Written by sdblogs2011 4:56 am Poems

নিগূঢ়

 অজন্ত কুমাৰ বৰা

নিগূঢ় জীৱনটো

নিতান্তই নিজৰ

নিজৰ জীৱনৰ নৌকা

নিজৰ মতে বাওঁ

নিজৰ সময়বোৰো

নিজৰমতে নিয়াওঁ

নিজৰ সময়বোৰত

নির্জনতাত বুৰ যাওঁ

নিজৰ সময়বোৰত

নিজকে বুজাবলৈ

নির্মোহ সমালোচনাৰে

নির্মল আইনাত

নিজকে চাওঁ

নিজকে জুকিয়াওঁ

নিজকে সকীয়াওঁ

নিজে নিজৰ বন্ধু

নিজে নিজৰ শত্রু

নিজক নিজে নিচিনা

নিশ্চিতভাৱে আত্মপ্রতাৰণা

        —- 

ঠিকনা : 

সালংকৃতা

উন্নয়ন ছুপাৰ মার্কেট

এছ.বি.আই.ৰ যোৰহাট ব্রাঞ্চৰ সন্মুখত

যোৰহাট -১

ভ্ৰাম্যভাষ: ৭৬৩৬৮২২৯৮৫

Visited 2 times, 1 visit(s) today
Website |  + posts
Close