Written by sdblogs2011 8:51 am Story

নিৰুপমা বৰগোহাঞিৰ “এনথ্ৰ’পলজিৰ সপোনৰ পিছত” গল্পত গ্ৰাম্য জীৱন চিত্ৰণ

 বিশ্বজিৎ শইকীয়া

ৰামধেনুৰ সময়তে আত্মপ্ৰকাশ কৰা নিৰুপমা বৰগোহাঞিয়ে সাম্প্ৰতিক সময়লৈকে নিৰৱিচ্ছিন্নভাৱে অসমীয়া গল্প সাহিত্যলৈ অৱদান আগবঢ়াই আহিছে৷ বৰগোহাঞিৰ গল্পৰ কথনশৈলী গতানুগতিক আৰু সহজ-সৰল প্ৰকাশভংগীৰে সমকালীন সমাজচিত্ৰ আৰু ব্যক্তিজীৱনৰ নানান সংঘাত গল্পৰ মাধ্যমেৰে পাঠকৰ কাষলৈ লৈ যায়৷ নিম্ন মধ্যবিত্তসকলৰ জীৱনৰ জৰ্জৰ অৱস্থা, মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মানসিক দ্বন্দ্ব আদি বৰগোহাঞিৰ গল্পত দেখা যায়৷ তেওঁৰ গল্পত প্ৰায়ে প্ৰগতিশীল ভাৱৰ বুৰবুৰণি, গভীৰ আশাবাদৰ সুৰ শুনিবলৈ পোৱা যায়৷ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰী জীৱন আৰু সমাজত নাৰীৰ স্থান, নাৰীৰ বিভিন্ন সমস্যা আদি বৰগোহাঞিয়ে গল্পৰ মাজেদি তুলি ধৰিছে৷ গাঁৱলীয়া জীৱন আৰু গাঁৱৰ নৈসৰ্গিক সৌন্দৰ্যৰ অনেক জীয়া ছবি তেওঁ কেইবাটাও গল্পত অংকন কৰিছে৷ বৰগোহাঞিৰ গাঁৱৰ পটভূমিত নিৰ্মিত গল্পসমূহৰ ভিতৰত অন্যতম এটা “এন্থ্ৰ’পলজিৰ সপোনৰ পিছত” শীৰ্ষক গল্পটো৷

“এনথ্ৰ’পলজিৰ সপোনৰ পিছত” গল্পটোত পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত পুৰুষকেন্দ্ৰিক সামাজিক সংস্কাৰ আৰু মূল্যবোধৰ ওচৰত নাৰীৰ অসহায় আত্মসমৰ্পণ আৰু গ্ৰাম্য জীৱনৰ নৈসৰ্গিক সৌন্দৰ্য, সৰলতা আৰু গ্ৰাম্য জীৱনৰ কদৰ্যপূৰ্ণ দুখন বিপৰীতধৰ্মী ছবিৰ দ্বন্দ্বই গল্পটোৰ মূল বিষয়বস্তু৷

গল্পটোৰ কাহিনীভাগ এনে ধৰণৰ- বি.এ. পৰীক্ষা শেষ হোৱাৰ  পাছত কলেজীয়া ছাত্ৰী উমাই হোষ্টেলৰ পৰা গাঁৱৰ ঘৰলৈ যোৱাৰ কথা জনাই মাকলৈ চিঠি লিখে৷ উমাই গাঁৱলৈ যোৱাৰ কথা জানিব পাৰি তাইৰ কলেজীয়া বান্ধৱী নগৰৰ লাহ-বিলাহত ডাঙৰ হোৱা ছোৱালী, জীৱনত কেতিয়াও গাঁও দেখি নোপোৱা প্ৰীতিয়েও উমাৰ লগত গাঁৱলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰে৷ গাঁৱৰ নানান সমস্যাৰ কথা অৱগত কৰাই উমাই প্ৰীতিক গাঁৱলৈ নিবলৈ বিচৰা নাছিল যদিও প্ৰীতিৰ হেঁপাহৰ আগত তাই হাৰ মানে আৰু প্ৰীতিক গাঁৱলৈ লৈ যায়৷

উমাহঁতৰ গাঁৱৰ সৰু ষ্টেশ্বনটোৰ পৰা সিহঁতক আগবঢ়াই নিবলৈ আহে উমাৰ বৰদেউতাকৰ পুতেক ললিত আৰু এজন মানুহ৷ গাঁৱলীয়া পৰিৱেশৰ মাজত প্ৰীতি আপোন-পাহৰা হৈ উঠে ৷ যদিও প্ৰথমে উমাই প্ৰীতিক গাঁৱৰ নৈসৰ্গিক সৌন্দৰ্যতাবোৰৰ আঁৰত লুকাই থকা কদৰ্যতাখিনিৰ সৈতে তাইক চিনাকি কৰাই দিব বিচৰা নাছিল৷ কিন্তু উমাহঁতৰ ঘৰত তাই যি কেইটাদিন অতিবাহিত কৰিলে, সেই তাকৰ দিনকেইটাতে প্ৰীতিয়ে গাঁৱৰ প্ৰায় সকলোবোৰ অভিজ্ঞতাই গোটাব পাৰিলে৷ গাঁও সম্পৰ্কে পূৰ্বতে থকা ধ্যান-ধাৰণা এনথ্ৰ’পলজিৰ ছাত্ৰী প্ৰীতিৰ বহুখিনিয়েই সলনি হ’ল৷ তাই গাঁৱত এনথ্ৰ’পলজিৰ তথ্য বিচাৰি পায়৷ প্ৰকৃতিৰ সেউজীয়া ধুনীয়া আৱৰণবোৰৰ মাজত, বহল পথাৰ আৰু উদাৰ আকাশৰ তলত বাস কৰা গাঁওবাসী তাই ভবা সাহিত্যৰ সহজ-সৰল, মহৎ গাঁওবাসীৰ বিপৰীতে প্ৰীতিয়ে আৱিষ্কাৰ কৰিছিল গাঁৱৰ বিষাক্ত পংকিলতাবোৰ৷  গাঁৱৰ শিক্ষাৰ প্ৰসাৰহীনতা, দৰিদ্ৰতা, হাই-কাজিয়া, গালি-গালাজ, টুটকীয়া চিন্তা, গাঁৱত নাৰীৰ নিম্নস্থান আদিয়ে প্ৰীতিৰ মনত গভীৰ ৰেখাপাত কৰিছিল৷ প্ৰীতিয়ে গাঁওবাসীৰ শিক্ষা, স্বাস্থ্য, আদিৰ অভাৱক লৈ উমাৰ সৈতে যুক্তি তৰ্কত লিপ্ত হয়৷ উমাই গাঁওবাসীৰ উন্নয়নৰ বাবে কিবা এটা কৰাটো প্ৰীতিয়ে কমনা কৰে৷ গাঁৱৰে বায়ু পানী খাই ডাঙৰ হোৱা উমাৰ গাঁওবাসীৰ প্ৰতি থকা চিন্তা সম্পৰ্কে উদ্বিগ্ন প্ৰীতিয়ে তাইক ভুল বুজাত উমাই মনত দুখ পাই আৰু প্ৰীতিৰ আগত গাঁওবাসীক লৈ দেখা সপোনৰ কথা কয়৷ উমাহঁতৰ ঘৰত থাকি গাঁৱৰ অনেক স্মৃতি বুকুত বান্ধি প্ৰীতিয়ে এনথ্ৰ’পলজিৰ সপোনৰ পাছৰ কঠোৰ বাস্তৱৰ সৈতে মুখামুখি হৈ তাই গাঁৱৰ পৰা বিদায় লয় আৰু গল্পটো ইমানতে শেষ হয়৷

গল্পটোত গাঁৱৰ নৈসৰ্গিক সৌন্দৰ্যতা আৰু সৰলতাখিনি প্ৰকাশ পোৱাৰ সমানে সমানে গাঁৱৰ কুলষতাবোৰো প্ৰকাশ পাইছে৷ গাঁৱৰ এই দুই ধৰণৰ ছবি চহৰীয়া সুখ-স্বচ্ছল্যত ডাঙৰ হোৱা, অভাৱ চিনি নোপোৱা এনথ্ৰ’পলজিৰ ছাত্ৰী প্ৰীতিৰ চকুৱে আৱিষ্কাৰ কৰে৷ জীৱনত গাঁও দেখি নোপোৱা প্ৰীতিয়ে গাঁৱৰ নৈসৰ্গিক পৰিৱেশৰ মাজত আপোন পাহৰা হৈ গাঁও সম্পৰ্কে এই দৰে কয় – “সঁচায়ে ইমান ধুনীয়া মুকলি পথাৰ চাৰিওফালে৷ মইতো কোনোদিন এনে দৃশ্য দেখাই নাছিলোঁ৷ ট্ৰেইনেৰে যাওঁতে দুকাষে দেখা ধাননি পথাৰ, দূৰণিৰ বাঁহজোপা, আৰু হয়তো তাৰ আঁৰে আঁৰে দুই এটা খেৰৰ ঘৰ, সেয়েই আছিল গাঁৱৰ লগত মোৰ পৰিচয়ৰ সীমা৷ কিতাপত পঢ়িছিলোঁ গাঁৱৰ মানুহবোৰ হেনো খুউব সৰল, মুকলিমুৰীয়া৷ তাৰ কাৰণ এতিয়া বুজিছোঁ৷ এই উদাৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ হ’বই লাগিব৷”(১৯৯৮, পৃ: ১৪) উমায়েও বান্ধৱী প্ৰীতি থকা কেইদিনত গাঁৱৰ সৌন্দৰ্য আৱিষ্কাৰত তাইক সহায় কৰি গাঁৱৰ দুই-এটা বস্তুৰ সৈতে চিনাকি কৰাই দিয়ে৷ সিহঁতৰ গাঁৱৰ সৰু ষ্টেশ্বনটোৰ পৰা গাঁৱৰ একমাত্ৰ স্কুলখন আকৌ চালৰ বগা কোমোৰা, উৰহী বগুৱা খেৰৰ ঘৰবোৰ, গাঁৱৰ পুখুৰীবোৰ, খেৰৰ পুঁজি, বনকমলাৰ গছ ইত্যাদি প্ৰীতিক দেখুৱাই৷ গল্পটোত গল্পকাৰে চহৰৰ আধুনিকতাৰ পোহৰ নপৰা গাঁও এখনক পটভূমি হিচাপে গ্ৰহণ কৰিছে৷ পৰিৱেশ চিত্ৰণৰ ফালৰ পৰা ক’ব পাৰি গল্পকাৰ গাঁৱৰ সৈতে অভ্যস্ত৷ তেওঁ গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনাতে ক্ষান্ত নাথাকি গ্ৰাম্য জীৱনবোৰ ভাঙি-পিটি চাইছে৷

গাঁৱলীয়া জীৱনবোৰ সহজ সৰল, লোকবোৰ চহৰীয়া চলাহী কথাৰ মেৰপাক নজনা হোজা নিৰ্জু-প্ৰকৃতিৰ৷ গাঁৱত একক পৰিয়ালৰ বিপৰীতে লোকবোৰে যৌথ পৰিয়াল বান্ধি থাকে৷ উমাহঁতৰো এটা যৌথ পৰিয়ালৰ ঘৰ দেখুওৱা হৈছে৷ উমাহঁতৰ আৰু বৰদেউতাকহঁতৰ চোতাল এখনেই৷ ই গাঁৱলীয়া লোকজীৱনৰ মনৰ প্ৰীতিভাৱ আৰু উদাৰতাৰ পৰিচায়ক৷ গাঁৱৰ ওচৰ চুবুৰীয়া ইঘৰ-সিঘৰত যি কোনো সময়তে আহ্-যাহ কৰাত চহৰৰ দৰে লাজ-শংকাবোধৰ বাধাখিনি নাই৷ উমা ঘৰলৈ অহাত সিহঁতৰ ঘৰত চুবুৰীয়া ল’ৰা-ছোৱালী, জীয়াৰী-বোৱাৰীয়ে জুম পাতেহি৷ তাতে আকৌ অচিনাকি চহৰীয়া আলহী প্ৰীতিৰ কৌতুহল আছেই৷ গাঁৱৰ লোকবোৰৰ সৰল মনৰ পৰিচয় অতিথি আপ্যায়নৰ মজেদিও খুব সুন্দৰকৈ ফুটি উঠিছে৷ উমাহঁতৰ দুখীয়া গাঁওখনলৈ অহা প্ৰীতিক সকলোৱে আদৰ-সাদৰ কৰে৷ সাধ্য জোখাৰে আলহীক আপ্যায়ন কৰে৷ উমাৰ মাকে বিনয়ী হৈ প্ৰীতিৰ মূৰত হাত ফুৰাই কয় – “এইজনীয়ে তোৰ বন্ধু নহয় নে? আমাৰ দুখীয়া ঘৰত কি খুৱাম আই, চহৰৰ ছোৱালী কষ্ট খাবা৷” (১৯৯৮, পৃ: ১৭) গাঁৱত আলহীক চাহটুপা আগে যঁচা হয়৷ গাঁও অঞ্চলত ফিকা চাহৰ প্ৰচলনেই অধিক৷ প্ৰীতিৰ বাবে অৱশ্যে উমাৰ বৌৱেকে চেনি দিয়া চাহ কৰে৷ চহৰৰ আলহী আহিব বুলি মাকে ষ্টেচনৰ পৰা ললিতৰ হতুৱাই চেনি অনাই থৈছিল৷ বৌয়েকে কৰি দিয়া চাহৰ নাল ভগা কাপটো উমাই লৈ অক্ষত কাপটো প্ৰীতিক দিয়ে৷ এই সৰু সৰু অভাৱবোৰ গাঁৱৰ চিনাকি ছবি৷ মাকে চাহৰ লগত গুৰৰ নাৰিকলৰ লাৰু আৰু তিলপিঠা খাবলৈ দিয়ে৷

গাঁৱত জুকাবলৈকে মানুহৰ নামবোৰ বিকৃত কৰি মতাৰ এক অস্বীকৃত নিয়মৰ প্ৰচলন আছে৷ উচ্চাৰণত টান টান নামবোৰ সৰল গাঁওবাসীৰ মুখত অপভ্ৰংশৰ ৰূপ পায়, আকৌ কেতিয়াবা ইচ্ছাকৃত ভাবেও সহজ নামবোৰো খুহুতীয়া কৰে৷ যেনে; গাঁৱত দ্ৰৌপদীৰ নাম দুৰ্পতি, হেমৰ নাম হেমা হয়গৈ৷ গাঁৱলীয়া সৰলতাখিনি গল্পটোৰ বিভিন্ন চৰিত্ৰৰ মাজেদি প্ৰকাশ পাইছে৷ আধুনিক শিক্ষাৰ পোহৰ নপৰাত গাঁৱৰ লোকবোৰ update (so-called) হ’ব পৰা নাই৷ গাঁৱৰ মানুহখিনিৰ বাবে গ্ৰামোফোনটো এক প্ৰকাৰৰ চমৎকাৰী বস্তুহে৷ উমাহঁতৰ গাঁৱলৈ প্ৰীতিয়ে গ্ৰামোফোন এটা লৈ অনাত কলৰ গান শুনিবলৈ ওচৰ চুবুৰীয়াই কেনেকৈ উমাহঁতৰ ঘৰত ভিৰ কৰিছিল তাত বৰ্ণনা গল্পটোত আছে৷ উমাৰ বৰদেউতাকৰ পুতেক অভয়ে পথাৰলৈ যোৱাৰ আগত কলৰ গান শুনাৰ লোভত চোতালৰ এচুকত বহি থাকে৷ গ্ৰামোফোনত গান বজা শুনি বুঢ়ী এগৰাকীয়ে প্ৰীতিক এই বুলি কয় – “মাই, ইয়াৰ ভিতৰত মানুহ সোমাই থৈছ নেকি?” (১৯৯৮, পৃ: ২৪) গাঁৱৰ নতুন চামক বিজ্ঞানৰ বতাহে অলপ চুইছে যদিও বাকী ৰৈ যোৱা মানুহেই সৰ্বাধিক৷ আধুনিক বিদ্যা-শিক্ষা, বিজ্ঞানৰ বতাহ নলগা জীৱবোৰৰ মাজত বহুতো অস্বাস্থ্যকৰ প্ৰচলিত নিয়ম প্ৰীতিৰ চকুত পৰে৷ উমাহঁতৰ শুৱনি কোঠাত চৌকা পতা, ঘৰত মুকলি খিৰিকী নৰখা, অপৰিষ্কাৰ পুখুৰীৰ পানীৰেই পিয়াহ গুচোৱা ইত্যাদি বহুতো কথা৷

পিন্ধন-উৰণটো উমাহঁতৰ গাঁৱৰ জীৱনত চহৰীয়া পৰশ পৰা নাই৷ গাঁৱৰ মহিলাসকলে বুকুত মেখেলাখন পিন্ধিয়েই লজ্জা নিবাৰণ কৰে৷ উমাৰ মাক-বৰমাকেও বুকুত মেখেলা মেথনি মাৰিয়েই পিন্ধে৷ ন-বোৱাৰীবোৰে চাদৰ (কপাহী) লয় আকৌ ডাঙৰৰ আগত বোৱাৰীয়ে উৰণি লৈ থকা নিয়ম গল্পটোত প্ৰতিফলিত হৈছে৷ পুৰুষবোৰে চুৰিয়া-চোলা পিন্ধে৷ গাঁৱৰ খাদ্যাভাসৰো এক সুন্দৰ উদাহৰণ গল্পটোত প্ৰকাশ পাইছে – প্ৰীতি অহাত সেইদিনা গাঁৱৰ অধিক প্ৰচলন মোটা চাউলৰ ভাত নাৰান্ধি উমাহঁতৰ ঘৰত লাহি চাউলৰ ভাত ৰান্ধে৷ বৰমাকে কম তেল, মচলাবিহীন মাছৰ আঞ্জা ৰান্ধে৷ উমাই খাৰৰ আঞ্জা খাবলৈ মন যোৱাৰ কথা কয়৷ আকৌ ভাত খাই উঠি তামোল খোৱাটো গ্ৰাম্য জীৱনৰ এৰাব নোৱৰা দৃষ্টান্ত৷ প্ৰীতিয়ে ভাত খাই উঠি তামোল খাবলৈ বৌয়েকে হাতত বঁটা লৈ দুৱাৰ মুখত ৰৈ থাকে৷

গাঁৱত নাৰীৰ স্থান সম্পৰ্কেও গল্পটোত বহুকেইটা দিশ উন্মোচিত হৈছে৷ পুৰুষপ্ৰধান সমাজ ব্যৱস্থাত নাৰীক সদায় পুৰুষৰ অধীন কৰি ৰখা হয় ৷ গল্পটোত উমাৰ বৌৱেকজনী তেনে সমাজৰে শোষিত, অবদমিত, নিৰ্যাতিত গ্ৰাম্য নাৰীৰ প্ৰতিভূ৷ উমাতকৈ বয়সত সৰু হাঁহিমুখীয়া বৌৱেকে দিনৰ দিনটো কাম কৰিও গিৰিয়েকৰ পৰা মৰম-ভালপোৱা পোৱাৰ বিপৰীতে সমান্য কথাতে গোৰ-লাঠিহে খাব লাগে৷ প্ৰেমৰ পৰিভাষা নৌ-বুজোতেই কম বয়সতে বিয়া হোৱা বৌৱেকজনীয়ে অশিক্ষিত, অৱহেলিত বঞ্চিত গ্ৰাম্য নাৰী জাতিটোকহে প্ৰতীকাত্মক ৰূপত দাঙি ধৰে৷ শিক্ষাৰ পোহৰৰ অভাৱতে উমাৰ বৌৱেকহঁতৰ নিচিনা নাৰীবোৰে নিজৰ অধিকাৰক লৈ কেতিয়াও বিদ্ৰোহী হৈ উঠিব পৰা নাই৷ গাঁৱৰ আন নাৰীবোৰো সংস্কাৰ বিমুখী আৰু সদায়ে পুৰুষতান্ত্ৰিক চেতনা পুহি ৰখা প্ৰকৃতিৰ৷ তেওঁলোকৰ চিন্তাত বাহ্যিক জগতৰ উদাৰ গ্ৰহণযোগ্যতাৰ অভাৱ৷ উমাৰ মুখত আমেৰিকাৰ ছোৱালীয়ে নিজে দৰা পছন্দ কৰাৰ কথা শুনি বৌৱেকে বিষ্ময়েৰে এইদৰে কৈ উঠে – “ছিঃ এনে নিলাজী নে সিহঁত৷” (১৯৯৮, পৃ: ১৯) বৰ্হিজগতৰ মুখ দেখি নোপোৱা গাঁৱত ল’ৰাই হে ছোৱালী পছন্দ কৰাৰ নিয়ম৷ গাঁৱৰ বিয়াত ছোৱালীৰ মত লোৱা নহয়৷ শিক্ষাৰ প্ৰচলন কম হোৱাৰ বাবেই গাঁৱত বাল্য বিবাহৰ দৰে অপসংস্কৃতিবোৰো নীৰৱে চলি থাকে৷ উমাৰ বৌৱেকজনীৰো কম বয়সতে বিয়া হয়৷ গাঁৱৰ ছোৱালীবোৰক স্কুললৈ পঠিওৱাৰ পৰিবৰ্তে ঘৰৰ কাম-বন শিকাত হে বেছি গুৰুত্ব দিয়ে৷ কিন্তু উমা তাৰ ব্যতিক্ৰম, তাই শিক্ষিত ভিনিয়েকৰ ঘৰত থাকি বি.এ. পঢ়ে৷ পঢ়াৰ প্ৰতি আগ্ৰহী উমাক অনুপ্ৰেৰণা দিয়াৰ পৰিৱৰ্তে ঘৰৰ মানুহবোৰৰ ইমান বয়সলৈকে বিয়া হবলৈ থকা উমাৰ বাবে চিন্তা হে হৈছে৷

উমাৰ বৰমাকজনী অশিক্ষিত যদিও প্ৰতাপশালী ব্যক্তিত্বৰ৷ বৰমাকজনী কাজিয়া-পেচালত আগৰণুৱা মুখ চোকা বিধৰ গাঁৱলীয়া নাৰীৰ প্ৰতিভূ৷ ঘৰত আলহী থকাৰ স্বত্তেও বৰমাকে ওচৰৰ গিৰিহঁতনীৰ লগত সীমাক লৈ চিঞৰি চিঞৰি কাজিয়া কৰে৷ গাঁৱৰ কাজিয়াত নানান অশ্লীল গালি-গলাজ, শাও-শপনিৰ উপৰি বাপেক-জীয়েক, মাক-পুতেক, ভাই-ভনীৰ মূৰ খাবলৈ দিয়া, বিকৃত সম্পৰ্কৰ যোৰা দিয়া আদি শুনিবলৈ পোৱাটোৱে স্বাভাৱিক৷ গাঁৱতো কাজিয়াৰ অভাৱ নাই৷ গাঁৱত সৰু সৰু কথাক লৈয়ে কি দৰে ডাঙৰ ডাঙৰ কাজিয়াৰ সূত্ৰপাত ঘটে প্ৰীতিৰ সেই জ্ঞান ভালকৈয়ে হয়৷ তাই দেখা পালে গাঁৱৰ মানুহবোৰৰ নীচতা আৰু শঠতা, আনৰ উন্নতিত হিংসাত অধীৰ হোৱা গাওঁবাসী৷ বাৰীৰ পুখুৰীত মনে মনে মাছ ধৰা কথাটোকে লৈ কি দৰে ভায়েকে ককায়েকক দা লৈ কাটিবলৈ খেদি যায় আৰু শেষত বিচাৰ গৈ আদালত পায়৷ প্ৰীতিক এইবোৰ কথা উমায়ে নিজে কয়৷  বাপেক পুতেকৰ কাজিয়া, গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া, শাহুয়েক বোৱাৰীয়েকৰ কাজিয়া, ভায়েক ককায়েকৰ কাজিয়া, ওচৰ চুবুৰীয়াৰ লগত কাজিয়া ইত্যাদি কাজিয়াৰ এটা অনন্ত প্ৰবাহ গাঁওবোৰত যেন অহৰহ চলিয়েই থাকে৷ গাঁৱৰ প্ৰায় মহিলাবোৰে খোলাকৈ ধপাত খায়৷ গাঁৱৰ আন মহিলাৰ দৰে উমাৰ মাক বৰমাকেও এইবিধ নিচা সেৱন কৰে৷ প্ৰীতি অহাত ভদ্ৰতাখিনি বচাবলৈকে উমাই বৰমাকক ধপাত নাখাবলৈ সঁকিয়াই দিয়ে৷ উমাৰ মাক গাঁৱলীয়া যদিও শিক্ষিত-অশিক্ষিত এই দুয়োটা চামৰ লগতে মিলাই চলিব পৰা এগৰাকী মহিলা৷ তেওঁ শিক্ষিত জোঁৱায়েক আৰু শিক্ষিতা জীয়ৰীৰ সংস্পৰ্শত দুয়ো কুল বজাই ৰাখিবলৈ শিকিছে৷ যদিও তেওঁ গাঁৱৰ গতানুগতিক ভাৱধাৰাৰ পৰা ওলাই আহিব পৰা নাই৷ সমাজৰ ভয়ৰ পৰা তেওঁ মুক্ত নহয়৷ তেওঁকো উমাৰ বিয়াৰ চিন্তাই বিপাঙত পেলাইছে৷

গাঁৱৰ তিৰোতাবোৰৰ মাজত বিয়নীমেলৰ এক প্ৰবহমান অনানুষ্ঠানিক অনুষ্ঠান চলি থাকে৷ এই মেলবোৰৰ বিষয়বোৰো প্ৰায় পৰচৰ্চা, এজনক আনজনৰ লগত যোৰা দিয়া, ৰতনা ৰতা আদিয়েই৷ শিক্ষাৰ অভাৱৰ কাৰণতে গাঁৱৰ এই পংকিলতাৰ পৰা প্ৰীতিও বাছি যোৱা নাছিল৷ গাঁৱত থকা দিন কেইটাত ললিতে প্ৰীতিক দুই এটা বস্তু আনি দিয়াত, পুখুৰীত সাঁতুৰি দেখুওৱা কথাটোতে যোৰা দি গাঁৱত কথা উলিয়ায়৷ এই কথা প্ৰীতিৰ কাণত পৰাত তাই মনত আঘাত পায়৷ হোজা আৰু উদাৰ প্ৰকৃতিৰ বুলি ভবা গাঁওবাসীৰ কদৰ্যৰূপ দেখি প্ৰীতি হতবাক হয়৷  গাঁওৰ প্ৰতি প্ৰীতিৰ মনত বেয়া ভাৱ জন্মা বুলি উমায়ে গাঁওবাসীৰ হৈ উকালতি কৰি কয় – “চহৰৰ শিক্ষা আৰু শালীনতাৰ আঁৰত যি কদৰ্য আৰু ভয়াবহ পাপচাৰ চলি থাকে, তাৰ তুলনাত গাঁওবাসীসকলে যি অজ্ঞানকৃত সামান্য অপৰাধ কৰে তাক লুক-ধাক নকৰাকৈয়ে কৰে,- চহৰৰ দৰে শিক্ষা বা সংস্কৃতিৰ মুখা পিন্ধিতো নহয়৷ গাঁৱৰ এই গ্লানিখিনিৰ কাৰণটো একমাত্ৰ অশিক্ষা আৰু অভাৱ৷” (১৯৯৮, পৃ: ৩২)  এনে অস্বাস্থ্যকৰ পৰিৱেশে সৰু ল’ৰা-ছোৱালীবোৰৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায়৷ এই দৃষ্টান্ত প্ৰীতিয়ে স্ব-চক্ষুয়ে ধৰা পেলায়৷ “তোৰ আখৰ ভাল নহ’ল দুৰ্পতি” বুলি কোৱাত চানামাকোক মুখ ভেঙুচাই “যা যা তোৰ গিৰিয়েৰেই ভাল লেখে যা” (১৯৯৮, পৃ: ৩২) বুলি তাই উত্তৰ দিয়ে৷ এইয়া গাঁৱৰ অশিক্ষা আৰু কদৰ্য পৰিৱেশৰে প্ৰভাৱ৷

গাঁৱত পঢ়া-শুনা কৰি কিতাপৰ জ্ঞান অৰ্জন কৰাত কৈ পথাৰত হাল-কোৰ বাই ঘৰৰ কামত লগাতহে বেছি গুৰুত্ব দিয়া দেখা যায়৷ ললিতকো পাঠশালা পাছ কৰাৰ পাছতেই দেউতাকে “হালোৱা চহাৰ ল’ৰাই নালাগে ব’ল লেখা পঢ়া শিকি চাকৰি কৰিবলৈ৷ খেতি কৰিলেই আমাৰ পেটৰ ভাত মিলিব” (১৯৯৮, পৃ: ৩২) বুলি স্কুল এৰুৱাই দিয়ে৷ উমা হঁতৰ গাঁৱত যি এখন স্কুল আছে তাৰো অৱস্থা বৰ সন্তোষজনক নহয়৷ ৩০-৪০জন মানৰ ছাত্ৰ ছাত্ৰীৰে ভগা-ছিগা স্কুলখনৰ শিক্ষক দুজন (তাৰো এজন অনুপস্থিত)৷ ল’ৰা-ছোৱালীবোৰো মলিন, চুলিত তেল, কাপোৰত চাবোন নপৰা৷ অস্বাস্থ্যকৰ৷

গল্পটোত যি কেইটা পুৰুষ চৰিত্ৰ প্ৰকাশ পাইছে তাৰ ভিতৰত ললিত নামৰ চৰিত্ৰটোৱে পাঠকৰ বেচ সহানুভূতি অদাই কৰিবলৈ সক্ষম হৈছে৷ ললিতৰ মাজেদি এটা গাঁৱলীয়া শিক্ষাৰ পোহৰ নপৰা, অভাৱী ডেকাৰ ছবি ফুটি উঠে৷ এগৰাকী যুৱতীৰ প্ৰতি এজন যুৱকৰ যি আবেদন থাকিব লাগে, ললিত তাৰ ব্যতিক্ৰম নাছিল৷ সি প্ৰীতিক গাঁৱৰ দুই এটা বস্তু আনি দিয়ে, পুখুৰীত সাঁতুৰৰ বিভিন্ন কৌশল দেখুৱাই৷ কিন্তু ললিতৰ দৰে এজন নিৰক্ষৰ ডেকাৰ প্ৰতি প্ৰীতিয়ে কোনো আগ্ৰহ নেদেখুৱায়৷ আন এটা পুৰুষ চৰিত্ৰ ‘অভয়’ এটা পুৰুষতান্ত্ৰিক সমাজৰ প্ৰতিনিধিমূলক চৰিত্ৰ৷ পত্নীৰ প্ৰতি থাকিবলগীয়া মৰম-স্নেহখিনি তেওঁৰ চৰিত্ৰটোৰ মাজত অকণো দেখা পোৱা নাযায়৷ অকণমান কথাতে ঘৈণীয়েকক গোৰ-ভুকু শোধাই বৰমতা দেখুৱাই৷ অভয় দিনৰ দিনটো হাড় ভাঙি কাম কৰি পেটে-ভাতে খাই জীয়াই থকা, ৰোমাঞ্চ কি বুজি নোপোৱা এটা গাঁৱলীয়া আনৰোমাণ্টিক হাছবেণ্ড৷

শিশু চৰিত্ৰকেইটাৰ মাজেদিও গাঁৱলীয়া জীৱনৰ ছবিখন সুন্দৰ ৰূপত ভাহি আহিছে৷ বৰ লাজুক আৰু নিৰ্জু প্ৰকৃতিৰ উমাৰ ভায়েকে সৰু পাঠশালাত পঢ়ে৷ প্ৰীতিয়ে তাক নাম সোধাত সি লাজ-লাজকৈ তল মূৰ কৰি “শ্ৰী-অ-বনীচন্দ্ৰ চৌধুৰী” বুলি কয়৷ কিন্তু উমাই দেখিছিল সমবয়সীয়া চহৰীয়া প্ৰীতিৰ ভায়েক লাজুক স্বভাৱৰ বিপৰীতে অতি সপ্ৰভিত৷ গল্পটোৰ দুৰ্পতি, চানামাকো আদি চৰিত্ৰবোৰৰো স্বভাৱ একে৷ নিৰ্জু প্ৰকৃতিৰ৷

গল্পকাৰে গল্পটোৰ জড়িয়তে গাঁৱৰ সহজ-সৰল জীৱনবোৰৰ মাজত লুকাই থকা এখন পঁয়া লগা ছবি অংকন কৰিছে৷ গাঁৱলীয়া শিক্ষিতা নাৰী উমা চৰিত্ৰটিৰ মাজেদি গল্পকাৰৰ সংস্কাৰকামী মানসিকতাৰ প্ৰকাশ ঘটিছে৷ কদৰ্যতাৰ মাজত জীয়াই থকা গাঁৱৰ  অস্বাস্থ্যকৰ, শিক্ষাৰ পোহৰ নপৰা জীৱনবোৰ, দৰিদ্ৰতাই কোঙা কৰা, পুৰুষ শাসিত সমাজব্যৱস্থাত পদে পদে অপমানিত হোৱা বঞ্চিত নাৰী, অজ্ঞানৰ আন্ধাৰত ডুব গৈ থকা গাঁৱৰ সমাজখনৰ পৰিৱৰ্তন কামনা কৰা হৈছে৷ গল্পকাৰে দেখা এই পৰিৱৰ্তনকামী চিন্তা আবেগৰ ঢৌ নহয়, ই মাৰ্ক্সীয় আদৰ্শৰে উদ্বুদ্ধ আৰু ইয়াত গল্পকাৰৰ সমাজ চেতনা আৰু আশাবাদী সুৰ ধ্বনিত হৈছে৷

সহায়ক গ্ৰন্থ :

গোস্বামী, ত্ৰৈলোক্যনাথ ৷ আধুনিক গল্প সাহিত্য ৷ বাণী প্ৰকাশ, ষষ্ঠ প্ৰকাশ, ২০০৯৷

বৰগোহাঞি, নিৰুপমা৷ নিৰুপমা বৰগোহাঞিৰ শ্ৰেষ্ঠ গল্প ৷ সুভদ্ৰা প্ৰকাশন, প্ৰথম প্ৰকাশ, ১৯৯৮৷

ঠিকনা :

বকলীয়াঘাট, কাৰ্বি আংলং

৬০০১৫২৬৮২৫

biswajitsaikia110@gmail.com

Visited 2 times, 1 visit(s) today
Website |  + posts
Close