নীলিম কুমাৰ
নীলমণি ফুকন শোৱা নাই
নীলমণি ফুকন শুব নোৱাৰে
তেওঁ নোশোৱে
তেওঁৰ টোপনি নাহে
তেওঁ জাগৰণ
দুচকু মেলি আছে তেওঁ
ৰাতিৰ তৰাবোৰে
তেওঁৰ চকুৰ পোহৰৰ স’তে ফেৰ মাৰিছে৷
নীলমণি ফুকন শোৱা নাই কাৰণে
পৃথিৱী নৃত্যৰতা
নীলমণি ফুকনে শোৱা নাই কাৰণে
কুৰুৱাটো আহিছে উৰি,
এজাক সোণালী ফিছাৰ মাছ
উঠিছে জঁপিয়াই৷
নীলমণি ফুকন শুব নোৱাৰে,
তেওঁৰ টোপনি নাহে –
গোলাপী জামুবোৰৰ কাৰণে
ভাগি আছে তেওঁৰ হৃদয়!
নীলমণি ফুকনে যেতিয়া কথা কয়
উইচিৰিঙাৰ মাতটো সৰু হৈ যায়,
নীলমণি ফুকনে যেতিয়া চশমা পিন্ধে
সপোনবোৰ হুৰমূৰকৈ সোমাই আহে৷
সপোনবোৰ তেওঁৰ নহয়,
সপোনবোৰৰ মানুহ, নীলা বিষাদবোৰৰ!
নীলমণি ফুকন শোৱা নাই
নীলমণি ফুকন শুব নোৱাৰে
গোটমৰা যন্ত্ৰণাবোৰ তেওঁ খেপিয়াই ফুৰিছে
নিৰ্জনতাত৷
গছৰ পাতবোৰ তেওঁ মোহাৰি চাইছে
ডিঙিলৈকে ডুব যোৱা গান এটা
তেওঁ আনিছে তুলি৷
তেওঁ মৃত্যুৰ নাম ৰাখিছে হৰিৎ প্ৰান্তৰ,
তেওঁ টোপনিবোৰৰ নাম ৰাখিছে
হালি জালি থকা তিলফুল৷
তেওঁ আদৰিবলৈ যায় সূৰ্যক
সূৰ্য নদীলৈ নামি যোৱাৰ আগতেই
তেওঁ নদীৰ পাৰত গৈ ৰৈ থাকে৷
নীলমণি ফুকন শোৱা নাই
নীলমণি ফুকন শুব নোৱাৰে
তেওঁক কোনোবাই মাতে
কোনোবাই টোপনিতে তেওঁক ঘূৰি চায়-
তেওঁ সাৰে আছে নে নাই!
নীলমণি ফুকন সাৰে থাকে
তেওঁ জাগৰণ
কাহানিবাই তেওঁ এৰি থৈ আহিছে
টোপনিৰ নীল গ্ৰীষ্ম৷
তেওঁ ইস্পাট কৰিব খোজে
মানুহৰ বেদনাৰ চকুলো৷
তেওঁ তিৰোতাবোৰক কয়–
ৰাতি নৌ পুৱাওঁতেই উৰুলি দিবলৈ৷
তেওঁক একো নুসুধিবা
এটা দূৰন্ত ঘোঁৰাৰ পিঠিত তেওঁ
হাত বুলাই আছে ৷
তেওঁ উচ্চাৰণ কৰিছে – মানুহ মানুহ মানুহ…
নীলমণি ফুকন শোৱা নাই
তেওঁৰ টোপনি নাহে
দূৰত এজোপা গছ বতাহত
চেপেটা হোৱাৰ আগতেই
তেওঁৰ বুকুৰ হাড়ত মৰ্ মৰ্ …
তেওঁ শুব নোৱাৰে
শ্যাম বৰণীয়া নাবিকবোৰলৈ তেওঁ ৰৈ আছে,
তেওঁৰ বুকুত কেঁচা হালধি বতাহ!
কোন আছে ৰৈ তিতা চুলিকোছাৰে
মচি দিবলৈ তেওঁৰ মুখৰ পৰা
বোকা-মাটিৰ অনিদ্ৰা?
তেওঁ শুব নোৱাৰে
নীলমণি ফুকন শুব নোৱাৰে
তেওঁ প্ৰজ্জ্বলিত ব্যাকুলতা
তেওঁৰ হাতত বেদনাৰ তৰোৱাল
তেওঁ সাৰে থাকে নিজৰে ক্ষত-বিক্ষত এখন মুখত!
তেওঁ নোশোৱে
উৰুখা চালৰ ফুটাৰে তেওঁ
থৰ হৈ চাই থাকে
মৰিশালিৰ ওপৰত ওলমি থকা আঘোণৰ জোন!
তেওঁ কেনেকৈ শুব পাৰে?
বেলিটো যেতিয়া বেলিকটা ছাগলীৰ
জিভাখনৰ দৰে হৈ গ’ল?
তেওঁ কেনেকৈ শুব পাৰে
তেওঁ কেনেকৈ শুব পাৰে
তেওঁ ক’ৰবালৈ গুচি যায়
হাতৰ খোলাত লৈ ফুৰে জুই,
তেওঁ ক’ৰবালৈ গুচি যায় যাতে
ঘূৰণীয়া হৈ থাকে নাৰীৰ স্তন ৷
তেওঁ গুচি যায় পোতাশাল ফাঁচীকাঠ
যন্ত্ৰণাৰ নগৰে নগৰে…
তেওঁ শুব নোৱাৰে
নীলমণি ফুকন শুব নোৱাৰে
তেওঁ নিজকে সোধে-
কিমান বাৰু সাৰে আছে তেওঁ!
মানুহৰ লালকাল টোপনিত
তেওঁ ৰুই দিছে সোন্দাকলৰ পুলি,
কামিহাড়ৰ তলৰ এটা শীতল মাতেৰে
তেওঁ গান গাইছে মানুহ মানুহ মানুহ…
নীলমণি ফুকন শোৱা নাই
তেওঁ শুব নোৱাৰে
তেওঁৰ টোপনি নাহে
আমি শোৱাৰ পাছতহে
তেওঁ হয়তো শুব পাৰে
কাৰণ তেওঁ মানুহৰ ৰখীয়া৷
