আকাশ দীপ্ত ঠাকুৰ
সামান্য জালুকৰ গুৰি দি বাকি অনা ৰঙা চাহকাপ আৰু অকণমানি বিস্কুটৰ পেকেটটো কাষৰ সৰু মেজখনতে থৈ মই মালাৰ ফালে এবাৰ চালোঁ৷ মনতে ভাবিলোঁ, চাহকাপ খোৱাৰ আগতে এইমাত্ৰ বাহিৰত দেখি অহা সেই আচহুৱা ঘটনাটোৰ বিষয়ে তেওঁক কোৱা যাওক৷
…শীৰ্ণকায় মানুহগৰাকীৰ বয়স চাৰিকুৰি হোৱা নাই চাগৈ৷ অবিন্যস্ত পকাচুলিকেইডাল সাঙুৰি বান্ধি থোৱা অকণমান খোপাটো, শৰীৰটোত লিপিট খাই ধৰা নীলা ফুলৰ কপাহী চাদৰখন আৰু একে ফুলৰ শোটমোচ খোৱা ছিল্কৰ মেখেলাখন– সোঁফালে অলপ উজাই লৈ কঁকালত খোঁচ মাৰি থোৱা আছিল৷ প্ৰথমে মই মানুহগৰাকীলৈ চাব লাগিব বুলি ভবাই নাছিলোঁ৷ কেৱল মানুহগৰাকীলৈ বুলি নহয়, ডিব্ৰুগড় মেডিকেল কলেজৰ কাৰ্ডিঅ’ল’জি বিভাগৰ এই বিল্ডিংটোৰ সন্মুখত ঠিক চোতালৰ নিচিনা এই অংশটোত শাৰী শাৰীকৈ পাৰি থোৱা বেঞ্চবোৰত বহি অপেক্ষা কৰি থকা মানুহখিনি, কাষৰ অ’ত-ত’ত এনেয়ে থিয় হৈ থকা মানুহবোৰ- কালৈকো চাবলৈ মোৰ অৱকাশ নাছিল৷ মূল দুৱাৰখনেদি ভিতৰলৈ সোমাব বিচৰা যিকোনো ব্যক্তিৰ মুখত মাস্ক্ লগোৱা আছেনে নাই চাবলৈ বুলি প্ৰৱেশদ্বাৰতে ৰৈ থকা ছিকিউৰিটি গাৰ্ডৰ পোছাক পৰিহিত লোকজনৰ কাষেদি ময়ো ভিতৰলৈ আগ বাঢ়িব খোজোঁতেই হঠাৎ এটা তীক্ষ্ণ মাতৰ গালি কাণত পৰিছিল৷ ইতিমধ্যে সেই দ্বাৰৰক্ষীজনক অতিক্ৰমি মই সোমাই পৰিছিলোঁ যদিও কৌতূহলবশতঃ ৰৈ গৈছিলোঁ৷ কোনখিনিৰপৰা মাতটো আহিছে বুজ ল’বলৈ বুলি উভতি চাওঁতেই সন্মুখৰ সেই চোতালৰ নিচিনা ঠাইকণতে সেই মহিলাগৰাকীক দেখিছিলোঁ৷ বাঁওহাতখন কঁকালত ভেজা দি সোঁহাতখন জোঁকাৰি এক বিশেষ ভংগিমাৰে তেওঁ গালি পাৰিছিল; কিন্তু কাক গালি পাৰিছিল!
গোট খাই থকা সকলো মানুহে যিদৰে ঘটনাটো লক্ষ্য কৰিছিল নে উপভোগ কৰিছিল; মই ঠিক সেইদৰে সন্মুখলৈ আহি মানুহগৰাকীৰ মুখলৈ চাব নোৱাৰিলোঁ৷ দ্বাৰৰক্ষীজনৰ সন্মুখৰ লৌহ জালিকাখনৰ ফাঁকেৰে ঘটনাটো বুজ ল’বলৈ চেষ্টা কৰিছিলোঁহে মাথোঁ; হঠাৎ যেন…সেই দেৱালীৰ নিশা দীঘল, ৰঙা জলকীয়া ব’ম একোটা ‘থপ্’কৈ অলপ কম শব্দৰে ফুটাৰ দৰে এটা শব্দ…আৰু এটা শব্দ…একে লেথাৰিয়ে আৰু ভালেকেইটা শব্দ হ’ল৷ মই মন কৰিলোঁ–মানুহগৰাকীয়ে পিন্ধি থকা ছেণ্ডেলযোৰৰ এপাট খুলি লৈ তেওঁৰ সন্মুখৰ বেঞ্চখনত বহি থকা ল’ৰাদুজনৰ এজনক কোবাইছে৷ লগতে মুখৰপৰা ওলোৱা সেই গালিবোৰ আছেই৷ মই হতবাক হৈ পৰিছিলোঁ৷ প্ৰায় ত্ৰিছজন মানুহে লক্ষ্য কৰি থকা অৱস্থাত এগৰাকী বৃদ্ধাই এজন যুৱকক এনেদৰে গালি পাৰি পাৰি কোবাইছে! কথাটো কি? মই ৰৈ থকা ঠাইৰপৰা মানুহগৰাকীক সন্মুখৰপৰাই দেখিছিলোঁ যদিও সেই ল’ৰাজনৰ পিছফালটোহে দেখিছিলোঁ৷ গোল ডিঙিৰ ছাই ৰঙৰ টি-ছাৰ্ট এটা পিন্ধি নিৰ্বিকাৰ হৈ বহি থকা ল’ৰাজনৰ শৰীৰত অথবা মনত সেই মানুহগৰাকীৰ গালি অথবা ছেণ্ডেলৰ কোববোৰে কোনো বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল বুলি অকণো ভাব হোৱা নাছিল৷
প্ৰকৃততে কিনো ঘটিছে… দ্বাৰৰক্ষীজনৰপৰাই আভাস এটা পাইছিলোঁ৷ প্ৰথমৰপৰা শেষলৈকে গোটেই ঘটনাটো মালাৰ আগত ক’লোঁ–“বৰ আচৰিত ঘটনা বুজিছা…”
শেঁতা চাৱনিৰে মালাই মোৰ ফালে চালে৷ ছেণ্ডেল এপাটেৰে ডেকাল’ৰা এটাক তেনেকৈ মানুহৰ মাজত গালি পাৰি পাৰি কোবাইছে বুলি কোৱালৈকে ঘটনাটোৰ কৌতূহলখিনি ঠিকেই আছিল; কিন্তু যেতিয়া মই প্ৰকৃত কাৰণটো ক’লোঁ–সেই বৃদ্ধাৰ বিৱাহিতা কন্যাই তেওঁৰ জোঁৱায়েকৰ অত্যাচাৰত অতিষ্ঠ হৈ বিহ খাই আপোনঘাতী হ’ল; সেইবাবেই তেওঁৰ মনৰ দুখবোৰ তেনেকৈ ক্ৰোধ হৈ পৰিছে আৰু…স্থান-কাল-পাত্ৰ পাহৰি জোঁৱায়েকটোকে তেনেকৈ কোবাইছে; লগে লগেই মালাৰ মনটো সেমেকি যোৱা বুলি বুজিব পাৰিলোঁ৷
এৰা! মনৰনো কি আৰু; এইমাত্ৰ… মালালৈ বুলি লৈ অনা ৰঙা চাহকাপ অলপ ঠাণ্ডা হয় মানে এয়া তেওঁৰ কাষতে ঠাই উলিয়াই বহি লৈ দুয়ো অকণমান হাঁহিলোঁ, সম্পূৰ্ণ ছটা দিনৰ পাছত৷ অথচ কালি পুৱালৈকে যেন হাঁহি কি বস্তু মই পাহৰিয়ে আছিলোঁ৷ কাৰ্ডিঅ’লজি বিভাগৰ এই বিল্ডিংটোৰ চুকে-কোণে সোমাই কেৱল ফোঁপাই ফোঁপাই কান্দিছিলোঁ৷ এইকেইটা দিনত শৰীৰটোৰ ভিতৰলৈ পানী কিমান সোমাইছে নাজানো; কিন্তু …সময় নাই, অসময় নাই এনেকৈ বৰ লুইতৰ ধল বাগৰাদি দুচকুৱেদি কেনেকৈ আৰু ক’ৰ পৰানো পানীবোৰ বাগৰিছিল, বুজিবই পৰা নাছিলোঁ৷ একোবাৰ হয়তো ভাবিছিলোঁ– দেহাটোৰ ভিতৰৰ পানীবোৰ শেষ হৈ নাযায়তো! মাজে মাজে আকৌ চলাই যোৱা গাড়ী একোখনৰ সন্মুখৰ গ্লাছখন পৰিষ্কাৰ কৰি ৰাখিবলৈ ব্যৱহাৰ হোৱা ৱাইপাৰ দুডাললৈকো মনত পৰিছিল– গ্লাছখন লেতেৰা হৈ থাকিলে চলাই থাকোঁতেই পানী নিক্ষেপ কৰি চাফা কৰি ল’ব পাৰি৷ সেই পানীখিনিতো গাড়ীখনতে কোনোবা এঠাইত জমা হৈ থাকে৷ পুনৰ ভৰাই নল’লে সদায় ক’ৰপৰা পানী ওলাই থাকিব! শেষ হৈ নাযাব জানো? অথচ আমাৰ এই চকুহাল; শৰীৰটোৰ ভিতৰৰপৰা যেন খুন্দিয়াই খুন্দিয়াই উলিয়াই আনে পানীবোৰ!
আৰু এই যে মালাক ৰাখি থোৱা আই.চি.য়ু.-টো! প্ৰতি মুহূৰ্ততে যেন ইয়াত ঘটি থাকে একো একোটা আচৰিত ঘটনা; বিচিত্ৰ অভিজ্ঞতা৷ মাজে মাজে হয়তো হাঁহিবও খুজিছোঁ, মাজে মাজে চৌপাশে যি হৈ আছে–সেয়া অনুভৱ কৰিছোঁ, নিজৰ দুখ পাতলাবলৈ চেষ্টা কৰিছোঁ৷ ভাবিছোঁ– এইবোৰ… যি হৈ আছে… কিয় হৈছে…? অথচ পৰহিলৈকেতো এই আই.চি.য়ু.-লৈ কোন কিয় আহিছে, কাৰ কি হৈছে, কাৰ সৈতে কোন আহিছে… সেইবোৰৰ ভিতৰলৈ সোমাই একো বুজিবলৈ অৱকাশ পোৱা নাছিলোঁ৷ দিনটোৰ ভিতৰত যিকেইটা মুহূৰ্তৰ বাবে মালাৰ কাষৰপৰা আঁতৰি আছিলোঁ, সেইকেইটা মুহূৰ্ত মোৰ নিজৰ নাছিল৷ হয়, নাছিল মোৰ৷ মই মোৰ আৱেগক নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ, মই হয়তো মই হৈ থকাও নাছিলোঁ৷ বাৰে বাৰে কেৱল নেদেখাজনক সুধিছিলোঁ– ক’ত ভুল হ’ল মোৰ…কিয় এনে হ’ল!
প্ৰথম দিনা… এই যে মালাক শুৱাই থোৱা বিছনাখনৰপৰা বাঁওকাষে দীঘল দীঘল সেউজীয়া পৰ্দা ওলমাই আন এটা কোঠালিৰ দৰে কৰি ৰখা ঠাইখিনিত থকা বিছনাখনত অলপ ক’লা বৰণৰ ডেকা ল’ৰাজনক শুৱাই থোৱা হৈছিল, বাৰে বাৰে যে তেওঁ বুকুৰ বাঁওফালে নিজৰ হাতেৰে হেঁচা মাৰি ধৰি ঘন ঘনকৈ উশাহ ল’বলৈ চেষ্টা কৰিছিল, তেওঁৰ কি হৈছিল মই জনা নাছিলোঁ৷ জানিবলৈ একো উপায় নাছিল, প্ৰয়োজনো নাছিল৷ তাৰো সিফালে ঠিক একে ধৰণৰ পৰ্দাৰে আবৃত আন দুটা কোঠালিৰো দুখনকৈ বিছনাত কোন আছে জানিবলৈ তেতিয়া উপায় নাছিল৷ দীঘল সেউজীয়া ৰঙৰ পৰ্দাৰে ঢাকি ৰখা একো একোটা সৰু কোঠালি, আৰু তাতে জীয়নৰ পণ, মৰণৰ ক্ষণ৷ পৰহি অপাৰেশ্যন হৈ যোৱাৰ পাছত আবেলি মালাক এই বিছনাখনলৈ লৈ অহাৰ অলপ পাছত চৌপাশৰ অন্য ৰোগীসকলৰ বিষয়ে এটা উমান ল’বলৈ চেষ্টা কৰিছিলোঁ চাগৈ৷ আৰু তেতিয়াই ঠিক এক-দুই মিনিটৰ ব্যৱধানত এগৰাকী মহিলাৰ কণ্ঠৰ হঠাৎ একোটা বিকট চিঞৰ শুনি দুবাৰমান উচপ খাই উঠিছিলোঁ৷ চিঞৰটো মৰাৰ লগে লগে যেন কিবা-কিবি প্ৰলাপ বকাৰ দৰেও কৰে; কিন্তু কি কৈছে একো বুজিব নোৱাৰি৷ হঠাৎ চিঞৰটো শুনি ভয় খাই যোৱা বাবে হয়তো মনৰ মাজতে হাঁহিও উঠিছিল৷
একোৱেই জানিবলৈ তেতিয়া সুযোগ পোৱা নাছিলোঁ৷ এইযে কিছু দূৰৈত ক্ষণে ক্ষণে আহি থকা সেই মানুহগৰাকীৰ চিঞৰবোৰ… ক’ত তাৰ উৎস, কিমান আঁতৰত তেওঁৰ বিছনাখন? নাজানিছিলোঁ মই৷ কাষৰ বিছনাখনত ঘন ঘনকৈ উশাহ লৈ থকা সেই ডেকা ল’ৰাটো… কেনেকৈ কি হ’ল তাৰ, মই নাজানো৷ সৌ দূৰৈত আন এটা একে ধৰণৰ কোঠালিৰ বিছনাখনত শুৱাই থোৱা সত্তৰোৰ্ধ ব্যক্তিজনৰ দুয়ো কাষৰপৰা দুয়োখন ভৰি মালিচ কৰি থকা বাইছ-তেইছ বছৰীয়া ল’ৰা দুজন… কোন সেই মানুহজন– ল’ৰা দুজনৰ দেউতাক? কি হ’ল তেওঁৰ? নাজানো মই৷ আৰু… হঠাৎ যে এটা হুৱা-দুৱা লগাৰ দৰে পৰিৱেশ হৈছিল, অকণমানি ছোৱালী এজনীক অচেতন অৱস্থাত চৌপাশে নাৰ্ছ, স্বাস্থ্য-বিভাগৰ কৰ্মচাৰীৰ আবেষ্টনীত আনি আমাৰপৰা কিছু আঁতৰৰ আন এখন বিছনাত শুৱাই দিছিলহি; আৰু তাৰ কেইটমান মুহূৰ্তৰ পাছতে যেন পুৰুষ-মহিলাৰ কণ্ঠ মিহলি হৈ চেঁপা মৰা কান্দোনৰ দৰে শব্দ শুনিছিলোঁ…! ক’ত আৰু কেনেকৈ কি হৈছিল একো বুজা নাছিলোঁ, একো নাজানিছিলোঁ।
কেনেকৈ জানিম? কেৱল নিজৰ স্বাৰ্থৰ বাহিৰে প্ৰতি মুহূৰ্ততে বেলেগ কিবা চিন্তা কৰিবলৈ সুযোগ পাইছিলোঁনে মই? সুযোগ দিছিলোঁনে নিজকে? এইযে বাৰে বাৰে মই ঈশ্বৰক দোষাৰোপ কৰিব বিচাৰিছোঁ– ‘মোৰ ক্ষেত্ৰতহে কিয় এনেকুৱা হ’ল’ বুলি; এবাৰলৈও ভাবিছিলোঁনে– ঈশ্বৰে কেৱল মোৰ মংগল কৰিবলৈ ঠিকা লৈ থৈছে নেকি?
আচলতে ভাবি পৰাৰ সকলো শক্তিচোন এফালৰপৰা শেষেই হৈ আহিছিল৷ বাৰ বছৰীয়া আমাৰ সংসাৰখনত কাহানিও কোনো অসুখ-বিসুখৰ উমান নোপোৱা মোৰ মানুহজনী– মালা, পাকঘৰৰ মজিয়াতে ওপৰলৈ মূৰ দি পৰি আছিল… কেনেকৈ কথা ভাবিব পৰাৰ শক্তি থাকিব বাৰু? কাষতে থকা ৰন্ধন গেছটোৰ এফালে জুইৰ ওপৰত কঁঠালৰ মুচিৰ তৰকাৰীখন উতলি আছিল; আৰু মাটিত পৰি থকা মানুহগৰাকীৰ শৰীৰত উশাহ-নিশাহৰ কোনো লক্ষণেই নাছিল…৷ হঠাৎ সোমাই আহি তেনে এটা দৃশ্য দেখাৰ পাছত… হয়তো ময়ো হেৰুৱাই পেলাইছিলোঁ ভাবিব পৰাৰ ন্যূনতম শক্তি৷ হাজাৰ চেষ্টাৰ পাছতো শৰীৰলৈ চেতনা ঘূৰাই আনিব নোৱাৰি মই হয়তো চিঞৰিছিলোঁ, সৰ্বশক্তিৰে আটাহ পাৰিছিলোঁ৷ বাহিৰত উমলি থকা আমাৰ কণমানিটোৱে মোৰ চিঞৰ শুনি ভিতৰলৈ লৱৰি আহিছিল; মাকৰ সেই অৱস্থা দেখি বাৰে বাৰে মোক সুধিছিল– ‘‘দে’তা, মাৰ কি হ’ল? মাক নমোৱে লৈ গ’ল নেকি? মাক নমোৱে কিয় লৈ গ’ল…?’’ মই… মই কি কৰিছিলোঁ তেতিয়া? মোৰ শৰীৰৰ সৰ্বশক্তিৰে মালাৰ বাঁউসীত ধৰি জোঁকাৰিছিলোঁ, হাততে ঢুকি পোৱাকৈ থকা টেপটো খুলি পানী ছটিয়াইছিলোঁ…৷ আৰু হঠাৎ এবাৰ ঘপহকৈ তেওঁৰ চেতনা ঘূৰি আহিও পুনৰ অৱশ হৈ ঢলি পৰিব খোজোঁতে মই দুবাহুৰে আঁকোৱালি ধৰি ঘটালি পেলাইছিলোঁ– “কি হৈছে তোমাৰ? কিয় এনেকুৱা কৰিছা তুমি?”
কি হৈছিল তেওঁৰ– ওচৰৰ দুই-এজন মানুহ আহিছিল যদিও কোনেও একো বুজিব পৰা নাছিল৷ গাঁৱত থাকোঁ আমি, মাথোঁ দুদিনৰ আগতে প্ৰায় এক ফাৰ্লং দূৰৈৰ আমাৰ একে গাঁৱৰে আন এঘৰলৈ গৈ নিজে ঢেঁকী দি চাউল খুন্দি আনি বিহুলৈ বুলি ঘৰতে সকলো পিঠা ভাজি শেষ কৰা এই মানুহজনী; ঘৰখনত সময়ে সময়ে শেষ হৈ থকা আলু-পিঁয়াজ, কাপোৰ ধোৱা পাউডাৰ, দাঁত ঘঁহা পেষ্ট… এনে সামগ্ৰীবোৰ গাঁৱৰ দোকানৰপৰা নিজেই বজাৰ কৰি অনা এই মানুহজনী; আধা ঘণ্টাৰ আগতে ঘৰৰ চোতালত হুচৰিযোৰাক বিদায় দি, বিহু বুলি দেখা কৰিবলৈ অহা গাঁৱৰ দুই-এজন আলহীক চাহ-জলপান যতনাই দিয়া এই মানুহজনীৰ হঠাৎ কি হৈ গ’ল! শৰীৰত উশাহ-নিশাহৰ চিন পৰ্যন্ত নোহোৱাকৈ মজিয়াত এটা শৱদেহৰ দৰে পৰি থকা মানুহজনীৰ হ’ল কি? বিহু বুলি পুৱাৰপৰা নোখোৱাকৈ থকা বাবে কিবা গেছজনিত সমস্যা? নিম্ন ৰক্তচাপৰ বাবে…?
উত্তৰবোৰ আধা-ডুখৰীয়াকৈ পাওঁতে পাওঁতে আবেলি চাৰি বাজিছিলগৈ৷ অচেতন হৈ বহু সময়লৈ মজিয়াত পৰি থাকিও চেতনা অহাৰ পাছত পুনৰ প্ৰায় স্বাভাৱিক যেনেই হৈ পৰা মানুহগৰাকীৰ স্বাস্থ্যক লৈ চিকিৎসা কেন্দ্ৰত যি যি পৰীক্ষা চলিছিল; বাৰে বাৰে দুটামান পৰীক্ষা কৰাই চাই নিশ্চিতপ্ৰায় হৈ পৰা কেইবাজনো ডাক্তৰৰ গহীন মুখবোৰ, মোৰ জেঠেৰীৰ সৈতে গহীন হৈয়ে ভিতৰুৱাকৈ ডাক্তৰে পাতি থকা কথাবোৰৰ স্বৰূপ এনেকুৱা হ’লগৈ যে মোৰ সন্মুখেদিয়ে এখন হুইল চেয়াৰত বহুৱাই তেওঁক আই.চি.য়ু.-লৈ যোৱা হ’ল৷ মই কণমানিটোক সাবটি তেওঁলৈ চাই থকাৰ মাজতে তেওঁ হাঁহি হাঁহিয়ে কোৱা কথাষাৰ যেন বহু সময়লৈ কাণত বাজি আছিল– “মইচোন খোজকাঢ়িয়ে যাব পাৰোঁ, এইখননো কিয় দিছে?”
সেই এটা প্ৰশ্নৰ উত্তৰটো মোক কেনেকৈ দিয়া হৈছিল! … মিশ্যন হস্পিটালৰ আই.চি.য়ু.-ত তেওঁক ৰাখি শৰীৰত অস্থায়ী পে’চমেকাৰ এটা বহুৱাই দিয়াৰ পাছত মোক অনুমতি দিছিল তেওঁক দেখা কৰিবলৈ৷ লগতে বুজাই দিয়া হৈছিল–সময় নষ্ট নকৰি তেওঁক ডিব্ৰুগড় অথবা গুৱাহাটীলৈ লৈ যাব লাগে, পাৰিলে নিশাটোৰ ভিতৰতে৷ বুকুত পে’চমেকাৰ বহুৱাবই লাগিব৷
শীতল কোঠালিটোত এটা শীতল শৰীৰ হৈ পৰি থকা মোৰ ৰাংঢালী মানুহজনী কেইটামান ঘণ্টাৰ ভিতৰতে ইমানকৈ কেনেকৈ যে সলনি হৈ পৰিছিল, মই বুজি পোৱা নাছিলোঁ৷ ল’ৰাটোক সাবটি লৈয়ে তেওঁৰ কাষলৈ যাওঁতে তেওঁ মোক সুধিছিল– “আপুনি ডাক্তৰক কিবা সুধিছিল নেকি?”
মই বুজা নাছিলোঁ৷ আচলতে মই তেওঁলৈ চাবই পৰা নাছিলোঁ৷ কণমানিটোৱে মোক সাবটি ধৰি আছিল৷ ইমানবোৰ যন্ত্ৰ-পাতিৰ মাজত মাকক দেখি সি বৰ ভয় খাইছিল৷ মালাই হাতখন মেলি তাক চুবলৈ চেষ্টা কৰিছিল৷ “মই একো বুজিব পৰা নাই জানেনে; মৰিম নে থাকিম, সেইটোও মই নাজানো৷ ইয়াক মই ডাঙৰ কৰিবলৈ নাপালোঁ, হেঁপাহ এটা বুকুত ৰৈ যাব৷”
হেঁপাহ এটা…৷
আচৰিত কথা৷ তেওঁ ধৰিয়ে লৈছিল নেকি– তেওঁ যাবগৈয়ে! মালাৰ শৰীৰত অস্থায়ী পে’চমেকাৰটো বহুৱাই দিয়া ডাক্তৰজনে মোক কৈছিল– “এটা খোজ দিয়াটোও তেখেতৰ বাবে বিপজ্জনক আছিল৷ হাৰ্ট বিট বহুত কম পাইছিলোঁ, অন্লি থাৰ্টি ছিক্স্৷ থাকিব লাগে ছেভেনটি টু৷ এতিয়া পিছে বিশেষ চিন্তাৰ কাৰণ নাই৷ টেম্প’ৰেৰী পে’চমেকাৰ ফিট হৈছে৷ ডিব্ৰুগড় বা গুৱাহাটী, য’তেই আপুনি সুবিধা পায়…”
মালাক শুৱাই থোৱা বিছনাখনৰ একাষে কম্পিউটাৰৰ মনিটৰত একা-বেঁকা ৰেখা এডাল ঘূৰি ফুৰিছিল৷
‘চিন্তাৰ কাৰণ নাই, আমি টেম্প’ৰেৰী পে’চমেকাৰ ফিট কৰি দিছোঁ…৷’
এই মানুহজনীৰ অন্তৰখনৰ স্পন্দনটো ধৰি ৰাখিবলৈ প্ৰয়োজন হ’ল এটা সৰু যন্ত্ৰৰ! ডিব্ৰুগড়লৈ তেওঁক নিশাই লৈ যাবলৈ মই তৎপৰ হৈছিলোঁ৷ মোক সেই অস্থায়ী পে’চমেকাৰে দিব পৰা স্পন্দনটো নালাগে৷ এটা স্থায়ী সমাধান লাগে৷ তেওঁৰ বুকুৰ সেই স্পন্দনটো মোক লাগে– যিটো স্পন্দন মোৰ নিচেই চিনাকি, মোৰ বুকুৰ আপোন৷ এইযে মোৰ বুকুখনে উঠা-নমা কৰি আছে… কাৰ বাবে? মোৰ কণমানিটো…এক মুহূৰ্ত মাকক নেদেখিলে থাকিব নোৱৰা অবোধ শিশুটোৱে মোক সাবটি ধৰি আছিল… যিখন বুকুৰ স্পন্দনে তাক নিশা শুৱাইছিল, পুৱা সেই স্পন্দনৰ উমান লৈয়ে সি সাৰ পাইছিল৷ হঠাৎ সেই স্পন্দন তাৰ বাবে অচিন হৈ পৰিব… অতীত হৈ পৰিব!
নহয় নহয়, সেয়া হ’বলৈ দিব নোৱাৰোঁ মই৷
মোমায়েকৰ সৈতে গাড়ীৰ সন্মুখৰ ছীটত বহি সি মোক ‘টা টা’ দি মোমায়েকৰ ঘৰলৈ গুচি গৈছিল৷ নীৰৱে সি মোক বুজাই দিছিল– “মই মাক বিচাৰি আমনি নকৰোঁ দে’তা৷ তুমি মাক আগৰ দৰে ভাল কৰি লৈ আহাঁ…৷”
ডিব্ৰুগড় মেডিকেলৰ কাৰ্ডিঅ’ল’জি বিভাগৰ কোঠালিটোত অভিজ্ঞ ডাক্তৰজনে বহু কথাই মোক তন্ন তন্নকৈ বুজাবলৈ চেষ্টা কৰিছিল৷ মই সকলো বুজিছিলোঁ– ‘আমাৰ শৰীৰত ৰাসায়নিক ক্ৰিয়াৰ ফলত যি বিদ্যুৎ শক্তি উৎপন্ন হয়, সেই বৈদ্যুতিক প্ৰৱাহ হৃদয়লৈ যোৱাৰ পথটো বাধাপ্ৰাপ্ত হোৱা বাবে পে’চমেকাৰ বহুওৱাটো তেখেতৰ বাবে জৰুৰী হৈ পৰিল৷ এনেকুৱা নহয় যে সদায়, প্ৰতিটো পল মেশ্যিনেই ধৰি ৰাখিব, তেখেতৰ হাৰ্টত একো সমস্যা নাই৷ যেতিয়ালৈকে নিজে হাৰ্টখনে কাম কৰি থাকে, সেইদৰেই থাকিব; কাম কৰাত অসুবিধা হ’লে মেশ্যিনে কাম কৰিব৷ যেনেকৈ কাৰেণ্ট গ’লে লাইটবোৰ ইনভাৰটাৰে চলাই দিয়ে, তেনেকৈ৷ ধৰি লওক এতিয়াৰপৰা তেওঁ আৰু বেছি ছিকিঅ’ৰ্ডহে হ’ল…”
শেষলৈ কথাবোৰ কাণত সোমাবই নুখুজিছিল৷ মোৰ নিৰ্ভেজাল মৰমে হাৰ মানিলে, মোৰ কণমানিটোৰ নিষ্পাপ অনুভূতিয়ে যাক ধৰি ৰাখিবলৈ অপাৰগ হ’ল; সেই স্পন্দন এতিয়াৰপৰা যে অটুত থাকিব, বুকুৰ ভিতৰত অস্ত্ৰোপচাৰ কৰি সুমুৱাই দিয়া এটা অকণমানি যন্ত্ৰইহে দিব মোক সেই নিশ্চয়তা…৷ যন্ত্ৰ-নিৰ্ভৰ এটা জীৱন!
মই ভাগি পৰিছিলোঁ– “মোৰ মানুহজনী জীয়াই থাকিবনে ছাৰ? মাত্ৰ দহটা বছৰ তেওঁক দিয়ক… মোৰ ল’ৰাটো মানুহ কৰিবলৈ৷”
মই চাগৈ বহি থকা চকীখনতে ঢলি পৰিব খুজিছিলোঁ৷ হয়… মোৰ কথাষাৰ স্বাৰ্থপৰৰ দৰে হৈ পৰিছিল, ময়ো বুজিছিলোঁ৷ মোৰ ল’ৰাটো মানুহ কৰিবলৈ আৰু দহটা বছৰ মই মোৰ মানুহজনীৰ বাবে বিচাৰিছিলোঁ৷ আচলতে কথাটো ঠিক তেনেকুৱাও নাছিল৷ মই জানিছিলোঁ, সেই অবোধ শিশুটোৱে মাকক বিচাৰি ফুৰিছে; কিন্তু সি এবাৰো কাৰো আগত মাকৰ কথা সোধা নাই৷ বাৰে বাৰে মোক ফোনত মোৰ শাহু-শহুৰে আশ্বাস দিছিল– “তাক লৈ তুমি অকণো চিন্তা নকৰিবা, সি একেবাৰে আমনি কৰা নাই৷” আৰু মই বাৰে বাৰে ভাগি পৰিছিলোঁ– কিয় সি আমনি নকৰিব? মাকক নেদেখাকৈ কাহানি অকলে থাকি পাইছে সি? ময়ো তাৰ কাষত নাই, আৰু সি আমনি কৰা নাই? যদি নাই কৰা, তেন্তে সি ইমান কথা কেনেকৈ বুজি পাইছে? কিয় বুজি পাইছে সি? নালাগে বুজিব৷ তই আমনি কৰ মোৰ গোসাঁই৷ কান্দি কান্দি গছৰ পাত সৰুৱাই দে৷ তই আমনি নকৰিলে মই কাক সান্ত্বনা দিম অ’ মোৰ সোণ৷ তোক বুজনি দিলেহে মই নিজেও কিবা এটা বুজিলোঁহেঁতেন৷– হয়তো সেইবাবেই… মই মালাক তাৰ কাষলৈ পুনৰ কেতিয়া লৈ যাব পাৰিম জানিবলৈকে চাগৈ তেনেকৈ কৈছিলোঁ৷
“মানুহগৰাকীয়ে কন্দা নাছিল?”–সামান্য জালুক দি প্ৰস্তুত কৰা ৰঙা চাহকাপত সোহা এটা মাৰি মালাই মোক সুধিলে৷ মই কেইটামান মুহূৰ্তৰ বাবে ভাবনাবিভোৰ হৈ পৰিছিলোঁ৷ দুয়ো হাতৰ কিলাকুটিৰে আঁঠুত আৰু থুঁতৰিত হাতৰ তলুৱাৰে ভেজা দি তললৈ চাই থকাৰপৰা মই চাৱনিটো তেওঁৰ ফালে ঘূৰালোঁ৷ বাহিৰত জোঁৱায়েকক থপৰিয়াই থকা মানুহগৰাকীৰ চেহেৰাটো পুনৰ মনলৈ আহিল৷ হয়তোবা এটা অপদাৰ্থ, অসঞ্জাতী ল’ৰাৰ সৈতে সংসাৰ কৰি অতিষ্ঠ হৈ আপোনঘাতী হ’ল তেওঁৰ জীয়ৰী৷ হিতাহিত জ্ঞান হেৰুৱাই এতিয়া তেওঁ অপদাৰ্থটোক মাৰিছে, সকলোৰে সন্মুখত৷ স্থান-কাল-পাত্ৰ পাহৰি পেলাইছে, অথচ তেওঁৰ চকুত নাই এটোপাল পানী৷ অন্তৰ উথলি থকা আৱেগক প্ৰশ্ৰয় দিয়া নাই তেওঁ; পুঞ্জীভূত ক্ষোভক নিয়ন্ত্ৰণ কৰিবলৈও চেষ্টা কৰা নাই৷
মালালৈ মন কৰিছোঁ এবাৰ৷ ডাক্তৰে মোক কৈছিল– “সকলো কথা আপুনি কিদৰে গ্ৰহণ কৰে তাৰ ওপৰতে ইয়াৰ পাছৰ সকলোখিনি নিৰ্ভৰ কৰিব৷ আজি আপুনি ভাবিব পাৰে– মোৰ পৰিবাৰৰহে এনে কিয় হ’ল? মাথোঁ তেত্ৰিছটা বছৰ হওঁতেই তেওঁৰ শৰীৰত পে’চমেকাৰ লাগিল৷ মোৰ ল’ৰাটোৱে কি দোষ কৰিছিল… এইবোৰ হ’ব চুড়ান্ত নিগেটিভ কথা৷ যদি আপুনি ভাবে– মই সঠিক সময়ত তেওঁক দেখা পালোঁ৷ এতিয়া তেওঁ বিপদমুক্ত৷ মোৰ ল’ৰাটো নিঠৰুৱা হোৱাৰপৰা বাছি গ’ল৷ দুপইচা খৰচ কৰি হ’লেও তেওঁক মই ঘূৰাই আনিব পাৰিলোঁ; ভাগ্যবান মই৷– এয়া হ’ব পজিটিভ থিংকিং৷ এতিয়া সিদ্ধান্ত আপোনাৰ৷ কিদৰে আপুনি ঘটনাটো গ্ৰহণ কৰে…৷”
মই থিয় হৈ মালাৰ কাষলৈ আহিলোঁ৷ মেজৰপৰা বিস্কুটৰ পেকেটো ফালি এখন বিস্কুট তেওঁৰ হাতৰ চাহকাপত তিয়াই তেওঁৰ মুখত দি দিলোঁ– “মানুহগৰাকীয়ে খংবোৰ উজাৰি থকাহে দেখিলোঁ৷ হয়তো তেওঁৰ মনৰ গোটেই দুখবোৰ খং হৈয়ে ওলাই আহিছে৷”
মালাই এইবাৰ মিচিকিয়াই হাঁহিলে৷ চাহকাপত সোহা এটা মাৰোঁতেই দূৰৈৰ বিছনাখনত পৰি সদায় চিঞৰ-বাখৰ কৰি থকা সেই মানুহগৰাকীৰ চিঞৰ এটা শুনিলোঁ৷ মই অলপ আচৰিত হ’লোঁ– তেখেতৰ মাতৰ জোৰটো আজি যেন বহুত কমি গৈছে৷ কেঁকাইছে তেওঁ৷
মই মালাৰ ফালে চালোঁ৷ মনৰ ভাব দেখিয়ে বুজি পালোঁ– বহুত কথা যেন তেওঁৰ মোক ক’বলগীয়া আছে৷
“আচৰিত কথা জানেনে? একৈছ বছৰ ধৰি এই মানুহগৰাকী হেনো এনেদৰেই মেডিকেললৈ আহি থাকিবলগীয়া হৈছে৷ লগত বৃদ্ধ গিৰীয়েকজনৰ বাদে অন্য কোনো নাই৷ তেখেতৰ হেনো অন্য কোনো চিকিৎসাও নাই৷ বিয়া দিয়া জীয়েক দুজনী মাজে মাজে আহে৷ মানুহজনক দেখিলে ইমান দুখ লাগে৷ বৰ ঠাণ্ডা মানুহ৷”
মই সেউজীয়া পৰ্দাৰ ফাঁকেদি এবাৰ দূৰৈৰ বিছনাখনৰ ফালে চাবলৈ চেষ্টা কৰিলোঁ৷ মানুহগৰাকীৰ মুখখন দেখা নাপালোঁ৷ বিছনাখনৰ কাষতে বহি খবৰ কাগজ এখন পঢ়ি থকা বৃদ্ধজনক দেখিলোঁ৷ বিকট শবদেৰে চিঞৰি-বাখৰি সকলোকে আমনি দি থকা সেই বৃদ্ধাগৰাকীৰ নিৰ্বিকাৰ স্বামী!
“আপোনাক আৰু বহুত কথা ক’বলগীয়া আছে জানে৷ আমাৰ কাষতে যে সেই ল’ৰাজন আছিল…৷”
মই পুনৰ মালাৰ ফালে চালোঁ৷ চকুৰ ইংগিততে ধৰিব পাৰিলোঁ, এওঁক শুৱাই থোৱাৰপৰা বাঁওকাষৰ বিছনাখনত অলপ ক’লা বৰণৰ সেই হিন্দীভাষী ল’ৰা এজনক যে দেখিছিলোঁ; বুকুখনত মাজে মাজে খামোচ মাৰি ধৰি উশাহ ল’বলৈ কষ্ট পোৱাৰ দৰে কৰিছিল তেওঁ; লগে লগে মেখেলা-চাদৰ পৰিহিতা মহিলাগৰাকীয়ে বিভিন্ন ধৰণে তেওঁৰ বুকুত, মূৰত মালিচ কৰি সকাহ দিবলৈ চেষ্টা কৰিছিল; সেই ল’ৰাজন বিছনাখনত বৰ্তমান নাই৷ প্ৰথম দিনাই মহিলাগৰাকী আৰু ল’ৰাজনৰ সৈতে মালাৰ চকুৰ চিনাকি এটা হৈছিল৷ মালাই মোক কোৱা মনত আছে– ‘‘ল’ৰাজনৰ পৰিবাৰ অসমীয়া ছোৱালী৷ সেইযে মেখেলা-চাদৰ পিন্ধি থকা অলপ চাপৰকৈ মানুহগৰাকী দেখিছে…’’
আজি ল’ৰাজনক নেদেখি মই অলপ আচৰিত হ’লোঁ৷ মালাই মোৰ মনোভাব বুজিব পাৰিলে– “তেওঁক ৰিলিজ দি দিলে৷ অসমৰ বাহিৰলৈ লৈ যাব বোলে৷ আটাইতকৈ আচৰিত কথাটো কি জানে? ল’ৰাজনে বিয়া কৰোৱাই নাই৷”
মই অবাক হৈ এওঁৰ ফালে চালোঁ–“আৰু সেই মানুহগৰাকী?”
“কৈ আছোঁ ৰ’ব৷” মালাই হাঁহিলে– “কালি গধূলিহে ল’ৰাজনে মোক ক’লে– তেওঁ হেনো বিয়া কৰোৱাই নাই৷ মানুহগৰাকী হেনো তাৰ নবৌয়েক৷ মই ভাবিলোঁ, ল’ৰাজনৰ ককায়েকে চাগৈ অসমীয়া ছোৱালী বিয়া কৰালে৷ পিছে অলপ পাছতে তেওঁৰ ককায়েক-নবৌৱেক, মানে গিৰীয়েকৰ সৈতে সেই মানুহগৰাকী আহিল৷ তেখেতে মোৰ সৈতে গিৰীয়েককো চিনাকি কৰাই দিলে৷ দুয়ো হাড়ে-হিমজুৱে অসমীয়া৷ তেতিয়াহে গোটেই কথাবোৰ জানিলোঁ৷ তেওঁলোক আচলতে অৰুণাচলত থাকে৷ মানুহজনে তাতে চাকৰি কৰে৷ আচল ঘৰ ইয়াত, ডিব্ৰুগড়ত৷ ল’ৰাজন বিহাৰৰ৷ তেওঁ আচলতে সেই পৰিয়ালটোৰ প্ৰতিবেশীহে৷ তেওঁলোকৰ সম্পৰ্ক ইমানই আপোন… একেবাৰে নিজৰ ককাই-ভাইৰ দৰে৷ বিহু বুলি ঘৰলৈ আহোঁতে ল’ৰাজনকো লগতে লৈ আহিছিল৷ হঠাৎ তেওঁৰ বুকুৰ বিষ আৰম্ভ হ’ল; উশাহ লোৱাত কষ্ট৷ ততাতৈয়াকৈ তেওঁলোকে ইয়াত ভৰ্তি কৰালে৷”
“বাহিৰলৈ পঠালেযে? মানে…” মই বাকীবোৰ কথা বাদ দি তেওঁৰ অসুখটোৰ কথা জানিব খুজিলোঁ৷
“কিবা কমপ্লিকেচি পালে চাগৈ; বেছিকৈ সুধিবলৈ বেয়া লাগিল৷ তেওঁলোকে পলম কৰিব নুখুজিলে৷ ল’ৰাজনৰ নিজা বুলিবলৈ হেনো বিহাৰত থকা মাকজনীৰ বাদে আন কোনো নাই৷ এই পৰিয়ালটোৱেই সকলো দায়িত্ব লৈছে৷”
হৃদয়… সকলো হৃদয়ৰ খেল৷ কিমান দিনৰ চিনাকি নাজানো, অথচ তেজৰ সম্পৰ্ক নথকা সুদূৰ বিহাৰৰ এজন হিন্দীভাষী যুৱকৰ দায়িত্ব নিজলৈ ল’লে অসমৰ এটা পৰিয়ালে৷ এৰা…সকলো হৃদয়ৰে খেল৷
“তেওঁকো কাইলৈ গুৱাহাটীলৈ লৈ যাব বুলি শুনিলোঁ৷” মালাই দেখুৱাই দিয়াৰ ফালে এইবাৰ মন কৰিলোঁ৷ পথানৰ ফালে প্ৰায় দহফুট দূৰৈৰ বিছনাখনত পৰি থকা মানুহজনক দেখিলোঁ৷ তেওঁ শুই আছিল৷ দুয়ো কাষে দুখন টুলত সেই কোমল বয়সীয়া ল’ৰা দুজন বহি আছে৷ দেউতাক সাৰে থাকিলে সলনা-সলনিকৈ দুয়োকে কেতিয়াবা ভৰি দুখনত, কেতিয়াবা হাত এখন, বুকুখনত মালিচ কৰি দিয়া দেখিছিলোঁ৷ এজন অলপ ক’লাকৈ, আনজন বগা, মৰমলগা চেহেৰাৰ ল’ৰা৷
“আপুনিযে কৈছিল– সৰু ল’ৰা দুটা দেখিছোঁ, কেতিয়াবা কথা একোষাৰ পাতিব পাৰিম বুলি…৷” মই আকৌ মালাৰ ফালে চালোঁ৷ তেওঁ খিলখিলাই হাঁহি দিলে– “দুয়োটা ল’ৰা বিয়া-বাৰু পাতি আজৰি বুজিছে৷”
মই ভেবা লাগি মালালৈ চাই ৰ’লোঁ– “তুমি কেনেকৈ জানিলা?”
“কালি দেউতাকৰ সৈতে কথা পাতিছিলোঁ আকৌ৷” তেওঁ আকৌ হাঁহিলে৷
মই আচৰিত হৈ গ’লোঁ৷ পৰহি আবেলি এওঁৰ অপাৰেশ্যন হৈ গৈছে৷ বাঁওফালে বুকুৰ ওপৰলৈ ঠিক বাঁউসীৰপৰা অলপ তললৈ শৰীৰৰ ভিতৰত বহুৱাই দিয়া হৈছে এটা ক্ষুদ্ৰ যন্ত্ৰ৷ কালি দুপৰীয়া এতেওঁক খোজ কাঢ়িবলৈ অনুমতি দিয়া হৈছে৷ আবেলিলৈ ককায়েক আহি পালে৷ সকলো ঠিক-ঠাক কৰি দি এনিশাৰ বাবে অলপ ভাগৰ মাৰিবলৈকে বুলি মই ওচৰতে ল’জ এখনত ভাৰালৈ লোৱা কোঠালিটোলৈ গুচি আহিছিলোঁ৷ আৰু তালৈ গ’লোঁ যদিও শোৱালৈকে সৈতে চাৰিবাৰমান মোৰ জেঠেৰীৰ মোবাইললৈ ফোন কৰি মালাৰ খবৰ লৈ আছিলোঁ৷ আজি পুৱা জেঠেৰী মোৰ কোঠালৈ আহিল আৰু ময়ো গা-পা ধুই এয়া দহ বজাতে মালাৰ কাষ পালোঁহি৷ কালি আবেলিৰপৰা আজি পুৱালৈকে মই নথকা সেইখিনি সময়ৰ ভিতৰতে তেওঁ এই আই.চি.য়ু.-টোৰ ভিতৰত যিমান ৰোগী আছিল, সকলোৰে খবৰ সংগ্ৰহ কৰি পেলালে!
“তাতোকৈয়ো ডাঙৰ কথা কি জানে? ল’ৰা দুজন তেওঁৰ নিজৰ ল’ৰা নহয়৷ দুয়োজনকে তেওঁ তুলি লৈছিল৷ তেওঁলোকৰ নিজা সন্তান নাই৷ তেখেতে হেনো ফৰেষ্ট ডিপাৰ্টমেণ্টত চাকৰি কৰিছিল৷ খেতি-বাতি ঢেৰ৷ খাওঁতা নাই৷ জনা-বুজা বয়সতে সেয়া কেও-কিছু নোহোৱা দুটাকৈ ল’ৰা তুলি ল’লে৷ সিহঁতৰ হেনো বৰকৈ পঢ়া-শুনাত মতি-গতি নাছিল৷ ডাঙৰটোৱে মেট্ৰিক ফেল কৰি ঘৰৰপৰা পলাইছিল৷ মানুহজনে তেতিয়াই মনত বৰ আঘাত পালে৷ ঘৰলৈ অহাৰ পাছত হেনো তাক সুধিলে– ‘ছোৱালী ঠিক কৰি থৈছ যদি কৈ দে৷ বিয়াখন পাতি দিওঁ৷’ সিও সৈ কাঢ়িলে৷ আৰু তেনেকৈয়ে তাৰ বিয়াখন পাতি পেলালে৷ দুবছৰৰ আগতে সৰুটোকো বিয়া পাতি দিলে৷ তেওঁৰ মতে–সংসাৰখন থাকিলে সিহঁত অন্ততঃ বনৰীয়া নহয়৷ পিছে কি হ’ব; যোৱা বছৰ তেওঁৰ পৰিবাৰ ঢুকাই থাকিল৷”
মালাই কথাবোৰ শেষৰ ফালে মানুহজনৰ সুৰতে কোৱা যেন লাগিছিল৷
“সিহঁতৰ বয়স কিমান হৈছেনো?” মই সঁচাকৈ বৰ আচৰিত হৈছিলোঁ৷
“দেউতাকে কোৱা মতে ডাঙৰটোৰ এতিয়া চাব্বিছ বছৰ আৰু সৰুটো তাতকৈ এবছৰ সৰু৷” এইবাৰ মালাৰ কথাৰ সুৰটো অলপ কৰুণ যেন লাগিল– “পৰিবাৰ ঢুকুৱাৰপৰাই মানুহজন অসুখীয়া হ’ল৷ কালি মনটো বৰ বেয়া লাগিল বুজিছে৷”
মই উৎসুক হৈ মালালৈ চালোঁ– “কিয়? কি হ’ল?”
“নিশা ডাক্তৰ আহিছিল৷ ডাঙৰ ল’ৰাটোৱে তেওঁৰ ভৰিতে পৰি হুকহুকাই কান্দিছিল– দেউতাকক ভাল কৰি দিব লাগে৷ সৰুটোৱেও ফেঁকুৰিছিল৷ আজি পুৱা গম পালোঁ– তেওঁৰ প্ৰকৃত অসুখটো হেনো ইয়াত ডায়েগন’ছিছ কৰিবই পৰা নাই৷ গতিকে দুই পুত্ৰই দেউতাকক গুৱাহাটীলৈ লৈ যাবলৈ ওলাইছে৷”
ক্ষণিকৰ বাবে মোৰো মনটো সেমেকি গ’ল৷ মই কি ক’ম ভাবি পোৱা নাছিলোঁ৷ বাৰে বাৰে মনটো উৰা মাৰিছিল সেইদিনালৈ… মজিয়াত মালা যেতিয়া পৰি আছিল এটা শ হৈ; শৰীৰৰ ঊৰ্ধ্বাংশ দাঙি লৈ মই আটাহ পাৰিছিলোঁ৷ মুহূৰ্তৰ বাবে সকলো অসাৰ হৈ পৰিছিল৷ কেনেকুৱা ভাব আহিছিল মনলৈ– ‘এওঁতো গ’লগৈ, মই এতিয়া মোৰ অবুজ কণমানিটোক কেনেকৈ ডাঙৰ কৰিম? কি কৰিম মই৷’ মালাৰ হৃদয়ৰ স্পন্দনটো অটুট ৰাখিবলৈ বুলি বুকুত এটা যন্ত্ৰ বহুৱাবলৈ, অপাৰেশ্যনৰ বাবে এওঁক লৈ আহোঁতে কি ভাবিছিলোঁ– ‘তুমি ভাল হৈ উঠা, তোমাৰ হৃদয়ৰ সেই স্পন্দন অনুভৱ কৰিব খোজোঁ এবাৰলৈ…৷ মোৰ হৃদয়খনতো একেই আছে… তেন্তে আমি কিয় হোমক সাক্ষী কৰি অনুভৱ কৰিছিলোঁ– যদিদং হৃদয়ং তৱ, তদিদং হৃদয়ং মম৷ এয়াই যদি তোমাৰ হৃদয়, তাতেইতো মোৰো হৃদয়৷ কণমানিটোক বুকুত লৈ আমি… পুনৰ এটা ঘৰত আবদ্ধ হৈ পৰিম… এটা সৰু আলয়৷’
“আহাঁ… মিঠু; তুমিযে কালি কৈছিলা, আমাৰ গীতক এবাৰ চাম বুলি৷ আজি দেখুৱাই দিম দেই৷ এয়া খুৰাই তোমাক দেখুৱাই দিব ভাইটিটোক৷” মালাৰ কথাখিনি অস্পষ্টকৈ যেন মোৰ কাণলৈ আহিল৷ তেওঁৰ ফালে চাই মই অবাক হৈ পৰিলোঁ৷ ঠিক আমাৰ ল’ৰাটো, মানে গীততকৈ অকণমান ডাঙৰ, স্বাস্থ্যবান অকণমানি এটা এওঁৰ কাষতে চুচুক-চামাককৈ বহি আছে৷ এওঁৰ বিছনাখনৰ সোঁফালে, সেইযে ডাক্তৰ-নাৰ্ছ সকলো লগ লাগি কণমানিজনীক লৈ আহিছিল, চেপা মাতৰ কান্দোন মই শুনিছিলোঁ; সেউজীয়া পৰ্দাৰে আৱৰি ৰখা সেই সৰু কোঠালিটোৰপৰাই যে এই অকণমানিটো আহিছে, মই ধৰিব পাৰিলোঁ৷ তাৰ মাকে পৰ্দা এখন ফাঁক কৰি এবাৰ মালা আৰু ল’ৰাটোলৈ চালে৷ হাঁহি এটা মাৰোঁতেই মোক দেখি কিছু সন্ত্ৰস্ত হ’ল৷ পুনৰ সিফালে নাইকিয়া হ’ল৷
“আমাৰ গীতক এবাৰ ই চাব খোজে বোলে৷ কালিৰেপৰা কৈ আছে– ভাইটিটোক এবাৰ চাম৷ মই আপুনি আহিলে ভি.ডি.অ’. কল কৰাৰ কথা কৈছিলোঁ৷”
মই হাঁহি এটা মাৰি তাক কাষলৈ মাতিলোঁ৷ মালালৈ এবাৰ কৌতূহল মিহলি চাৱনিৰে চালোঁ– এইটো কাহিনীও কৈ দিয়াঁ৷ অকণমানিটো, মানে মিঠুৱে গম নোপোৱাকৈ মালাই অনুচ্চ কণ্ঠৰে মোক ক’লে– “ইয়াৰ ভনীয়েকক বাহিৰলৈ নি অপেন হাৰ্ট ছাৰ্জাৰী কৰাব লাগিব হেনো৷ মাক-দেউতাকৰ অৱস্থা নাই৷ কালি ই বহু সময় মোৰ সৈতে আছিল, আমাৰ গীতৰ কথাবোৰ কৈ কৈ তাক স্ফুৰ্তিত ৰাখিছিলোঁ৷”
মই উচপ খাই উঠিলোঁ– অপেন হাৰ্ট ছাৰ্জাৰী! এইটো কি বস্তু জানেনে মালাই? সেই সাত বছৰীয়া ছোৱালীজনীৰ হৃদয়খনৰ এছোৱা ফালি মুকলি কৰি…৷
“ভিডিঅ’ কল কৰক আকৌ খুৰা৷” মিঠুৱে বৰ মুকলিকৈ মোক কথাষাৰ ক’লে৷ মই মালাৰ ফালে চালোঁ৷ কিমান শক্তি আছে এওঁৰ অন্তৰত বাৰু? পাৰ হৈ যোৱা বাৰটা বছৰত কেৱল এটা চিন্তাই মোক হয়তো কেতিয়াবা আমনি কৰিছিল– এওঁ ইমান নিৰ্জু¸ ইমান সৰল কিয়?
বৰগছত বগোৱা লতা এডালৰ দৰে মোৰ জীৱনটোত তেওঁ সাঙোৰ খাই পৰিল৷ এদিনতো বৰগছজোপা উভাল খায়ো পৰিব পাৰে! তেতিয়া… কি কৰিব তেওঁ অকলে? আৰু আজি এই মুহূৰ্তত মোৰ ভাব হৈছে– মালাৰ দৰে শক্তিশালী মই নহ’লোঁ কিয়? যোৱা ছটা দিন কণমানিটোৰ মাত মই শুনিবলৈ পোৱা নাই৷ সি আমাৰ সৈতে কথা পাতিবলৈ বিচৰা নাই৷ তাৰ মনটোৱে গম পাইছে– দেউতাকৰ সৈতে কথা পাতি মাকলৈ মনত পেলাই একো লাভ নাই৷ ভাল হৈ মা নিজে নিজে আহিব; কিয়নো মই তাক সেই আশ্বাস দি থৈ আহিছোঁ৷ আৰু সেই ছটা দিনত হয়তো দিনে বাৰ-তেৰবাৰ মই তাৰ খবৰ লৈছোঁ৷ মোৰ শাহু-শহুৰৰ সৈতে ফোনত কথা পাতিবলৈ লৈ তাৰ মুখখন মনত পেলাই মই বাৰে বাৰে ভাগি পৰিছোঁ৷ নিজকে চম্ভালিবলৈ চেষ্টা কৰি কৰি মোৰ সকলো শক্তি শেষ হৈ গৈছে৷ ইমান দুৰ্বল মই! অথচ… সকলো ভালে থাকোঁতে দিনটোৰ কিমান সময় তাক মই দিছিলোঁ? নিজৰ কাম, ব্যস্ততাৰ মাজত তাৰ মনটোৰ কাষ চাপিবলৈ সময় পাইছিলোনে মই৷ চৌব্বিছ ঘণ্টা মাকৰ সৈতে পাৰ কৰা সেই শিশুটোৰ মাত যোৱা ছটা দিন মালায়ো শুনিবলৈ পোৱা নাই, সি কেনেকৈ আছে জানিবলৈ ঘৰ-পৰিয়াল কাৰো সৈতে ফোনত কথা এষাৰো পাতিব পৰা নাই… অথচ কি মানসিক দৃঢ়তা!
মই অলপ বিমোৰত পৰিলোঁ৷ আমাৰ কণমানিটো, মানে গীতে মোৰ সৈতে কথাই পাতিবলৈ বিচৰা নাই৷ তেনেস্থলত সি ভিডিঅ’ কল কৰিলে আমাক চাবলৈ বিচাৰিবনে? আৰু… আজি ইমান দিনৰ পাছত সি যদি… কান্দি দিয়ে… যদি সি সুধি দিয়ে– আমি কেতিয়াকৈ ঘৰলৈ যাম; তেতিয়া কি ক’ম বাৰু? কাইলৈ আমাক ৰিলিজ দিব বুলি আমি ভাবি আছোঁ, যদিও নিশ্চিত হ’বগৈতো পৰা নাই৷ ডাক্তৰ অলপ পাছত আহিব বুলি জানো৷ মই সেইবাবেই কিছু উৎকণ্ঠাতো আছোঁ৷ আৰু হয়তো এঘণ্টাৰ ভিতৰতে ভিজিট দিবলৈ ডাক্তৰ আহিব; তাৰ পাছত তালৈ ফোনটো লগাব পৰা হ’লে ভাল হ’লহেঁতেন৷
“কিহে বোৱাৰী, কাইলৈ ৰিলিজ পাম বুলি সাজু হৈ আছা হ’বপায়৷”
চিনাকি যেন মাতষাৰ শুনি আমি দুয়ো একেলগে পিছফালে ঘূৰিলোঁ৷ আমাৰপৰা চাৰি ফুটমান দূৰৈত ৰৈ বসন্তদা আৰু কিশোৰদাই হাঁহি হাঁহি আমালৈ চাই আছে৷ ইয়ালৈ আমি অহাৰ পাছদিনা, মাত্ৰ এদিনৰ চিনাকিতে এওঁলোক দুয়ো আমাৰ আপোন যেন হৈ পৰিছিল৷ সুদূৰ বোকাখাতৰপৰা এজন অশীতিপৰ ব্যক্তিৰ সহচৰ হৈ দুয়ো আছেহি৷ পুৱা-গধূলি মেডিকেল কলেজৰ মূল গেটখনৰ কাষতে থকা সেই শৰ্মা কেণ্টিনত চাহ-ৰুটি-ভাজি খাবলৈ যাওঁতেই প্ৰথমে এওঁলোক মোৰ চকুৰ চিনাকি হৈ পৰিছিল৷ পাছত যিদিনা ভালকৈ কথা পাতিছিলোঁ, দুয়োজনে প্ৰায় এৰা-ধৰাকৈয়ে কথাবোৰ মোক কৈছিল–“…খুৰাৰ বয়স বিৰাশী পাৰ হ’ল৷ কেনছাৰ পেছেণ্ট তেখেত৷ খুব বেছি আৰু দুবছৰ আমি তেওঁক জীয়াই ৰাখিব পাৰিম৷ আৰু… এতিয়া সেয়া হাৰ্টত পে’চমেকাৰো বহুৱাবলগীয়া হ’ল; হ’লেও আমি চেষ্টা কৰিবই লাগিব৷ আমাৰ দেউতা-বৰদেউতাহঁতক আমাৰ তেনেকৈ মনতেই নাই৷ এটা বৃহৎ পৰিয়ালত এতিয়া খুৰায়ে ডাঙৰ৷ আমাক মানুহ কৰিবলৈকে তেখেতে বিয়া-বাৰু নাপাতিলে… সেইবোৰ বহুত কথা…৷”
আৰু এয়া বসন্তদাই মালাক মাতিছে বোৱাৰী বুলি আৰু এওঁ… ঘৰত থকাৰ দৰে বহি থকাতে অকণমান আগলৈ হাউলি যেন কোনোবা বৰজনা, খুৰা-শহুৰেককহে সম্ভাষণ জনালে৷ হ’ব পাৰে… এগৰাকী হৃদয়ৰ ৰোগীয়ে এই আই.চি.য়ু.-টোক ক্ষণিকৰ বাবে নিজৰ হূদয়ত ঠাই দি দিলে, সুখ-দুখৰ এটি অস্থায়ী আলয়!
দুই মিনিটমানৰ বাবে মই তেওঁলোকৰ সৈতে সেই ৰিলিজ সম্পৰ্কীয় কথাকে পাতিলোঁ; অন্ততঃ মিঠুৱে কথাটো পাহৰি মালাৰ সৈতে বেলেগ কথাকে পাতক– সেই ভাবি৷
…কেইটামান মুহূৰ্তৰ পাছতে আই.চি.য়ু.-টোৰ দুৱাৰখন ঠেলি খৰ খোজেৰে সোমাই অহা নাৰ্ছ দুগৰাকীৰ অংগী-ভংগীৰপৰাই আমি ধৰিব পাৰিলোঁ– ডাক্তৰ আহিছে৷ ততাতৈয়াকৈ বসন্তদা আৰু কিশোৰদা তেওঁলোকৰ খুৰাকক শুৱাই থোৱা সেউজীয়া পৰ্দাৰে আবৃত কোঠালিটোৰ ফালে গ’লগৈ৷ প্ৰথমেই ডাক্তৰে তেওঁলোককে পাব৷
ঘাই দুৱাৰখন ঠেলি দুগৰাকী সহকাৰী, তিনিগৰাকী নাৰ্ছ আৰু পে’চমেকাৰ বহুওৱা কোম্পানীটোৰ ৰিপ্ৰেজেণ্টেটিভজনৰ সৈতে ডাক্তৰজন সোমাই আহিল৷ অঘোষিতভাৱেই সন্ত্ৰষ্ট হৈ পৰিল সকলো৷ প্ৰথমেই গোটেই দলটো বসন্তদাহঁতৰ খুৰাকৰ কাষলৈ গ’ল৷ মুহূৰ্ততে সেউজীয়া পৰ্দাৰে সৰু কোঠালিটো সম্পূৰ্ণ আবৃত হৈ পৰিল৷ মনেৰে ময়ো এটা হিচাপ কৰিলোঁ– তেখেতৰ সৈতে দহ মিনিটমান সময় থকাৰ পাছত ডাক্তৰজন সেই সময়ে সময়ে চিঞৰ-বাখৰ কৰি থকা মহিলাগৰাকীৰ কাষলৈ আহিব৷ অৰ্থাৎ আমাৰ কাষ পাবলৈ আৰু প্ৰায় বিছ মিনিট সময় আছে৷
“ফোনটো কৰকনা৷ গীতক এবাৰ চাওঁ৷” মিঠু আহি মোৰ কাষতে গা লগাই বহি দিলেহি৷
মালায়ো এইবাৰ এক প্ৰকাৰ মোক নিৰ্দেশেই দিলে– “তাক মাকে মাতি দিলে আকৌ আহিব নোৱাৰিবও পাৰে৷ ফোনটো লগাওকচোন৷”
মই মোৰ ম’বাইলটো অন কৰি ৱাটছ আপলৈ আহিলোঁ৷ মালাৰ ম’বাইলটো আমাৰ গীতৰ হাততে থৈ আহিছিলোঁ৷ ঘৰত থকা সময়ত ৱাট্ছ আপত সি মাকৰপৰা মোলৈ কিবা-কিবি মেছেজ পঠাই দি বৰ আনন্দ পাইছিল৷ সেইবাবেই আমি ইচ্ছা কৰিয়ে ম’বাইলটো তাক দি আহিছিলোঁ৷ বহুত কিবা-কিবি জানেও সি৷
এতিয়া… তাক ৱাটছ আপত অনলাইন থকা দেখি মই লাহেকৈ ভিডিঅ’ কল লগালোঁ৷ চাৰিবাৰ ৰিং হোৱাৰ পাছত সি ফোনটো ধৰিলে৷ দুই ছেকেণ্ডমানৰ পাছতে তাৰ মুখখন স্ক্ৰীণত জিলিকি উঠিল৷ মই আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰি চকুহাল মুদি দিলোঁ৷
“হেল্ল’ দে’তা৷”– তাৰ মাত৷ মই এবাৰ ডিঙিটো পৰিষ্কাৰ কৰি ল’লোঁ–“হেল্ল’ গোসাঁইটো; তুমি… কি কৰিছা?”
মালা তাক চাবলৈ ব্যস্ত হৈ পৰিল৷ মোৰ হাতৰপৰা ম’বাইলটো লৈ বিছনাখনতে অলপ আঁতৰত গাৰুটোত আঁওজাই ৰাখি তেওঁ তাৰ সৈতে কথা পাতিবলৈ ধৰিলে৷ মিঠুৱেও কিবা-কিবি কথা পাতিলে৷
ডাক্তৰ আগ বাঢ়ি আহিছে সেই মহিলাগৰাকী থকা কোঠালিটোলৈ৷ মই মালালৈ চালোঁ– “হেৰা, ডাক্তৰ এতিয়া আমাৰ ওচৰলৈও আহিব৷ তুমি সাজু হোৱাঁ৷”
ম’বাইলটো মই হাতলৈ ল’লোঁ৷ সি একেথৰে মোলৈ চাই আছে৷ মই কিবা এষাৰ ক’ব লাগে৷ মই জানো তাৰ মনটোৱে কি শুনিবলৈ বিচাৰিছে৷ অসহায়ভাৱে মই ডাক্তৰ থকা দলটোৰ ফালে চাইছোঁ৷
“হেল্ল’ দেহা৷ আমি কাইলৈ যাম দেই৷ তুমি ধুনু ধুনকৈ খেলি থাকিবা৷ তোমালৈ কি কি লৈ যাম বাৰু?” কোনোমতে যেন মই তাক কথাষাৰ ক’লোঁ৷
সি একেথৰে মোলৈ চায়ে আছে৷ লাহে লাহে সি বেলেগ ফালে চকু ঘূৰাইছে৷ কিবা এটা ক’ব খুজিছে৷ মই হেঁপাহেৰে তালৈ চাইছোঁ৷
“মায়ে গাটো ভাল পাইছে?”
মই পুনৰ চকুহাল মুদি দিলোঁ৷ ইমান সময় মাকৰ সৈতেই কথা পাতিলে সি৷ আমি কাইলৈ যাম বুলি শুনি তাৰ মনটো কেনেকুৱা হৈ পৰিছে কেৱল মই বুজি পাওঁ৷ আৰু সি মোক সুধিছে– ‘মায়ে গাটো ভাল পাইছে?’
…ডাক্তৰে তেওঁক পৰীক্ষা কৰিছে৷ মোৰ… মোৰ যেন ক’বলৈ মন গৈছে– “এওঁ ঠিকেই আছে ছাৰ৷ কালিৰপৰা সেয়া গোটেই আই.চি.য়ু.-টো ঘূৰি ঘূৰি সকলোৰে খবৰ লৈছে৷ এই… এইযে চিঞৰ-বাখৰ কৰি থকা মানুহগৰাকী…, হাই পাৱাৰ চশমা পিন্ধা তেওঁৰ বৃদ্ধ স্বামীৰ অসহায় মানসিক অৱস্থা; পিতৃসম দদায়েকক আৰু দুবছৰ জীয়াই ৰাখিবলৈ দুজন ভতিজাকৰ আপ্ৰাণ প্ৰচেষ্টা; জন্মতেই হৃদয়ত এটা ছিদ্ৰ লৈ অহা এজনী কণমানিক কেন্দ্ৰ কৰি মানসিকভাৱে ভাগি পৰা এটা পৰিয়ালৰ দুৰ্ভাগ্য; দুটি অনাথ শিশুক সন্তানৰ মৰ্যাদা দি নীৰৱে পৃথিৱী এৰিব খোজা এজন পিতৃয়ে হিয়া উবুৰিয়াই তেওঁক দিয়া আশিস… এই সকলো তেওঁ বুকুত বহুৱাই থোৱা সেই কণমানি যন্ত্ৰটোৰ সৈতে সাঙুৰি লৈছে৷ আৰু… কেৱল এয়াইনে? সুদূৰ বিহাৰৰপৰা আহি এটা অসমীয়া পৰিয়ালৰ ঘৰৰ সদস্যহেন হৈ পৰা এজন যুৱকৰ প্ৰতি এহাল স্বামী-স্ত্ৰীৰ পৰ্যাপ্ত¸ আন্তৰিকতা; বিৱাহিতা জীয়ৰীক অকালতে হেৰুৱাই জ্বলি উঠা অন্তৰৰ ক্ৰোধ-ক্ষোভ উজাৰি উধাই-মুধাই জোঁৱায়েকক কোবাবলৈ ধৰা সেই মানুহগৰাকীৰ অপ্ৰকাশিত বেদনা… এই সকলো স্মৃতি সাঁচি ৰাখি থ’বলৈ অসুখীয়া কলিজাখনৰ নিভৃতত নিজৰ অজানিতেই তেওঁ সাজি লৈছে এটা আটোমটোকাৰী ঘৰ৷ আমাক যাবলৈ দিয়ক ছাৰ৷ এটি অবোধ শিশু ৰৈ আছে মাকৰ বুকুৰ স্পন্দন শুনিবলৈ, সেই উম লৈ নিৰ্ভয়ে টোপনি যাবলৈ, দেউতাকৰ নিৰাপত্তাৰে পৰিপূৰ্ণ আন এখন ঘৰলৈ উভতি আহিবলৈ…৷”
মালাক পৰীক্ষা কৰি ডাক্তৰজনে কিবা-কিবি অলপ উপদেশ দিলে৷ এইবাৰ… হাতলৈ কাগজৰ ফাইলটো চপাই লৈ তেওঁৰ সিদ্ধান্ত লিখিবলৈ আগ বাঢ়িল৷
মই আকুল নয়নেৰে তেখেতলৈ চাইছোঁ… কি লিখিব, কেনেকৈ লিখিব মই নাজানো; মাথোঁ ভাবিছোঁ– তেওঁ লিখিবনে… লিখিবনে কেইটামান শব্দ– ‘এভৰিথিং ইজ অ’কে৷ পেছেণ্ট মে’ বি ডিছচাৰ্জড!’
ঠিকনা :
সহকাৰী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগ
জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট – ১
ভ্ৰাম্যভাষ – ৯৭০৬২০৫০৭১, ৮৬৩৮১৬৭৬৩০
