Written by sdblogs2011 6:31 am Poems

নুনি পকিছে সৰু

নিবিড় অনুৰাগ মানস

(ভাইটিৰ হাতত)

অতদিনে ঘৰলৈ কিমান বসন্ত আহিছে গৈছে

ঠিক নাই। বসন্তৰ জানো হিচাপ ৰাখে কোনোবাই!

শিমলু ফুলাৰ শেষত কিমানে জানো

তুলাৰ সাধু!

সাধু মানে কিংবদন্তি

মাটিৰ ডলি-চপৰা গচকি নোপোৱালৈকে ভাবিব পাৰি

খেতি কৰাটো একেবাৰে সহজ কথা

বনগীত এটা জুৰিলেই ঘূৰি চাপি আহি থাকে

বলধকেইটা

ঠিক আবতৰীয়া বানৰ দৰেই নুনি নথকা দিনত তই যে বিচাৰি

চলাথ কৰিছিলি ৰঙা-পকা নুনি

সেই নুনি পকিছে সৰু

আচলতে সৰু,

নুনি ভাল পোৱা মানুহে নুনি ছি‍ঙিব নোৱাৰে

বসন্ত ভাল পোৱা মানুহে কপৌ

পদূলিমূৰত এইবেলি হুঁচৰি নোজোৰে

কোন ক’ত কেনেকৈ আছে তেনেকৈয়ে থাক

অৰণ্য, সাগৰ, নাৱি‍ক!

নুনিবোৰ ৰঙা হৈ পকিছে সৰু

আকৌ যদি সাৰ পায় আকাশ

একেলগে বহি ভগাই খাম দে

ৰঙাপকা কেঁচা সেউজীয়া নুনি!

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 5 times, 1 visit(s) today
Website |  + posts
Close