Written by sdblogs2011 7:49 am Articles

নৱীন কবিলৈ চিঠি

 Letters to a Young Poet

মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কে
এম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰ পৰা অনুবাদ :
 ৰমানন্দন বৰা

নৱম পত্ৰ

ফুৰবৰ্গ, জনচেৰেভ, চুইডেন ৪ নৱেম্বৰ, ১৯০৪

মৰমৰ কাপ্পাছ,

ভালেমান দিন এখনো চিঠি নিলিখাকৈয়ে পাৰ হৈছে৷ তাৰ কাৰণ হৈছে, এহাতে ভ্ৰমণ আৰু আনহাতে ব্যস্ততাৰ বাবে মই লিখিব পৰা নাই৷ আজিও লিখা কামটো মোৰ বাবে বৰ কঠিন হৈছে৷ ইমানবোৰ চিঠি লিখিবলগা আছে যে মোৰ হাতখন ভাগৰুৱা হৈ পৰিছে৷ যদি শ্ৰুতলিপি দি লিখাব পাৰিলোঁহেঁতেন, তেনেহ’লে তোমালৈ দীঘলকৈ লিখিলোঁহেঁতেন৷ কিন্তু এতিয়া তোমাৰ দীঘলীয়া চিঠিখনৰ উত্তৰত কেইটামান শব্দহে পঠিয়াইছোঁ৷

মই প্ৰায়ে ভাবোঁ, মৰমৰ কাপ্পাছ, মোৰ এই ঐকান্তিক ইচ্ছাই তোমাৰ কিবা সহায় কৰিছে কিজানি৷ প্ৰায়েই মোৰ সন্দেহ হয় চিঠিবোৰে তোমাক সহায় কৰিছেনে৷ ‘কৰিছে’ বুলি নক’বা৷ মাথোঁ যেনে পাইছা তেনেকৈ গ্ৰহণ কৰিবা৷ অধিক ধন্যবাদ জনাবও নালাগে, মাথোন কি হয় বাট চোৱা৷

তোমাৰ বিশেষ দিশটোলৈ মই আজি যোৱাটো ভাল নহ’ব৷ তোমাৰ সন্দেহপ্ৰৱণতা, অন্তৰ্জীৱন-বহিঃজীৱনৰ সমন্বয় সাধনত অপৰাগতা আদি তোমাক অসুবিধা দিয়া আটাইবোৰ সমস্যাৰ বিষয়ত কওঁ— মই সদায় এই বিষয়ে তোমাক কৈছোঁ— তুমি সেই প্ৰাৰ্থনা কৰা, যাতে সকলো সহিবৰ বাবে ধৈৰ্য, বিশ্বাস কৰিবলৈ সৰলতা লাভ কৰিব পাৰাঁ৷ যাতে কঠিনতাৰ মাজত আত্মবিশ্বাস আহৰণ কৰিব পাৰা, আনৰ মাজতো তোমাৰ নিঃসঙ্গতা অনুভৱ কৰিব পাৰা৷ তাৰ পাছৰছোৱা জীৱন তোমাৰ বাবে৷ বিশ্বাস কৰা, যেনেকৈয়ে নহওক, জীৱন সদায় শুদ্ধ৷

আৰু আহিল আৱেগৰ কথা: সেই আৱেগ পৱি‍ত্ৰ, যি তোমাৰ সমগ্ৰ সত্তা জুৰি লয়, তোমাৰ ঊৰ্ধ্বমুখী কৰি তোলে৷ সেই আৱেগ বেয়া যি তোমাৰ কোনোবা এটা অংশহে সামৰি লয় আৰু তোমাৰ বিকৃতি ঘটায়৷ তোমাৰ শৈশৱটোক সন্মুখত ৰাখি চিন্তা কৰা কথাবোৰ শুদ্ধ৷ যিবোৰে তোমাক এতিয়ালৈকে তোমাৰ ভাল সময়বোৰতকৈ অধিক ‘তুমি’ কৰি তোলে সেইবোৰ শুদ্ধ৷ তোমাক ওপৰলৈ নিয়া প্ৰতিটোৱেই শুদ্ধ যি তোমাৰ সমস্ত ৰক্তকণাত ব্যাপ্ত হয়৷ ই কোনো নিচাগ্ৰস্ততা বা মল নহয়, বৰং ই এক মূলভূত এক আনন্দ! মই কি কৈছোঁ বুজিছা নহয়৷

তোমাৰ সন্দেহো এটা ভাল গুণ হ’ব পাৰে যদিহে ইয়াক প্ৰশিক্ষিত কৰিব পাৰা৷ ই হ’ব লাগে জিজ্ঞাসু, ই হ’ব লাগে বিবেচক৷ তোমাৰ সন্দেহক সোধাঁ— সি কুৎসিৎ বুলি তোমাৰ জীৱনৰ পৰা কি বস্তু নষ্ট কৰিবলৈ বিচাৰে, তাৰ কথাৰ প্ৰমাণ দাবী কৰা, তাক পৰীক্ষা কৰা৷ তেতিয়া সি বোধকৰোঁ দোধোৰ-মোধোৰত পৰিব, অস্বস্তিত পৰিব, অথবা বিদ্ৰোহী হৈ উঠিব৷ তথাপি এৰি নিদিবা৷ তোমাৰ যুক্তিত তুমি লাগিয়ে থাকিবা৷ সতৰ্ক-সংহত দৃষ্টি ৰাখিবা আৰু তেতিয়া এদিন তোমাৰ সন্দেহ তোমাৰ বিনাশক নহৈ, তোমাৰ আটাইতকৈ ভাল ভৃত্য হৈ উঠিব— বোধকৰোঁ সি হৈ উঠিব তোমাৰ জীৱনে গঢ় দিয়া ভৃত্যসমূহৰ ভিতৰত আটাইতকৈ বুধিয়ক৷

আজিলৈ মই ইমানেই ক’ব পাৰিলোঁ, শ্ৰীমান কাপ্পাছ৷ কিন্তু ইয়াৰ লগতে মই সৰু কবিতা এটা পুনঃ ছপা ৰূপ এটা পঠিয়াইছোঁ, প্ৰাগ পিৰিয়ডিকেল deutsche arbeit-ত প্ৰকাশ পাইছে৷ তাতে মই তোমাক জীৱন আৰু মৃত্যু কেনেদৰে মহৎ আৰু জক্‌মকীয়া সেই বিষয়ে বহলাই কৈছোঁ৷

তোমাৰ

ৰাইনাৰ মাৰিয়া ৰিল্কে

দশম পত্ৰ

পেৰিছ, খ্ৰীষ্টমাছৰ পাছদিনা, ১৯০৪

তোমাৰ সুন্দৰ চিঠি পাই মই কিমান আনন্দ পাইছোঁ তুমি জনা উচিত, কাপ্পাছ৷ তুমি যিটো খবৰ মোক দিছা, প্ৰকৃততে ক’বই লাগিব মোৰ কাৰণে বৰ ভাল খবৰ৷ ইয়াৰ বিষয়ে মই যিমানেই ভাবিছোঁ, সিমানেই মোৰ অনুভৱ হৈছে, সঁচাকৈয়ে ভাল৷ মই এইবাৰ বৰদিনৰ পূৰ্ব-সন্ধ্যাত তোমালৈ লিখিম বুলি ভাবিছিলোঁৱেই৷ কিন্তু মোৰ কামৰ কথা কি ক’বা৷ এইবাৰ শীত কালটো মই ছেদভেদ নোহোৱাকৈ এনেকুৱা কামত ব্যস্ত থাকিলোঁ যে বন্ধৰ দিনটো ইমান সোনকালে আহি পালেহি তৰ্কিবই নোৱাৰিলোঁ৷ নিতান্তই কৰিব লগা বহু কাম কৰিবলৈ সময় কৰিব নোৱাৰিলোঁ, লিখাৰ কথা বাদেই৷

কিন্তু এই বন্ধৰ দিনবোৰত মই তোমাৰ কথা বহুবাৰ ভাবিছিলোঁ৷ তুমি চাগে কিমান নীৰৱে আছা সেই কথা চিন্তা কৰিছিলোঁ৷ অনুমান কৰিছিলোঁ উদং পাহাৰৰ মাজৰ তোমাৰ সেই অকলশৰীয়া দুৰ্গটো, য’ত দক্ষি‍ণা বতাহজাক জোৰকৈ আচাৰ খাই পৰেহি, যেন নিজকে খণ্ড-বিখণ্ড কৰিহে পেলাব৷

এনে শব্দ আৰু গতিক ঠাই দিবৰ বাবে নীৰৱতা অতি বিশাল হ’বই লাগিব— দূৰৈৰ সাগৰখন আহি য’ত ধ্বনিত হৈছে, প্ৰাগৈতিহাসিক সমন্বয়-সংহতিৰ কেন্দ্ৰীভূত সেই সুৰ৷ মাথোন আশা কৰোঁ সেই পৱিত্ৰ বিশাল নিঃসঙ্গতাক তোমাৰ ভিতৰত কাম কৰিবলৈ দৃঢ়তাৰে আৰু ধৈৰ্য সহকাৰে সুযোগ দিবা৷ তুমি আৰু তোমাৰ জীৱনৰ পৰা আঁতৰ হৈ আহিব নালাগে৷  তোমাৰ অগ্ৰগামী জীৱনটো– তোমাক যি অভিজ্ঞতা দিয়ে, যি তোমাৰ ওপৰত ধাৰাবাহিকভাৱে¸ মৃদু অথচ দৃঢ়তাৰে, অনামী প্ৰভাৱ খটুৱায়, তাৰ মাজত (সেই জীৱনৰ মাজত) আমাৰ পূৰ্বপুৰুষ আৰু আমাৰ ৰক্তৰ সংমিশ্ৰণ ঘটিছে– সেই জীৱন কেতিয়াও পুনঃনিৰ্মিত হ’ব নোৱাৰে, ই একক আৰু অনন্য৷ ই জীৱনৰ যিকোনো আলি-কেঁকুৰিত পুনঃ পুনঃ সংঘটিত ঘটনা নহয়৷

হয়, মই আনন্দিত যে তোমাৰ মাজত তুমি আহৰণ কৰিছা ধীৰ প্ৰকাশযোগ্য সেই অস্তিত্ব, সেই উপাধি, সেই ঐক্য সেই সেৱা— য’ত ইন্দ্ৰিয়গ্ৰাহ্য, সীমাবদ্ধ বাস্তৱতাই  চৌপাশৰ নীৰৱতা, গাম্ভীৰ্য আৰু প্ৰয়োজনীয়তা গ্ৰহণ কৰে৷ ই তোমাৰ সৈনিক সেৱাৰ সময় কটোৱা বা খেলাৰ সাধাৰণ প্ৰৱণতাৰ বহু ঊৰ্ধ্বৰ এক সজাগ প্ৰয়োগ৷ চৰ্ত অনুসৰি ই আমাৰ মাজত সক্ৰিয় হয় আৰু প্ৰকৃতিৰ বৃহৎ বস্তুবোৰ সময়ে সময়ে আমাৰ আগত থিয় কৰায়৷ এইটোৱেই আমাৰ প্ৰয়োজনীয়৷

শিল্পও হৈছে জীয়াই থকাৰ এটা উপায়৷ জীয়াই থকা মানেই প্ৰস্তুতি৷ মানুহে নজনাকৈয়ে জীয়াই থকাৰ বাবে প্ৰস্তুতি চলায়৷ জীৱনৰ ওচৰ চপা সকলো বস্তু  অৰ্ধশৈল্পিক বস্তুতকৈ শ্ৰেষ্ঠ৷ কিন্তু শিল্পই যেতিয়া জীৱনৰ ওচৰ চপাৰ ছদ্মৱেশ ধৰে তেতিয়া দৰাচলতে ই শিল্পৰ সত্তাটোতে হত্যা কৰে৷ উদাহৰণস্বৰূপে, সাংবাদিকতাৰ সমগ্ৰ বৃত্তিটো, প্ৰায় সকলো সমালোচনাই আৰু সাহিত্য বোলা বস্তুটোৰ চাৰিভাগৰ তিনি অংশই এনেকুৱা৷ মই সুখী যে এনেকুৱা কিবা এটা পতিত নহৈ তুমি ঊৰ্ধ্বগামী হৈছা আৰু ৰুঢ় বাস্তৱতাত তুমি অকলশৰে সাহসী হৈ থিয় দিছা৷ আগন্তুক বছৰটোৱে তোমাৰ মাজত ইয়াক আৰু শক্তিশালী কৰি তোলক৷

তোমাৰ

ৰাইনাৰ মাৰিয়া ৰিল্কে

Visited 6 times, 1 visit(s) today
Website |  + posts
Close