷ লগে লগে চাৰিওফালে এক নিৰৱতাই বিৰাজ কৰিলে– কাৰো মুখত মাত-বোল নাই৷ ৱফং নামৰ ডেকা এজনে নীৰৱতা ভংগ কৰি হঠাতে মাত দিলে– ‘ছাৰকুৰুহঁতে যি কৰিছে ভালেই কৰিছে৷ ময়ো ইয়াকে কৰিম বুলি ভাবিছোঁ৷’

‘হয় হয়, আমিও ইয়াকে কৰিম৷’– আন কেইবাজনো ডেকাই মাত দিলে৷ লগে লগে চাৰিওফালে কথা কটা-কটি হোৱাত এটা হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হ’ল৷ হুলস্থূল শাম কটাৰ পাছত গাঁওবুঢ়াই ৰাইজলৈ চাই প্ৰশ্ন কৰিলে– ‘তেন্তে মোৰ লগত কোন যাবি?’

কেইবাজনো বয়সস্থ মানুহে তেওঁৰ লগত যাবলৈ ইচ্ছা প্ৰকাশ কৰিলে৷ কিন্তু লগে লগে তেওঁলোকৰ পুতেকবোৰে প্ৰতিবাদ কৰি উঠিল৷ কিছু সময় মনে মনে থাকি গাঁওবুঢ়াই পুনৰ সুধিলে– ‘এতিয়া মোৰ লগত যাবলৈ কোন থাকিলগৈ৷’

কোনো ফালৰ পৰা কাৰো মাত নাহিল৷

গাঁওবুঢ়াক বৰকৈ ভাগি পৰা দেখা গ’ল৷

‘মোৰ কথা কোনেও নুশুনে যেতিয়া মই ইয়াৰ পৰা গুচি যাব লাগিব৷ মোৰ লগত এতিয়া কোনো নাই…।’– গাঁওবুঢ়াৰ মাত থোকাথুকি হৈ আহিল৷

পৰিৱেশটো অসহ্যকৰ হোৱাৰ লগতে কিছু শোকাকুলো হৈ পৰিল৷ ছাৰকুৰুৱে অনুমান কৰিলে গাঁৱৰ মানুহবোৰক মনাব নোৱাৰি অকলশৰীয়া হৈ পৰা গাঁওবুঢ়াই নিজৰ প্ৰতিপত্তি নিঃশেষ হৈ যোৱাত দুখ পাইছে৷ পৰিৱেশটো সুস্থিৰ কৰিবলৈ সি মাত দিলে– ‘আপুনি কেলেই ইয়াৰ পৰা গুচি যাব লাগে? আপুনি মাত্ৰ ৰাইজখন থকাৰ ফালে আহক৷ আমি পানীখেতি কৰাৰ উপৰিও জুমতলীতো খেতি কৰিম৷ পানীখেতি কৰা বাবে আমি কেতিয়াও ইয়াৰ পৰা যাবলগা নহ’ব৷ নতুন ঠাইত গাঁও পাতিবলৈ যোৱাৰ দৰকাৰ নহ’ব৷ আমাৰ ঠিকনা স্থায়ী হ’ব৷ এখন নতুন ঠাইত গাঁও পাতিবলৈ ল’লে মানুহবোৰৰ নতুন ঘৰ সজাৰ পৰা কিমান কাম ওলায় আপুনি জানে৷ কিন্তু আমাৰ জিৰকেদামো থাকিব৷ পঢ়িবলৈ যোৱাবোৰে পঢ়িবলৈ যাব, গাঁৱত থকাবোৰে জিৰকেদামৰ কাম কৰিব৷ গাঁৱত স্কুল এখন পতাৰ চিন্তাও কৰিম৷ আৰু আপুনি আমাৰ গাঁওবুঢ়া হৈয়েই থাকক৷’

ছাৰকুৰুৱে কথা শেষ কৰিবলৈ পালেহে চাৰিওফালৰ পৰা সমৰ্থন আহিল৷ ৰাইজৰ সমৰ্থন পাই গাঁওবুঢ়া কিছু সুস্থিৰ হ’ল৷ তেওঁ হয়তো গাঁওবুঢ়া হৈ থাকিবলৈ পোৱা কথাষাৰত সন্তোষ পাইছে৷ লাহে লাহে তেওঁক সতেজ দেখা গ’ল৷ পানীত পৰি ককবকাই থকা মানুহজনক যেন ছাৰকুৰুৱে পাৰলৈ উঠাই আনি তেওঁৰ প্ৰাণহে ৰক্ষা কৰিলে৷ তেওঁ মাত দিলে– ‘মইনো কি ক’ম? ৰাইজৰ মতেই মোৰো মত৷ ৰাইজে যি ভাল দেখিছে তাকেই কৰিম৷ কাইলৈ ৰাইজৰ লগত ময়ো পানীখেতিৰ বাবে মাটি চাবলৈ যাম৷’

চাৰিওফালে আনন্দৰ ৰোল উঠিল৷ বহুতে যে মনে মনে ছাৰকুৰুৰ কামক সমৰ্থন কৰি আছিল এতিয়াহে ছাৰকুৰুৱে জানিব পাৰিলে৷ গাঁওবুঢ়াৰ ভয়তে বহুতে আগবঢ়া নাছিল বুলি ছাৰকুৰুৰ মনে ধৰিলে৷ আজি সি আৰু ছাৰ্থেহঁতে গাঁওবুঢ়াক ভালদৰে উভতি ধৰাত সকলোৱে সাহস পাই নিজৰ মত প্ৰকাশ কৰিছে৷ গাঁওবুঢ়াই ছাৰকুৰুলৈ চাই ক’লে– ‘বোপাই তয়েই আমাৰ চকু মুকলি কৰিলি৷ তোক ভগৱানে ধনে-ধানে সুখ-শান্তিৰে ৰাখক৷’

গাঁওবুঢ়াৰ নিৰ্দেশত ৰাইজৰ মাজলৈ হৰলাং আহিল৷ সকলোৱে তৃপ্তিৰে হৰলাং খাবলৈ ধৰিলে৷ ছাৰকুৰুৱে অনুভৱ কৰিলে– গাঁওবুঢ়াৰ ঘৰৰ চাৰিওফালে যেন এটা আনন্দৰ লহৰে ঘূৰি ফুৰিবলৈ ধৰিছে৷

পিছদিনা ৰাতিপুৱাৰ সদ্য উদিত সূৰ্যটোলৈ ছাৰকুৰুৱে চাই পঠিয়ালে৷ তাৰ অনুভৱ হ’ল সূৰ্যটোৱে চাৰিওফালে যেন এক নতুন পোহৰ বিলাই দিছে৷

কিছুসময়ৰ পাছতে ছাৰকুৰুৰ নেতৃত্বত গাঁওবুঢ়াকে ধৰি গাঁৱৰ ৰাইজ পানীখেতিৰ বাবে মাটিৰ ভাগ-বতৰা কৰিবলৈ ইকৰা-বিৰিণাৰে ভৰি থকা বিশাল সমভূমিভাগৰ ফালে যাবলৈ ধৰিলে৷

কাৰবি শব্দৰ অৰ্থ :

মাণ্ডু– জুমতলীৰ মাজত জিৰাবৰ বাবে সজা ঘৰ৷

হৰলাং– লাওপানী, মেহাই– ভিনীহি

অংছাৰ– খুলশালি, ফেৰাংকে– বাৰিকা

চ’জুন– এবিধ ঘৰুৱা ডাঙৰ পূজা

লেখকৰ ঠিকনা :

ৰং চিতিম, পোঃ অঃ– ৰংখেলান,

ডিফু–৭৮২৪৬০, কাৰবি আংলং,

ভ্ৰাম্যভাষ – ৯৪৩৫৩৯৬৫২২

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close