Written by sdblogs2011 4:20 am Poems

নিৰ্বাসিত

জ্যোতিনীলিমা গগৈ

জাৰণিৰ আন্ধাৰত হেৰুৱাই পেলাইছোঁ
নিৰ্বাসিত চৰাইটো
ফুলনিৰ পৰা নিৰ্বাসিত পখিলাবোৰৰো
পাখি জৰজৰ

উপকূল এৰি যোৱা নিৰ্বাসিত এখন জাহাজত
তুলি দিয়া হৈছে আমাৰ দগ্ধ বসন্ত
দূৰণিত ৰৈ চাই আছোঁ
বৰষুণত ছিগি পৰা সোণাৰুৰ পাহিৰে
সজাই তোলা হৰিৎ পথ

সন্ধ্যা তৰাজাকৰো আছে নিৰ্মেঘ ভাবনা
জিলিকি উঠাৰ পৰত
হৃদয়ৰ গৰাখহনীয়াত আক্ৰান্ত মানুহে
লিখি আছে ফলক—
‘‘পাহৰিবলৈকে থাকিব লাগে
অলপ নিৰ্বাসিত সোঁৱৰণি’’

শকুন্তলাৰ পদূলিত জ্বলি থাকে
পুৰণি প্ৰতিজ্ঞাৰ ফুলজাৰি
ঘেঁহুৰ পথাৰেৰে ৰ’দ ফালি ফালি
আজিও গৈ আছে ভেন গঘ
পিঠিত নিৰ্বাসিত ভালপোৱাৰ
আধা অঁকা ছবি…!শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close