Written by sdblogs2011 11:53 am Articles

নৰেন মজুমদাৰৰ তিনিটা কবিতা

নৰেন মজুমদাৰ (জন্ম ১৯৪৮)

এটি বহল পৰিপ্ৰেক্ষিতত কবিয়ে জীৱন আৰু জগতক নিৰীক্ষণ কৰিব পাৰিছে বুলিয়েই ব্যক্তিগত হৈও নৰেন মজুমদাৰৰ কবিতা নৈৰ্ব্যক্তিক ৷ তেওঁৰ প্ৰথমখন কবিতা সংকলন ‘অনুভৱ’ (১৯৮৯)-ৰ পাতনি লেখিছিল ড০ হীৰেন গোহাঁয়ে আৰু তেওঁৰ কবিতাত মৌলিকতা লক্ষ্য কৰিছিল ৷ তেনেদৰেই কবিৰ দ্বিতীয়খন কবিতা সংকলন ‘স্পন্দিত পৃথিৱীৰ স’তে’ (১৯৯৮)-ৰ আগকথা লেখিছিল অজিৎ বৰুৱাই ৷ নৰেন মজুমদাৰৰ ইতিমধ্যে ৬ খন কাব্যগ্ৰন্থ প্ৰকাশ পাইছে ৷ তেওঁৰ নিৰ্বাচিত কবিতা সংকলন ‘শালগছে ভৰি থকা’ ৷ সাধাৰণ জনতাৰ যন্ত্ৰণাক্লিষ্ট জীৱনৰ আভাস আৰু তাৰ প্ৰতি কবিৰ আৱেগিক প্ৰতিক্ৰিয়া অভিনৱ উপমা আৰু চিত্ৰকল্পৰ জৰিয়তে ব্যঞ্জিত হৈছে ৷ কবিৰ নিভাঁজ আন্তৰিকতাই প্ৰচাৰধৰ্মিতাৰ পৰা তেওঁৰ কবিতাক নিলগাই ৰাখিব পাৰিছে ৷ এম কামালুদ্দিন আহমেদৰ মতে ‘শালগছে ভৰি থকা’ কবিতাটিৰ কাব্যিক সিদ্ধি সঁচাকৈয়ে চমকপ্ৰদ আৰু অসমীয়া কবিতাৰ ঐতিহ্যত এটি উজ্জ্বল কবিতা৷ নীলমণি ফুকনৰ ‘বুৰঞ্জী’ৰ dehumanization ইয়াত নাই, এই স্বকীয়তা মজুমদাৰৰ সাধনাৰ ফল ৷ তেওঁৰ দুখন উপন্যাস, দুখন প্ৰবন্ধ সংকলনো প্ৰকাশ পাইছিল ৷ কিন্তু অসমীয়া কবিতাৰ ক্ষেত্ৰত যি পৰিচিতি আৰু স্বীকৃতি পাব লাগিছিল, সেয়া তেওঁ পোৱা নাই৷ 

বেলি বৃক্ষ

গোটেই অৰণ্যজুৰি বেলি বৃক্ষ

বিস্ময়কৰ দিন আগবাঢ়িছিল

চলি থাকিছিল আন্ধাৰ-পোহৰৰ খেলা

আজি কোনোবাই যেন কৈ যায়

আন্ধাৰত খোজ কাঢ়িবলৈ সাহসৰ

প্ৰয়োজন– নিকা কৰি পদূলি বাট-পথ

অন্তহীন অজস্ৰ পথত বেলি বৃক্ষ

আজিও আছে

ভাঙি-ছিঙি যোৱা ওখোৰা-মোখোৰা

পথত আমাৰ অহা-যোৱা

আন্ধাৰে-পোহৰে সামৰি লয়

নৈত উটি যায় ইতিহাসৰ অলেখ পাত

পাহাৰ নদী চৰাই চিৰিকতি কেঁচু কুমটি

দূৰ দিগন্ত

সেউজীয়া আভা

আমাৰ ঘাম আমাৰ তেজ

সুখ দুখৰ বৈভৱ

বেলি বৃক্ষ আমাৰ প্ৰাণ

সুৰীয়া জীৱনৰ কণ্ঠ

আমাক ক’লা চকু নালাগে

প্ৰাত্যহিক চলি থকা

সূযৰ্মুখী ফুল আৰু কুকুৰনেচীয়াৰ যুঁজ

চাবলৈ আমাক ক’লা চকু নালাগে

আমাক ক’লা চকু নালাগে

পোহৰৰ মঙহ ডোখৰ ডোখৰকৈ

কুটিল দাঁতেৰে ছিঙি খোৱা–

সেই দৃশ্য আমি নাচাম জানো

আমাক ক’লা চকু নালাগে

শিল হৈ পৰা আন্ধাৰৰ বৰষুণ

আমি নাচাম জানো–

ঘৰবোৰ পদূলিবোৰ জহি-খহি যোৱা

আমাক ক’লা চকু নালাগে

সেউজীয়া ধাননি গাঢ় পাহাৰ-পৰ্বত

নৈ জান-জুৰি উত্তাল সংসাৰ নাচ

আমি নাচাই থাকিম জানো

কুকুৰনেচীয়াক নিপাত কৰিবলৈ

আমাক লাগে মানুহৰ সাগৰ

প্ৰবল এছাটি ধুমুহা

ৰ’দ-বতাহ-বৰষুণৰ চেৰেণ্ডা শুনিবলৈ

আমাক ক’লা চকু নালাগে

নালাগে বধিৰ সময়

   —

বতাহজাক

বতাহজাকে মোক ঘেৰি ধৰি থাকে

মোৰ উশাহ-নিশাহ টুকুৰা-টুকুৰ হ’ব ধৰিছে

আৰু শিল মেঘ হৈ মোৰ মূৰত পৰিব

মই জানো উশাহ ল’ব পাৰিম

সেউজীয়া বিচাৰি মানুহ আৰু পখীৰ

অনাদি-অনন্ত কাল ধৰি

অহা-যোৱা

অশোকেও তেজৰ নদীত গা ধুই

বতাহক আলিংগন কৰিছিল

আকাশ যিমান বিশাল সাগৰ যিমান

গভীৰ তাতোকৈও বিশাল এই বতাহ

দীঘলীয়া ৰাতিৰ লগত মই ধেমালি কৰোঁ

আৰু বতাহ শ্ৰেষ্ঠ আহাৰ বুলি জনাৰ পাছতো

মই খাওঁ জ্বলন্ত অঙঠা

সকলো নিয়মৰ অধীনত চলে এই পৃথিৱী

গ্ৰহ-নক্ষত্ৰ পথাৰ-নদী

ইয়াৰ পাছতো মোক বতাহজাকে আঘাত

হানে নিৰন্তৰ

মোৰ বাবেহে যেন বতাহৰ জন্ম

আজিও হৃদয় লৈ জীয়াই থকা

কথাটো প্ৰেমৰ দৰে

বতাহ মোৰ খাদ্য সকলোৰে প্ৰাণ

বাস্তৱৰ কষটি শিল

   —

Visited 2 times, 1 visit(s) today
Website |  + posts
Close