অলকেশ কলিতা
তুমি শুনা নাই পাতবোৰে সৰোঁতে মোক কি কৈছিল ।
পাতবোৰ সেউজীয়া হৈ থাকোঁতে তুমি নাহিলা ।
চৰাইবোৰৰ বাৰম্বাৰ মৃত্যু হৈছে । ৰাতিপুৱাৰ, গধূলিৰ ।
মই চাৰিওফালে দেখিছোঁ নিষ্ঠুৰ নিৰ্মোহ সত্যক।
জীৱবোৰে উশাহ লোৱা নাই
উশাহ ল’লে গম পোৱা যায় যে এখন সন্তাপিত হৃদয় আছে
আৰু সেয়া ভাগি চুচূৰ্মৈ হৈ গৈছে।
তুমি উপায় দিয়াঁ, এই প্ৰেম নাশ হ’লে ক’লৈ গুচি যাব পাৰি।
মই সেইবাটে যাম
যত মোৰ নিষ্প্ৰাণ শব্দবোৰ বিক্ৰী যায় ।<!—next-prev and print–>
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 3 times, 1 visit(s) today
