Written by sdblogs2011 9:34 am Poems

নেগুৰ

 দিগন্ত শইকীয়া

ৰাজহাড়ৰ শেষত

গুহ্যদ্বাৰ ঢাকি

বেছিভাগ জন্তুৰে পিছফাল শুৱাই

একোডাল নেগুৰ

মল ঢিলা হ’লে

নেগুৰ লেতেৰা হয়

চঞ্চল

স্বতন্ত্ৰ দেখাত

গৰাকীয়ে লৰায়

গৰাকীক লৰোৱাৰ শক্তি নাই

মহ মাখি চেৰেপা খেদিবলৈ

নেগুৰৰ প্ৰয়োজন বৰ

Visited 4 times, 1 visit(s) today
Website |  + posts
Close